< বিচারকচরিত 16 >
1 ১ এদিন চিমচোন গাজালৈ গৈছিল আৰু তাত এজনী বেশ্যা তিৰোতা দেখি তাইৰ ওচৰলৈ গ’ল।
Potem szedł Samson do Gazy, a ujrzawszy tam niewiastę nierządną, wszedł do niej.
2 ২ তাতে “চিমচোন এই ঠাইলৈ আহিছে” বুলি ঘচাতীয়াহঁতে যেতিয়া জানিব পাৰিলে, তেতিয়া তেওঁলোকে সেই ঠাইখন বেৰি ধৰি নগৰৰ দুৱাৰত ওৰে ৰাতি তেওঁলৈ খাপ দি লুকাই থাকিল। “আহাঁ আমি ৰাতিপুৱালৈকে থাকো আৰু দিন হ’লে আমি তাক বধ কৰিম এইবুলি কৈ ওৰে ৰাতি মনে মনে থাকিল।”
I powiedziano mieszczanom w Gazie: Przyszedł tu Samson; którzy obstąpiwszy go, strzegli nań całą noc w bramie miejskiej, a sprawując się cicho przez onę całą noc, mówili: Gdy się pocznie rozedniwać, zabijemy go.
3 ৩ কিন্তু চিমচোন মাজ নিশালৈকে তাতে থাকি, মাজনিশা উঠি নগৰৰ দুৱাৰৰ দুখলপা আৰু খুঁটা দুটা হাতেৰে ধৰি উঘালি ডাঙেৰে সৈতে কান্ধত তুলি হিব্ৰোণৰ আগত থকা পৰ্ব্বতৰ টিঙলৈ লৈ গ’ল।
Ale Samson spał aż do północy, a wstawszy o północy, ujął wrota bramy miejskiej ze dwiema podwojami, i wyrwał je z zaworą, i włożył na ramiona swoje, a zaniósł je na wierzch góry, która była przeciw Hebronowi.
4 ৪ তাৰ পাছত চোৰেক উপত্যকাত থকা দলীলা নামেৰে এজনী তিৰোতাৰ প্ৰেমত মোহ গ’ল।
I stało się potem, że się rozmiłował niewiasty w dolinie Sorek, której imię Dalila.
5 ৫ তাতে পলেষ্টীয়াসকলৰ অধিপতিসকল তাইৰ ওচৰলৈ আহিল আৰু তাইক ক’লে, “তই তাক ফুচুলাই তাৰ এই গোপণ ৰহস্য জানিবলৈ চেষ্টা কৰ। তেতিয়া তাক কি দৰে ধৰি বান্ধিব পাৰিম, সেই বিষয়ে জানিব পাৰিম আৰু আমি তাক ইচ্ছামতে চলাব পাৰিম। যদি তই এইটো কাম কৰি দিয়, আমি প্রত্যেকে তোক এঘাৰ শ চেকল ৰূপৰ মুদ্ৰা দিম।”
I przyszli do niej książęta Filistyńskie, i mówili jej: Oszukaj go, a wywiedz się, w czem jest moc jego wielka, a jako byśmy go przemóc i związawszy utrapić mogli? a dać każdy z nas tysiąc i sto srebrników.
6 ৬ পাছত দলীলাই চিমচোনক ক’লে, “বিনয় কৰোঁ তোমাৰ এনে মহাবল কিহত আছে আৰু দুৰ্গতি কৰিবলৈ তোমাক কিহেৰে বান্ধিব লাগে সেই বিষয়ে মোক কোৱা।”
Tedy rzekła Dalila do Samsona: Powiedz mi proszę, w czem jest moc twoja wielka, a czem byś związany i utrapiony być mógł?
7 ৭ তেতিয়া চিমচোনে তাইক ক’লে “নতুন সাত খন ধনুৰ নুশুকুৱা গুণেৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
I odpowiedział jej Samson: Jeźliby mię związano siedmią wici surowych, które jeszcze nie uschły, tedy osłabieję, i będę jako inny człowiek.
8 ৮ পাছত পলেষ্টীয়াসকলৰ অধিপতিসকলে সাতডাল নুশুকুৱা ধনুৰগুণ আনি সেই মহিলাক দিলে; তেতিয়া তাই তাৰে চিমচোনক বান্ধিলে।
I przyniosły jej książęta Filistyńskie siedem wici surowych, które jeszcze nie były uschły, i związała go niemi.
