< বিচারকচরিত 11 >

1 সেই কালত গিলিয়দীয়া যিপ্তহ এজন শক্তিশালী যোদ্ধা আছিল; তেওঁৰ মাক এগৰাকী বেশ্যা আছিল আৰু তেওঁৰ পিতৃৰ নাম গিলিয়দ আছিল।
Bấy giờ có Giép-thê, người Ga-la-át, nổi danh là một dũng sĩ. Cha ông là người Ga-la-át, nhưng mẹ vốn là một kỹ nữ.
2 গিলিয়দৰ ভাৰ্যাই তেওঁলৈ আন কেইবাজনো পুত্রৰ জন্ম দিছিল। তেওঁৰ ভাৰ্যাৰ পুত্রসকল যেতিয়া ডাঙৰ হ’ল, তেওঁলোকে যিপ্তহক ঘৰৰ পৰা খেদি দি ক’লে, “তুমি আমাৰ পৰিয়ালৰ সম্পত্তিৰ কোনো অধিকাৰ নাপাবা; কিয়নো তুমি আন এগৰাকী মহিলাৰ সন্তান।”
Vợ của Ga-la-át cũng sinh được nhiều con trai; và khi những người này lớn lên, liền đuổi Giép-thê đi. Họ nói: “Mày không được chia tài sản của cha để lại, vì mày là con khác mẹ.”
3 সেয়ে যিপ্তহ নিজৰ ভাইসকলৰ কাষৰ পৰা পলাই গৈ টোব দেশত বাস কৰিবলৈ ধৰিলে। তাত কেইজনমান উদণ্ড লোকে আহি যিপ্তহেৰে সৈতে যোগ দিলে আৰু তেওঁৰ লগত চলা-ফুৰা কৰিলে।
Vì vậy, Giép-thê phải lánh xa anh em, đến ở trong đất Tóp. Một số du đãng kết hợp lại, theo ông.
4 কিছু কালৰ পাছত অম্মোনীয়াসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰিবলৈ ধৰিলে।
Vào lúc ấy, người Am-môn bắt đầu chống nghịch người Ít-ra-ên.
5 যেতিয়া অম্মোনীয়াসকলে ইস্ৰায়েলীসকলৰ সৈতে যুদ্ধ কৰিছিল, তেতিয়া গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক টোব দেশৰ পৰা আনিবলৈ গ’ল।
Khi người Am-môn tấn công, các trưởng lão xứ Ga-la-át đến Tóp để mời Giép-thê về.
6 তেওঁলোকে যিপ্তহক ক’লে, “আমি অম্মোনীয়াসকলৰ লগত যুদ্ধ কৰিম, সেয়ে তুমি আহি আমাৰ সেনাপতি হোৱা।”
Các trưởng lão đề nghị: “Xin hãy làm thủ lãnh chúng tôi. Xin giúp chúng tôi chống lại người Am-môn!”
7 যিপ্তহে গিলিয়দৰ নেতাসকলক ক’লে, “তোমালোকেই ঘিণ কৰি পিতৃ-বংশৰ মাজৰ পৰা মোক খেদি দিছিলা। এতিয়া সঙ্কটত পৰি কিয় মোৰ ওচৰলৈ আহিছা?”
Nhưng Giép-thê nói với họ: “Các anh không phải là người ghét tôi, rồi đuổi tôi ra khỏi nhà cha tôi sao? Nay gặp khó khăn, còn tìm tôi làm gì?”
8 গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক ক’লে, “সেই কাৰণেই আমি এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ; তুমি আমাৰ লগত গৈ অম্মোনীয়াসকলৰ সৈতে যুদ্ধ কৰা আৰু তুমিয়েই গিলিয়দনিবাসী সকলো লোকৰ ওপৰত নেতা হবা।”
Các trưởng lão đáp: “Chính vì thế chúng tôi mới đến với anh. Nếu anh lãnh đạo chúng tôi trong cuộc chiến cống quân Am-môn, chúng tôi sẽ tôn anh lên cai trị người Ga-la-át.”
