< বিচারকচরিত 14 >
1 ১ পাছত চিমচোনে তিম্নালৈ নামি গ’ল আৰু সেই ঠাইত পলেষ্টীয়াসকলৰ জীয়াৰীবোৰৰ মাজত এজনী ছোৱালী দেখা পালে।
サムソン、テムナテに下り、ペリシテ人の女にてテムナテに住る一人の婦を見
2 ২ আৰু উলটি আহি নিজৰ মাক-বাপেকক ক’লে, “মই তিম্নাত পলেষ্টীয়াসকলৰ জীয়াৰীবোৰৰ মাজত এজনী ছোৱালী দেখিলোঁ; তোমালোকে তেওঁক আনি মোৰে সৈতে বিয়া কৰাই মোৰ পত্নী হ’বলৈ দিয়া।”
歸り上りておのが父母に語ていひけるは我ペリシテ人の女にてテムナテに住るひとりの婦を見たりされば今之をめとりてわが妻とせよと
3 ৩ তেতিয়া তেওঁৰ বাপেক-মাকে তেওঁক ক’লে, “তোমাৰ ভাইসকলৰ মাজত আৰু মোৰ স্ব-জাতীয় লোকসকলৰ মাজত জানো ছোৱালী নাই যে, তুমি সেই অচুন্নৎ পলেষ্টীয়াসকলৰ ছোৱালী আনিবলৈ যাব খুজিছা।” চিমচোনে তেওঁৰ বাপেকক ক’লে, “তুমি মোৰ কাৰণে তেওঁকেই আনিবলৈ দিয়া; কিয়নো যেতিয়া মই তেওঁক চালোঁ, তেতিয়া তেৱেঁই মোক সন্তোষ দিলে।”
その父母之にいひけるは汝ゆきて割禮を受けざるペリシテ人のうちより妻を迎んとするは汝が兄弟等の女のうちもしくはわがすべての民のうちに婦女無が故なるかとしかるにサムソン父にむかひ彼婦わがこころに適へば之をわがために娶れと言り
4 ৪ কিন্তু তেওঁৰ মাক বাপেকে নাজানিলে, যে সেয়ে যিহোৱাৰ পৰা হৈছে; কাৰণ তেওঁ পলেষ্টীয়াসকলৰ বিৰুদ্ধে ছিদ্ৰ বিচাৰিছিল। সেই কালত ফিলিস্তীয়াসকলে ইস্ৰায়েলক শাসন কৰিছিল।
その父母はこの事のヱホバより出しなるを知ざりきサムソンはペリシテ人を攻んと釁をうかがひしなりそは其のころペリシテ人イスラエルを轄め居たればなり
5 ৫ পাছত চিমচোন আৰু তেওঁৰ বাপেক-মাক তিম্নালৈ নামি গৈ তিম্নাত থকা দ্ৰাক্ষাবাৰী পোৱাত, এটা ডেকা সিংহই চিমচোনৰ বিৰুদ্ধে গৰ্জ্জন কৰি খেদি আহিল।
サムソン父母とともにテムナテに下りてテムナテの葡萄園にいたるに稚き獅子咆哮りて彼に向ひしが
6 ৬ তেতিয়া যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ’ল, তেওঁৰ হাতত একো নথকাটো, ছাগলী পোৱালি ছিৰা নিচিনাকৈ তেওঁ সেই সিংহক ছিৰি পেলালে; কিন্তু তেওঁ কি কৰিলে সেই বিষয়ে নিজৰ মাক-বাপেকক নক’লে।
ヱホバの靈彼にのぞみたれば山羊羔を裂がごとくに之を裂たりしが手には何の武器も持ざりきされどサムソンはその爲せしことを父にも母にも告ずしてありぬ
7 ৭ পাছত চিমচোনে গৈ সেই ছোৱালীৰ লগত কথা বতৰা হ’ল আৰু যেতিয়া তেওঁ সেই ছোৱালী জনীক চালে তেওঁক চাই সন্তুষ্ট হ’ল।
サムソンつひに下りて婦とうちかたらひしが婦その心にかなへり
