< বিচারকচরিত 18 >
1 ১ সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল আৰু দান ফৈদে নিজে বাস কৰিবৰ অৰ্থে কোনো স্হায়ী ঠাই পোৱা নাছিল; কিয়নো তেওঁলোকৰ নিজৰ মাটি-বাৰী নাছিল। ইস্ৰায়েলৰ পৰিয়ালৰ আন লোকসকলে ইতিমধ্যে মাটি-বাৰী পাইছিল। কিন্তু দানৰ গোষ্ঠীৰ লোকসকলে মাটি-বাৰী পোৱা নাছিল।
in diebus illis non erat rex in Israhel et tribus Dan quaerebat possessionem sibi ut habitaret in ea usque ad illum enim diem inter ceteras tribus sortem non acceperat
2 ২ তেতিয়া দানৰ সন্তান সকলে নিজৰ বংশৰ মাজৰ পৰা পাঁচজন বীৰক দেশ চাই বুজ-বিচাৰ লবলৈ, চৰা আৰু ইষ্টায়োলৰ পৰা পঠিয়াই দিলে; আৰু তেওঁলোকক ক’লে, “তোমালোকে গৈ দেশৰ বুজ-বিচাৰ লোৱা।” তাতে তেওঁলোকে গৈ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ সেই মীখাৰ ঘৰৰ ওচৰ পাই তাতে ৰাতি থাকিল।
miserunt igitur filii Dan stirpis et familiae suae quinque viros fortissimos de Saraa et Esthaol ut explorarent terram et diligenter inspicerent dixeruntque eis ite et considerate terram qui cum pergentes venissent in montem Ephraim et intrassent domum Micha requieverunt ibi
3 ৩ তেওঁলোকে মীখাৰ ঘৰৰ ওচৰত থাকোঁতে, সেই লেবীয়া ডেকাৰ উচ্ছাৰণত তেওঁক চিনি পালে আৰু তেওঁৰ ওচৰলৈ গৈ সুধিলে, “এই ঠাইলৈ তোমাক কোনে আনিলে? আৰু ইয়াত তোমাৰ কি কাম?”
et agnoscentes vocem adulescentis Levitae utentesque illius diversorio dixerunt ad eum quis te huc adduxit quid hic agis quam ob causam huc venire voluisti
4 ৪ তাতে তেওঁ তেওঁলোকক ক’লে, “মীখাই মোলৈ এই দৰে ব্যৱহাৰ কৰিলে; তেওঁ মোক বেতন দিবলৈ স্বীকাৰ কৰাত মই তেওঁৰ পুৰোহিত হ’লো।”
qui respondit eis haec et haec praestitit mihi Michas et me mercede conduxit ut sim ei sacerdos
5 ৫ তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আমি তোমাক অনুৰোধ কৰোঁ, যাবলগীয়া পথত আমাৰ মঙ্গল হ’ব নে নহ’ব, সেই বিষয়ে আমি জানিবৰ কাৰণে, তুমি ঈশ্বৰক সোধা।”
rogaveruntque eum ut consuleret Dominum et scire possent an prospero itinere pergerent et res haberet effectum
6 ৬ তাতে সেই পুৰোহিতে তেওঁলোকক ক’লে, “কুশলে যোৱা, তোমালোকে যাবলগীয়া পথ যিহোৱাৰ সাক্ষাতত আছে।”
qui respondit eis ite cum pace Dominus respicit viam vestram et iter quo pergitis
7 ৭ তাৰ পাছত সেই পাঁচজন লোকে প্রস্থান কৰি লয়িচ পাই দেখিলে যে, তাত থকা লোকসকল চীজোনীয়া লোকসকলৰ নিচিনাকৈ শান্তভাৱে আৰু নিশ্চিন্ত হৈ নিৰ্ভয়ে বাস কৰি আছে; কিয়নো সেই দেশত তেওঁলোকক কোনো কথাত হানি কৰিব পৰা ক্ষমতা থকা কোনো মানুহ নাছিল আৰু চীদোনীয়াহঁতৰ পৰা সিহঁত দূৰত আছিল আৰু আন কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল।
euntes itaque quinque viri venerunt Lais videruntque populum habitantem in ea absque ullo timore iuxta Sidoniorum consuetudinem securum et quietum nullo eis penitus resistente magnarumque opum et procul a Sidone atque a cunctis hominibus separatum
8 ৮ পাছত তেওঁলোকে চৰা আৰু ইষ্টায়োললৈ নিজ ভাইসকলৰ গুৰিলৈ উলটি গ’ল, তাতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে তেওঁলোকক সুধিলে “তোমালোকে কি সম্বাদ আনিছা?”
