< বিচারকচরিত 19 >
1 ১ যি সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল, সেই সময়ত ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ শেষ ভাগত এজন লেবীয়া লোকে প্ৰবাস কৰিছিল; তেওঁ যিহূদাৰ বৈৎলেহেমত এজনী উপপত্নী ৰাখিছিল;
Ní ọjọ́ wọ̀n-ọn-nì Israẹli kò ní ọba. Ọ̀kan nínú àwọn ọmọ Lefi tí ń gbé ibi tí ó sá pamọ́ nínú àwọn agbègbè òkè Efraimu, mú àlè kan láti Bẹtilẹhẹmu ní Juda.
2 ২ পাছত তেওঁৰ সেই উপপত্নীয়ে তেওঁৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক এৰি যিহূদাৰ বৈৎলেহেমত থকা নিজৰ বাপেকৰ ঘৰলৈ গৈ তাতে চাৰি মাহমান থাকিল।
Ṣùgbọ́n àlè rẹ̀ náà sì ṣe panṣágà sí i, òun fi sílẹ̀, ó sì padà lọ sí ilé baba rẹ̀ ní Bẹtilẹhẹmu ti Juda, ó sì wà ní ibẹ̀ ní ìwọ̀n oṣù mẹ́rin,
3 ৩ পাছত তাইৰ গিৰিয়েকে উঠি আহি তাইক বুজাই পুনৰ নিজৰ ঘৰলৈ আনিবৰ বাবে তাইৰ ওচৰলৈ গ’ল; তেওঁৰ লগত এজন দাস আৰু এটা গাধ আছিল। তেওঁৰ উপপত্নীয়ে তেওঁক বাপেকৰ ঘৰৰ ভিতৰলৈ নিলে আৰু সেই যুৱতীৰ বাপেকে সেই মানুহক দেখি আনন্দেৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে।
ọkọ rẹ̀ lọ sí ibẹ̀ láti rọ̀ ọ́ pé kí ó padà sí ọ̀dọ̀ òun. Nígbà tí ó ń lọ ó mú ìránṣẹ́ àti kẹ́tẹ́kẹ́tẹ́ méjì lọ́wọ́, obìnrin náà mú un wọ inú ilé baba rẹ̀ lọ, nígbà tí baba obìnrin náà rí i ó fi tayọ̀tayọ̀ gbà á.
4 ৪ সেই যুৱতীৰ বাপেকে অর্থাৎ তেওঁৰ শহুৰেকে তেওঁক তিন দিন ধৰি লগত থাকিবলৈ অনুৰোধ কৰিলে; তেতিয়া তেওঁ তেওঁলোকৰে সৈতে তাত খোৱা-বোৱা কৰি থাকিল।
Àna rẹ̀, baba ọmọbìnrin náà rọ̀ ọ́, ó sì borí rẹ̀ láti dá a dúró fún ìgbà díẹ̀, òun sì dúró fún ọjọ́ mẹ́ta, ó ń jẹ, ó ń mu, ó sì ń sùn níbẹ̀.
5 ৫ পাছত চতুৰ্থদিনা তেওঁলোক ৰাতিপুৱাই উঠিল আৰু যাবলৈ ওলাল; তেতিয়া সেই যুৱতীৰ বাপেকে জোঁৱায়েকক ক’লে, “তুমি অলপ আহাৰ গ্রহণ কৰি মন সুস্থিৰ কৰা, তাৰ পাছত তোমাৰ বাটত তুমি গুচি যাবা।”
Ní ọjọ́ kẹrin, wọ́n dìde ní òwúrọ̀ kùtùkùtù òun sì múra láti padà lọ, ṣùgbọ́n baba ọmọbìnrin náà wí fún àna rẹ̀ pé, “Fi ohun jíjẹ díẹ̀ gbé inú ró nígbà náà kí ìwọ máa lọ.”