8 ৮ কিছু কালৰ পাছত, তেওঁ যেতিয়া সেই ছোৱালীক বিয়া কৰাই আনিবলৈ পুনৰাই সেই ঠাইলৈ গৈছিল, তেতিয়া সেই সিংহৰ শৱ চাবলৈ বাট এৰি গৈ দেখিলে যে, সিংহৰ শৱৰ ভিতৰত এজাক মৌ-মাখি আৰু মৌ আছে;
かくて日を經て後サムソンかれを娶らんとて立かへりしが身を轉して彼の獅子の屍を見るに獅子の體に蜂の群と蜜とありければ
9 ৯ তেতিয়া তেওঁ তাক আনি হাতত লৈ খাই খাই গ’ল আৰু বাপেক মাকৰ ওচৰ পাই তেওঁলোককো কিছু দিয়াত, তেওঁলোকেও খালে। কিন্তু তেওঁ যে সেই মৌ সিংহৰ শৱৰ পৰা আনিলে, সেই বিষয়ে তেওঁ তেওঁলোকক নক’লে।
すなはちその蜜を手にとりて歩みつつ食ひ父母の許にいたりて之を與へけるに彼ら之を食へりされど獅子の體よりその蜜を取來れることをば彼らにかたらざりき
10 ১০ পাছত তেওঁৰ বাপেক সেই ছোৱালীৰ ওচৰলৈ যোৱাত, চিমচোনে সেই ঠাইতে ভোজ যুগুত কৰিলে; কিয়নো ডেকা লোক সকলৰ তেনে ধৰণৰ নিয়ম আছিল।
斯て其の父下りて婦のもとに至りしかばサムソン少年の習例にしたがひてそこに饗宴をまうけたるに
11 ১১ পাছত তেওঁক দেখি ফীলিস্টীয়াসকলে তেওঁৰ ওচৰত থাকিবলৈ ত্ৰিশ জন সখিয়েক আনিলে।
サムソンを見て三十人の者をつれ來りて之が伴侶とならしむ
12 ১২ পাছত চিমচোনে তেওঁলোকক ক’লে, “মই তোমালোকক এটি সাঁথৰ কওঁ, তোমালোকে উৎসৱৰ এই সাত দিনৰ ভিতৰতে যদি মোক তাৰ অৰ্থ ঠিক ৰূপে বুজাই ক’ব পাৰা, তেন্তে মই তোমালোকক গাত লোৱা শণৰ ত্ৰিশ খন বস্ত্ৰ আৰু ত্ৰিশ যোৰ কাপোৰ দিম।
サムソンかれらにいひけるは我汝らにひとつの隱語をかけん汝ら七日の筵宴の内に之を解てあきらかに之を我に告なば我汝らに裏衣三十と衣三十襲をあたふべし
13 ১৩ কিন্তু যদি মোক তাৰ অৰ্থ ক’ব নোৱাৰা, তেন্তে তোমালোকে মোক গাত লোৱা শণৰ ত্ৰিশ খন বস্ত্ৰ আৰু ত্ৰিশ যোৰ কাপোৰ দিবা।” তেতিয়া সিহঁতে তেওঁক ক’লে, “তোমাৰ সাঁথৰ কোৱা, আমি তাক শুনো।”
然どもし之をわれに告得ずば汝ら我に裏衣三十と衣三十襲を與ふべしと彼等之にいひけるは汝の隱語をかけて我らに聽しめよ
14 ১৪ তেতিয়া তেওঁ তেওঁলোকক ক’লে, “খাওঁতাৰ পৰা খোৱা বস্তু আৰু বলৱানৰ পৰা মধু ওলাল।” তাতে সিহঁতে তিনদিনৰ ভিতৰত সেই সাঁথৰৰ অৰ্থ ক’ব নোৱাৰিলে।
サムソン之にいひけるは食ふ者より食物出で強き者より甘き物出でたりと彼ら三日の中に之を解ことあたはざりしかば
15 ১৫ পাছত সপ্তম দিন হ’লত, সিহঁতে চিমচোনৰ ঘৈনীয়েকক ক’লে, “যাতে তোমাৰ গিৰীয়েৰে সাঁথৰৰ অৰ্থ আমাক কয়, এই কাৰণে তুমি তেওঁক ফুচুলাবা, নহ’লে আমি তোমাক আৰু তোমাৰ পিতৃ বংশক জুইত পুৰিম; তোমালোকে আমাক দৰিদ্ৰ কৰিবৰ অৰ্থেহে নিমন্ত্ৰণ কৰিছিলা, এনে নহয় জানো?”
