< বিচারকচরিত 21 >
1 ১ ইস্ৰায়েলৰ লোকসকলে মিস্পাত এই প্রতিজ্ঞা কৰিলে, “আমাৰ কোনেও বিন্যামীনৰ বংশৰ কাৰো ঘৰলৈ নিজ জীয়েকক বিয়া দিব নালাগে।”
Iuraverunt quoque filii Israel in Maspha et dixerunt: Nullus nostrum dabit filiis Beniamin de filiabus suis uxorem.
2 ২ পাছত ইস্রায়েলৰ লোকসকল বৈৎএল চহৰলৈ গ’ল, তাতে ঈশ্বৰৰ সন্মুখত সন্ধ্যালৈকে সেই ঠাইত বহি থাকি বৰ মাতেৰে ক্ৰন্দন কৰি ক’লে,
Veneruntque omnes ad domum Dei in Silo, et in conspectu eius sedentes usque ad vesperam, levaverunt vocem, et magno ululatu cœperunt flere, dicentes:
3 ৩ “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আজি ইস্ৰায়েলৰ মাজৰ এক ফৈদ লুপ্ত হ’ল; ইস্ৰায়েলৰ মাজত কিয় এনে ঘটিল?”
Quare Domine Deus Israel factum est hoc malum in populo tuo, ut hodie una tribus auferretur ex nobis?
4 ৪ পাছদিনা লোকসকলে পুৱাতে উঠি এটা যজ্ঞ-বেদি সাজি সেই বেদিত তেওঁলোকে হোম-বলি আৰু মঙ্গলাৰ্থক নৈবেদ্য উৎসৰ্গ কৰিলে।
Altera autem die diluculo consurgentes, extruxerunt altare: obtuleruntque ibi holocausta, et pacificas victimas, et dixerunt:
5 ৫ তাৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে ক’লে, “ইস্রায়েলীয় সকলৰ মাজত এনে কোন জাতি আছে যি সকল প্রভুৰ কাষলৈ আমাৰ এই প্রার্থনালৈ অহা নাই?” কিয়নো মিস্পাত যিহোৱাৰ গুৰিলৈ যি জন নাহিব, “তেওঁৰ প্ৰাণ দণ্ড অৱশ্যে হ’ব” এই বুলি তেওঁলোকে প্রতিজ্ঞা কৰিছিল।
Quis non ascendit in exercitu Domini de universis tribubus Israel? Grandi enim iuramento se constrinxerant, cum essent in Maspha, interfici eos qui defuissent.
6 ৬ ইস্ৰায়েলৰ সন্তান সকলে নিজ ভাই বিন্যামীনৰ অৰ্থে বেজাৰ কৰি ক’লে, “ইস্ৰায়েলৰ মাজৰ পৰা আজি এক ফৈদ উচ্ছন্ন হ’ল;
Ductique pœnitentia filii Israel super fratre suo Beniamin, cœperunt dicere: Ablata est tribus una de Israel,
7 ৭ এতিয়া তাৰ অৱশিষ্ট থকা লোকসকলৰ বিয়াৰ বিষয়ে কি কৰা উচিত? কিয়নো আমাৰ নিজ নিজ জীহঁতক সিহঁতৰে সৈতে বিয়া নিদিওঁ বুলি কৈ আমি যিহোৱাৰ নামেৰে শপত খালোঁ।”
unde uxores accipient? Omnes enim in commune iuravimus, non daturos nos his filias nostras.
8 ৮ এই হেতুকে তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজৰ এনে কোন আছে, যি ফৈদ মিস্পাত যিহোৱাৰ কাষত উপস্থিত হোৱা নাই?” তেতিয়া তেওঁলোকে জানিব পাৰিলে যাবেচ গিলিয়দৰ পৰা কিছুমান মানুহ সেই সমাবেশত উপস্থিত হোৱা নাই।
Idcirco dixerunt: Quis est de universis tribubus Israel, qui non ascendit ad Dominum in Maspha? Et ecce inventi sunt habitatores Iabes Galaad in illo exercitu non fuisse.
9 ৯ কিয়নো লোকসকলৰ গণনা কৰাৰ সময়ত তেওঁলোকে দেখিলে যে যাবেচ গিলিয়দ নিবাসীসকলৰ এজনো সেই ঠাইলৈ অহা নাই।
(Eo quoque tempore cum essent in Silo, nullus ex eis ibi repertus est.)