9 ৯ সেই সময়ত তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই চিমচোনক ক’লে, “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া।” তাতে জুইৰ তাপত শণ সূতা যেনেকৈ ছিগে, তেনেকৈ তেওঁ সেই ধনুৰ গুণবোৰ বোৰ ছিঙি পেলালে; এইদৰে তেওঁৰ শক্তিৰ বিষয়ে একো বুজি পোৱা নগ’ল।
A oni się byli nań zasadzili w komorze, i rzekła mu: Filistynowie nad tobą, Samsonie; ale on zerwał wici, jakoby kto zerwał nić zgrzebną, ogniem napaloną; i nie poznano, w czem była moc jego.
10 ১০ পাছত দলীলাই চিমচোনক ক’লে “চোৱা, তুমি মোক ঠগিলা আৰু মিছা কথা ক’লা; এতিয়া বিনয় কৰোঁ, তুমি কোৱাচোন তোমাৰ এই মহাশক্তি কৰ পৰা হয়।”
Rzekła potem Dalila do Samsona: Otoś mię oszukał, i skłamałeś przede mną; teraz powiedz mi proszę, czem by cię związać?
11 ১১ তেতিয়া তেওঁ তাইক ক’লে, “যি ৰছীৰে কোনো লোকে কোনো কাম কৰা নাই, এনে কেইবাডালো নতুন ৰছীৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
A on jej odpowiedział: Jeźliby mię związano powrozami nowemi, których jeszcze nie używano, tedy osłabieję, i będę jako inny człowiek.
12 ১২ তাতে দলীলাই নতুন ৰছী কেইডালমান লৈ তাৰে তেওঁক বান্ধিলে; তেতিয়া তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই তেওঁক ক’লে “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া;” তেতিয়া তেওঁ নিজৰ হাতেৰে সেইবোৰক সূতাৰ নিচিনাকৈ ছিঙি পেলালে।
A tak wzięła Dalila powrozy nowe, i związała go niemi, i rzekła do niego: Filistynowie nad tobą, Samsonie; (a oni się byli nań zasadzili w komorze, ) ale porwał je na ramionach swych jako nici.
13 ১৩ পাছত দলীলাই চিমচোনক ক’লে, “তুমি এতিয়াও মোক ঠগিলা আৰু মিছা কথা কৈছা; কিহেৰে তোমাক বান্ধিব পৰা যায় সেই বিষয়ে মোক কোৱা।” চিমচোনে তাইক ক’লে, “তই যদি মোৰ চুলি সাতকোঁচা তাঁতৰ লগত বৱ, তেতিয়া হ’লে মই আন মানুহৰ দৰে হৈ পৰিম।”
Rzekła zatem Dalila do Samsona: Pókiż ze mnie szydzić będziesz, i kłamać przede mną? powiedzże mi, czem byś mógł być związany? I powiedział jej? Gdybyś przywiła siedem kędzierzy głowy mojej do wału tkackiego.
14 ১৪ তেতিয়া তাই তাঁতৰ খুটিৰ লগত তাক বান্ধি তেওঁক ক’লে, “হেৰা চিমচোন, পলেষ্টীয়াসকলে তোমাক ধৰেহে এতিয়া;” তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই, তাঁতেৰে সৈতে তাঁতৰ খুটি উঘালি পেলালে।
Ona tedy przybiwszy gwoździem do wału tkackiego rzekła do niego: Filistynowie nad tobą, Samsonie; ale on ocuciwszy się ze snu swego, wyrwał gwóźdź z osnową i z wałem.
15 ১৫ পাছত দলীলাই তেওঁক ক’লে, “তুমি মোক বিশ্বাস কৰা নাই; অথচ তুমি মোক ভাল পাওঁ বুলি কোৱা। তোমাৰ মহাশক্তিৰ গোপন ৰহস্যৰ কথা তুমি মোক নক’লা; কিন্তু এই বিষয়লৈ তুমি মোক তিনিবাৰকৈ ঠগিলা।”
Znowu rzekła do niego: Jakoż mówisz, miłuję cię? a serce twoje nie jest ze mną. Jużeś mię po trzy kroć oszukał, i nie powiedziałeś mi, w czem jest twoja moc wielka.
16 ১৬ এইদৰে তাই প্রতিদিনে তেওঁক ইমানকৈ ধৰিলে যে, তেওঁৰ নিজ প্ৰাণত বেজাৰ লাগিল আৰু মৰিবলৈ ইচ্ছা কৰিলে।
A gdy mu się uprzykrzała słowy swemi na każdy dzień, i trapiła go, aż zemdlała dusza jego na śmierć,
17 ১৭ তেতিয়া তেওঁ নিজৰ মনৰ সকলো কথা ভাঙি-পাতি এইদৰে ক’লে যে, “মোৰ মূৰত কেতিয়াও খুৰ লগোৱা হোৱা নাই, কিয়নো মাৰ গৰ্ভৰে পৰা মই ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় মানুহ; মুৰ খুৰালেই মোৰ শক্তিয়ে মোক এৰি যাব; তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
Tedy jej otworzył cale serce swoje, i powiedział jej: Brzytwa nigdy nie postała na głowie mojej, gdyżem jest Nazarejczykiem Bożym zaraz z żywota matki mojej; gdyby mię ogolono, odejdzie ode mnie moc moja, i osłabieję, i będę jako inny człowiek.