9 তেতিয়া যিপ্তহে গিলিয়দৰ বৃদ্ধসকলক ক’লে, “আপোনালোকে যদি অম্মোনৰ সৈন্যবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোক ঘৰলৈ পুনৰ ওলোটাই নিয়ে আৰু যিহোৱায়ো যদি তেওঁলোকৰ ওপৰত আমাক বিজয়ী কৰে, তেন্তে মইয়ে আপোনালোকৰ নেতা হ’ম।”
Giép-thê hỏi lại các trưởng lão: “Tôi xin hỏi thẳng. Nếu tôi về với các anh và nếu Chúa Hằng Hữu cho tôi đánh thắng quân Am-môn, có phải các anh sẽ tôn tôi lên cai trị toàn dân phải không?”
10 ১০ গিলিয়দৰ বৃদ্ধসকলে ক’লে, “আমি যদি আমাৰ কথামতে কাম নকৰোঁ, তেন্তে যিহোৱা আমাৰ মাজত সাক্ষী হৈ থাকক!”
Các trưởng lão đáp: “Có Chúa Hằng Hữu chứng giám. Chúng tôi xin giữ đúng lời anh vừa nói.”
11 ১১ তেতিয়া যিপ্তহ গিলিয়দৰ বৃদ্ধ নেতাসকলৰ সৈতে গ’ল আৰু লোক সকলে তেওঁকে তেওঁলোকৰ নেতা আৰু সেনাপতি পাতিলে; তাৰ পাছত যিপ্তহে মিস্পাত গৈ যিহোৱাৰ সন্মুখত তেওঁৰ প্রতিজ্ঞাবোৰৰ কথা জনালে।
Vậy Giép-thê cùng đi với các trưởng lão Ga-la-át, và dân chúng đưa ông lên cai trị họ và làm tướng chỉ huy quân đội. Tại Mích-pa, Giép-thê lặp lại những lời ông giao kết với các trưởng lão Ga-la-át trước mặt Chúa Hằng Hữu.
12 ১২ তাৰ পাছত যিপ্তহে মানুহ পঠাই অম্মোনীয়াসকলৰ ৰজালৈ এই কথা সুধিলে, “আপোনাৰ আৰু আমাৰ মাজত কি সমস্যা হৈছে? কিয় আমাৰ দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছে?”
Giép-thê sai sứ giả đi chất vấn vua Am-môn: “Tại sao vua đem quân tấn công đất nước tôi?”
13 ১৩ অম্মোনীয়াসকলৰ ৰজাই যিপ্তহে পঠোৱা লোকসকলক কৈ পঠালে, “ইস্ৰায়েলীয়াসকলে মিচৰ দেশৰ পৰা বাহিৰ হৈ আহি অৰ্ণোন নদীৰ পৰা যব্বোকলৈ আৰু যৰ্দ্দনলৈকে মোৰ মাটি কাঢ়ি ল’লে; গতিকে এতিয়া অশান্তি নকৰাকৈ তাক ওলোটাই দিয়ক।”
Vua Am-môn trả lời sứ giả của Giép-thê: “Khi Ít-ra-ên ra khỏi Ai Cập, họ đã chiếm đất của ta từ Sông Ạt-nôn đến Sông Gia-bốc và Giô-đan. Bây giờ hãy trả đất lại cho chúng tôi trong tinh thần hòa hiếu.”
14 ১৪ পুনৰ যিপ্তহে অম্মোনীয়াসকলৰ ৰজাৰ ওচৰলৈ লোক পঠালে।
Giép-thê lại sai sứ giả nói với vua Am-môn:
15 ১৫ তেওঁ এই বাৰ্তা দিলে, যিপ্তহে কৈছে: ইস্রায়েলে মোৱাব আৰু অম্মোনৰ লোকসকলৰ মাটি কাঢ়ি লোৱা নাছিল।
“Đây là điều Giép-thê nói: Ít-ra-ên không cướp đất của Mô-áp và Am-môn.
