< বিচারকচরিত 21 >

1 ইস্ৰায়েলৰ লোকসকলে মিস্পাত এই প্রতিজ্ঞা কৰিলে, “আমাৰ কোনেও বিন্যামীনৰ বংশৰ কাৰো ঘৰলৈ নিজ জীয়েকক বিয়া দিব নালাগে।”
וְאִ֣ישׁ יִשְׂרָאֵ֔ל נִשְׁבַּ֥ע בַּמִּצְפָּ֖ה לֵאמֹ֑ר אִ֣ישׁ מִמֶּ֔נּוּ לֹא־יִתֵּ֥ן בִּתּ֛וֹ לְבִנְיָמִ֖ן לְאִשָּֽׁה׃
2 পাছত ইস্রায়েলৰ লোকসকল বৈৎএল চহৰলৈ গ’ল, তাতে ঈশ্বৰৰ সন্মুখত সন্ধ্যালৈকে সেই ঠাইত বহি থাকি বৰ মাতেৰে ক্ৰন্দন কৰি ক’লে,
וַיָּבֹ֤א הָעָם֙ בֵּֽית־אֵ֔ל וַיֵּ֤שְׁבוּ שָׁם֙ עַד־הָעֶ֔רֶב לִפְנֵ֖י הָאֱלֹהִ֑ים וַיִּשְׂא֣וּ קוֹלָ֔ם וַיִּבְכּ֖וּ בְּכִ֥י גָדֽוֹל׃
3 “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আজি ইস্ৰায়েলৰ মাজৰ এক ফৈদ লুপ্ত হ’ল; ইস্ৰায়েলৰ মাজত কিয় এনে ঘটিল?”
וַיֹּ֣אמְר֔וּ לָמָ֗ה יְהוָה֙ אֱלֹהֵ֣י יִשְׂרָאֵ֔ל הָ֥יְתָה זֹּ֖את בְּיִשְׂרָאֵ֑ל לְהִפָּקֵ֥ד הַיּ֛וֹם מִיִּשְׂרָאֵ֖ל שֵׁ֥בֶט אֶחָֽד׃
4 পাছদিনা লোকসকলে পুৱাতে উঠি এটা যজ্ঞ-বেদি সাজি সেই বেদিত তেওঁলোকে হোম-বলি আৰু মঙ্গলাৰ্থক নৈবেদ্য উৎসৰ্গ কৰিলে।
וַֽיְהִי֙ מִֽמָּחֳרָ֔ת וַיַּשְׁכִּ֣ימוּ הָעָ֔ם וַיִּבְנוּ־שָׁ֖ם מִזְבֵּ֑חַ וַיַּעֲל֥וּ עֹל֖וֹת וּשְׁלָמִֽים׃ פ
5 তাৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে ক’লে, “ইস্রায়েলীয় সকলৰ মাজত এনে কোন জাতি আছে যি সকল প্রভুৰ কাষলৈ আমাৰ এই প্রার্থনালৈ অহা নাই?” কিয়নো মিস্পাত যিহোৱাৰ গুৰিলৈ যি জন নাহিব, “তেওঁৰ প্ৰাণ দণ্ড অৱশ্যে হ’ব” এই বুলি তেওঁলোকে প্রতিজ্ঞা কৰিছিল।
וַיֹּֽאמְרוּ֙ בְּנֵ֣י יִשְׂרָאֵ֔ל מִ֠י אֲשֶׁ֨ר לֹא־עָלָ֧ה בַקָּהָ֛ל מִכָּל־שִׁבְטֵ֥י יִשְׂרָאֵ֖ל אֶל־יְהוָ֑ה כִּי֩ הַשְּׁבוּעָ֨ה הַגְּדוֹלָ֜ה הָיְתָ֗ה לַ֠אֲשֶׁר לֹא־עָלָ֨ה אֶל־יְהוָ֧ה הַמִּצְפָּ֛ה לֵאמֹ֖ר מ֥וֹת יוּמָֽת׃