reversique ad fratres suos in Saraa et Esthaol et quid egissent sciscitantibus responderunt
9 ৯ তেতিয়া তেওঁলোকে ক’লে, “ব’লা, আমি সেই লোকসকলৰ বিৰুদ্ধে যুদ্ধ কৰোঁ! আমি সেই দেশ দেখিলোঁ; অতি উত্তম দেশ, তোমালোকে কেলেই একো নকৰাকৈ আছা? সেই দেশলৈ যাবৰ বাবে আৰু সেই দেশ অধিকাৰ কৰিবলৈ পলম নকৰিবা।
surgite et ascendamus ad eos vidimus enim terram valde opulentam et uberem nolite neglegere nolite cessare eamus et possideamus eam nullus erit labor
10 ১০ যেতিয়া তোমালোকে সেই দেশলৈ যাবা, তেতিয়া তাৰ লোকসকলক নিশ্চিন্তে থকা দেখা পাবা; আৰু সেই দেশ বহল; কিয়নো ঈশ্বৰে তোমালোকৰ হাতত সেই দেশ সমৰ্পণ কৰিলে আৰু সেই ঠাইত পৃথিৱীত থকা কোনো বস্তুৰ অভাৱ নাই।”
intrabimus ad securos in regionem latissimam tradetque nobis Dominus locum in quo nullius rei est penuria eorum quae gignuntur in terra
11 ১১ তেতিয়া চৰা আৰু ইষ্টায়োল চহৰৰ পৰা দান বংশৰ ছশলোকে যুদ্ধৰ অস্ত্ৰেৰে ভালকৈ সাজু হৈ যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে।
profecti igitur sunt de cognatione Dan id est de Saraa et Esthaol sescenti viri accincti armis bellicis
12 ১২ তেওঁলোকে উঠি গৈ যিহূদাৰ কিৰিয়ৎ-যিয়াৰীমত ছাউনি পাতিলে; এই কাৰণে আজিলৈকে সেই ঠাইক মহনে-দান বোলে। সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পাছত আছে।
ascendentesque manserunt in Cariathiarim Iudae qui locus ex eo tempore castrorum Dan nomen accepit et est post tergum Cariathiarim
13 ১৩ পাছত তেওঁলোকে তাৰ পৰা ইফ্ৰয়িম পাহাৰীয়া অঞ্চললৈ যাত্রা কৰি গৈ মীখাৰ ঘৰ পালেগৈ।
inde transierunt in montem Ephraim cumque venissent ad domum Micha
14 ১৪ তেতিয়া লয়িচ দেশৰ বুজ-বিচাৰ ল’বলৈ যোৱা সেই পাঁচ জনে লোকে ভাইসকলক ক’লে, “তোমালোকে জানানে, এই ঘৰবোৰত এখন এফোদ, কেইটামান গৃহ-দেৱতা, এটা কটা মুৰ্ত্তি আৰু সাঁচত ঢলা এটা প্ৰতিমা আছে। এই হেতুকে এতিয়া তোমালোকে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা।”
dixerunt quinque viri qui prius missi fuerant ad considerandam terram Lais ceteris fratribus suis nostis quod in domibus istis sit ephod et therafin et sculptile atque conflatile videte quid vobis placeat
15 ১৫ তাৰ পাছত তেওঁলোকে বাট এৰি গৈ মীখাৰ সেই লেবী বংশৰ ডেকাজনক ঘৰত পাই তেওঁক মঙ্গলবাদ জনালে।
et cum paululum declinassent ingressi sunt domum adulescentis Levitae qui erat in domo Micha salutaveruntque eum verbis pacificis
16 ১৬ আৰু দানৰ সন্তানবোৰৰ মাজৰ যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষ জপনা-মুখত থিয় হৈ ৰ’ল।