10 ১০ তেতিয়া তেওঁলোকে সাহসী লোকসকলৰ মাজৰ পৰা বাৰ হাজাৰ সৈন্যক এই আজ্ঞা দি পঠালে যে “তেওঁলোকে যাবেচ গিলিয়দলৈ গৈ সৰু সৰু ল’ৰা-ছোৱলী আৰু মহিলাকে ধৰি সকলোকে আক্রমণ কৰি বধ কৰক।”
Miserunt itaque decem millia viros robustissimos, et præceperunt eis: Ite, et percutite habitatores Iabes Galaad in ore gladii, tam uxores quam parvulos eorum.
11 ১১ “তোমালোকে এইদৰে কৰা; প্ৰতিজন পুৰুষ আৰু পুৰুষেৰে সৈতে শয়ন কৰা প্ৰতিগৰাকী মহিলাকে বধ কৰিবা।”
Et hoc erit quod observare debebitis: Omne generis masculini, et mulieres, quæ cognoverunt viros, interficite, virgines autem reservate.
12 ১২ সৈন্যসকলে যাবেচ-গিলিয়দ নিবাসী লোকসকলৰ মাজত কেতিয়াও পুৰুষৰে সৈতে শয়ন নকৰা চাৰিশ যুবতীক অবিবাহিতা পালে। তেওঁলোকে সেই যুবতীসকলক কনান দেশত থকা চীলোৰ ছাউনিলৈ লৈ গ’ল।
Inventæque sunt de Iabes Galaad quadringentæ virgines, quæ nescierunt viri thorum, et adduxerunt eas ad castra in Silo, in Terram Chanaan.
13 ১৩ তাৰ পাছত ইস্রায়েলীয়াসকলে ৰিম্মোন শিলত থকা বিন্যামীনীয়া লোকসকললৈ বার্তা পঠাই শান্তিৰ চুক্তি কৰিবলৈ বিচাৰিলে।
Miseruntque nuncios ad filios Beniamin, qui erant in Petra Remmon, et præceperunt eis, ut eos susciperent in pace.
14 ১৪ এই বার্তা শুনি বিন্যামীনীয়াসকল ইস্রায়েললৈ উলটি আহিল। যাবেচ-গিলিয়দীয়া মহিলাসকলৰ মাজৰ জীয়াই ৰখা যুৱতীসকলক তেওঁলোকৰে সৈতে বিয়া কৰাই দিলে; তথাপি তেওঁলোকলৈ ছোৱালীৰ সংখ্যা নাটনি হ’ল।
Veneruntque filii Beniamin in illo tempore, et datæ sunt eis uxores de filiabus Iabes Galaad: alias autem non repererunt, quas simili modo traderent.
15 ১৫ ইস্ৰায়েলৰ লোকসকলে বিন্যামীন ফৈদৰ কাৰণে দুখ কৰিবলৈ ধৰিলে, কাৰণ যিহোৱাই ইস্রায়েলৰ ফৈদ সমূহৰ মাজত এক বিভাজন আনি দিছিল।
Universusque Israel valde doluit, et egit pœnitentiam super interfectione unius tribus ex Israel.
16 ১৬ ইস্ৰায়েলৰ বৃদ্ধ নেতাসকলে ক’লে, “বিন্যামীনীয়া স্ত্ৰীসকলক বধ কৰা হ’ল। এতিয়া অৱশিষ্ট বিন্যামীনীয়া যি সকল আছে, তেওঁলোকৰ বিবাহৰ কাৰণে আমি ক’ৰ পৰা স্ত্রী পাম?”
Dixeruntque maiores natu: Quid faciemus reliquis, qui non acceperunt uxores? Omnes in Beniamin feminæ conciderunt,
17 ১৭ তেওঁলোকে ক’লে, “ইস্রায়েলীয়া সকলৰ মাজৰ পৰা যেন এটা ফৈদ লুপ্ত হৈ নাযায়, সেয়ে জীয়াই থকা বিন্যামীনীয়াসকলৰ বংশ ৰক্ষা কৰিবলৈ সন্তানৰ অৱশ্যেই প্রয়োজন আছে।
et magna nobis cura, ingentique studio providendum est, ne una tribus deleatur ex Israel.
18 ১৮ আমাৰ ছোৱালীবোৰকতো তেওঁলোকৰ লগত বিয়া দিব নোৱাৰো, কিয়নো আমি শপত খাইছিলো যে, কোনোৱে যদি বিন্যামীনীয়াক ছোৱালী দিয়ে, তেন্তে তেওঁ অভিশপ্ত হ’ব।”
Filias enim nostras eis dare non possumus, constricti iuramento et maledictione, qua diximus: Maledictus qui dederit de filiabus suis uxorem Beniamin.
