< বিচারকচরিত 13 >

1 পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰাই কু-আচৰণ কৰিব ধৰিলে; তাতে যিহোৱাই চল্লিশ বছৰলৈকে তেওঁলোকক পলেষ্টীয়াসকলৰ হাতত শোধাই দিলে।
و بنی‌اسرائیل بار دیگر در نظر خداوندشرارت ورزیدند، و خداوند ایشان را به‌دست فلسطینیان چهل سال تسلیم کرد.۱
2 সেই কালত দানীয়া গোষ্ঠীৰ মাজত চৰা নিবাসী মানোহ নামেৰে এজন মানুহ আছিল; তেওঁৰ পত্নী বাঁজী হোৱা বাবে সন্তান প্ৰসৱ কৰিব নোৱাৰিলে।
و شخصی از صرعه از قبیله دان، مانوح نام بود، و زنش نازاد بوده، نمی زایید.۲
3 পাছত যিহোৱাৰ দূতে সেই মহিলাক দৰ্শন দি ক’লে, “চোৱা, তুমি বাঁজী আৰু সন্তান প্ৰসৱ কৰা নাই; তথাপি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা।
و فرشته خداوند به آن زن ظاهر شده، او را گفت: «اینک توحال نازاد هستی و نزاییده‌ای لیکن حامله شده، پسری خواهی زایید.۳
4 এই হেতুকে তুমি সাৱধান হোৱা; দ্ৰাক্ষাৰস কি সুৰা পান নকৰিবা, কোনো অশুচি বস্তুকো ভোজন নকৰিবা।
و الان باحذر باش و هیچ شراب و مسکری منوش و هیچ‌چیز نجس مخور.۴
5 কাৰণ চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; তাৰ মুৰত খুৰ লগোৱা নহ’ব; কিয়নো সেই লৰা গৰ্ভৰে পৰা ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব; আৰু পলেষ্টীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিব।”
زیرا یقین حامله شده، پسری خواهی زایید، واستره بر سرش نخواهد آمد، زیرا آن ولد از رحم مادر خود برای خدا نذیره خواهد بود، و او به رهانیدن اسرائیل از دست فلسطینیان شروع خواهد کرد.»۵
6 তেতিয়া সেই মহিলা গৰাকীয়ে গৈ নিজ স্বামীক ক’লে ঈশ্বৰৰ এজন লোক মোৰ ওচৰলৈ আহিছিল; তেওঁৰ সৌন্দর্য ঈশ্বৰৰ দূতৰ নিচিনা, তেওঁক দেখি মই বহুত ভয় খালো, কিন্তু তেওঁ ক’ৰ পৰা আহিল, সেই বিষয়ে মই সুধিবলৈ নহ’ল আৰু তেৱোঁ নিজৰ নাম মোক নক’লে।
پس آن زن آمده، شوهر خود را خطاب کرده، گفت: «مرد خدایی نزد من آمد، و منظر اومثل منظر فرشته خدا بسیار مهیب بود. و نپرسیدم که از کجاست و از اسم خود مرا خبر نداد.۶
7 কিন্তু তেওঁ মোক ক’লে, ‘চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; এই হেতুকে তুমি দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা, কোনো অশুচি বস্তুও ভোজন নকৰিবা; কিয়নো সেই ল’ৰা জন্মৰে পৰা মৰণৰ দিনলৈকে ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব’।
و به من گفت اینک حامله شده، پسری خواهی زایید، و الان هیچ شراب و مسکری منوش، و هیچ‌چیزنجس مخور زیرا که آن ولد از رحم مادر تا روزوفاتش برای خدا نذیره خواهد بود.»۷
8 তেতিয়া মানোহে যিহোৱাৰ আগত বিনয় কৰি ক’লে, “হে প্ৰভু, মিনতি কৰোঁ, আপুনি পঠোৱা ঈশ্বৰৰ সেই লোকক আমাৰ ওচৰলৈ পুনৰাই আহিব দিয়ক, যি ল’ৰা জন্মিব, তালৈ আমি কি কৰিব লাগিব, তেওঁ আমাক পুনৰাই বুজাই দিয়ক।”