16 ১৬ কিন্তু মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত ইস্ৰায়েলী লোকসকলে মৰুপ্রান্তৰৰ মাজেদি ভ্ৰমণ কৰি চূফ সাগৰলৈকে গৈছিল আৰু তাৰ পাছতে কাদেচলৈ গৈছিল।
Nhưng, sau khi ra khỏi Ai Cập, người Ít-ra-ên băng hoang mạc, qua Biển Đỏ và đến Ca-đe.
17 ১৭ তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইদোমৰ ৰজাৰ ওচৰলৈ লোক পঠিয়াই বিনয় কৰি কৈছিল, ‘আপোনালোকৰ ভূমিৰ মাজেদি আমাক যাবলৈ অনুমতি দিয়ক।’ কিন্তু ইদোমৰ ৰজাই সেই কথা নুশুনিলে। পাছত তেওঁলোকে মোৱাবৰ ৰজাৰ ওচৰলৈকো লোক পঠিয়াইছিল, কিন্তু তেৱোঁ সন্মত নহ’ল। সেয়ে ইস্ৰায়েলী লোকসকল কাদেচতে থাকিল।
Tại Ca-đe, Ít-ra-ên sai sứ giả xin vua Ê-đôm cho phép họ đi băng qua đất vua này, nhưng bị từ chối. Họ lại xin vua Mô-áp cũng không được, nên Ít-ra-ên phải ở lại Ca-đe.
18 ১৮ তাৰ পাছত তেওঁলোকে মৰুপ্রান্তৰৰ মাজেদি গৈ ইদোম আৰু মোৱাব দেশৰ পৰা ঘূৰি মোৱাব দেশৰ পূৱ ফালেদি আহি অৰ্ণোন নদীৰ সিপাৰে ছাউনি পাতিলে; তেওঁলোকে মোৱাবৰ সীমাৰ ভিতৰত নোসোমাল, কিয়নো অৰ্ণোন নদী মোৱাবৰ সীমা আছিল।
Về sau, họ đi vòng đất Ê-đôm và Mô-áp, trong hoang mạc, đến cạnh biên giới phía đông đất Mô-áp, bên Sông Ạt-nôn. Nhưng họ không hề băng qua sông Ạt-nôn của Mô-áp, vì Ạt-nôn là biên giới của Mô-áp.
19 ১৯ তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইমোৰীয়াসকলৰ ৰজা চীহোন, যিজনে হিচবোনত ৰাজত্ব কৰিছিল, তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে “অনুগ্রহ কৰি আপোনালোকৰ দেশৰ মাজেদি আমাক আমি যাব লগা ঠাইলৈ যাব দিয়ক।”
Lúc ấy Ít-ra-ên sai sứ đến Hết-bôn xin Si-hôn, vua A-mô-rít, cho họ đi băng qua đất vua này.
20 ২০ কিন্তু চীহোনেও তেওঁলোকক বিশ্বাস নকৰিলে আৰু নিজৰ অঞ্চলৰ মাজেদি যোৱাৰ অনুমতি নিদিলে। তেওঁ নিজৰ সৈন্যসকলক গোট খুৱাই যহচত ছাউনি পাতিলে আৰু তাত ইস্ৰায়েলী লোকসকলৰ সৈতে যুদ্ধ কৰিলে।
Chẳng những không cho, vì không tin Ít-ra-ên, Vua Si-hôn còn thu thập toàn lực tại Gia-xa, đánh Ít-ra-ên.
