< বিচারকচরিত 15 >
1 ১ কিছু দিনৰ পাছত ঘেঁহুধান দাবৰ সময়ত চিমচোনে এটা ছাগলী লগত লৈ নিজৰ পত্নীৰে সৈতে সাক্ষাৎ হ’বৰ বাবে গৈ ক’লে, “মই মোৰ পত্নীৰ ওচৰত যাবৰ বাবে ভিতৰ কোঠালিলৈ যাওঁ”; কিন্তু তাইৰ বাপেকে তেওঁক ভিতৰলৈ যাব নিদিলে।
I stało się po kilku dni, pod czas żniwo pszenicznego, że nawiedził Samson żonę swoję, wziąwszy koźlę z stada, i mówił: Wnijdę do żony mojej do komory; ale mu nie dopuścił ojciec jej wnijść.
2 ২ আৰু তাইৰ বাপেকে ক’লে, “সঁচাকৈ তুমি তাইক ঘিণ কৰিলা বুলি ভাবি, মই তাইক তোমাৰ সখীয়েৰাক দিলোঁ; তাইৰ সৰু ভনীয়েক জানো তাইতকৈ সুন্দৰী নহয়? মই নিবেদন কৰোঁ, তাইৰ সলনি তায়ে তোমাৰ পত্নী হওক, তুমি তেওঁকেই লৈ যোৱা।”
Bo rzekł ojciec jej, mówiąc: Mniemałem, żeś ją miał w nienawiści; przetoż dałem ją towarzyszowi twemu; azaż siostra jej młodsza nie jest cudniejsza nad nię? weźmijże ją sobie miasto niej.
3 ৩ তেতিয়া চিমচোনে সিহঁতক ক’লে, “এইবাৰ মই পলেষ্টীয়াসকলক কোনো বিষয়ত আঘাত কৰিলেও তেওঁলোকৰ ওচৰত কোনেও মোক দোষী সাব্যস্ত কৰিব নোৱাৰে।”
I odpowiedział im Samson: Już teraz nie będę winien napotem Filistynom, choć im uczynię co złego.
4 ৪ পাছত চিমচোনে গৈ তিনিশ শিয়াল ধৰি, নেজে নেজে জুঁটি দুডাল দুডাল নেজত এটা এটা আৰিয়া বান্ধিলে।
Odszedłszy tedy Samson ułapał trzy sta liszek, a nabrawszy pochodni, przywiązał ogon do ogona, i uwiązał pochodnią jednę między dwoma ogonami w pośrodku.
5 ৫ পাছত সেই আৰিয়াত জুই লগাই পলেষ্টীয়াসকলৰ থিয় হৈ থকা পকা ধাননিৰ মাজত এৰি দিলে; তাতে বন্ধা মুঠি আৰু নোদোৱা থিয় হৈ থকা ধান আৰু জিত গছৰ বাৰীবোৰ পুৰি পেলালে।
Potem zapaliwszy ogniem pochodnie, rozpuścił je między zboża Filistyńskie, i popalił tak stogi jako zboża stojące, i winnice z oliwnicami.
6 ৬ তেতিয়া পলেষ্টীয়াসকলে সুধিলে, “এই কাম কোনে কৰিলে?” মানুহে ক’লে, তিম্নায়ীয়াৰ জোঁৱায়েক চিমচোনে এই কাম কৰিলে, কিয়নো তেওঁৰ শহুৰেকে তেওঁৰ ঘৈনীয়েকক তেওঁৰ সখীয়েকক দিলে; তাতে ফীলিস্টীয়াসকলে আহি সেই মহিলা আৰু তাইৰ বাপেকক জুই দি পুৰিলে।
Tedy rzekli Filistynowie: Któż to uczynił? I odpowiedziano: Samson, zięć Tamnatczyków, przeto że mu wziął żonę jego, a dał ją towarzyszowi jego. Poszli tedy Filistynowie, i spalili ją i ojca jej ogniem.