و مانوح از خداوند استدعا نموده، گفت: «آه‌ای خداوند تمنا اینکه آن مرد خدا که فرستادی بار دیگر نزد ما بیاید و ما را تعلیم دهد که با ولدی که مولود خواهد شد، چگونه رفتار نماییم.»۸
9 তেতিয়া ঈশ্বৰে মানোহৰ কথা শুনাৰ পাছত, ঈশ্বৰৰ দূত আকৌ সেই মহিলাৰ ওচৰলৈ আহিল। সেই সময়ত তাই পথাৰত বহি আছিল, কিন্তু তাইৰ স্বামী মানোহ তাইৰ লগত নাছিল।
و خدا آواز مانوح را شنید و فرشته خدا باردیگر نزد آن زن آمد و او در صحرا نشسته بود، اماشوهرش مانوح نزد وی نبود.۹
10 ১০ পাছত সেই মহিলা গৰাকীয়ে বেগাই গৈ নিজ স্বামীক সম্বাদ দি ক’লে, “চোৱা, সেইদিনা যিজন লোক মোৰ ওচৰলৈ আহিছিল, তেওঁ পুনৰ মোক দৰ্শন দিছে।”
و آن زن به زودی دویده، شوهر خود را خبر داده، به وی گفت: «اینک آن مرد که در آن روز نزد من آمد، باردیگر ظاهر شده است.»۱۰
11 ১১ তেতিয়া মানোহে উঠি নিজৰ পত্নীৰ পাছে পাছে সেই পুৰুষজনৰ ওচৰলৈ গৈ তেওঁক সুধিলে, “এই মহিলাৰ সৈতে যিজনাই কথা কৈছিল, সেইজনা আপুনিয়েই নে?” তেওঁ ক’লে, “হয়, ময়েই হওঁ।”
و مانوح برخاسته، در عقب زن خود روانه شد، و نزد آن شخص آمده، وی را گفت: «آیا توآن مرد هستی که با این زن سخن گفتی؟» او گفت: «من هستم.»۱۱
12 ১২ তেতিয়া মানোহে ক’লে, “আশা কৰোঁ আপোনাৰ কথা সত্য হওঁক; কিন্তু সেই ল’ৰাজনে কিদৰে জীৱন কটাব আৰু কি কর্ম কৰিব?”
مانوح گفت: «کلام تو واقع بشوداما حکم آن ولد و معامله با وی چه خواهد بود؟»۱۲
13 ১৩ তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “মই এই মহিলাক যিবোৰ কথা ক’লো, সেই সকলো বিষয়ত তেওঁ সাৱধানে থাকক।
و فرشته خداوند به مانوح گفت: «از هر‌آنچه به زن گفتم اجتناب نماید.۱۳
14 ১৪ তেওঁ দ্ৰাক্ষালতাৰ পৰা উৎপন্ন হোৱা কোনো বস্তু ভোজন নকৰক আৰু দ্ৰাক্ষাৰস কি সুৰা পান নকৰক আৰু কোনো অশুচি বস্তু নাখাওঁক; মই তেওঁক যি যি আজ্ঞা কৰিলোঁ, তেওঁ সেই সকলোকে পালন কৰক।”
از هر حاصل مو زنهارنخورد و هیچ شراب و مسکری ننوشد، و هیچ‌چیز نجس نخورد و هر‌آنچه به او امر فرمودم، نگاهدارد.»۱۴
15 ১৫ পাছত মানোহে যিহোৱাৰ দূতক ক’লে, “আপুনি আমাৰ মিনতি গ্ৰহণ কৰি ইয়াতে অলপ সময় থাকক, আমি আপোনাৰ বাবে এটি ছাগলী পোৱালি যুগুত কৰোঁ।”
و مانوح به فرشته خداوند گفت: «تو راتعویق بیندازیم و برایت گوساله‌ای تهیه بینیم.»۱۵
16 ১৬ তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “যদিও মই ইয়াত থাকো তথাপি মই তোমাৰ আহাৰ ভোজন নকৰিম; কিন্তু তুমি যদি হোম-বলি যুগুত কৰা, তেনেহলে সেয়া যিহোৱাৰ উদ্দেশ্যেই উৎসৰ্গ কৰিবা।” কিয়নো তেওঁ যে যিহোৱাৰ দূত, সেই বিষয়ে মনোহে নাজানিছিল।
فرشته خداوند به مانوح گفت: «اگر‌چه مراتعویق اندازی، از نان تو نخواهم خورد، و اگرقربانی سوختنی بگذرانی آن را برای یهوه بگذران.» زیرا مانوح نمی دانست که فرشته خداوند است.۱۶
17 ১৭ তেতিয়া মানোহে যিহোৱাৰ দূতক সুধিলে, “আপোনাৰ বাক্য সিদ্ধ হ’লে আমি আপোনাক মৰ্যদা কৰিবলৈ, আপোনাৰ নাম কি কওকচোন?”