sescenti autem viri ita ut erant armati stabant ante ostium
17 ১৭ তেতিয়া দেশৰ বুজ-বিচাৰ ল’বলৈ আগেয়ে যোৱা সেই পাঁচজনে গৈ তাত সোমাই কটা-মুৰ্ত্তিটো, এফোদ খন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে; সেই সময়ত যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষৰ লগত সেই পুৰোহিতজনো পধূলি মুখত থিয় হৈ আছিল।
at illi qui ingressi fuerant domum iuvenis sculptile et ephod et therafin atque conflatile tollere nitebantur et sacerdos stabat ante ostium sescentis viris fortissimis haut procul expectantibus
18 ১৮ যেতিয়া তেওঁলোকে মীখাৰ ঘৰত সোমাই কটা মুৰ্ত্তিটো, এফোদখন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে, তেতিয়া সেই পুৰোহিতে তেওঁলোকক ক’লে, “তোমালোকে কি কৰিছা?”
tulerunt igitur qui intraverant sculptile ephod et idola atque conflatile quibus dixit sacerdos quid facitis
19 ১৯ তেতিয়া তেওঁলোকে তেওঁক ক’লে, “মনে মনে থাকা! মুখত হাত দি আমাৰ লগত ব’লা, আমাৰ পিতৃ আৰু পুৰোহিত হোৱা। এজন মানুহৰ এটা পৰিয়ালৰ পুৰোহিত হোৱা তোমাৰ ভাল নে, নাইবা ইস্ৰায়েলৰ এক ফৈদ আৰু এক ফৈদৰ পুৰোহিত হোৱা ভাল?”
cui responderunt tace et pone digitum super os tuum venique nobiscum ut habeamus te patrem et sacerdotem quid tibi melius est ut sis sacerdos in domo unius viri an in una tribu et familia in Israhel
20 ২০ তেতিয়া পুৰোহিতৰ মন আনন্দত পৰিপূর্ণ হৈ উঠিল আৰু তেওঁ এফোদ এখন, গৃহ-দেৱতাকেইটা আৰু কটা মুৰ্ত্তিটো লৈ সেই লোকসকলৰ মাজলৈ গ’ল।
quod cum audisset adquievit sermonibus eorum et tulit ephod et idola ac sculptile et cum eis profectus est
21 ২১ তাৰ পাছত তেওঁলোকে মুখ ঘূৰাই তাৰ পৰা প্ৰস্থান কৰিলে আৰু ল’ৰা-ছোৱালী, পশু আৰু বহুমূল্য বস্তুবোৰ নিজৰ লগত ল’লে।
qui cum pergerent et ante se ire fecissent parvulos et iumenta et omne quod erat pretiosum
22 ২২ যেতিয়া তেওঁলোকে মীখাৰ ঘৰৰ পৰা কিছু আঁতৰ হৈ গ’ল, মীখাৰ ঘৰৰ ওচৰত থকা লোকসকলে গোট খাই দানৰ সন্তান সকলৰ পাছে পাছে গৈ ওচৰ চাপি একলগ হ’ল আৰু দানৰ সন্তান সকলক মাতিবলৈ ধৰিলে।
iamque a domo Michae essent procul viri qui habitabant in aedibus Michae conclamantes secuti sunt
23 ২৩ তাতে তেওঁলোকে মুখ ঘূৰাই মীখাক ক’লে, “তোৰ কি হ’ল? তই কিয় অনেক লোকক লগত লৈ আহিছ?
et post tergum clamare coeperunt qui cum respexissent dixerunt ad Micham quid tibi vis cur clamas
24 ২৪ তেওঁ উত্তৰ দিলে, “মই সজা মুৰ্ত্তিবোৰ আৰু পুৰোহিতকো তোমালোকে লৈ গৈছা; এতিয়া মোৰ লগত কি আছে? এনে স্থলত মোৰ ‘কি হ’ল বুলি মোক কিয় সুধিছা’?”