18 ১৮ এইদৰে তেওঁ মনৰ সকলো কথা ভাঙি ক’লে বুলি দলীলাই বুজি পোৱাৰ পাছত, মানুহ পঠিয়াই পলেষ্টীয়াসকলৰ অধিপতি সকলক মাতি আনি ক’লে, “এইবাৰ আহাঁ কিয়নো তেওঁ মোক নিজৰ মনৰ সকলো কথা ভাঙি-পাতি ক’লে।” তেতিয়া ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ধন হাতত লৈ তাইৰ ওচৰলৈ আহিল।
Widząc tedy Dalila, że jej otworzył cale serce swoje, posłała i wezwała książąt Filistyńskich, mówiąc: Pójdźcież jeszcze raz, boć mi otworzył cale serce swoje; i przyszły do niej książęta Filistyńskie, niosąc srebro w rękach swych.
19 ১৯ পাছত তাই নিজৰ কোলাত তেওঁক শুৱাই ল’লে আৰু এটা মানুহ মাতি আনি তেওঁৰ মূৰৰ সাতকোঁচা চুলি খুৰুৱালে; আৰু তেওঁক দুখ দিবলৈ ধৰিলে। তাতে তেওঁৰ শক্তিয়ে তেওঁক এৰি গ’ল।
Tedy go uśpiła na łonie swojem, a przyzwawszy niektórego człowieka, dała ogolić siedem kędzierzy głowy jego; potem go jęła draźnić, gdy odeszła moc jego od niego,
20 ২০ পাছত তাই ক’লে, “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া।” তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই মনতে ভাবিলে আন আন সময়ৰ নিচিনাকৈ বাহিৰলৈ গৈ গা জোকাৰিম; কিন্তু যিহোৱাই যে তেওঁক ত্যাগ কৰিলে সেই বিষয়ে হ’লে তেওঁ নাজানিলে।
I rzekła: Filistynowie nad tobą, Samsonie. A ocuciwszy się ze snu swego, rzekł: Wynijdę jako i pierwej, a wybiję się; a nie wiedział, że Pan odstąpił od niego.
21 ২১ পাছত পলেষ্টীয়াহঁতে তেওঁক বন্দী কৰিলে। তাৰ পাছত তেওঁৰ চকু দুটা কাঢ়িলে; তেওঁক গাজালৈ আনি পিতলৰ দুডাল শিকলিৰে বান্ধিলে আৰু তেওঁ কাৰাগাৰত জাঁত পিহিলে।
Tedy pojmawszy go Filistynowie, wyłupili mu oczy, i wiedli go do Gazy, związawszy go dwoma miedzianymi łańcuchami, i musiał mleć w domu więźniów.
22 ২২ তথাপি খুৰুৱাৰ পাছত তেওঁৰ মুৰৰ চুলি আকৌ বাঢ়িবলৈ ধৰিলে।
Potem poczęły włosy na głowie jego odrastać po onem goleniu.
23 ২৩ পাছত পলেষ্টীয়াসকলৰ অধিপতিসকলে তেওঁলোকৰ দেৱতা দাগোনৰ উদ্দেশ্যে মহা-যজ্ঞ আৰু ৰং ধেমালি কৰিবলৈ গোট খালে; কিয়নো সিহঁতে ক’লে, “আমাৰ দেৱতাই আমাৰ শত্রু চিমচোনক আমাৰ হাতত দিলে।”
A książęta Filistyńskie zebrali się sprawować ofiary wielkie Dagonowi, bogu swemu, weselili się, i mówili: Podał bóg nasz w ręce nasze Samsona, nieprzyjaciela naszego.
24 ২৪ আৰু তেওঁক দেখি লোকসকলে তেওঁলোকৰ দেৱতাৰ প্ৰশংসা কৰিলে; কিয়নো তেওঁলোকে ক’লে “আমাৰ অনেকক বধ কৰি, দেশ বিনষ্ট কৰা শত্রুক আমাৰ দেৱতাই আমাৰ হাতত সমৰ্পণ কৰিলে।”
Którego też ujrzawszy lud chwalili boga swego, bo mówili: Podał bóg nasz w ręce nasze nieprzyjaciela naszego, a tego, który pustoszył ziemię naszę, i który wiele z naszych pozabijał.