6 ৬ তেতিয়া তেওঁলোক দুয়োজনে একে-লগে বহি ভোজন পান কৰিলে আৰু সেই যুৱতীৰ বাপেকে ক’লে মিনতি কৰোঁ, “অনুগ্ৰহ কৰি তুমি এই ৰাতিও থাকি মন প্ৰফুল্লিত কৰা।”
Àwọn méjèèjì sì jùmọ̀ jókòó láti jọ jẹun àti láti jọ mu. Lẹ́yìn èyí ni baba ọmọbìnrin wí pé, “Jọ̀wọ́ dúró ní alẹ́ yìí kí o sì gbádùn ara rẹ.”
7 ৭ তথাপি সেই মানুহ যাবলৈ উঠিল, কিন্তু শহুৰেকে তেওঁক থাকিবলৈ বৰকৈ ধৰাত, সেই ৰাতিও থাকিল।
Nígbà tí ọkùnrin náà dìde láti máa lọ, baba ìyàwó rẹ̀ rọ̀ ọ́, torí náà ó sùn níbẹ̀ ní alẹ́ ọjọ́ náà.
8 ৮ পাছত পঞ্চম দিনা যাবৰ কাৰণে ৰাতিপুৱাতে উঠাৰ পাছত, শহুৰেকে তেওঁক ক’লে, “খোৱা-বোৱা কৰি আবেলিলৈকে থাকি নিজক সুস্থিৰ কৰা।” সেয়ে, তেওঁলোক দুয়োজন বহি ভোজন কৰিলে।
Ní òwúrọ̀ ọjọ́ karùn-ún nígbà tí ó dìde láti lọ, baba ọmọbìnrin wí pé, “Fi oúnjẹ gbé ara ró. Dúró de ọ̀sán!” Àwọn méjèèjì sì jùmọ̀ jọ jẹun.
9 ৯ পাছত যেতিয়া লেবীয়া জনে নিজৰ উপপত্নী আৰু দাসক লৈ গুছি যাবৰ কাৰণে প্রস্তুত হওঁতে, শহুৰেকে তেওঁক ক’লে “চোৱা দিন প্ৰায় শেষ হ’ল; বিনয় কৰোঁ, তুমি আজি ৰাতিও ইয়াতে থাকা। চোৱা, বেলি প্ৰায় লহিয়াইছে; তুমি এই ঠাইতে ৰাতি থাকি প্ৰফুল্লিত হোৱা আৰু কাইলৈ তোমালোকে নিজ ঘৰলৈ যাবৰ কাৰণে সোনকালে উঠি নিজ বাটে গুচি যাবা।”
Nígbà tí ọkùnrin náà, pẹ̀lú àlè àti ìránṣẹ́ rẹ̀, dìde láti máa lọ, àna rẹ̀, baba ọmọbìnrin náà ní, “Wò ó ilẹ̀ ti ń ṣú lọ, dúró níbí, ọjọ́ ti lọ. Dúró kí o sì gbádùn ara rẹ. Ìwọ lè jí ní àárọ̀ kùtùkùtù ọ̀la kí ìwọ sì máa lọ ilé.”
10 ১০ কিন্তু সেই মানুহে সেই ৰাতি থাকিবলৈ সন্মত নহ’ল আৰু উঠি যাত্ৰা কৰি যিবুচ অৰ্থাৎ যিৰূচালেমৰ ওচৰ আহি পালে; তাৰ লগত দুটা সজোৱা গাধ আৰু তাৰ উপপত্নী আছিল।
Ṣùgbọ́n nítorí pé òun kò fẹ́ dúró mọ́ níbẹ̀ ní òru náà ọkùnrin náà kúrò ó sì gba ọ̀nà Jebusi: ọ̀nà Jerusalẹmu pẹ̀lú àwọn kẹ́tẹ́kẹ́tẹ́ rẹ̀ méjèèjì tí ó fi dì í ní gàárì àti àlè rẹ̀.