21 ২১ তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই চীহোন আৰু তেওঁৰ সকলো লোকক ইস্রায়েলী লোকসকলৰ হাতত তুলি দি তেওঁলোকৰ অধীন কৰিলে। এইদৰে ইস্ৰায়েলে সেই দেশত নিবাস কৰা ইমোৰীয়াসকলৰ গোটেই দেশ অধিকাৰ কৰিলে।
Nhưng Chúa Hằng Hữu, là Đức Chúa Trời của Ít-ra-ên, đã cho họ thắng Vua Si-hôn. Vậy nên Ít-ra-ên chiếm đất A-mô-rít,
22 ২২ তেওঁলোকে অৰ্ণোনৰ পৰা যব্বোক পর্যন্ত আৰু মৰুপ্রান্তৰ পৰা যৰ্দ্দনলৈকে ইমোৰীয়াসকলৰ সীমাৰ ভিতৰৰ সমগ্র অঞ্চল অধিকাৰ কৰিলে।
từ Sông Ạt-nôn đến Sông Gia-bốc, và từ hoang mạc phía đông đến Giô-đan.
23 ২৩ এইদৰে ইস্ৰায়েল জাতিৰ ঈশ্বৰ যিহোৱাই যেতিয়া নিজে ইস্ৰায়েলৰ সন্মুখত ইমোৰীয়াসকলক খেদাই পঠালে, তেন্তে এতিয়া সেই লোকসকলৰ ভূমি জানো আপুনি অধিকাৰ কৰা উচিত?
Nếu Chúa Hằng Hữu, Đức Chúa Trời của Ít-ra-ên, lấy đất của người A-mô-rít cho Ít-ra-ên, thì vua có quyền gì lấy lại?
24 ২৪ আপোনাৰ কমোচ দেৱতাই আপোনাক যি ভূমিৰ অধিকাৰ দিছে, আপুনি জানো তাক অধিকাৰ নকৰিব? ঠিক সেইদৰে আমাৰ ঈশ্বৰ যিহোৱাই যি ঠাইৰ অধিকাৰ আমাক দিছে, আমি সেই ঠাইকে অধিকাৰ কৰিম।
Vua có từ chối những gì thần Kê-mốt cho vua không? Cũng thế, chúng tôi nhận tất cả đất Chúa Hằng Hữu cho chúng tôi.
25 ২৫ এতিয়া আপুনি কি মোৱাবৰ ৰজা চিপ্পোৰৰ পুতেক বালাকতকৈও উত্তম? তেওঁ ইস্ৰায়েলৰ অহিতে বিবাদ কৰিবলৈ জানো সাহস কৰিছিল? তেওঁলোকৰ বিৰুদ্ধে তেওঁ জানো কেতিয়াবা যুদ্ধ কৰিছিল?
Ngoài ra, vua có hơn gì Ba-lác, con Xếp-bô, vua Mô-áp không? Vua ấy đâu có dám tranh chấp, chiến đấu với Ít-ra-ên?
26 ২৬ তিনিশ বছৰ কাল ইস্রায়েলী লোকসকলে হিচবোন আৰু অৰোয়েৰ চহৰত, তাৰ গাওঁবোৰত আৰু অৰ্ণোনৰ নদীৰ পাৰৰ ওচৰত থকা সকলো চহৰত বাস কৰিছিল; সেই সময়তে আপোনালোকে কিয় সেইবোৰ ঠাই দখল কৰি নললে?
Hơn nữa, Ít-ra-ên đã định cư trong vùng này suốt 300 năm nay, từ Hết-bôn cho đến A-rô-e và dọc Sông Ạt-nôn. Tại sao đợi đến bây giờ vua mới đòi đất?
27 ২৭ এই বিষয়ত মই আপোনাৰ প্রতি কোনো অন্যায় কৰা নাই; বৰং মোৰ বিৰুদ্ধে যুদ্ধ কৰি আপুনিহে মোলৈ অন্যায় কৰিছে; বিচাৰকৰ্ত্তা যিহোৱায়ে এতিয়া ইস্ৰায়েলীয়া আৰু অম্মোনীয়াসকলৰ মাজত বিচাৰ কৰক’।
Tóm lại, tôi chẳng có lỗi gì với vua cả. Nhưng vua lại làm điều trái, gây chiến với chúng tôi. Nguyện xin Chúa Hằng Hữu, là Đấng Quan Án, xét xử vụ này giữa Ít-ra-ên và Am-môn.”