7 ৭ পাছত চিমচোনে সিহঁতক ক’লে, “এয়া তোমালোকে যি কৰি মোৰ ক্ষতি কৰিলা, এতিয়া মই তোমালোকৰ ক্ষতি কৰিম। ইয়াৰ পাছতহে তোমালোকৰ ওপৰত প্ৰতিশোধ লোৱা সমাপ্ত হ’ব।”
Którym rzekł Samson: Chociaście to uczynili, przecięć się ja pomszczę nad wami, a potem przestanę.
8 ৮ ইয়াকে কৈ তেওঁ নিৰ্দ্দয়ৰূপে সিহঁতক প্ৰহাৰ কৰি তেওঁলোকৰ অধিক লোকক বধ কৰিলে, পাছত তেওঁ এটম শিলৰ গুহালৈ গ’ল আৰু তাতেই বাস কৰিলে।
A tak potłukł je okrutnie od biódr aż do goleni, a odszedłszy mieszkał na wierzchu opoki Etam.
9 ৯ সেই সময়ত পলেষ্টীয়াসকলে যিহূদালৈ গ’ল। লেহী নামৰ ঠাইত তেওঁলোকে বিশ্রাম ল’লে আৰু তেওঁলোকৰ সৈন্যসকলে সেই ঠাইত তম্বু তৰি যুদ্ধৰ বাবে যুগুত হ’ল।
Przyciągnęli tedy Filistynowie, a położywszy się obozem w Juda, rozciągnęli się aż do Lechy.
10 ১০ তাতে যিহূদাৰ মানুহবোৰে সুধিলে, “তোমালোকে আমাৰ বিৰুদ্ধে কিয় যুদ্ধ কৰিবলৈ উঠি আহিলা?” সিহঁতে ক’লে, “আমি চিমচোনক বান্ধিবলৈ আহিলোঁ, সি আমালৈ যেনে কৰিলে, আমিও তাক তেনে কৰিবলৈ আহিলোঁ।”
Tedy rzekli mężowie Juda: Przeczżeście wyciągnęli przeciwko nam? I odpowiedzieli: Przyszliśmy, abyśmy związali Samsona, i uczynili mu, jako on nam uczynił.
11 ১১ তেতিয়া যিহূদাৰ তিনি হাজাৰ লোকে এটম শিলৰ গুহালৈ নামি গৈ চিমচোনক ক’লে, “পলেষ্টীয়াসকল যে আমাৰ শাসনকৰ্ত্তা, সেই বিষয়ে তুমি নাজানা নেকি? তেন্তে আমাৰ বিৰুদ্ধে এইটো কি কাম কৰিলা?” তাতে তেওঁ তেওঁলোকক ক’লে, “সিহঁতে মোলৈ যেনে কৰিলে, ময়ো সিহঁতলৈ তেনে কৰিলোঁ।”
A tak wyszło trzy tysiące mężów z Juda na wierzch opoki Etam, i mówili do Samsona: Azaż nie wiesz, że panują nad nami Filistynowie? I cóżeś nam to uczynił? I odpowiedział im: Jako mi uczynili, i takiem im uczynił.
12 ১২ তেওঁলোকে তেওঁক ক’লে, “এতিয়া আমি পলেষ্টীয়াসকলৰ হাতত শোধাই দিবৰ অৰ্থে তোমাক বান্ধি নিবলৈ নামি আহিলোঁ।” চিমচোনে তেওঁলোকক ক’লে, “তোমালোকে মোক বধ নকৰোঁ বুলি শপত খোৱা।”
I rzekli mu: Przyszliśmy, abyśmy cię związali, i wydali w ręce Filistynów; którym odpowiedział Samson: Przysiężcie mi, że się na mię sami nie targniecie.