11 ১১ তেওঁলোক যিবুচৰ ওচৰ আহি পোৱাত দিন প্ৰায় শেষ হ’ল; তেতিয়া দাসে তেওঁৰ গৰাকীক ক’লে, “নিবেদন কৰোঁ, আহক আমি যিবুচীয়াহঁতৰ এই নগৰত সোমাই ৰাতিটো ইয়াতে থাকোঁহক।”
Nígbà tí wọ́n súnmọ́ Jebusi tí ilẹ̀ ti fẹ́ ṣú tan, ìránṣẹ́ náà sọ fún ọ̀gá rẹ̀ pé, “Ẹ wá, ẹ jẹ́ kí a dúró ní ìlú yìí tí í ṣe ti àwọn ará Jebusi kí a sì sùn níbẹ̀.”
12 ১২ কিন্তু তাৰ গৰাকীয়ে তাক ক’লে, “যি নগৰ ইস্ৰায়েলৰ সন্তান সকলৰ নহয়, এনে ভীন্ন দেশীয় লোকৰ নগৰত আমি নোসোমাও; আমি আগবাঢ়ি গিবিয়ালৈ যাওঁহক।”
Ọ̀gá rẹ̀ dá a lóhùn pé, “Rárá o, àwa kì yóò wọ ìlú àwọn àjèjì, àwọn tí olùgbé ibẹ̀ kì í ṣe ọmọ Israẹli, a yóò dé Gibeah.”
13 ১৩ তেওঁ দাসক ক’লে, “আহা আমি এই অঞ্চলৰ কোনো ঠাইৰ ওচৰলৈ গৈ গিবিয়া বা ৰামাত ৰাতিটো পাৰ কৰিম।”
Ó fi kún un pé, ẹ wá ẹ jẹ́ kí a gbìyànjú kí a dé Gibeah tàbí Rama kí a sùn ní ọ̀kan nínú wọn.
14 ১৪ এইদৰে তেওঁলোক আগবাঢ়ি গ’ল আৰু বিন্যামীনৰ অধিকাৰত থকা গিবিয়াৰ ওচৰ পোৱাত বেলি মাৰ গ’ল।
Wọ́n sì tẹ̀síwájú nínú ìrìnàjò wọn, oòrùn wọ̀ bí wọ́n ti súnmọ́ Gibeah tí ṣe ti àwọn Benjamini.
15 ১৫ তেতিয়া তেওঁলোকে বাট এৰি ৰাতি থাকিবৰ কাৰণে গিবিয়ালৈ সোমাই গ’ল; আৰু তেওঁ সোমাই গৈ সেই নগৰৰ চ’কত বহিল; কিয়নো কোনেও নিজৰ ঘৰত ৰাতি থাকিবৰ কাৰণে তেওঁলোকক ঠাই নিদিলে।
Wọ́n yípadà wọ́n lọ sí inú ìlú Gibeah láti wọ̀ síbẹ̀ ní òru náà, wọ́n lọ wọ́n sì jókòó níbi gbọ̀ngàn ìlú náà, ṣùgbọ́n kò sí ẹni tí ó gbà wọ́n sínú ilé rẹ̀ láti wọ̀ sí.
16 ১৬ সেই সময়ত এজন প্রাপ্তবয়স্ক মানুহে পথাৰত কাম কৰি সন্ধিয়া পৰত ঘৰলৈ উভতি আহি আছিল, সেইজন লোক ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ আছিল আৰু তেওঁ গিবিয়াত প্ৰবাস কৰিছিল; কিন্তু নগৰৰ লোকসকল হ’লে বিন্যামীনীয়া লোক আছিল।
Ní alẹ́ ọjọ́ náà ọkùnrin arúgbó kan láti àwọn òkè Efraimu, ṣùgbọ́n tí ń gbé ní Gibeah (ibẹ̀ ni àwọn ẹ̀yà Benjamini ń gbé) ń ti ibi iṣẹ́ rẹ̀ bọ̀ láti inú oko.