19 ১৯ তেতিয়া তেওঁলোকে ক’লে, “তোমালোকে জানা যে, প্রতি বছৰে চীলোত যিহোৱাৰ উদ্দেশ্যে এক উৎসৱ হয়; এই চীলো চহৰখন বৈৎএলৰ উত্তৰ ফালে, যি পথ বৈৎএলৰ পৰা চিখিমৰ ফালে উঠি গৈছে তাৰ পূৱফালে আৰু লেবোনাৰ দক্ষিণ ফালে আছে।”
Ceperuntque consilium, atque dixerunt: Ecce sollemnitas Domini est in Silo anniversaria, quæ sita est ad Septentrionem urbis Bethel, et ad Orientalem plagam viæ, quæ de Bethel tendit ad Sichimam, et ad Meridiem oppidi Lebona.
20 ২০ তেওঁলোকে বিন্যামীনীয়া লোকসকলক এই পৰামর্শ দিলে যে, “তোমালোকে গৈ দ্ৰাক্ষাবাৰীবোৰত লুকাই অপেক্ষা কৰি থাকিবা।
Præceperuntque filiis Beniamin, atque dixerunt: Ite, ad latitate in vineis.
21 ২১ যেতিয়া চীলোৰ ছোৱালীবোৰে নাচত যোগ দিবলৈ ওলাই আহিব, তেতিয়া তোমালোক দ্ৰাক্ষাবাৰীৰ পৰা দৌৰি বাহিৰ ওলাই তেওঁলোকৰ মাজৰ পৰা যাকে ইচ্ছা তেওঁকে ধৰি লৈ বিন্যামীন এলেকালৈ গুচি যাবা।
Cumque videritis filias Silo ad ducendos choros ex more procedere, exite repente de vineis, et rapite ex eis singuli uxores singulas, et pergite in Terram Beniamin.
22 ২২ তেওঁলোকৰ বাপেক বা ভায়েক-ককায়েকসকলে যেতিয়া আমাৰ ওচৰত গোচৰ দিবলৈ আহিব, তেতিয়া আমি তেওঁলোকক ক’ম, ‘আপোনালোকে এই সকলো ছোৱালীকে দান কৰি তেওঁলোকৰ প্রতি দয়া কৰক; কিয়নো যুদ্ধৰ সময়ত আমি তেওঁলোকৰ কাৰণে যথেষ্ট যুৱতী নাপালোঁ। শপতৰ বিষয়ত আপোনালোকে একো দোষ কৰা নাই; কাৰণ আপোনালোকেতো আপোনালোকৰ ছোৱালীবোৰক নিজে তেওঁলোকলৈ বিয়া দিয়া নাই’।”
Cumque venerint patres earum, ac fratres, et adversum vos queri cœperint, atque iurgari, dicemus eis: Miseremini eorum: non enim rapuerunt eas iure bellantium atque victorum, sed rogantibus ut acciperent, non dedistis, et a vestra parte peccatum est.
23 ২৩ তাতে বিন্যামীনীয়াসকলে তেনেকৈয়ে কৰিলে। ছোৱালীবোৰে যেতিয়া নাচি আছিল তেতিয়া তেওঁলোক প্রত্যেকেই বিয়া কৰিবৰ কাৰণে এগৰাকিকৈ ছোৱালী ধৰি লৈ গ’ল। তাৰ পাছত তেওঁলোকে তেওঁলোকৰ নিজৰ ঠাইলৈ উলটি গৈ নগৰ সাজি তাতে বাস কৰিবলৈ ধৰিলে।
Feceruntque filii Beniamin, ut sibi fuerat imperatum: et iuxta numerum suum rapuerunt sibi de his, quæ ducebant choros, uxores singulas: abieruntque in possessionem suam ædificantes urbes, et habitantes in eis.
24 ২৪ সেই সময়ত ইস্ৰায়েলীয়াসকলে সেই ঠাই এৰি নিজ নিজ ফৈদ আৰু বংশৰ ঠাইলৈ প্ৰস্থান কৰিলে।
Filii quoque Israel reversi sunt per tribus, et familias in tabernacula sua.
25 ২৫ এই সময়ত ইস্ৰায়েলৰ মাজত কোনো ৰজা নাছিল; সেয়ে যিহকে ভাল দেখিছিল তেওঁলোকে তাকেই কৰিছিল।
In diebus illis non erat rex in Israel: sed unusquisque quod sibi rectum videbatur, hoc faciebat.