< বিচারকচরিত 3 >
1 ১ যি সকল ইস্ৰায়েলীয়া লোকৰ কনান দেশত যুদ্ধৰ কোনো অভিজ্ঞতা নাছিল, সেইসকলক পৰীক্ষাত পেলাবলৈ যিহোৱাই কিছুমান জাতিক সেই দেশৰ মাজত অৱশিষ্ট ৰাখিলে।
Šie nu ir tie pagāni, ko Tas Kungs atstāja, ka Viņš caur tiem Israēli kārdinātu, kas nekā nezināja no Kanaāna kariem;
2 ২ ইস্ৰায়েলৰ নতুন প্রজন্মৰ যিসকল সন্তানে আগৰ যুদ্ধবোৰৰ কথা নাজানিছিল, সেই ইস্রয়েলবাসীক যুদ্ধৰ বিষয়ে শিক্ষা দিবলৈ যিহোৱাই এনে কৰিলে।
Lai Israēla bērnu pēcnākamie zinātu un mācītos karu, tie, kas no tā vēl nekā nezināja.
3 ৩ সেই জাতিবোৰ হ’ল, পলেষ্টীয়াসকলৰ পাঁচজন শাসনকর্তা, কনানীয়াসকল, চীদোনীয়া আৰু হিব্বীয়া জাতি। বাল-হৰ্মোন পাহাৰৰ পৰা লেবো-হমাত (হমাতৰ গিৰিপথ) পর্যন্ত লিবানোনৰ যি পাহাৰী এলেকা আছে, এই হিব্বীয়াসকলে তাতে বাস কৰিছিল।
Pieci Fīlistu valdnieki un visi Kanaānieši un Sidonieši un Hivieši, kas dzīvoja Lībanus kalnos, un no BaālErmona kalna līdz Hamatai.
4 ৪ যিহোৱাই মোচিৰ দ্বাৰাই ইস্রায়েলৰ ওপৰ-পিতৃসকলক যি আজ্ঞা দিছিল, তেওঁলোকে সেইবোৰ মানি চলে নে নাই তাক পৰীক্ষা কৰিবৰ অর্থে এই জাতিবোৰক ৰাখি থোৱা হৈছিল।
Šie tad bija, lai Israēls caur tiem tiktu kārdināts, ka taptu zināms, vai tie klausīs Tā Kunga baušļiem, ko Viņš viņu tēviem bija pavēlējis caur Mozu.
5 ৫ সেয়ে ইস্ৰায়েলবাসীয়ে কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ মাজত বাস কৰিবলৈ ধৰিলে;
Un Israēla bērni dzīvoja vidū starp Kanaāniešiem, Hetiešiem un Amoriešiem un Fereziešiem un Hiviešiem un Jebusiešiem.
6 ৬ তেওঁলোকে সেই জাতিবোৰৰ ছোৱালীক বিয়া কৰিছিল আৰু নিজৰ ছোৱালীবোৰকো তেওঁলোকৰ ল’ৰাবোৰৰ সৈতে বিয়া দিছিল আৰু তেওঁলোকে সেইসকলৰ দেৱতাবোৰক পূজা কৰিবলৈ ধৰিলে।
Un tie sev ņēma viņu meitas par sievām un deva savas meitas viņu dēliem un kalpoja viņu dieviem,
7 ৭ ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাক পাহৰি বাল-দেৱতাবোৰক আৰু আচেৰা মুৰ্ত্তিবোৰক পূজা কৰিবলৈ ধৰিলে।
Un Israēla bērni darīja, kas Tam Kungam nepatika, un aizmirsa To Kungu, savu Dievu, un kalpoja Baāliem un Astartēm.
8 ৮ এই হেতুকে ইস্ৰায়েলৰ প্রতি যিহোৱাৰ ক্ৰোধ প্রজ্বলিত হ’ল আৰু তেওঁ অৰাম-নহৰয়িমৰ ৰজা কুচন-ৰিচাথয়িমৰ হাতত তেওঁলোকক তুলি দিলে। ইস্ৰায়েলৰ সন্তান সকল আঠ বছৰ কাল কুচন-ৰিচাথয়িমৰ অধীনত থাকিল।
Tad Tā Kunga bardzība iedegās pret Israēli un Viņš tos pārdeva Kuzan Rizataīma, Mezopotamijas ķēniņa, rokā, un Israēla bērni kalpoja Kuzan Rizataīmam astoņus gadus.