17 ১৭ সেই প্রাপ্ত বয়স্ক লোকজনে মুৰ দাঙি চাই নগৰৰ চ’কত সেই পথিকক দেখি সুধিলে, “তুমি ক’লৈ যোৱা? আৰু ক’ৰ পৰা আহিছা?”
Nígbà tí ó wòkè ó rí arìnrìn-àjò náà ní gbọ̀ngàn ìlú náà, ọkùnrin arúgbó yìí bi í léèrè pé, “Níbo ni ò ń lọ? Níbo ni o ti ń bọ̀?”
18 ১৮ তেওঁ লোকজনক ক’লে, “আমি যিহূদাৰ বৈৎলেহেমৰ পৰা আহিছোঁ, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ সিফাললৈ যাওঁ; মই সেই ঠাইৰ মানুহ। যিহূদাৰ বৈৎলেহেমলৈ গৈছিলোঁ, এতিয়া মই যিহোৱাৰ গৃহলৈ যাওঁ কিন্তু কোনেও মোক ঘৰত ঠাই দিয়া নাই।
Ọmọ Lefi náà dá a lóhùn pé, “Bẹtilẹhẹmu ti Juda ni àwa ti ń bọ̀, àwa sì ń lọ sí agbègbè tí ó sá pamọ́ ní àwọn òkè Efraimu níbi ti mo ń gbé. Mo ti lọ sí Bẹtilẹhẹmu ti Juda, èmi sì ń lọ sí ilé Olúwa nísinsin yìí. Kò sí ẹni tí ó gbà mí sí ilé rẹ̀.
19 ১৯ আমাৰ গাধবোৰৰ কাৰণে ধান-খেৰ আৰু দানা আছে; লগতে মোৰ কাৰণে আৰু এই বেটীৰ বাবে আৰু আপোনাৰ দাস-দাসীৰ সৈতে অহা এই ডেকাৰ বাবেও পিঠা দ্ৰাক্ষাৰস আছে, আমাৰ কোনো বস্তুৰ অভাৱ নাই।”
Àwa ní koríko àti oúnjẹ tó tó fún àwọn kẹ́tẹ́kẹ́tẹ́ wa àti oúnjẹ àti wáìnì fún àwa ìránṣẹ́ rẹ—èmi, ìránṣẹ́bìnrin rẹ àti ọ̀dọ́mọkùnrin tí ó wà pẹ̀lú wa. A ò ṣe aláìní ohun kankan.”
20 ২০ তেতিয়া সেই প্রাপ্ত বয়স্ক লোকজনে ক’লে, “তোমাৰ শান্তি হওঁক; তোমাৰ প্ৰয়োজনীয় সকলোৰে দ্বায়ীত্ব মই ল’লো। তোমালোকে মোৰ লগত ব’লা; তুমি কোনো কাৰণতেই এই চ’কত ৰাতিটো থাকিব নালাগে।”
Ọkùnrin arúgbó náà sì wí pé. “Àlàáfíà fún ọ, bí ó ti wù kí ó rí, èmi yóò pèsè gbogbo ohun tí o nílò, kìkì pé kí ìwọ má ṣe sun ní ìgboro.”
21 ২১ পাছত সেই প্ৰাপ্তবয়স্ক লোকজনে তেওঁক নিজৰ ঘৰলৈ নি গাধবোৰক ঘাঁহ দিলে আৰু তেওঁলোকে ভৰি ধুই ভোজন-পান কৰিলে।
Òun sì mú wa sí ilé rẹ̀, ó ń bọ́ àwọn kẹ́tẹ́kẹ́tẹ́ rẹ̀. Lẹ́yìn ìgbà tí wọ́n ti wẹ ẹsẹ̀ wọn, àwọn àlejò náà jẹ, wọ́n mu.