第七日にいたりてサムソンの妻にいひけるは汝の夫を説すすめて隱語を我らに明さしめよ然せずば火をもて汝と汝の父の家を焚ん汝らはわれらの物をとらんとてわれらを招けるなるか然るにあらずやと
16 ১৬ পাছত চিমচোনৰ ঘৈনীয়েকে গিৰীয়েকৰ গুৰিত কান্দি ক’লে, “তুমি মোক কেৱল ঘিণ কৰিছা, এফেৰিও মৰম নকৰা; মোৰ স্বজাতীয়সকলক এটি সাঁথৰ ক’লা, কিন্তু মোক তাৰ অৰ্থ বুজাই নক’লা।” তেতিয়া তেওঁ ক’লে, “চোৱা, মোৰ বোপাই আইকে এই বিষয়ে বুজাই কোৱা নাই, তেন্তে তোমাক বুজাই ক’মনে?”
是においてサムソンの妻サムソンのまへに泣ていひけるは汝はわれを惡む而巳われを愛せざるなり汝わが民の子孫に隱語をかけて之をわれに説あかさずとサムソン之にいふ我これをわが父や母にも説あかさざればいかで汝に説あかすべけんやと
17 ১৭ তথাপি তেওঁৰ ঘৈনীয়েকে উৎসৱৰ সাত দিনৰ শেষলৈকে তেওঁৰ গুৰিত কান্দি কান্দি থাকিল; পাছত মহিলাই তেওঁক বৰকৈ ধৰাত, তেওঁ সপ্তম দিনা তেওঁক বুজাই ক’লে; তেতিয়া তেওঁ সেই স্বজাতীয়সকলক সাঁথৰৰ অৰ্থ কৈ দিলে।
婦七日の筵宴のあひだ彼のまへに泣き居りしが第七日に至りてサムソンつひに之を彼に説あかせり其は太く強たればなり婦すなはち隱語をおのが民の子孫に明せり
18 ১৮ পাছত সপ্তম দিনা সূৰ্য মাৰ যোৱাৰ আগেয়ে সেই নগৰত থকা লোকসকলে তেওঁক ক’লে, “মৌতকৈ মিঠা কি? আৰু সিংহতকৈ বলৱান কোন?” তাতে চিমচোনে তেওঁলোকক ক’লে, “তোমালোকে মোৰ চেঁউৰী গৰুৰে হাল নোবোৱা হ’লে, মোৰ সাঁথৰৰ অৰ্থ উলিয়াব নোৱাৰিলা হয়।”
是において第七日に及びて日の沒るまへに邑の人々サムソンにいひけるは何ものか蜜よりあまからん何ものか獅子より強からんとサムソン之にいひけるは汝らわが牝犢をもて耕さざりしならばわが隱語を解得ざるなりと
19 ১৯ পাছত যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁ অস্কিলোনলৈ নামি গল আৰু সেই ঠাইৰ ত্ৰিশজন মানুহক বধ কৰি সিহঁতৰ কাপোৰ সোলোকাই আনি সেই কাপোৰেৰে এযোৰ এযোৰ সাঁথৰৰ অৰ্থ কোৱাবোৰক দিলে; আৰু খঙত জ্বলি উঠি নিজৰ বাপেকৰ ঘৰলৈ গুচি গ’ল।
茲にヱホバの靈サムソンに臨みしかばサムソン、アシケロンに下りてかしこの者三十人を殺しその物を奪ひ彼の隱語を解し者等にその衣服を與へはげしく怒りて其父の家にかへり上れり
20 ২০ পাছত চিমচোনে নিজৰ প্রিয় মিত্ৰক তেওঁৰ পত্নীক দি দিলে।
サムソンの妻はサムソンの友となり居たるその伴侶の妻となりぬ