qui respondit deos meos quos mihi feci tulistis et sacerdotem et omnia quae habeo et dicitis quid tibi est
25 ২৫ তেতিয়া দানৰ সন্তান সকলে তাক ক’লে, “আমাৰ মাজত তোৰ মাত শুনা নাযাওক; নহ’লে খঙাল মানুহবোৰে তহঁতক আক্ৰমণ কৰিলে পৰিয়াল সহ তোৰ প্ৰাণ নষ্ট হ’ব।”
dixeruntque ei filii Dan cave ne ultra loquaris ad nos et veniant ad te viri animo concitati et ipse cum omni domo tua pereas
26 ২৬ পাছত দানৰ পৰিয়ালৰ সন্তান সকলে নিজৰ বাটেদি গুচি গ’ল আৰু মীখায়ো তেওঁলোকক নিজতকৈ অধিক বলৱান দেখি মুখ ঘূৰাই নিজৰ ঘৰলৈ উভতি আহিল।
et sic coepto itinere perrexerunt videns autem Micha quod fortiores se essent reversus est in domum suam
27 ২৭ এইদৰে তেওঁলোকে মীখাই সজা বস্তুবোৰ, আৰু তাৰ নিজৰ পুৰোহিতকো লগত লৈ লয়িচলৈ আহিল; তাতে শান্তভাৱে আৰু নিশ্চিন্তে থকা সেই লোকসকলৰ ওচৰলৈ গৈ সিহঁতক তৰোৱালৰ ধাৰেৰে প্ৰহাৰ কৰিলে আৰু নগৰখন জুই দি পুৰিলে।
sescenti autem viri tulerunt sacerdotem et quae supra diximus veneruntque in Lais ad populum quiescentem atque securum et percusserunt eos in ore gladii urbemque incendio tradiderunt
28 ২৮ সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল; কিয়নো সেই নগৰ চীদোনৰ পৰা দূৰত আছিল, আৰু কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল আৰু সেই নগৰ বৈৎ-ৰহোবলৈকে বিস্তৃত হোৱা সমথলত আছিল। পাছত তেওঁলোকে সেই নগৰ আকৌ সাজি তাৰ মাজত বাস কৰিলে।
nullo penitus ferente praesidium eo quod procul habitarent a Sidone et cum nullo hominum haberent quicquam societatis ac negotii erat autem civitas sita in regione Roob quam rursum extruentes habitaverunt in ea
29 ২৯ আৰু তেওঁলোকৰ পূৰ্বপুৰুষ ইস্ৰায়েলৰ পুত্ৰ যি দান, তেওঁৰ নামেৰে সেই নগৰৰ নাম লয়িচ আছিল।
vocato nomine civitatis Dan iuxta vocabulum patris sui quem genuerat Israhel quae prius Lais dicebatur
30 ৩০ পাছত দানৰ সন্তান সকলে নিজৰ বাবে সেই কটা মুৰ্ত্তি স্থাপন কৰিলে; তাতে দেশৰ লোকসকলক দেশান্তৰলৈ নিয়ালৈকে মোচিৰ নাতিয়েক গেৰ্চোমৰ পুত্ৰ যোনাথন আৰু তাৰ সন্তান সকল দান ফৈদৰ পুৰোহিত হ’ল।
posueruntque sibi sculptile et Ionathan filium Gersan filii Mosi ac filios eius sacerdotes in tribu Dan usque ad diem captivitatis suae
31 ৩১ যেতিয়ালৈকে চীলোত ঈশ্বৰৰ গৃহ আছিল, তেতিয়ালৈকে তেওঁলোকে আপোনালোকৰ কাৰণে, মীখাই নিৰ্ম্মাণ কৰা সেই কটা-মুৰ্ত্তি স্থাপন কৰি ৰাখিলে।
mansitque apud eos idolum Michae omni tempore quo fuit domus Dei in Silo in diebus illis non erat rex in Israhel