6 ইস্ৰায়েলৰ সন্তান সকলে নিজ ভাই বিন্যামীনৰ অৰ্থে বেজাৰ কৰি ক’লে, “ইস্ৰায়েলৰ মাজৰ পৰা আজি এক ফৈদ উচ্ছন্ন হ’ল;
וַיִּנָּֽחֲמוּ֙ בְּנֵ֣י יִשְׂרָאֵ֔ל אֶל־בִּנְיָמִ֖ן אָחִ֑יו וַיֹּ֣אמְר֔וּ נִגְדַּ֥ע הַיּ֛וֹם שֵׁ֥בֶט אֶחָ֖ד מִיִּשְׂרָאֵֽל׃
7 এতিয়া তাৰ অৱশিষ্ট থকা লোকসকলৰ বিয়াৰ বিষয়ে কি কৰা উচিত? কিয়নো আমাৰ নিজ নিজ জীহঁতক সিহঁতৰে সৈতে বিয়া নিদিওঁ বুলি কৈ আমি যিহোৱাৰ নামেৰে শপত খালোঁ।”
מַה־נַּעֲשֶׂ֥ה לָהֶ֛ם לַנּוֹתָרִ֖ים לְנָשִׁ֑ים וַאֲנַ֙חְנוּ֙ נִשְׁבַּ֣עְנוּ בַֽיהוָ֔ה לְבִלְתִּ֛י תֵּת־לָהֶ֥ם מִבְּנוֹתֵ֖ינוּ לְנָשִֽׁים׃
8 এই হেতুকে তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজৰ এনে কোন আছে, যি ফৈদ মিস্পাত যিহোৱাৰ কাষত উপস্থিত হোৱা নাই?” তেতিয়া তেওঁলোকে জানিব পাৰিলে যাবেচ গিলিয়দৰ পৰা কিছুমান মানুহ সেই সমাবেশত উপস্থিত হোৱা নাই।
וַיֹּ֣אמְר֔וּ מִ֗י אֶחָד֙ מִשִּׁבְטֵ֣י יִשְׂרָאֵ֔ל אֲשֶׁ֛ר לֹֽא־עָלָ֥ה אֶל־יְהוָ֖ה הַמִּצְפָּ֑ה וְ֠הִנֵּה לֹ֣א בָא־אִ֧ישׁ אֶל־הַֽמַּחֲנֶ֛ה מִיָּבֵ֥ישׁ גִּלְעָ֖ד אֶל־הַקָּהָֽל׃
9 কিয়নো লোকসকলৰ গণনা কৰাৰ সময়ত তেওঁলোকে দেখিলে যে যাবেচ গিলিয়দ নিবাসীসকলৰ এজনো সেই ঠাইলৈ অহা নাই।
וַיִּתְפָּקֵ֖ד הָעָ֑ם וְהִנֵּ֤ה אֵֽין־שָׁם֙ אִ֔ישׁ מִיּוֹשְׁבֵ֖י יָבֵ֥שׁ גִּלְעָֽד׃
10 ১০ তেতিয়া তেওঁলোকে সাহসী লোকসকলৰ মাজৰ পৰা বাৰ হাজাৰ সৈন্যক এই আজ্ঞা দি পঠালে যে “তেওঁলোকে যাবেচ গিলিয়দলৈ গৈ সৰু সৰু ল’ৰা-ছোৱলী আৰু মহিলাকে ধৰি সকলোকে আক্রমণ কৰি বধ কৰক।”
וַיִּשְׁלְחוּ־שָׁ֣ם הָעֵדָ֗ה שְׁנֵים־עָשָׂ֥ר אֶ֛לֶף אִ֖ישׁ מִבְּנֵ֣י הֶחָ֑יִל וַיְצַוּ֨וּ אוֹתָ֜ם לֵאמֹ֗ר לְ֠כוּ וְהִכִּיתֶ֞ם אֶת־יוֹשְׁבֵ֨י יָבֵ֤שׁ גִּלְעָד֙ לְפִי־חֶ֔רֶב וְהַנָּשִׁ֖ים וְהַטָּֽף׃
