< বিচারকচরিত 12 >

1 তাৰ পাছত ইফ্ৰয়িমৰ বংশৰ লোকসকলে গোট খাই সৈন্যসকলক মাত দিলে, তাৰ পাছত নদী পাৰহৈ চাফোন চহৰলৈ গৈ যিপ্তহক ক’লে, “কিয় তুমি অম্মোনৰ লগত যুদ্ধ কৰিবলৈ আমাক মতা নাই বা আমাৰ সহায় বিচাৰা নাই? আমি তোমাৰ সৈতে তোমাৰ ঘৰো জুইৰে পুৰিম”।
Người Ép-ra-im huy động quân đội rồi vượt Sông Giô-đan đến Xa-phôn. Họ gửi thông điệp này cho Giép-thê: “Tại sao khi đi đánh Am-môn, ông không gọi chúng tôi tham chiến? Chúng tôi sẽ đốt nhà ông, luôn cả ông trong ấy!”
2 তেতিয়া যিপ্তহে তেওঁলোকক উত্তৰ দি ক’লে, “অম্মোনৰ সন্তান সকলে আমাক নানা সমস্যাত পেলাইছিল সেই বাবে আমি তেওঁলোকৰ লগত যুদ্ধ কৰিছোঁ, মই আৰু মোৰ লোকসকলে তোমালোকৰ সহায় বিচাৰি তোমালোকক মাতিছিলোঁ, কিন্তু তোমালোকৰ কোনো এজনো সহায় কৰিবলৈ আগবাঢ়ি নাহিলা;
Giép-thê trả lời: “Tôi đã xin các anh tiếp viện từ lúc bắt đầu cuộc chiến, nhưng các anh đã từ chối! Các anh đã không giúp chúng tôi chống lại quân Am-môn.
3 যেতিয়া দেখিলোঁ তোমালোকে মোক কোনেওঁ সহায় নকৰা, তেতিয়া মই নিজে নদী পাৰ হৈ প্ৰাণ আঁচলৰ আগত বান্ধি লৈ অম্মোনৰ সন্তান সকলৰ বিৰুদ্ধে যুদ্ধত নামি পৰিলো। তাতে যিহোৱাই মোৰ হাতত সিহঁতক সমৰ্পণ কৰিলে; এতেকে তোমালোকে মোৰে সৈতে যুদ্ধ কৰিবলৈ আজি কিয় মোৰ ওচৰলৈ আহিছা?”
Khi thấy các anh không đến, tôi đã liều mạng ra trận, và được Chúa Hằng Hữu cho thắng quân Am-môn. Thế mà, hôm nay các anh còn muốn đánh tôi?”
4 পাছত যিপ্তহে গিলিয়দৰ সকলো লোকক গোটাই ইফ্ৰয়িমীয়া লোকসকলৰ সৈতে যুদ্ধ কৰিলে; কিয়নো সিহঁতে কৈছিল, “হেৰৌ গিলিয়দীয়াসকল, তহঁত ইফ্ৰয়িমৰ আৰু মনচিৰ মাজৰ পৰা পলাই অহা ইফ্ৰয়িমীয়া মানুহ।” সেই যুদ্ধত গিলিয়দৰ লোকসকলে ইফ্রয়িমীয়া লোকসকলক পৰাস্ত কৰিলে।
Người Ép-ra-im nhục mạ: “Người Ga-la-át chỉ là một bọn người sống chui sống nhủi giữa Ép-ra-im và Ma-na-se.” Nghe thế, Giép-thê triệu tập toàn dân Ga-la-át tấn công người Ép-ra-im và đánh bại họ.
