< বিচারকচরিত 13 >
1 ১ পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰাই কু-আচৰণ কৰিব ধৰিলে; তাতে যিহোৱাই চল্লিশ বছৰলৈকে তেওঁলোকক পলেষ্টীয়াসকলৰ হাতত শোধাই দিলে।
А синови Израиљеви опет чинише што је зло пред Господом, и Господ их даде у руке Филистејима за четрдесет година.
2 ২ সেই কালত দানীয়া গোষ্ঠীৰ মাজত চৰা নিবাসী মানোহ নামেৰে এজন মানুহ আছিল; তেওঁৰ পত্নী বাঁজী হোৱা বাবে সন্তান প্ৰসৱ কৰিব নোৱাৰিলে।
А беше један човек од Сараје од племена синова Данових, по имену Маноје, и жена му беше нероткиња, и не рађаше.
3 ৩ পাছত যিহোৱাৰ দূতে সেই মহিলাক দৰ্শন দি ক’লে, “চোৱা, তুমি বাঁজী আৰু সন্তান প্ৰসৱ কৰা নাই; তথাপি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা।
Тој жени јави се анђео Господњи и рече јој: Гле, ти си сад нероткиња, и ниси рађала; али ћеш затруднети и родићеш сина.
4 ৪ এই হেতুকে তুমি সাৱধান হোৱা; দ্ৰাক্ষাৰস কি সুৰা পান নকৰিবা, কোনো অশুচি বস্তুকো ভোজন নকৰিবা।
Него сада чувај се да не пијеш вино ни силовито пиће, и да не једеш ништа нечисто.
5 ৫ কাৰণ চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; তাৰ মুৰত খুৰ লগোৱা নহ’ব; কিয়নো সেই লৰা গৰ্ভৰে পৰা ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব; আৰু পলেষ্টীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিব।”
Јер гле, затруднећеш, и родићеш сина, и бритва да не пређе по његовој глави, јер ће дете бити назиреј Божји од утробе материне, и он ће почети избављати Израиља из руку филистејских.
6 ৬ তেতিয়া সেই মহিলা গৰাকীয়ে গৈ নিজ স্বামীক ক’লে ঈশ্বৰৰ এজন লোক মোৰ ওচৰলৈ আহিছিল; তেওঁৰ সৌন্দর্য ঈশ্বৰৰ দূতৰ নিচিনা, তেওঁক দেখি মই বহুত ভয় খালো, কিন্তু তেওঁ ক’ৰ পৰা আহিল, সেই বিষয়ে মই সুধিবলৈ নহ’ল আৰু তেৱোঁ নিজৰ নাম মোক নক’লে।
И жена дође и рече мужу свом говорећи: Човек Божји дође к мени, и лице му беше као лице анђела Божјег, врло страшно; али га не запитах одакле је, нити ми он каза своје име.
7 ৭ কিন্তু তেওঁ মোক ক’লে, ‘চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; এই হেতুকে তুমি দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা, কোনো অশুচি বস্তুও ভোজন নকৰিবা; কিয়নো সেই ল’ৰা জন্মৰে পৰা মৰণৰ দিনলৈকে ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব’।
Него ми рече: Гле, ти ћеш затруднети, и родићеш сина; зато сада не пиј вино ни силовито пиће и не једи ништа нечисто; јер ће дете бити назиреј Божји од утробе материне па до смрти.
8 ৮ তেতিয়া মানোহে যিহোৱাৰ আগত বিনয় কৰি ক’লে, “হে প্ৰভু, মিনতি কৰোঁ, আপুনি পঠোৱা ঈশ্বৰৰ সেই লোকক আমাৰ ওচৰলৈ পুনৰাই আহিব দিয়ক, যি ল’ৰা জন্মিব, তালৈ আমি কি কৰিব লাগিব, তেওঁ আমাক পুনৰাই বুজাই দিয়ক।”
Тада се Маноје помоли Господу и рече: О Господе! Нека опет дође к нама човек Божји, ког си слао, да нас научи шта ћемо чинити са дететом, кад се роди.
