< বিচারকচরিত 2 >

1 যিহোৱাৰ দূতে গিলগলৰ পৰা বোখীমলৈ উঠি আহি ইস্রায়েলীসকলক ক’লে, “মই মিচৰ দেশৰ পৰা তোমালোকক বাহিৰ কৰি আনিলো অাৰু যি দেশ দিম বুলি মই তোমালোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক লৈ আহিলোঁ; মই কৈছিলোঁ, ‘তোমালোকৰ সৈতে স্থাপন কৰা মোৰ নিয়মটি মই কেতিয়াও নাভাঙিম।
וַיַּ֧עַל מַלְאַךְ־יְהוָ֛ה מִן־הַגִּלְגָּ֖ל אֶל־הַבֹּכִ֑ים פ וַיֹּאמֶר֩ אַעֲלֶ֨ה אֶתְכֶ֜ם מִמִּצְרַ֗יִם וָאָבִ֤יא אֶתְכֶם֙ אֶל־הָאָ֗רֶץ אֲשֶׁ֤ר נִשְׁבַּ֙עְתִּי֙ לַאֲבֹ֣תֵיכֶ֔ם וָאֹמַ֕ר לֹֽא־אָפֵ֧ר בְּרִיתִ֛י אִתְּכֶ֖ם לְעוֹלָֽם׃
2 তোমালোকেও এই দেশৰ লোকসকলৰ সৈতে কোনো চুক্তি নকৰিবা; সিহঁতৰ বেদিবোৰ ভাঙি পেলাবা।’ কিন্তু তোমালোকে মোৰ কথালৈ কাণ নিদিলা। তোমালোকে কিয় এনে কার্য কৰিলা?
וְאַתֶּ֗ם לֹֽא־תִכְרְת֤וּ בְרִית֙ לְיֽוֹשְׁבֵי֙ הָאָ֣רֶץ הַזֹּ֔את מִזְבְּחוֹתֵיהֶ֖ם תִּתֹּצ֑וּן וְלֹֽא־שְׁמַעְתֶּ֥ם בְּקֹלִ֖י מַה־זֹּ֥את עֲשִׂיתֶֽם׃
3 এই কাৰণে মই এতিয়া তোমালোকক কওঁ যে, ‘মই তোমালোকৰ ওচৰৰ পৰা কনানীয়াসকলক দূৰ নকৰিম; তেওঁলোক তোমালোকৰ কাৰণে কাঁইটস্বৰূপ হ’ব আৰু তেওঁলোকৰ দেৱতাবোৰ তোমালোকৰ কাৰণে এক ফান্দ হৈ পৰিব’।”
וְגַ֣ם אָמַ֔רְתִּי לֹֽא־אֲגָרֵ֥שׁ אוֹתָ֖ם מִפְּנֵיכֶ֑ם וְהָי֤וּ לָכֶם֙ לְצִדִּ֔ים וֵאלֹ֣הֵיהֶ֔ם יִהְי֥וּ לָכֶ֖ם לְמוֹקֵֽשׁ׃
4 যিহোৱাৰ দূতে ইস্ৰায়েলৰ সন্তান সকলক এইবোৰ কথা কোৱাৰ পাছত তেওঁলোক সকলোৱে উচ্চস্বৰে কান্দিবলৈ ধৰিলে।
וַיְהִ֗י כְּדַבֵּ֞ר מַלְאַ֤ךְ יְהוָה֙ אֶת־הַדְּבָרִ֣ים הָאֵ֔לֶּה אֶֽל־כָּל־בְּנֵ֖י יִשְׂרָאֵ֑ל וַיִּשְׂא֥וּ הָעָ֛ם אֶת־קוֹלָ֖ם וַיִּבְכּֽוּ׃
5 যি ঠাইত তেওঁলোকে কান্দিছিল সেই ঠাইৰ নাম বোখীম ৰাখিলে; তেওঁলোকে তাত যিহোৱাৰ উদ্দেশ্যে অনেক বলি উৎসর্গ কৰিলে।
וַֽיִּקְרְא֛וּ שֵֽׁם־הַמָּק֥וֹם הַה֖וּא בֹּכִ֑ים וַיִּזְבְּחוּ־שָׁ֖ם לַֽיהוָֽה׃ פ