11 ১১ “তোমালোকে এইদৰে কৰা; প্ৰতিজন পুৰুষ আৰু পুৰুষেৰে সৈতে শয়ন কৰা প্ৰতিগৰাকী মহিলাকে বধ কৰিবা।”
וְזֶ֥ה הַדָּבָ֖ר אֲשֶׁ֣ר תַּעֲשׂ֑וּ כָּל־זָכָ֗ר וְכָל־אִשָּׁ֛ה יֹדַ֥עַת מִשְׁכַּב־זָכָ֖ר תַּחֲרִֽימוּ׃
12 ১২ সৈন্যসকলে যাবেচ-গিলিয়দ নিবাসী লোকসকলৰ মাজত কেতিয়াও পুৰুষৰে সৈতে শয়ন নকৰা চাৰিশ যুবতীক অবিবাহিতা পালে। তেওঁলোকে সেই যুবতীসকলক কনান দেশত থকা চীলোৰ ছাউনিলৈ লৈ গ’ল।
וַֽיִּמְצְא֞וּ מִיּוֹשְׁבֵ֣י ׀ יָבֵ֣ישׁ גִּלְעָ֗ד אַרְבַּ֤ע מֵאוֹת֙ נַעֲרָ֣ה בְתוּלָ֔ה אֲשֶׁ֧ר לֹֽא־יָדְעָ֛ה אִ֖ישׁ לְמִשְׁכַּ֣ב זָכָ֑ר וַיָּבִ֨יאוּ אוֹתָ֤ם אֶל־הַֽמַּחֲנֶה֙ שִׁלֹ֔ה אֲשֶׁ֖ר בְּאֶ֥רֶץ כְּנָֽעַן׃ ס
13 ১৩ তাৰ পাছত ইস্রায়েলীয়াসকলে ৰিম্মোন শিলত থকা বিন্যামীনীয়া লোকসকললৈ বার্তা পঠাই শান্তিৰ চুক্তি কৰিবলৈ বিচাৰিলে।
וַֽיִּשְׁלְחוּ֙ כָּל־הָ֣עֵדָ֔ה וַֽיְדַבְּרוּ֙ אֶל־בְּנֵ֣י בִנְיָמִ֔ן אֲשֶׁ֖ר בְּסֶ֣לַע רִמּ֑וֹן וַיִּקְרְא֥וּ לָהֶ֖ם שָׁלֽוֹם׃
14 ১৪ এই বার্তা শুনি বিন্যামীনীয়াসকল ইস্রায়েললৈ উলটি আহিল। যাবেচ-গিলিয়দীয়া মহিলাসকলৰ মাজৰ জীয়াই ৰখা যুৱতীসকলক তেওঁলোকৰে সৈতে বিয়া কৰাই দিলে; তথাপি তেওঁলোকলৈ ছোৱালীৰ সংখ্যা নাটনি হ’ল।
וַיָּ֤שָׁב בִּנְיָמִן֙ בָּעֵ֣ת הַהִ֔יא וַיִּתְּנ֤וּ לָהֶם֙ הַנָּשִׁ֔ים אֲשֶׁ֣ר חִיּ֔וּ מִנְּשֵׁ֖י יָבֵ֣שׁ גִּלְעָ֑ד וְלֹֽא־מָצְא֥וּ לָהֶ֖ם כֵּֽן׃
15 ১৫ ইস্ৰায়েলৰ লোকসকলে বিন্যামীন ফৈদৰ কাৰণে দুখ কৰিবলৈ ধৰিলে, কাৰণ যিহোৱাই ইস্রায়েলৰ ফৈদ সমূহৰ মাজত এক বিভাজন আনি দিছিল।
וְהָעָ֥ם נִחָ֖ם לְבִנְיָמִ֑ן כִּֽי־עָשָׂ֧ה יְהוָ֛ה פֶּ֖רֶץ בְּשִׁבְטֵ֥י יִשְׂרָאֵֽל׃
16 ১৬ ইস্ৰায়েলৰ বৃদ্ধ নেতাসকলে ক’লে, “বিন্যামীনীয়া স্ত্ৰীসকলক বধ কৰা হ’ল। এতিয়া অৱশিষ্ট বিন্যামীনীয়া যি সকল আছে, তেওঁলোকৰ বিবাহৰ কাৰণে আমি ক’ৰ পৰা স্ত্রী পাম?”