28 ২৮ তথাপি যিপ্তহে কৈ পঠোৱা এই সকলো বার্তাক অম্মোনীয়াসকলৰ ৰজাই অগ্রাহ্য কৰিলে।
Nhưng, vua Am-môn không quan tâm đến thông điệp Giép-thê.
29 ২৯ তেতিয়া যিহোৱাৰ আত্মা যিপ্তহৰ ওপৰত আছিল। তাতে তেওঁ গিলিয়দ আৰু মনচিৰ মাজেদি গৈ গিলিয়দৰ মিস্পালৈ আহিল আৰু তাৰ পৰা অম্মোনীয়াসকলৰ ওচৰলৈ গ’ল।
Lúc ấy, Thần của Chúa Hằng Hữu ngự trên Giép-thê, ông kéo quân băng qua đất Ga-la-át và Ma-na-se, vượt thành Mích-pa ở Ga-la-át, và tại đó ông tấn công người Am-môn.
30 ৩০ যিপ্তহে যিহোৱাৰ ওচৰত সঙ্কল্প কৰি ক’লে, “তুমি যদি মোক অম্মোনীয়াসকলৰ বিৰুদ্ধে বিজয়ী কৰোঁৱা,
Giép-thê khấn nguyện với Chúa Hằng Hữu: “Nếu Chúa cho tôi chiến thắng quân Am-môn,
31 ৩১ তেন্তে অম্মোনীয়াসকলৰ সৈতে যুদ্ধত জয়লাভ কৰি ঘূৰি যোৱাৰ সময়ত মোক আগবঢ়াই নিবৰ কাৰণে যেয়ে দুৱাৰ মেলি ঘৰৰ বাহিৰলৈ আহিব, সেয়ে যিহোৱাৰ হ’ব আৰু মই তাক হোমবলিৰূপে উৎসৰ্গ কৰিম।”
thì lúc trở về, tôi sẽ dâng tế lễ thiêu lên Chúa bất kỳ người hay vật nào từ trong nhà ra đón tôi trước tiên.”
32 ৩২ তাৰ পাছত যিপ্তহে অম্মোনিয়াসকলৰ লগত যুদ্ধ কৰিবলৈ মিস্পাৰ পৰা গ’ল আৰু যিহোৱাই তেওঁৰ হাতত অম্মোনিয়াসকলক তুলি দিলে।
Vậy Giép-thê lãnh đạo quân mình tấn công quân Am-môn, Chúa Hằng Hữu cho ông chiến thắng.
33 ৩৩ তেওঁ অৰোয়েৰৰ পৰা মিন্নীতৰ ওচৰত নগৰবোৰত আক্রমণ কৰি হত্যা কৰিলে আৰু আবেল-কৰামীমলৈকে বিশখন নগৰ জয় কৰিলে। এইদৰে অম্মোনীয়াসকলক ইস্ৰায়েলৰ অধীন কৰা হ’ল।
Ông tàn phá hai mươi thành từ A-rô-e đến Mi-nít và cho đến tận A-bên Kê-a-mim. Vậy, Ít-ra-ên đánh bại quân Am-môn.
34 ৩৪ যিপ্তহে যেতিয়া মিস্পাত নিজৰ ঘৰলৈ উলটি আহিল, তেতিয়া তেওঁক আগবঢ়াই নিবলৈ তেওঁৰ জীয়েক ওলাই আহিল। তাই খঞ্জৰী বজাই তালে তালে নাচি নাচি ওলাই আহিল; তাই যিপ্তহৰ একেজনী মাথোন জীয়েক আছিল আৰু তাইৰ বাহিৰে তেওঁৰ কোনো পুতেক বা জীয়েক নাছিল।
Khi Giép-thê về nhà ở Mích-pa, con gái ông chạy ra đón, vừa đánh trống con, vừa nhảy múa. Cô là con duy nhất của ông; ông không có con trai hay con gái nào khác.