9 ৯ তেতিয়া ঈশ্বৰে মানোহৰ কথা শুনাৰ পাছত, ঈশ্বৰৰ দূত আকৌ সেই মহিলাৰ ওচৰলৈ আহিল। সেই সময়ত তাই পথাৰত বহি আছিল, কিন্তু তাইৰ স্বামী মানোহ তাইৰ লগত নাছিল।
И услиши Господ глас Манојев; и дође опет анђео Господњи к жени кад сеђаше у пољу; а Маноје муж њен не беше код ње.
10 ১০ পাছত সেই মহিলা গৰাকীয়ে বেগাই গৈ নিজ স্বামীক সম্বাদ দি ক’লে, “চোৱা, সেইদিনা যিজন লোক মোৰ ওচৰলৈ আহিছিল, তেওঁ পুনৰ মোক দৰ্শন দিছে।”
Тада жена брже отрча и јави мужу свом говорећи му: Ево, јави ми се онај човек, који ми је пре долазио.
11 ১১ তেতিয়া মানোহে উঠি নিজৰ পত্নীৰ পাছে পাছে সেই পুৰুষজনৰ ওচৰলৈ গৈ তেওঁক সুধিলে, “এই মহিলাৰ সৈতে যিজনাই কথা কৈছিল, সেইজনা আপুনিয়েই নে?” তেওঁ ক’লে, “হয়, ময়েই হওঁ।”
А Маноје уставши пође са женом својом; и кад дође к човеку, рече му: Јеси ли ти онај човек што је говорио овој жени? Он одговори: Јесам.
12 ১২ তেতিয়া মানোহে ক’লে, “আশা কৰোঁ আপোনাৰ কথা সত্য হওঁক; কিন্তু সেই ল’ৰাজনে কিদৰে জীৱন কটাব আৰু কি কর্ম কৰিব?”
А Маноје рече: Кад буде шта си казао, како ће бити правило за дете и шта ће чинити с њим?
13 ১৩ তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “মই এই মহিলাক যিবোৰ কথা ক’লো, সেই সকলো বিষয়ত তেওঁ সাৱধানে থাকক।
А анђео Господњи рече Маноју: Жена нека се чува од свега што сам јој казао.
14 ১৪ তেওঁ দ্ৰাক্ষালতাৰ পৰা উৎপন্ন হোৱা কোনো বস্তু ভোজন নকৰক আৰু দ্ৰাক্ষাৰস কি সুৰা পান নকৰক আৰু কোনো অশুচি বস্তু নাখাওঁক; মই তেওঁক যি যি আজ্ঞা কৰিলোঁ, তেওঁ সেই সকলোকে পালন কৰক।”
Нека не једе ништа што долази с винове лозе, и вино ни силовито пиће нека не пије, и ништа нечисто нека не једе. Шта сам јој заповедио све нека држи.
15 ১৫ পাছত মানোহে যিহোৱাৰ দূতক ক’লে, “আপুনি আমাৰ মিনতি গ্ৰহণ কৰি ইয়াতে অলপ সময় থাকক, আমি আপোনাৰ বাবে এটি ছাগলী পোৱালি যুগুত কৰোঁ।”
Тада рече Маноје анђелу Господњем: Ради бисмо те уставити да ти зготовимо јаре,
16 ১৬ তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “যদিও মই ইয়াত থাকো তথাপি মই তোমাৰ আহাৰ ভোজন নকৰিম; কিন্তু তুমি যদি হোম-বলি যুগুত কৰা, তেনেহলে সেয়া যিহোৱাৰ উদ্দেশ্যেই উৎসৰ্গ কৰিবা।” কিয়নো তেওঁ যে যিহোৱাৰ দূত, সেই বিষয়ে মনোহে নাজানিছিল।
А анђео Господњи одговори Маноју: Да ме и уставиш, нећу јести твоје јело; него ако хоћеш зготови жртву паљеницу, принеси је Господу. Јер Маноје није знао да је анђео Господњи.