و مانوح به فرشته خداوند گفت: «نام تو چیست تا چون کلام تو واقع شود، تو رااکرام نماییم.»۱۷
18 ১৮ তেতিয়া যিহোৱাৰ দূতে ক’লে, “মোৰ নাম কেলেই সুধিছা? কিয়নো এই নাম অতি আশ্চৰ্য্যকৰ!”
فرشته خداوند وی را گفت: «چرا درباره اسم من سوال می‌کنی چونکه آن عجیب است.»۱۸
19 ১৯ পাছত মানোহে ভক্ষ্য নৈবেদ্যেৰে সৈতে সেই ছাগলী লৈ, যিহোৱাৰ উদ্দেশ্যে শিলটোৰ ওপৰত উৎসৰ্গ কৰিলে; তাতে মনোহ আৰু তেওঁৰ পত্নিৰ চকুৰ আগতে সেই দূতে আচৰিত কার্য সাধন কৰিলে।
پس مانوح گوساله و هدیه آردی را گرفته، بر آن سنگ برای خداوند گذرانید، و فرشته کاری عجیب کرد و مانوح و زنش می‌دیدند.۱۹
20 ২০ কিয়নো যেতিয়া অগ্নিশিখা যজ্ঞ-বেদিৰ পৰা আকাশৰ ফালে ওপৰলৈ উঠিল তেতিয়া মানোহ আৰু তেওঁৰ পত্নিয়ে দেখাতে যিহোৱাৰ দূত সেই যজ্ঞ-বেদিৰ শিখাত ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকে এই দৃশ্য দেখি দুজনে মাটিত উবুৰিহৈ প্রণাম কৰিলে।
زیراواقع شد که چون شعله آتش از مذبح به سوی آسمان بالا می‌رفت، فرشته خداوند در شعله مذبح صعود نمود، و مانوح و زنش چون دیدند، رو به زمین افتادند.۲۰
21 ২১ তাৰ পাছত যিহোৱাৰ দূতে মানোহ আৰু তেওঁৰ পত্নিক পুনৰাই দৰ্শন নিদিলে। তেওঁ যে যিহোৱাৰ দূত, সেই বিষয়ে তেতিয়াহে মানোহে জানিলে।
و فرشته خداوند بر مانوح وزنش دیگر ظاهر نشد، پس مانوح دانست که فرشته خداوند بود.۲۱
22 ২২ পাছত মানোহে তেওঁৰ পত্নিক ক’লে, “আমি নিশ্চয়ে মৰিম; কিয়নো আমি ঈশ্বৰক দেখা পালোঁ।”
و مانوح به زنش گفت: «البته خواهیم مرد، زیرا خدا را دیدیم.»۲۲
23 ২৩ কিন্তু তেওঁৰ পত্নিয়ে তেওঁক ক’লে, “আমাক বধ কৰিবলৈ যদি ঈশ্বৰৰ ইচ্ছা হ’লহেঁতেন, তেন্তে তেওঁ আমাৰ পৰা হোম-বলি আৰু নৈবেদ্য গ্ৰহণ নকৰিলেহেঁতেন, আৰু এই সকলো আমাক নেদেখুৱালেহেঁতেন আৰু এই সময়ত আমাক এনে কথাও নুশুনালেহেঁতেন।”
امازنش گفت: «اگر خداوند می‌خواست ما را بکشدقربانی سوختنی و هدیه آردی را از دست ما قبول نمی کرد، و همه این چیزها را به ما نشان نمی داد، ودر این وقت مثل این امور را به سمع ما نمی رسانید.»۲۳
24 ২৪ পাছত মহিলা গৰাকীয়ে এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু তেওঁৰ নাম চিমচোন ৰাখিলে। তাৰ পাছত সেই ল’ৰা বাঢ়ি ডাঙৰ হ’ল আৰু যিহোৱাই তাক আশীৰ্ব্বাদ কৰিলে।
و آن زن پسری زاییده، او را شمشون نام نهاد، و پسر نمو کرد و خداوند او را برکت داد.۲۴
25 ২৫ প্ৰথমে যিহোৱাৰ আত্মাই চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত থকা মহনেদানত চিমচোনক কার্য্য কৰিবলৈ সক্রিয় কৰিলে।
و روح خداوند در لشکرگاه دان در میان صرعه و اشتاول به برانگیختن او شروع نمود.۲۵

< বিচারকচরিত 13 >