35 ৩৫ যিপ্তহে নিজৰ জীয়েকক দেখা পোৱা মাত্ৰে নিজৰ কাপোৰ ফালি ক’লে, “হায়, মোৰ মাজনী! তুমি মোলৈ এয়া কি সর্বনাশ কৰিলা! তুমি যে মোক অতিশয় বেজাৰ দিলা! কিয়নো মই যিহোৱাৰ উদ্দেশ্যে যি শপত খালো, মই তাৰ পৰা ঘূৰিব নোৱাৰোঁ।”
Khi thấy con, ông xé áo mình đang mặc, than thở: “Ôi, con gái ta ơi! Con làm cho cha đau xót vô cùng! Con đặt cha trong tình trạng khó xử quá! Vì cha đã có lời thề nguyện với Chúa Hằng Hữu, cha không thể đổi lại được.”
36 ৩৬ তাই বাপেকক ক’লে, “পিতা, তুমি যিহোৱাক কথা দিলা, সেয়ে তোমাৰ কথা অনুসাৰে মোৰ প্রতি সকলো কৰা। কিয়নো যিহোৱাই তোমাৰ শত্ৰু অম্মোনীয়াসকলৰ ওপৰত তোমাৰ হৈ প্ৰতিকাৰ সাধিলে।”
Cô nói: “Thưa cha, nếu cha đã thề nguyện với Chúa Hằng Hữu, xin cha làm theo lời hứa nguyện, vì Chúa Hằng Hữu đã cho cha chiến thắng quân Am-môn.
37 ৩৭ তাৰ পাছত তাই ক’লে, “মোৰ বাবে এটা অনুৰোধ ৰাখক। মোক দুমাহৰ বাবে অকলে থাকিবলৈ দিয়ক; মোক পাহাৰে পাহাৰে ঘূৰি মোৰ কুমাৰীত্বৰ অৰ্থে সখীবোৰেৰে সৈতে বিলাপ কৰিবলৈ দিয়ক।”
Nhưng xin cho con làm việc này trước: Xin cha cho con hai tháng, để con cùng các bạn lên miền đồi núi, khóc than cho thân phận trinh nữ của con.”
38 ৩৮ যিপ্তহে ক’লে, “যোৱা।” এইবুলি তেওঁ তাইক দুমাহলৈ বিদায় দিলে; তেতিয়া তাই নিজ সখীসকলৰ সৈতে গৈ পাহাৰবোৰৰ ওপৰত নিজ কুমাৰীত্বৰ অৰ্থে বিলাপ কৰিবলৈ ধৰিলে।
Giép-thê nói: “Được, con cứ đi.” Và như vậy, cô và các bạn gái mình than khóc suốt hai tháng trên các đồi núi.
39 ৩৯ দুমাহৰ মূৰত তাই বাপেকৰ ওচৰলৈ উলটি আহিল; তাইৰ বাপেকে নিজে কৰা সঙ্কল্পৰ দৰে তাইলৈ কৰিলে; তাই কেতিয়াও কোনো পুৰুষৰ সৈতে সম্বন্ধ নকৰিলে। এই ঘটনাৰ পৰা ইস্ৰায়েলৰ মাজত এটা ৰীতি প্ৰচলিত হ’বলৈ ধৰিলে।
Sau hai tháng, cô trở về gặp cha. Ông thực hiện lời đã thề nguyện. Như thế, cô sống trọn đời trinh nữ. Từ đó trong Ít-ra-ên có tục lệ,
40 ৪০ ইস্ৰায়েলীয়া যুৱতীসকলে প্রত্যেক বছৰে চাৰি দিনৰ বাবে গিলিয়দীয়া যিপ্তহৰ জীয়েকৰ কথা কৈ বিলাপ কৰে।
hằng năm các thiếu nữ Ít-ra-ên đi khóc than con gái của Giép-thê trong bốn ngày.

< বিচারকচরিত 11 >