9 ৯ কিন্তু তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰাৰ পাছত, যিহোৱাই তেওঁলোকক সহায় কৰিবৰ কাৰণে এজন উদ্ধাৰকর্তা থিয় কৰালে; তেওঁ হ’ল কনজৰ পুত্র কালেবৰ ভায়েক অৎনীয়েল।
Tad Israēla bērni brēca uz To Kungu, un Tas Kungs Israēla bērniem cēla pestītāju, kas tos izpestīja, Otniēli, Ķenasa, Kāleba jaunākā brāļa, dēlu.
10 ১০ যিহোৱাৰ আত্মা অৎনীয়েলৰ ওপৰত স্থিতি হোৱাত তেওঁ ইস্ৰায়েলৰ বিচাৰ কৰিলে। অৎনীয়েল যেতিয়া যুদ্ধলৈ ওলাই গৈছিল, যিহোৱাই তেওঁৰ হাতত অৰামৰ ৰজা কুচন-ৰিচাথয়িমক তুলি দিলে আৰু তেওঁক জয়ী কৰিলে। অৎনীয়েলত থকা শক্তিৰ দ্বাৰাই তেওঁ কুচন-ৰিচাথয়িমক পৰাজিত কৰিলে।
Un Tā Kunga Gars bija uz viņu, un viņš bija par soģi Israēlim un izgāja karā, un Tas Kungs deva viņa rokā Kuzan Rizataīmu, Mezopotamijas ķēniņu, un viņa roka bija stipra pār Kuzan Rizataīmu.
11 ১১ তাৰ পাছত চল্লিশ বছৰলৈকে দেশত শান্তি আছিল; পাছত কনজৰ পুত্র অৎনীয়েলৰ মৃত্যু হ’ল।
Tad zemei bija miers četrdesmit gadus, un Otniēls, Ķenasa dēls, nomira.
12 ১২ ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰায় কু-আচৰণ কৰি তেওঁৰ অবাধ্য হ’ল। ইস্রায়েলে কৰা দুষ্টতাৰ কার্যবোৰ দেখা পাই যিহোৱাই তেওঁলোকৰ অহিতে মোৱাবৰ ৰজা ইগ্লোনক শক্তিশালী কৰি তুলিলে।
Bet Israēla bērni joprojām darīja, kas Tam Kungam nepatika. Tad Tas Kungs stiprināja Eglonu, Moaba ķēniņu, pret Israēli, tāpēc, ka tie darīja, kas Tam Kungam nepatika.
13 ১৩ অম্মোনীয়া আৰু অমালেকীয়াসকলক লগত লৈ ইগ্লোনে ইস্ৰায়েলক পৰাজিত কৰি খেজুৰ গছৰ চহৰ নিজৰ অধীনলৈ আনিলে।
Un viņš sapulcēja pie sevis Amona bērnus un Amaleku, un cēlās un kāva Israēli, un tie ieņēma to palmu pilsētu.
14 ১৪ তাতে ইস্ৰায়েলৰ সন্তান সকল ওঠৰ বছৰ কাল মোৱাবৰ ৰজা ইগ্লোনৰ অধীন হৈ থাকিল।
Un Israēla bērni kalpoja Eglonam, Moaba ķēniņam, astoņpadsmit gadus.
15 ১৫ ইয়াৰ পাছত পুনৰায় ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু যিহোৱাই তেওঁলোকৰ কাৰণে এহূদ নামৰ এজন উদ্ধাৰকৰ্তাক পঠালে। তেওঁ আছিল বিন্যামীনৰ বংশৰ গেৰাৰ পুতেক। তেওঁ বাওঁহতীয়া আছিল। মোৱাবৰ ৰজা ইগ্লোনক কৰ দিবৰ কাৰণে ইস্ৰায়েলৰ সন্তান সকলে তেওঁক পঠাইছিল।
Tad Israēla bērni brēca uz To Kungu, un Tas Kungs tiem cēla par pestītāju Eūdu, Ģerus dēlu, no Benjamina cilts; tas bija kreilis, un Israēla bērni caur viņu sūtīja dāvanu Eglonam, Moaba ķēniņam.