25 ২৫ পাছত সিহঁতে আনন্দ উৎসৱ পাতি ক’লে, “চিমচোনক বাহিৰলৈ মাতি আনা, সি আমাৰ আগত ৰং দেখুৱাওঁক।” তেতিয়া লোকসকলে বন্দীশালৰ পৰা চিমচোনক উলিয়াই আনিলে আৰু তেওঁ সিহঁতৰ আগত ৰং দেখুৱালে; পাছত সিহঁতে স্তম্ভ দুটাৰ মাজত তেওঁক থিয় কৰালে।
I stało się, gdy byli dobrej myśli, że rzekli: Zawołajcie Samsona, aby błaznował przed nami. A tak zawołano Samsona z domu więźniów, aby błaznował przed nimi; i postawili go między dwoma słupami.
26 ২৬ তেতিয়া চিমচোনে তেওঁৰ হাতত ধৰি থকা ল’ৰাটোক ক’লে, “মোক এৰি দে, যি দুটা স্তম্ভৰ ওপৰত ঘৰৰ ভৰ আছে, সেই দুটা মোক চুবলৈ দে, মই তাত আঁউজি থিয় হওঁ।”
Zatem rzekł Samson do chłopca, który go trzymał za rękę jego. Przywiedź mię, abym pomacał słupów, na których dom stoi, i podparł się na nich.
27 ২৭ সেই সময়ত পুৰুষ-মহিলাৰে সেই ঘৰ ভৰি আছিল আৰু পলেষ্টীয়াসকলৰ সকলো অধিপতিও তাত আছিল। ঘৰৰ চালৰ ওপৰত প্রায় তিনি হাজাৰ পুৰুষ-মহিলাই চিমচোনে দেখুউৱা ৰং চাই আছিল।
A dom pełen był mężów i niewiast; tamże były wszystkie książęta Filistyńskie, a na dachu około trzech tysięcy mężów i niewiast, którzy się przypatrowali, gdy błaznował Samson.
28 ২৮ তেতিয়া চিমচোনে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে প্ৰভু যিহোৱা মই যেন মোৰ চকু দুটাৰ কাৰণে পলেষ্টীয়াসকলৰ ওপৰত একেবাৰে প্ৰতিকাৰ সাধিব পাৰোঁ, ইয়াৰ বাবে মোক অনুগ্ৰহ কৰি সোঁৱৰণ কৰা: হে ঈশ্বৰ, এইবাৰ মাথোন মোক বলৱান কৰা।”
Wzywał tedy Samson Pana, i rzekł: Panie Boże, wspomnij na mię, proszę, a zmocnij mię proszę tylko ten raz; Boże, abym się raz pomścił obu oczu moich nad Filistynami.
29 ২৯ তাতে মাজত থকা স্তম্ভ দুটাৰ ওপৰত ঘৰৰ ভৰ আছিল, চিমচোনে তাৰ এটাক সোঁহাতেৰে, আনটোক বাওঁ-হাতেৰে ধৰি চাপৰি ক’লে “পলেষ্টীয়াহঁতৰ সৈতে মোৰ প্ৰাণ যাওক।”
A ująwszy Samson oba słupy pośrednie, na których dom stał, wsparł się o nie, o jeden prawą ręką swoją a o drugi lewą ręką swoją.
30 ৩০ এইবুলি কৈ, নিজৰ সকলো বলেৰে তেওঁ ভৰ দিলে; তেতিয়া সেই ঘৰ, তাৰ ভিতৰত থকা অধিপতি আদি সকলো লোকৰ ওপৰত পৰিল; এইদৰে তেওঁ জীৱনৰ কালত বধ কৰা লোকতকৈ মৰণৰ কালত বধ কৰা লোক অধিক হ’ল।
Zatem rzekł Samson: Niech umrze dusza moja z Filistynami; a gdy się o nie mocno oparł, upadł dom na książęta, i na wszystek lud, który w nim był, i było umarłych, które on pobił umierając, więcej niż onych, które pobił za żywota swego.
31 ৩১ পাছত তেওঁ ভাইসকলৰ লগতে আদি কৰি সকলো পিতৃ-বংশই নামি আহি, তেওঁক লৈ গৈ চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত তেওঁৰ পিতৃ মানোহৰ মৈদামত তেওঁকো মৈদাম দিলে। তেওঁ বিশ বছৰ ইস্ৰায়েলৰ বিচাৰ কৰিছিল।
A przyszedłszy bracia jego, i wszystek dom ojca jego, wzięli go, a wróciwszy się pogrzebli go między Saraa, i między Estaol, w grobie Manue, ojca jego. A on sądził Izraela przez dwadzieścia lat.