22 ২২ এইদৰে তেওঁলোকৰ লগত আনন্দ কৰাৰ সময়ত, সেই নগৰৰ কিছুমান পাষণ্ড লোক আহি তেওঁৰ ঘৰৰ চাৰিওফালে বেৰি ধৰিলে আৰু দুৱাৰত ঢকিয়াই সেই ঘৰৰ গৰাকী প্ৰাপ্তবয়স্ক গৰাকীজনক ক’লে, “আপোনাৰ ঘৰলৈ যিজন পুৰুষ আহিছে, তেওঁক বাহিৰলৈ উলিয়াই দিয়ক, আমি তেওঁৰ পৰিচয় ল’ম।”
Ǹjẹ́ bí wọ́n ti ń ṣe àríyá, kíyèsi i, àwọn ọkùnrin ìlú náà, àwọn ọmọ Beliali kan, yí ilé náà ká, wọ́n sì ń lu ìlẹ̀kùn; wọ́n sì sọ fún baálé ilé náà ọkùnrin arúgbó náà pé, “Mú ọkùnrin tí ó wọ̀ sínú ilé rẹ wá, kí àwa lè mọ̀ ọ́n.”
23 ২৩ তেতিয়া ঘৰৰ গৰাকীয়ে বাহিৰলৈ ওলাই আহিল আৰু সিহঁতৰ ওচৰলৈ গৈ ক’লে, “হে মোৰ ভাইসকল, মই বিনয় কৰিছোঁ, তোমালোকে দুষ্কৰ্ম নকৰিবা! সেই পুৰুষ মোৰ ঘৰত অতিথিহৈ আহিছে, এই হেতুকে তেওঁলৈ এনে মুৰ্খতাৰ কৰ্ম নকৰিবা।
Ọkùnrin, baálé ilé náà sì jáde tọ̀ wọ́n lọ, ó sì wí fún un pé, “Bẹ́ẹ̀ kọ́ ẹ̀yin arákùnrin mi, èmi bẹ̀ yín, ẹ má ṣe hùwà búburú; nítorí tí ọkùnrin yìí ti wọ ilé mi, ẹ má ṣe hùwà òmùgọ̀ yìí.
24 ২৪ চোৱা, ইয়াত মোৰ এজনী কুমাৰী জী আৰু তেওঁৰ উপপত্নী আছে; মই সিহঁতক বাহিৰ কৰি আনো, তোমালোকে সিহঁতৰে মন ভ্ৰষ্ট কৰা; সিহঁতলৈ তোমালোকৰ যি ইচ্ছা তাকে কৰা; কিন্তু সেই পুৰুষলৈ তোমালোকে মুৰ্খতাৰ কৰ্ম নকৰিবা।”
Kíyèsi i, ọmọbìnrin mi ni èyí, wúńdíá, àti àlè rẹ̀; àwọn ni èmi ó mú jáde wá nísinsin yìí, kí ẹ̀yin tẹ̀ wọ́n lógo, kí ẹ̀yin ṣe sí wọn bí ó ti tọ́ lójú yín: ṣùgbọ́n ọkùnrin yìí ni kí ẹ̀yin má ṣe hùwà òmùgọ̀ yìí sí.”
25 ২৫ তথাপি সিহঁতে প্ৰাপ্ত বয়স্ক জনৰ কথা শুনিবলৈ অসন্মত হ’ল; তেতিয়া সেই পুৰুষে তাৰ উপপত্নীক ধৰি সিহঁতৰ আগলৈ উলিয়াই দিলে; তাতে সিহঁতে তাইৰ পৰিচয় ল’লে আৰু গোটেই ৰাতি তাইক ধর্ষণ কৰিলে; পাছত ৰাতিপুৱা সিহঁতে তাইক এৰি গুচি গ’ল।
Ṣùgbọ́n àwọn ọkùnrin náà kò fetí sí tirẹ̀. Nítorí náà ọkùnrin náà mú àlè rẹ̀ ó sì tari rẹ̀ jáde sí wọn, wọ́n sì bá a fi ipá lòpọ̀, wọ́n sì fi gbogbo òru náà bá a lòpọ̀, nígbà tí ó di àfẹ̀mọ́júmọ́ wọ́n jọ̀wọ́ rẹ̀ lọ́.