16 ১৬ এহূদে নিজৰ কাৰণে এখন এহাত দীঘল দুধৰীয়া তৰোৱাল গঢ়াই সোঁ কৰঙণত কাপোৰৰ তলত তাক বান্ধি ল’লে।
Un Eūds taisīja sev abējās pusēs griezīgu zobenu, olekts garumā, un to apjoza apakš savām drēbēm pie savas labās ciskas.
17 ১৭ তেওঁ গৈ মোৱাবৰ ইগ্লোনক ৰজাক সেই কৰ আদায় দিলে; এই ইগ্লোন এজন অতিশয় শকত মানুহ আছিল।
Un viņš Eglonam, Moaba ķēniņam, nonesa dāvanas, un Eglons bija ļoti resns vīrs.
18 ১৮ কৰ দি এটোৱাৰ পাছত কৰ অনা লোকসকলক তেওঁ পঠাই দিলে।
Un kad viņš to dāvanu bija nodevis, tad viņš tos ļaudis atlaida, kas to dāvanu bija nesuši.
19 ১৯ কিন্তু তেওঁ নিজে হ’লে গিলগলৰ ওচৰত প্রতিমা খোদাই কৰা শিলবোৰ পর্যন্ত গৈ ঘুৰি আহি ক’লে, “মহাৰাজ, আপোনাক মোৰ এটা গোপন সংবাদ দিবলৈ আছে।” ৰজাই নিজৰ লোকসকলক ক’লে, “তোমালোকে মনে মনে থাকা”; তাতে তেওঁৰ লোকসকল কোঁঠাটোৰ পৰা গুছি গ’ল।
Bet viņš griezās atpakaļ no tiem elku stabiem, kas bija Gilgalā un sacīja: man viens noslēpums tev jāsaka, ķēniņ. Un tas sacīja: klusu! Tad visi izgāja ārā, kas ap viņu stāvēja.
20 ২০ সেই সময়ত ৰজা ওপৰ কোঁঠালিৰ ঠাণ্ডা ঘৰত অকলে বহি আছিল; এহূদে তেওঁৰ কাষলৈ চাপি গৈ ক’লে, “আপোনাক ঈশ্বৰৰ পৰা অহা এটি বার্তা মোৰ ক’ব লগা আছে।” ৰজাই নিজৰ আসনৰ পৰা উঠি থিয় হ’ল।
Un Eūds pie viņa pienāca; bet viņš sēdēja kādā dzestrā kambarī, kas bija viņam vienam. Tad Eūds sacīja: man ir Dieva vārds uz tevi. Tad viņš cēlās no tā krēsla.
21 ২১ তাতে এহূদে বাওঁহাত মেলি সোঁ কৰঙণৰ পৰা সেই তৰোৱাল লৈ তেওঁৰ পেটত সোমোৱাই দিলে।
Un Eūds izstiepa savu kreiso roku un ņēma to zobenu no savas labās ciskas un to viņam iedūra vēderā,
22 ২২ নালেৰে সৈতে তৰোৱালখন পেটত সোমাই পিঠিফালে কিছু ওলাই গ’ল আৰু চর্বিত ঢাক খাই গ’ল; তেওঁ ইগ্লোনৰ পেটৰ পৰা তৰোৱালখন টানি বাহিৰ কৰি নুলিয়ালে।
Ka gan asmens, gan spals iegāja, un tie tauki to asmeni apklāja, jo viņš to zobenu no viņa vēdera neizvilka, un tas izgāja pakaļā cauri.
23 ২৩ পাছত এহূদে বাৰাণ্ডালৈ ওলাই আহিল; ওপৰ কোঁঠালিৰ দুৱাৰবোৰ বন্ধ কৰি তলা মাৰি দিলে।
Tad Eūds izgāja ārā un aizslēdza tā kambara durvis aiz sevis un tās aizšāva.
24 ২৪ এহূদ বাহিৰলৈ ওলাই যোৱাৰ পাছত ৰজাৰ ভৃত্যবোৰে আহি দেখিলে যে ওপৰ কোঁঠালিৰ দুৱাৰবোৰত তলা মাৰি বন্ধ কৰা হৈছে। সিহঁতে ক’লে, “ৰজাই নিশ্চয়ে ওপৰ কোঁঠালিৰ ঠাণ্ডা ঘৰত মলমূত্র ত্যাগ কৰি আছে।”
Kad tas nu bija izgājis, tad viņa kalpi nāca, un redzēja, un lūk, kambara durvis bija aizslēgtas. Un tie sacīja: viņš gan savas kājas apklāj tai dzestrā kambarī.