6 যিহোচূৱাই ইস্ৰায়েলৰ সন্তান সকলক নিজৰ নিজৰ ঠাইলৈ পঠিয়াই দিলে। সেইদৰে তেওঁলোক প্রত্যেকেই যাক যি ভাগ দিয়া হ’ল, সেই ঠাইৰ আধিপত্য লবলৈ গ’ল।
וַיְשַׁלַּ֥ח יְהוֹשֻׁ֖עַ אֶת־הָעָ֑ם וַיֵּלְכ֧וּ בְנֵֽי־יִשְׂרָאֵ֛ל אִ֥ישׁ לְנַחֲלָת֖וֹ לָרֶ֥שֶׁת אֶת־הָאָֽרֶץ׃
7 যিহোচূৱা যিমান দিন জীয়াই আছিল, সিমান দিনলৈকে ইস্রায়েলবাসীয়ে যিহোৱাৰ সেৱা কৰিছিল। যিহোচূৱাৰ মৃত্যুৰ পাছত যিসকল বৃদ্ধলোক জীৱিত আছিল, তেওঁলোকেও নিজৰ জীৱনকালত যিহোৱাৰ সেৱা কৰিছিল। ইস্ৰায়েলৰ লোকসকলৰ কাৰণে যিহোৱাই যি যি মহৎ কৰ্ম কৰিছিল; সেইসকলো কর্ম এই বৃদ্ধলোক সকলে দেখিছিল।
וַיַּעַבְד֤וּ הָעָם֙ אֶת־יְהוָ֔ה כֹּ֖ל יְמֵ֣י יְהוֹשֻׁ֑עַ וְכֹ֣ל ׀ יְמֵ֣י הַזְּקֵנִ֗ים אֲשֶׁ֨ר הֶאֱרִ֤יכוּ יָמִים֙ אַחֲרֵ֣י יְהוֹשׁ֔וּעַ אֲשֶׁ֣ר רָא֗וּ אֵ֣ת כָּל־מַעֲשֵׂ֤ה יְהוָה֙ הַגָּד֔וֹל אֲשֶׁ֥ר עָשָׂ֖ה לְיִשְׂרָאֵֽל׃
8 নুনৰ পুত্ৰ যিহোৱাৰ দাস যিহোচূৱাৰ এশ দহ বছৰ বয়সত মৃত্যু হ’ল।
וַיָּ֛מָת יְהוֹשֻׁ֥עַ בִּן־נ֖וּן עֶ֣בֶד יְהוָ֑ה בֶּן־מֵאָ֥ה וָעֶ֖שֶׂר שָׁנִֽים׃
9 ইস্রায়েলবাসীয়ে যিহোচূৱাক তেওঁৰ নিজৰ মাটিৰ সীমাৰ ভিতৰৰ তিন্নৎহেৰচ নামৰ ঠাইত মৈদাম দিলে। এই ঠাই গাচ পর্ব্বতৰ উত্তৰত ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলত আছিল।
וַיִּקְבְּר֤וּ אוֹתוֹ֙ בִּגְב֣וּל נַחֲלָת֔וֹ בְּתִמְנַת־חֶ֖רֶס בְּהַ֣ר אֶפְרָ֑יִם מִצְּפ֖וֹן לְהַר־גָּֽעַשׁ׃
10 ১০ যিহোচূৱাৰ সমসাময়িক সকলো প্রজন্মই মৃত্যু বৰণ কৰি নিজৰ ওপৰ পিতৃসকলৰ ওচৰলৈ যোৱাৰ পাছত পৰৱর্তী প্রজন্মৰ বৃদ্ধি হবলৈ ধৰিলে। তেওঁলোকে যিহোৱাক নাজানিলে। যিহোৱাই ইস্ৰায়েলবাসীৰ কাৰণে কি কৰিলে তেওঁলোকে সেইবোৰ নাজানিলে।
וְגַם֙ כָּל־הַדּ֣וֹר הַה֔וּא נֶאֶסְפ֖וּ אֶל־אֲבוֹתָ֑יו וַיָּקָם֩ דּ֨וֹר אַחֵ֜ר אַחֲרֵיהֶ֗ם אֲשֶׁ֤ר לֹא־יָֽדְעוּ֙ אֶת־יְהוָ֔ה וְגַם֙ אֶת־הַֽמַּעֲשֶׂ֔ה אֲשֶׁ֥ר עָשָׂ֖ה לְיִשְׂרָאֵֽל׃ ס
