< বিচারকচরিত 17 >
1 ১ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত মীখা নামেৰে এজন মানুহ আছিল।
에브라임 산지에 미가라 이름하는 사람이 있더니
2 ২ তেওঁ নিজৰ মাকক ক’লে, “তোমাৰ পৰা নিয়া যি এঘাৰ শ চেকল ৰূপৰ বাবে তুমি শাও দিছিলা আৰু তাক মই শুনাকৈ কৈছিলা চোৱা, সেই ৰূপ মোৰ হাতত আছে; ময়েই তাক নিছিলোঁ।” তেতিয়া তেওঁৰ মাকে ক’লে, “যিহোৱাৰ পৰা মোৰ পুত্ৰ আশীৰ্ব্বাদ-প্ৰাপ্ত হোৱা।”
그 어미에게 이르되 `어머니께서 은 일천 일백을 잃어버리셨으므로 저주하시고 내 귀에도 말씀하셨더니 보소서 그 은이 내게 있나이다 내가 그것을 취하였나이다' 어미가 가로되 `내 아들이 여호와께 복 받기를 원하노라' 하니라
3 ৩ পাছত সেই এঘাৰ শ চেকল ৰূপ নিজ মাকক ওলোটাই দিয়াত, মাকে ক’লে, “এই ৰূপ মই যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিছোঁ; এটা কটা প্ৰতিমা আৰু এটা সাঁচত ঢলা প্ৰতিমা সাজিবৰ অৰ্থে তাক মোৰ হাতৰ পৰা মোৰ পুত্ৰই পাওক; এতেকে এতিয়া তাক তোমাক ওভোটাই দিছোঁ।”
미가가 은 일천 일백을 그 어미에게 도로 주매 어미가 가로되 `내가 내 아들을 위하여 한 신상을 새기며 한 신상을 부어만들 차로 내 손에서 이 은을 여호와께 거룩히 드리노라 그러므로 내가 이제 이 은을 네게 도로 돌리리라'
4 ৪ কিন্তু মীখাই মাকক সেই ৰূপ ওলোটাই দিলে, তাৰ মাকে তাৰে দুশ চেকল ৰূপ লৈ সোণাৰীক দিলে; তেতিয়া সোণাৰীয়ে এটা কটা মুৰ্ত্তি আৰু এটা সাঁচত ঢলা প্ৰতিমা সাজিলে, সেই মুৰ্ত্তি মীখাৰ ঘৰত ৰাখিলে।
미가가 그 은을 어미에게 도로 주었으므로 어미가 그 은 이백을 취하여 은장색에게 주어 한 신상을 새기며 한 신상을 부어 만들었더니 그 신상이 미가의 집에 있더라
5 ৫ মীখা বুলি কোৱা সেই মানুহজনৰ এটা দেৱালয় আছিল; সি এখন এফোদ আৰু কেইবাটাও গৃহ-দেৱতা সাজিলে আৰু নিজ পুতেকহঁতৰ এজনক নিযুক্ত কৰাৰ পাছত, তেওঁ তাৰ পুৰোহিত হ’ল।
이 사람 미가에게 신당이 있으므로 또 에봇과 드라빔을 만들고 한 아들을 세워 제사장을 삼았더라
6 ৬ সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল; সেয়ে যেয়ে যিহকে উচিত দেখিছিল, তেওঁ তাকেই কৰিছিল।
그 때에는 이스라엘에 왕이 없으므로 사람마다 자기 소견에 옳은 대로 행하였더라
7 ৭ সেই সময়ত যিহূদাৰ বৈৎলেহেমৰ যিহূদা ফৈদৰ এজন লেবীয়া ডেকা মানুহ গৈ সেই ঠাইত প্ৰবাস কৰিছিল।
유다 가족에 속한 유다 베들레헴에 한 소년이 있으니 그는 레위인으로서 거기 우거하였더라
8 ৮ সেই মানুহে য’তে পাই ত’তে থাকিবৰ বাবে যিহূদাৰ বৈৎলেহেম নগৰৰ পৰা ওলাই গৈ গৈ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা সেই মীখাৰ ঘৰ পালেগৈ।
이 사람이 거할 곳을 찾고자 하여 그 성읍 유다 베들레헴을 떠나서 행하다가 에브라임 산지로 가서 미가의 집에 이르매
9 ৯ তেতিয়া মীখাই তাক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেতিয়া তেওঁ ক’লে, “মই যিহূদাৰ বৈৎলেহেমৰ এজন লেবীয়া মানুহ; য’তে সুবিধা পাও, তাতে থাকিবৰ বাবে ওলাই আহিছোঁ।”
미가가 그에게 묻되 `너는 어디서부터 오느뇨' 그가 이르되 `나는 유다 베들레헴의 레위인으로서 거할 곳을 찾으러 가노라'
10 ১০ তেতিয়া মীখাই তেওঁক ক’লে, “তুমি মোৰ লগত থাকি মোৰ পিতৃ আৰু পুৰোহিত হোৱা; মই বছেৰেকত তোমাক দহ চেকল ৰূপ, এযোৰ কাপোৰ আৰু তোমাৰ খোৱা বস্তু দিম।” তেতিয়া সেই লেবীয়া মানুহজন তেওঁৰ ঘৰলৈ গ’ল আৰু তেওঁৰ লগত থাকিবলৈ সন্মত হ’ল;
미가가 그에게 이르되 `네가 나와 함께 거하여 나를 위하여 아비와 제사장이 되라 내가 해마다 은 열과 의복 한 벌과 식물을 주리라' 하므로 레위인이 들어갔더니
11 ১১ তেতিয়াৰে পৰা সেই ডেকাজন তেওঁৰ পুতেকৰ দৰে হ’ল।
레위인이 그 사람과 함께 거하기를 만족히 여겼으니 이는 그 소년이 미가의 아들 중 하나같이 됨이라
12 ১২ পাছত মীখাই সেই লেবীয়াক নিযুক্ত কৰিলে আৰু সেই ডেকা মীখাৰ পুৰোহিত হৈ তেওঁৰ ঘৰতে থাকিল।
미가가 레위인을 거룩히 구별하매 소년이 미가의 제사장이 되어 그 집에 거한지라
13 ১৩ তাতে মীখাই ক’লে, “যিহোৱাই মোৰ মঙ্গল কৰিব, ইয়াক মই এতিয়া জানিলোঁ; কিয়নো সেই লেবীয়া মোৰ পুৰোহিত হ’ল।”
이에 미가가 가로되 `레위인이 내 제사장이 되었으니 이제 여호와께서 내게 복 주실 줄을 아노라' 하니라