5 পাছত গিলিয়দীয়াসকলে ইফ্ৰয়িমৰ মানুহৰ আগেয়ে গৈ যৰ্দ্দনৰ পাৰ-ঘাটবোৰ দখল কৰি ল’লে; তাতে ইফ্ৰয়িমৰ পলাই যোৱা কোনো মানুহে যদি কয়, “আমক নদী পাৰ হ’বলৈ দিয়া”, তেতিয়া গিলিয়দৰ মানুহে তেওঁলোকক সোধে, ‘তুমি জানো ইফ্ৰয়িমীয়া মানুহ নোহোৱা?’ আৰু তেওঁ যদি কয় “নহয়”,
Giép-thê trấn đóng dọc Sông Giô-đan ở những khúc cạn, khi có người Ép-ra-im đào tẩu, muốn thoát qua sông, người Ga-la-át phải thử người ấy. Họ sẽ hỏi: “Anh có phải là người thuộc đại tộc Ép-ra-im không?” Nếu người ấy nói “Không,”
6 তেতিয়া তেওঁলোকে কয়, ‘এবাৰ “শ্যিব্বোলেৎ” কোৱাচোন’; তেতিয়া ইফ্রয়িমৰ লোকসকলে শুদ্ধৰূপে উচ্চাৰণ কৰিব নোৱাৰি “চিব্বোলেৎ” বুলি ক’লেই, তেওঁলোকে ধৰি যৰ্দ্দনৰ পাৰৰ ঘাটত বধ কৰে। সেই সময়ত ইফ্ৰয়িমৰ বিয়াল্লিশ হাজাৰ লোকক হত্যা কৰা হ’ল।
thì họ sẽ bảo người ấy nói: “Si-bô-lết.” Nếu người ấy đến từ Ép-ra-im, người ấy sẽ nói “Xi-bô-lết,” vì người Ép-ra-im không thể phát âm chính xác. Rồi họ sẽ bắt và giết người ấy tại chỗ cạn của sông Giô-đan. Có tổng cộng 42.000 người Ép-ra-im bị giết trong thời gian ấy.
7 যিপ্তহে ছবছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে। পাছত গিলিয়দীয়া যিপ্তহৰ মৃত্যু হোৱাত তেওঁক গিলিয়দৰ কোনো এখন নগৰত মৈদাম দিয়া হ’ল।
Giép-thê làm phán quan Ít-ra-ên trong sáu năm. Ông qua đời, được chôn trong thành ở Ga-la-át.
8 তেওঁৰ পাছত বৈৎলেহেমীয়া ইবচন ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা হ’ল।
Sau khi Giép-thê chết, Íp-san ở Bết-lê-hem làm phán quan của Ít-ra-ên.
9 তেওঁৰ ত্ৰিশ জন পুতেক আছিল; আৰু তেওঁ ত্ৰিশজনী জীয়েকক উলিয়াই দি, নিজ পুতেকহঁতৰ বাবে ত্ৰিশ জনী ছোৱালী বাহিৰৰ পৰা আনিলে। তেওঁ সাত বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।
Ông có ba mươi trai và ba mươi gái. Ông dựng vợ gả chồng cho các con với các gia đình bên ngoài tộc. Íp-san làm phán quan Ít-ra-ên được bảy năm.
10 ১০ পাছত ইবচনৰ মৃত্যু হোৱাত, তেওঁক বৈৎলেহেমত মৈদাম দিয়া হ’ল।
Khi qua đời, ông được chôn ở Bết-lê-hem.
11 ১১ তেওঁৰ পাছত জবূলূনীয়া এলোন ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা হ’ল; তেওঁ দহ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।
Sau khi Íp-san chết, Ê-lôn, người Sa-bu-luân, làm phán quan Ít-ra-ên được mười năm.
12 ১২ জবূলূনীয়া এলোনৰ মৃত্যু হোৱাৰ পাছত তেওঁক জবূলূন দেশত থকা অয়ালোনত মৈদাম দিয়া হ’ল।
Khi qua đời, ông được chôn tại A-gia-lôn trong đất Sa-bu-luân.
13 ১৩ তেওঁৰ পাছত পিৰাথোনীয়া হিল্লোলৰ পুত্ৰ অব্দোন ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা হ’ল।
Sau khi Ê-lôn chết, Áp-đôn, con Hi-lên, ở Phi-ra-thôn, làm phán quan Ít-ra-ên.
14 ১৪ তেওঁৰ চল্লিশ জন পুতেক, আৰু ত্ৰিশজন নাতিয়েক আছিল; তেওঁলোকে সত্তৰটা গাধত উঠি ফুৰে; অব্দোনে আঠ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰক আছিল।
Ông có bốn mươi con trai và ba mươi cháu trai, mỗi người cưỡi một con lừa. Ông làm phán quan Ít-ra-ên được tám năm.
15 ১৫ পাছত পিৰাথোনীয়া হিল্লোলৰ পুত্ৰ অব্দোনৰ মৃত্যু হোৱাত, অমালেকীয়াসকলৰ পৰ্ব্বতীয়া অঞ্চল ইফ্ৰয়িম দেশৰ পিৰিয়াথোনত তেওঁক মৈদাম দিয়া হ’ল।
Khi qua đời, ông được chôn tại Phi-ra-thôn trong đất Ép-ra-im, thuộc vùng cao nguyên A-ma-léc.

< বিচারকচরিত 12 >