11 ১১ সেয়ে তেওঁলোকে যিহোৱাৰ দৃষ্টিত যি বেয়া তেনে আচৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু বাল-দেৱতাবোৰৰ সেৱা-পূজা কৰিব ধৰিলে।
וַיַּעֲשׂ֧וּ בְנֵֽי־יִשְׂרָאֵ֛ל אֶת־הָרַ֖ע בְּעֵינֵ֣י יְהוָ֑ה וַיַּעַבְד֖וּ אֶת־הַבְּעָלִֽים׃
12 ১২ তেওঁলোকৰ ওপৰ-পিতৃসকলৰ যিহোৱা ঈশ্বৰ, যিজনাই মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিল, তেওঁক তেওঁলোকে ত্যাগ কৰিলে। তেওঁলোকৰ চাৰিওফালে বসবাস কৰা লোক সকলৰ বিভিন্ন দেৱ-দেবীক প্রণিপাত কৰি সেইবোৰৰ পাছত চলিবলৈ ধৰিলে। তেওঁলোকে যিহোৱাৰ ক্রোধ প্রজ্বলিত কৰি তুলিলে।
וַיַּעַזְב֞וּ אֶת־יְהוָ֣ה ׀ אֱלֹהֵ֣י אֲבוֹתָ֗ם הַמּוֹצִ֣יא אוֹתָם֮ מֵאֶ֣רֶץ מִצְרַיִם֒ וַיֵּלְכ֞וּ אַחֲרֵ֣י ׀ אֱלֹהִ֣ים אֲחֵרִ֗ים מֵאֱלֹהֵ֤י הָֽעַמִּים֙ אֲשֶׁר֙ סְבִיב֣וֹתֵיהֶ֔ם וַיִּֽשְׁתַּחֲו֖וּ לָהֶ֑ם וַיַּכְעִ֖סוּ אֶת־יְהוָֽה׃
13 ১৩ তেওঁলোকে যিহোৱাক ত্যাগ কৰি বাল-দেৱতা আৰু অষ্টাৰেৎ দেবীৰ পূজা কৰিবলৈ ধৰিলে।
וַיַּעַזְב֖וּ אֶת־יְהוָ֑ה וַיַּעַבְד֥וּ לַבַּ֖עַל וְלָעַשְׁתָּרֽוֹת׃
14 ১৪ যিহোৱাৰ ক্রোধ ইস্ৰায়েলবাসীৰ বিৰুদ্ধে জ্বলি উঠাত তেওঁ তেওঁলোকক লুটকাৰীসকলৰ হাতত শোধাই দিলে; সিহঁতে তেওঁলোকক লুট কৰিলে; তেওঁলোকৰ চাৰিওকাষে থকা শত্ৰুবোৰৰ শক্তিশালী হাতত তেওঁলোকক দাসৰূপে বেচিলে; তাতে তেওঁলোকে শত্ৰুবোৰৰ বিৰুদ্ধে থিয় হৈ নিজক পুনৰ ৰক্ষা কৰিব নোৱাৰিলে।
וַיִּֽחַר־אַ֤ף יְהוָה֙ בְּיִשְׂרָאֵ֔ל וַֽיִּתְּנֵם֙ בְּיַד־שֹׁסִ֔ים וַיָּשֹׁ֖סּוּ אוֹתָ֑ם וַֽיִּמְכְּרֵ֞ם בְּיַ֤ד אֽוֹיְבֵיהֶם֙ מִסָּבִ֔יב וְלֹֽא־יָכְל֣וּ ע֔וֹד לַעֲמֹ֖ד לִפְנֵ֥י אוֹיְבֵיהֶֽם׃
15 ১৫ যেতিয়া ইস্রায়েলীয়াসকল যুদ্ধলৈ যায় তেতিয়া যিহোৱাই যিদৰে শপত খাইছিল, সেই অনুসাৰে তেওঁৰ হাত তেওঁলোকৰ পৰাজয়ৰ কাৰণে তেওঁলোকৰ বিপক্ষে আছিল। তাৰ ফলত ইস্রায়েলীয়াসকল ভয়ঙ্কৰ দুর্দ্দশাৰ মাজত আছিল।