13 ১৩ তেওঁলোকে ক’লে “নহয়, কেৱল আমি তোমাক শকতকৈ বান্ধি নি সিহঁতৰ হাতত শোধাই দিম; আমি নিশ্চয়ে তোমাক বধ নকৰোঁ।” পাছত তেওঁলোকে দুগজ নতুন ৰচীৰে তেওঁক বান্ধি সেই শিলৰ পৰা লৈ গ’ল।
A oni mu rzekli, mówiąc: Nie, tylko związawszy cię, wydamy cię w ręce ich; ale cię nie zabijemy. A tak związali go dwoma powrozami nowemi, i sprowadzili go z opoki.
14 ১৪ পাছত তেওঁ যেতিয়া লেহী পালে তেতিয়া, পলেষ্টীয়াসকলে তেওঁক পাই বৰকৈ জয় ধ্বনি কৰিলে। তেতিয়া যিহোৱাৰ আত্মা পূর্ণ শক্তিত তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁৰ বাহুত বান্ধি ৰখা ৰচীবোৰ পুৰি যোৱা শণৰ নিচিনা হ’ল আৰু তেওঁৰ হাতৰ পৰা বন্ধন খহি পৰিল।
Który gdy przyszedł aż do Lechy, tedy Filistynowie krzycząc bieżeli przeciw niemu; ale Duch Pański przypadł nań, i stały się powrozy, które były na ramionach jego, jako nici lniane ogniem spalone, i rozerwały się związki z rąk jego.
15 ১৫ পাছত তেওঁ গাধৰ গালৰ এডাল কেঁচা হাড় পাই হাত মেলি সেই ডাল ল’লে, তাৰেই এক হাজাৰ লোকক বধ কৰিলে।
Tedy znalazłszy czeluść oślą świeżą, a wyciągnąwszy po nię rękę swoję, wziął ją, i zabił nią tysiąc mężów.
16 ১৬ তেতিয়া চিমচোনে ক’লে, “গাধৰ গালৰ হাড়ডালেৰে দ’মৰ উপৰি দ’ম কৰিলোঁ; গাধৰ গালৰ হাড়ডালেৰে এক হাজাৰ লোকক বধ কৰিলোঁ।”
Zatem rzekł Samson: Czeluścią oślą kupę jednę albo dwie kupy, a czeluścią oślą zabiłem tysiąc mężów.
17 ১৭ পাছত তেওঁৰ কথা কোৱা শেষ হোৱাত, হাতৰ পৰা হাড়ডাল পেলাই দিলে; তাতে সেই ঠাইৰ নাম ৰামৎ-লেহী হ’ল।
A gdy przestał mówić, porzucił czeluść z ręki swej, i nazwał miejsce ono Ramat Lechy.
18 ১৮ পাছত তেওঁৰ বৰকৈ পিয়াহ লগাত, তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “তুমি তোমাৰ এই দাসৰ হাতেৰে এই মহা-নিস্তাৰ কৰিলা; এতিয়া মই পিয়াহত মৰি সেই অচুন্নৎহঁতৰ হাতত পৰিম।”
Zatem upragnął bardzo, i zawołał do Pana mówiąc: Tyś dał przez rękę sługi twego to wybawienie wielkie, a teraz umrę od pragnienia, albo wpadnę w ręce nieobrzezańców.
19 ১৯ তাতে যিহোৱাই লেহীত থকা, কুণ্ডৰ নিচিনা দ ঠাইত শিল ফালি বাট উলিওৱাত তাৰ পৰা পানী ওলাল। তেতিয়া তেওঁ জলপান কৰাৰ পাছত প্ৰাণত চেতনা পালে; এই হেতুকে তাৰ নাম অয়িন-হক্কোৰ ৰখা হ’ল; সেই জলৰ ভুমুক এতিয়ালৈকে লেহীত আছে।
A tak rozszczepił Bóg skałę w Lechy, i wyszły z niej wody, i napił się, i wrócił się duch jego a ożył; przetoż nazwał imię onego źródła: źródło wzywającego, które jest w Lechy aż do dnia dzisiejszego.
20 ২০ পলেষ্টীয়াসকলৰ দিনত তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।
I sądził lud Izraelski za dni Filistynów przez dwadzieścia lat.