17 ১৭ তেতিয়া মানোহে যিহোৱাৰ দূতক সুধিলে, “আপোনাৰ বাক্য সিদ্ধ হ’লে আমি আপোনাক মৰ্যদা কৰিবলৈ, আপোনাৰ নাম কি কওকচোন?”
Опет рече Маноје анђелу Господњем: Како ти је име? Да ти захвалимо кад се збуде шта си рекао.
18 ১৮ তেতিয়া যিহোৱাৰ দূতে ক’লে, “মোৰ নাম কেলেই সুধিছা? কিয়নো এই নাম অতি আশ্চৰ্য্যকৰ!”
А анђео Господњи одговори му: Што питаш за име моје? Чудно је.
19 ১৯ পাছত মানোহে ভক্ষ্য নৈবেদ্যেৰে সৈতে সেই ছাগলী লৈ, যিহোৱাৰ উদ্দেশ্যে শিলটোৰ ওপৰত উৎসৰ্গ কৰিলে; তাতে মনোহ আৰু তেওঁৰ পত্নিৰ চকুৰ আগতে সেই দূতে আচৰিত কার্য সাধন কৰিলে।
Тада Маноје узе јаре и дар, и принесе Господу на стени; а анђео учини чудо пред Маном и женом његовом;
20 ২০ কিয়নো যেতিয়া অগ্নিশিখা যজ্ঞ-বেদিৰ পৰা আকাশৰ ফালে ওপৰলৈ উঠিল তেতিয়া মানোহ আৰু তেওঁৰ পত্নিয়ে দেখাতে যিহোৱাৰ দূত সেই যজ্ঞ-বেদিৰ শিখাত ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকে এই দৃশ্য দেখি দুজনে মাটিত উবুৰিহৈ প্রণাম কৰিলে।
Јер кад се подиже пламен с олтара к небу, анђео Господњи подиже се у пламену с олтара; а Маноје и жена његова видећи то падоше ничице на земљу;
21 ২১ তাৰ পাছত যিহোৱাৰ দূতে মানোহ আৰু তেওঁৰ পত্নিক পুনৰাই দৰ্শন নিদিলে। তেওঁ যে যিহোৱাৰ দূত, সেই বিষয়ে তেতিয়াহে মানোহে জানিলে।
А анђео се Господњи не јави више Маноју ни жени његовој. Тада Маноје разуме да је анђео Господњи.
22 ২২ পাছত মানোহে তেওঁৰ পত্নিক ক’লে, “আমি নিশ্চয়ে মৰিম; কিয়নো আমি ঈশ্বৰক দেখা পালোঁ।”
И рече Маноје жени својој: Зацело ћемо умрети, јер видесмо Бога.
23 ২৩ কিন্তু তেওঁৰ পত্নিয়ে তেওঁক ক’লে, “আমাক বধ কৰিবলৈ যদি ঈশ্বৰৰ ইচ্ছা হ’লহেঁতেন, তেন্তে তেওঁ আমাৰ পৰা হোম-বলি আৰু নৈবেদ্য গ্ৰহণ নকৰিলেহেঁতেন, আৰু এই সকলো আমাক নেদেখুৱালেহেঁতেন আৰু এই সময়ত আমাক এনে কথাও নুশুনালেহেঁতেন।”
А жена му рече: Кад би хтео Бог да нас убије, не би примио из наших руку жртву паљеницу ни дар, нити би нам показао све ово, нити би нам сад објавио такве ствари.
24 ২৪ পাছত মহিলা গৰাকীয়ে এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু তেওঁৰ নাম চিমচোন ৰাখিলে। তাৰ পাছত সেই ল’ৰা বাঢ়ি ডাঙৰ হ’ল আৰু যিহোৱাই তাক আশীৰ্ব্বাদ কৰিলে।
И тако та жена роди сина, и наде му име Самсон; и дете одрасте, и Господ га благослови.
25 ২৫ প্ৰথমে যিহোৱাৰ আত্মাই চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত থকা মহনেদানত চিমচোনক কার্য্য কৰিবলৈ সক্রিয় কৰিলে।
И дух Господњи поче ходити с њим по логору Дановом, између Сараје и Естаола.