בְּכֹ֣ל ׀ אֲשֶׁ֣ר יָצְא֗וּ יַד־יְהוָה֙ הָיְתָה־בָּ֣ם לְרָעָ֔ה כַּֽאֲשֶׁר֙ דִּבֶּ֣ר יְהוָ֔ה וְכַאֲשֶׁ֛ר נִשְׁבַּ֥ע יְהוָ֖ה לָהֶ֑ם וַיֵּ֥צֶר לָהֶ֖ם מְאֹֽד׃
16 ১৬ তেতিয়া যিহোৱাই তেওঁলোকৰ মাজত বিচাৰকৰ্ত্তাসকলক নিযুক্ত কৰিলে; ইস্রায়েলসকলক যিসকলে লুট কৰে, তেওঁলোকৰ হাতৰ পৰা এইসকলে তেওঁলোকক উদ্ধাৰ কৰে।
וַיָּ֥קֶם יְהוָ֖ה שֹֽׁפְטִ֑ים וַיּ֣וֹשִׁיע֔וּם מִיַּ֖ד שֹׁסֵיהֶֽם׃
17 ১৭ কিন্তু ইস্রায়েলীয়াসকলে বিচাৰকৰ্ত্তাসকলৰ কথাত কাণ নিদিলে; কিয়নো তেওঁলোক যিহোৱাৰ প্রতি বিশ্বাসী নাছিল আৰু আন আন দেৱ-দেৱীৰ ওচৰত নিজকে বেচি ব্যভিচাৰ কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিছিল; তেওঁলোকৰ ওপৰ পিতৃসকলে যিহোৱাৰ আজ্ঞা পালন কৰি বাধ্যতাৰ যি পথত গমণ কৰিছিল, তেওঁলোকে সেই পথত নচলিলে আৰু অচিৰেই সেই পথৰ পৰা আঁতৰি গ’ল।
וְגַ֤ם אֶל־שֹֽׁפְטֵיהֶם֙ לֹ֣א שָׁמֵ֔עוּ כִּ֣י זָנ֗וּ אַֽחֲרֵי֙ אֱלֹהִ֣ים אֲחֵרִ֔ים וַיִּֽשְׁתַּחֲו֖וּ לָהֶ֑ם סָ֣רוּ מַהֵ֗ר מִן־הַדֶּ֜רֶךְ אֲשֶׁ֨ר הָלְכ֧וּ אֲבוֹתָ֛ם לִשְׁמֹ֥עַ מִצְוֹת־יְהוָ֖ה לֹא־עָ֥שׂוּ כֵֽן׃
18 ১৮ যিহোৱাই যেতিয়া তেওঁলোকৰ কাৰণে কোনো বিচাৰকৰ্ত্তাক নিযুক্তি দিছিল, তেতিয়া তেওঁ সেই বিচাৰকৰ্ত্তাক সহায় কৰিছিল। সেইজন বিচাৰকৰ্ত্তা যিমান দিনলৈকে জীয়াই থাকে, সিমান দিনলৈকে যিহোৱাই শত্ৰুবোৰৰ হাতৰ পৰা ইস্রায়েলক উদ্ধাৰ কৰিছিল; অত্যাচাৰীবোৰৰ হাতত উপদ্ৰৱ আৰু তাড়না পাই তেওঁলোকে যেতিয়া কন্দা-কটা কৰে, তেতিয়া তেওঁলোকৰ প্রতি যিহোৱাৰ দয়া ওপজে।।
וְכִֽי־הֵקִ֨ים יְהוָ֥ה ׀ לָהֶם֮ שֹֽׁפְטִים֒ וְהָיָ֤ה יְהוָה֙ עִם־הַשֹּׁפֵ֔ט וְהֽוֹשִׁיעָם֙ מִיַּ֣ד אֹֽיְבֵיהֶ֔ם כֹּ֖ל יְמֵ֣י הַשּׁוֹפֵ֑ט כִּֽי־יִנָּחֵ֤ם יְהוָה֙ מִנַּֽאֲקָתָ֔ם מִפְּנֵ֥י לֹחֲצֵיהֶ֖ם וְדֹחֲקֵיהֶֽם׃