וַיֹּֽאמְר֨וּ זִקְנֵ֣י הָעֵדָ֔ה מַה־נַּעֲשֶׂ֥ה לַנּוֹתָרִ֖ים לְנָשִׁ֑ים כִּֽי־נִשְׁמְדָ֥ה מִבִּנְיָמִ֖ן אִשָּֽׁה׃
17 ১৭ তেওঁলোকে ক’লে, “ইস্রায়েলীয়া সকলৰ মাজৰ পৰা যেন এটা ফৈদ লুপ্ত হৈ নাযায়, সেয়ে জীয়াই থকা বিন্যামীনীয়াসকলৰ বংশ ৰক্ষা কৰিবলৈ সন্তানৰ অৱশ্যেই প্রয়োজন আছে।
וַיֹּ֣אמְר֔וּ יְרֻשַּׁ֥ת פְּלֵיטָ֖ה לְבִנְיָמִ֑ן וְלֹֽא־יִמָּחֶ֥ה שֵׁ֖בֶט מִיִּשְׂרָאֵֽל׃
18 ১৮ আমাৰ ছোৱালীবোৰকতো তেওঁলোকৰ লগত বিয়া দিব নোৱাৰো, কিয়নো আমি শপত খাইছিলো যে, কোনোৱে যদি বিন্যামীনীয়াক ছোৱালী দিয়ে, তেন্তে তেওঁ অভিশপ্ত হ’ব।”
וַאֲנַ֗חְנוּ לֹ֥א נוּכַ֛ל לָתֵת־לָהֶ֥ם נָשִׁ֖ים מִבְּנוֹתֵ֑ינוּ כִּֽי־נִשְׁבְּע֤וּ בְנֵֽי־יִשְׂרָאֵל֙ לֵאמֹ֔ר אָר֕וּר נֹתֵ֥ן אִשָּׁ֖ה לְבִנְיָמִֽן׃ ס
19 ১৯ তেতিয়া তেওঁলোকে ক’লে, “তোমালোকে জানা যে, প্রতি বছৰে চীলোত যিহোৱাৰ উদ্দেশ্যে এক উৎসৱ হয়; এই চীলো চহৰখন বৈৎএলৰ উত্তৰ ফালে, যি পথ বৈৎএলৰ পৰা চিখিমৰ ফালে উঠি গৈছে তাৰ পূৱফালে আৰু লেবোনাৰ দক্ষিণ ফালে আছে।”
וַיֹּאמְר֡וּ הִנֵּה֩ חַג־יְהוָ֨ה בְּשִׁל֜וֹ מִיָּמִ֣ים ׀ יָמִ֗ימָה אֲשֶׁ֞ר מִצְּפ֤וֹנָה לְבֵֽית־אֵל֙ מִזְרְחָ֣ה הַשֶּׁ֔מֶשׁ לִמְסִלָּ֔ה הָעֹלָ֥ה מִבֵּֽית־אֵ֖ל שְׁכֶ֑מָה וּמִנֶּ֖גֶב לִלְבוֹנָֽה׃
20 ২০ তেওঁলোকে বিন্যামীনীয়া লোকসকলক এই পৰামর্শ দিলে যে, “তোমালোকে গৈ দ্ৰাক্ষাবাৰীবোৰত লুকাই অপেক্ষা কৰি থাকিবা।
וַיְצַוּ֕וּ אֶת־בְּנֵ֥י בִנְיָמִ֖ן לֵאמֹ֑ר לְכ֖וּ וַאֲרַבְתֶּ֥ם בַּכְּרָמִֽים׃
21 ২১ যেতিয়া চীলোৰ ছোৱালীবোৰে নাচত যোগ দিবলৈ ওলাই আহিব, তেতিয়া তোমালোক দ্ৰাক্ষাবাৰীৰ পৰা দৌৰি বাহিৰ ওলাই তেওঁলোকৰ মাজৰ পৰা যাকে ইচ্ছা তেওঁকে ধৰি লৈ বিন্যামীন এলেকালৈ গুচি যাবা।