25 ২৫ বহু সময় ধৰি অপেক্ষা কৰিলে, কিন্তু ৰজাই দুৱাৰ নোখোলা দেখি সিহঁত চিন্তিত হ’ল আৰু সেয়ে চাবি আনি দুৱাৰ খোলাত সিহঁতৰ প্ৰভুক মজিয়াত মৃত অৱস্থাত পৰি থকা দেখিলে।
Kad tie nu gaidīja tik ilgi, ka paši kaunējās, un redzi, viņš tā kambara durvis neatdarīja, tad viņi ņēma atslēgu un atslēdza, un redzi, viņu kungs gulēja pie zemes nomiris.
26 ২৬ ভৃত্যবোৰে অপেক্ষাৰে কি কৰিব চিন্তা কৰি থকা সময়তে এহূদে পলাই গৈ মূর্ত্তি খোদাই কৰা শিলবোৰ পাৰ হৈ চিয়ীৰালৈকে গৈ ৰক্ষা পালে।
Un Eūds izmuka, kamēr tie gaidīja, jo viņš gāja gar tiem elku stabiem un aizmuka uz Seīratu.
27 ২৭ সেই ঠাই পাই তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতত শিঙা বজালে; পাছত ইস্ৰায়েলবাসীয়ে তেওঁৰে সৈতে পৰ্ব্বতৰ পৰা নামি আহিল; এহূদে তেওঁলোকৰ নেতৃত্ব দিলে।
Un kad viņš tur nonāca, tad viņš pūta trumetē uz Efraīma kalniem, un Israēla bērni nogāja ar viņu no tiem kalniem un viņš pats viņu priekšā.
28 ২৮ তেওঁ তেওঁলোকক ক’লে, “মোৰ পাছে পাছে আহঁক; যিহোৱাই আপোনালোকৰ শত্ৰু মোৱাবীয়াহঁতক পৰাজিত কৰি আপোনালোকৰ হাতত তুলি দিলে।” তাতে তেওঁলোকে তেওঁৰ পাছে পাছে নামি গৈ, মোৱাবৰ ওচৰত যৰ্দ্দন নদীৰ পাৰৰ যি যি ঠাই খোজ কাঢ়ি পাৰ হ’ব পাৰি সেইবোৰ দখল কৰি ল’লে আৰু তেওঁলোকে কাকো নদী পাৰ হ’বলৈ নিদিলে।
Un viņš uz tiem sacīja: steidzaties man pakaļ, jo Tas Kungs devis jūsu rokā jūsu ienaidniekus, tos Moabiešus. Un tie nogāja viņam pakaļ un uzņēma Jardānes pārejamo vietu, kas pret Moabu, un nevienu nelaida pāri.
29 ২৯ সেই সময়ত তেওঁলোকে প্ৰায় দহ হাজাৰ মোৱবীয়া লোকক বধ কৰিলে। মোৱাবীয়াসকল হৃষ্ট-পুষ্ট বীৰ পুৰুষ আছিল; কিন্তু কোনোৱে পলাই যাব নোৱাৰিলে।
Un tie kāva no Moabiešiem tanī laikā kādus desmit tūkstoš vīrus, visus brangus un visus stiprus, ka neviens neizspruka.
30 ৩০ সেই দিনাই মোৱাব দেশ ইস্ৰায়েলবাসীৰ ক্ষমতাৰ অধীন কৰা হ’ল আৰু তাৰ পাছত আশী বছৰলৈকে দেশত শান্তি বিৰাজ কৰিলে।
Tad Moabs tai dienā tapa pazemots apakš Israēla bērnu rokas, un zemei bija miers astoņdesmit gadus.
31 ৩১ এহূদৰ পাছত, অনাতৰ পুত্র চমগৰ বিচাৰকর্তা হ’ল; তেওঁ গৰু খেদোৱা লাঠিৰে পলেষ্টীয়াসকলৰ ছশ লোকক বধ কৰিছিল। তেৱোঁ ইস্ৰায়েলবাসীক দুর্যোগৰ পৰা নিস্তাৰ কৰিছিল।
Un pēc viņa bija Zamgars, Anata dēls, tas kāva no Fīlistiem sešsimt vīrus ar vēršu dzenamo. Tā viņš arīdzan Israēli izpestīja.