19 ১৯ কিন্তু সেই বিচাৰকৰ্ত্তা মৰিলেই তেওঁলোকে পুনৰ ঘূৰি দেৱ-দেৱীবোৰৰ পাছত চলি পূজা-অর্চনা আৰু সেৱা-উপাসনাত ব্রতী হয়; তেওঁলোকে পূর্বপুৰুষসকলতকৈও অধিক ভ্রষ্টাচাৰৰ পথলৈ উলটি যায়। তেওঁলোকে একোতেই নিজৰ দুষ্ট অভ্যাস আৰু গোড়ামিৰ পথ নেৰে।
וְהָיָ֣ה ׀ בְּמ֣וֹת הַשּׁוֹפֵ֗ט יָשֻׁ֙בוּ֙ וְהִשְׁחִ֣יתוּ מֵֽאֲבוֹתָ֔ם לָלֶ֗כֶת אַֽחֲרֵי֙ אֱלֹהִ֣ים אֲחֵרִ֔ים לְעָבְדָ֖ם וּלְהִשְׁתַּחֲוֹ֣ת לָהֶ֑ם לֹ֤א הִפִּ֙ילוּ֙ מִמַּ֣עַלְלֵיהֶ֔ם וּמִדַּרְכָּ֖ם הַקָּשָֽׁה׃
20 ২০ সেয়ে ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত তেওঁ ক’লে, “এই জাতিৰ পূর্বপুৰুষসকলৰ লগত মই যি ব্যৱস্থাৰ চুক্তি কৰিছিলোঁ, তাক এওঁলোকে উলঙ্ঘন কৰিলে আৰু মোৰ কথাও নুশুনিলে।
וַיִּֽחַר־אַ֥ף יְהוָ֖ה בְּיִשְׂרָאֵ֑ל וַיֹּ֗אמֶר יַעַן֩ אֲשֶׁ֨ר עָבְר֜וּ הַגּ֣וֹי הַזֶּ֗ה אֶת־בְּרִיתִי֙ אֲשֶׁ֣ר צִוִּ֣יתִי אֶת־אֲבוֹתָ֔ם וְלֹ֥א שָׁמְע֖וּ לְקוֹלִֽי׃
21 ২১ এই হেতুকে যিহোচূৱাৰ মৃত্যুৰ সময়ত যি সকলো অন্য জাতি এই দেশত অৱশিষ্ট থাকি গ’ল, মই সেইসকলক ইস্রায়েলৰ সন্মুখৰ পৰা পুনৰ দূৰ নকৰিম।
גַּם־אֲנִי֙ לֹ֣א אוֹסִ֔יף לְהוֹרִ֥ישׁ אִ֖ישׁ מִפְּנֵיהֶ֑ם מִן־הַגּוֹיִ֛ם אֲשֶׁר־עָזַ֥ב יְהוֹשֻׁ֖עַ וַיָּמֹֽת׃
22 ২২ ইস্ৰায়েলবাসীয়ে তেওঁলোকৰ পূর্বপুৰুষসকলে চলাৰ দৰে যিহোৱাৰ পথত চলে নে নচলে, এইসকল জাতিৰ যোগেদিয়েই মই তেওঁলোকৰ পৰীক্ষা কৰিম।”
לְמַ֛עַן נַסּ֥וֹת בָּ֖ם אֶת־יִשְׂרָאֵ֑ל הֲשֹׁמְרִ֣ים הֵם֩ אֶת־דֶּ֨רֶךְ יְהוָ֜ה לָלֶ֣כֶת בָּ֗ם כַּאֲשֶׁ֛ר שָׁמְר֥וּ אֲבוֹתָ֖ם אִם־לֹֽא׃
23 ২৩ এই কাৰণতে যিহোৱাই সেই জাতিবোৰক শীঘ্ৰে বাহিৰ নকৰি দেশত ৰাখি থলে। তেওঁ যিহোচূৱাৰ হাততো তেওঁলোকক সমৰ্পণ নকৰিলে।
וַיַּנַּ֤ח יְהוָה֙ אֶת־הַגּוֹיִ֣ם הָאֵ֔לֶּה לְבִלְתִּ֥י הוֹרִישָׁ֖ם מַהֵ֑ר וְלֹ֥א נְתָנָ֖ם בְּיַד־יְהוֹשֻֽׁעַ׃ פ

< বিচারকচরিত 2 >