וּרְאִיתֶ֗ם וְ֠הִנֵּה אִם־יֵ֨צְא֥וּ בְנוֹת־שִׁילוֹ֮ לָח֣וּל בַּמְּחֹלוֹת֒ וִֽיצָאתֶם֙ מִן־הַכְּרָמִ֔ים וַחֲטַפְתֶּ֥ם לָכֶ֛ם אִ֥ישׁ אִשְׁתּ֖וֹ מִבְּנ֣וֹת שִׁיל֑וֹ וַהֲלַכְתֶּ֖ם אֶ֥רֶץ בִּנְיָמִֽן׃
22 ২২ তেওঁলোকৰ বাপেক বা ভায়েক-ককায়েকসকলে যেতিয়া আমাৰ ওচৰত গোচৰ দিবলৈ আহিব, তেতিয়া আমি তেওঁলোকক ক’ম, ‘আপোনালোকে এই সকলো ছোৱালীকে দান কৰি তেওঁলোকৰ প্রতি দয়া কৰক; কিয়নো যুদ্ধৰ সময়ত আমি তেওঁলোকৰ কাৰণে যথেষ্ট যুৱতী নাপালোঁ। শপতৰ বিষয়ত আপোনালোকে একো দোষ কৰা নাই; কাৰণ আপোনালোকেতো আপোনালোকৰ ছোৱালীবোৰক নিজে তেওঁলোকলৈ বিয়া দিয়া নাই’।”
וְהָיָ֡ה כִּֽי־יָבֹ֣אוּ אֲבוֹתָם֩ א֨וֹ אֲחֵיהֶ֜ם לָרִ֣יב אֵלֵ֗ינוּ וְאָמַ֤רְנוּ אֲלֵיהֶם֙ חָנּ֣וּנוּ אוֹתָ֔ם כִּ֣י לֹ֥א לָקַ֛חְנוּ אִ֥ישׁ אִשְׁתּ֖וֹ בַּמִּלְחָמָ֑ה כִּ֣י לֹ֥א אַתֶּ֛ם נְתַתֶּ֥ם לָהֶ֖ם כָּעֵ֥ת תֶּאְשָֽׁמוּ׃ ס
23 ২৩ তাতে বিন্যামীনীয়াসকলে তেনেকৈয়ে কৰিলে। ছোৱালীবোৰে যেতিয়া নাচি আছিল তেতিয়া তেওঁলোক প্রত্যেকেই বিয়া কৰিবৰ কাৰণে এগৰাকিকৈ ছোৱালী ধৰি লৈ গ’ল। তাৰ পাছত তেওঁলোকে তেওঁলোকৰ নিজৰ ঠাইলৈ উলটি গৈ নগৰ সাজি তাতে বাস কৰিবলৈ ধৰিলে।
וַיַּֽעֲשׂוּ־כֵן֙ בְּנֵ֣י בִנְיָמִ֔ן וַיִּשְׂא֤וּ נָשִׁים֙ לְמִסְפָּרָ֔ם מִן־הַמְּחֹלְל֖וֹת אֲשֶׁ֣ר גָּזָ֑לוּ וַיֵּלְכ֗וּ וַיָּשׁ֙וּבוּ֙ אֶל־נַ֣חֲלָתָ֔ם וַיִּבְנוּ֙ אֶת־הֶ֣עָרִ֔ים וַיֵּשְׁב֖וּ בָּהֶֽם׃
24 ২৪ সেই সময়ত ইস্ৰায়েলীয়াসকলে সেই ঠাই এৰি নিজ নিজ ফৈদ আৰু বংশৰ ঠাইলৈ প্ৰস্থান কৰিলে।
וַיִּתְהַלְּכ֨וּ מִשָּׁ֤ם בְּנֵֽי־יִשְׂרָאֵל֙ בָּעֵ֣ת הַהִ֔יא אִ֥ישׁ לְשִׁבְט֖וֹ וּלְמִשְׁפַּחְתּ֑וֹ וַיֵּצְא֣וּ מִשָּׁ֔ם אִ֖ישׁ לְנַחֲלָתֽוֹ׃
25 ২৫ এই সময়ত ইস্ৰায়েলৰ মাজত কোনো ৰজা নাছিল; সেয়ে যিহকে ভাল দেখিছিল তেওঁলোকে তাকেই কৰিছিল।
בַּיָּמִ֣ים הָהֵ֔ם אֵ֥ין מֶ֖לֶךְ בְּיִשְׂרָאֵ֑ל אִ֛ישׁ הַיָּשָׁ֥ר בְּעֵינָ֖יו יַעֲשֶֽׂה׃

< বিচারকচরিত 21 >