26 ২৬ পাছত তিৰোতাজনীয়ে নিজৰ গিৰীয়েকে আলহী হৈ থকা প্ৰাপ্ত বয়স্ক লোকজনৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ আহি পোহৰ নোহোৱালৈকে দুৱাৰমুখত পৰি থাকিল।
Nígbà tí ojúmọ́ bẹ̀rẹ̀ sí là obìnrin náà padà lọ sí ilé tí ọ̀gá rẹ̀ wà, ó ṣubú lulẹ̀ lọ́nà, ó sì wà níbẹ̀ títí ó fi di òwúrọ̀.
27 ২৭ পাছত ৰাতিপুৱা সেই তিৰোতাৰ গৰাকীয়ে যেতিয়া নিজ পথত যাবৰ বাবে ঘৰৰ দুৱাৰ-ডলি বাহিৰ হৈ আহিল, তেতিয়া তেওঁ দেখিলে যে, তেওঁৰ উপপত্নী হাত পেলাই পৰি আছে।
Nígbà tí ọ̀gá rẹ̀ jí tí ó sì dìde ní òwúrọ̀ tí ó sì ṣí ìlẹ̀kùn ilé náà, tí ó sì bọ́ sí òde láti tẹ̀síwájú nínú ìrìnàjò rẹ̀, kíyèsi i àlè rẹ̀ wà ní ṣíṣubú ní iwájú ilé, tí ọwọ́ rẹ̀ sì di òpó ẹnu-ọ̀nà ibẹ̀ mú,
28 ২৮ তেওঁ তাইক ক’লে, “উঠি, আমি যাওঁ;” কিন্তু তাই একো উত্তৰ নিদিলে; পাছত সেই পুৰুষে গাধৰ ওপৰত তাইক তুলি লৈ যাত্ৰা কৰি নিজ ঠাইলৈ গ’ল।
òun sì wí fún obìnrin náà pé, “Dìde jẹ́ kí a máa bá ọ̀nà wa lọ.” Ṣùgbọ́n òun kò dá a lóhùn. Nígbà náà ni ọkùnrin náà gbé e lé orí kẹ́tẹ́kẹ́tẹ́ rẹ̀, ó sì kọjá lọ sí ilé e rẹ̀.
29 ২৯ যেতিয়া তেওঁ নিজৰ ঘৰ পালে, তেওঁ এখন কটাৰী লৈ সেই উপপত্নীক ধৰি হাড়েৰে সৈতে বাৰডোখৰ কৰি কাটি, ইস্ৰায়েলৰ আটাই অঞ্চললৈ পঠিয়াই দিলে।
Nígbà tí ó dé ilé, ó mú ọ̀bẹ ó sì gé àlè rẹ̀ ní oríkeríke sí ọ̀nà méjìlá, ó sì fi wọ́n ránṣẹ́ sí gbogbo agbègbè Israẹli.
30 ৩০ যি কোনোৱে ইয়াক দেখিলে, সেই লোকসকলে নিজৰ মাজতে ক’লে, “ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে এনেকুৱা কেতিয়াও হোৱা নাই, আৰু দেখা নাই; এই বিষয়ে ভালকৈ বিবেচনা কৰি, কি কৰা উচিত তাকে কোৱা!”
Gbogbo ẹni tí ó rí i sì wí pé, “A kò ti rí i, bẹ́ẹ̀ a kò tí ì ṣe irú nǹkan yìí rí, kì í ṣe láti ọjọ́ tí Israẹli ti jáde tí Ejibiti wá títí di òní olónìí. Ẹ rò ó wò, ẹ gbìmọ̀ràn, kí ẹ sọ fún wa ohun tí a yóò ṣe!”