< বিচারকচরিত 11 >
1 ১ সেই কালত গিলিয়দীয়া যিপ্তহ এজন শক্তিশালী যোদ্ধা আছিল; তেওঁৰ মাক এগৰাকী বেশ্যা আছিল আৰু তেওঁৰ পিতৃৰ নাম গিলিয়দ আছিল।
Иефта, Галаадитул, ера ун ом витяз. Ел ера фиул уней курве. Галаад нэскусе пе Иефта.
2 ২ গিলিয়দৰ ভাৰ্যাই তেওঁলৈ আন কেইবাজনো পুত্রৰ জন্ম দিছিল। তেওঁৰ ভাৰ্যাৰ পুত্রসকল যেতিয়া ডাঙৰ হ’ল, তেওঁলোকে যিপ্তহক ঘৰৰ পৰা খেদি দি ক’লে, “তুমি আমাৰ পৰিয়ালৰ সম্পত্তিৰ কোনো অধিকাৰ নাপাবা; কিয়নো তুমি আন এগৰাকী মহিলাৰ সন্তান।”
Неваста луй Галаад й-а нэскут фий, каре, фэкынду-се марь, ау изгонит пе Иефта ши й-ау зис: „Ту ну вей авя моштенире ын каса татэлуй ностру, кэч ешть фиул уней алте фемей.”
3 ৩ সেয়ে যিপ্তহ নিজৰ ভাইসকলৰ কাষৰ পৰা পলাই গৈ টোব দেশত বাস কৰিবলৈ ধৰিলে। তাত কেইজনমান উদণ্ড লোকে আহি যিপ্তহেৰে সৈতে যোগ দিলে আৰু তেওঁৰ লগত চলা-ফুৰা কৰিলে।
Ши Иефта а фуӂит де ла фраций луй ши а локуит ын цара Тоб. Ниште оамень фэрэ кэпэтый с-ау стрынс ла Иефта ши фэчяу плимбэрь ку ел.
4 ৪ কিছু কালৰ পাছত অম্মোনীয়াসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰিবলৈ ধৰিলে।
Дупэ кытва тимп, фиий луй Амон ау порнит ку рэзбой ымпотрива луй Исраел.
5 ৫ যেতিয়া অম্মোনীয়াসকলে ইস্ৰায়েলীসকলৰ সৈতে যুদ্ধ কৰিছিল, তেতিয়া গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক টোব দেশৰ পৰা আনিবলৈ গ’ল।
Ши пе кынд фиий луй Амон фэчяу рэзбой ку Исраел, бэтрыний Галаадулуй с-ау дус сэ кауте пе Иефта дин цара Тоб.
6 ৬ তেওঁলোকে যিপ্তহক ক’লে, “আমি অম্মোনীয়াসকলৰ লগত যুদ্ধ কৰিম, সেয়ে তুমি আহি আমাৰ সেনাপতি হোৱা।”
Ей ау зис луй Иефта: „Вино де фий кэпетения ноастрэ ши сэ батем пе фиий луй Амон.”
7 ৭ যিপ্তহে গিলিয়দৰ নেতাসকলক ক’লে, “তোমালোকেই ঘিণ কৰি পিতৃ-বংশৰ মাজৰ পৰা মোক খেদি দিছিলা। এতিয়া সঙ্কটত পৰি কিয় মোৰ ওচৰলৈ আহিছা?”
Иефта а рэспунс бэтрынилор Галаадулуй: „Ну м-аць урыт вой ши ну м-аць изгонит вой дин каса татэлуй меу? Пентру че вениць ла мине акум, кынд сунтець ын стрымтораре?”
8 ৮ গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক ক’লে, “সেই কাৰণেই আমি এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ; তুমি আমাৰ লগত গৈ অম্মোনীয়াসকলৰ সৈতে যুদ্ধ কৰা আৰু তুমিয়েই গিলিয়দনিবাসী সকলো লোকৰ ওপৰত নেতা হবা।”
Бэтрыний Галаадулуй ау зис луй Иефта: „Не ынтоарчем ла тине акум ка сэ мерӂь ку ной, сэ баць пе фиий луй Амон ши сэ фий кэпетения ноастрэ, кэпетения тутурор локуиторилор Галаадулуй.”
9 ৯ তেতিয়া যিপ্তহে গিলিয়দৰ বৃদ্ধসকলক ক’লে, “আপোনালোকে যদি অম্মোনৰ সৈন্যবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোক ঘৰলৈ পুনৰ ওলোটাই নিয়ে আৰু যিহোৱায়ো যদি তেওঁলোকৰ ওপৰত আমাক বিজয়ী কৰে, তেন্তে মইয়ে আপোনালোকৰ নেতা হ’ম।”
Иефта а рэспунс бэтрынилор Галаадулуй: „Дакэ мэ адучець ынапой ка сэ бат пе фиий луй Амон ши дакэ Домнул ый ва да ынаинтя мя, вой фи еу оаре кэпетения воастрэ?”
10 ১০ গিলিয়দৰ বৃদ্ধসকলে ক’লে, “আমি যদি আমাৰ কথামতে কাম নকৰোঁ, তেন্তে যিহোৱা আমাৰ মাজত সাক্ষী হৈ থাকক!”
Бэтрыний Галаадулуй ау зис луй Иефта: „Домнул сэ не аудэ ши сэ жудече дакэ ну вом фаче че спуй.”
11 ১১ তেতিয়া যিপ্তহ গিলিয়দৰ বৃদ্ধ নেতাসকলৰ সৈতে গ’ল আৰু লোক সকলে তেওঁকে তেওঁলোকৰ নেতা আৰু সেনাপতি পাতিলে; তাৰ পাছত যিপ্তহে মিস্পাত গৈ যিহোৱাৰ সন্মুখত তেওঁৰ প্রতিজ্ঞাবোৰৰ কথা জনালে।
Ши Иефта а порнит ку бэтрыний Галаадулуй. Попорул л-а пус ын фрунтя луй ши л-а ашезат кэпетение, ши Иефта а спус дин ноу ынаинтя Домнулуй, ла Мицпа, тоате кувинтеле пе каре ле ростисе.
12 ১২ তাৰ পাছত যিপ্তহে মানুহ পঠাই অম্মোনীয়াসকলৰ ৰজালৈ এই কথা সুধিলে, “আপোনাৰ আৰু আমাৰ মাজত কি সমস্যা হৈছে? কিয় আমাৰ দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছে?”
Иефта а тримис соль ымпэратулуй фиилор луй Амон ка сэ-й спунэ: „Че ай ку мине де вий ымпотрива мя сэ фачь рэзбой ымпотрива цэрий меле?”
13 ১৩ অম্মোনীয়াসকলৰ ৰজাই যিপ্তহে পঠোৱা লোকসকলক কৈ পঠালে, “ইস্ৰায়েলীয়াসকলে মিচৰ দেশৰ পৰা বাহিৰ হৈ আহি অৰ্ণোন নদীৰ পৰা যব্বোকলৈ আৰু যৰ্দ্দনলৈকে মোৰ মাটি কাঢ়ি ল’লে; গতিকে এতিয়া অশান্তি নকৰাকৈ তাক ওলোটাই দিয়ক।”
Ымпэратул фиилор луй Амон а рэспунс солилор луй Иефта: „Пентру кэ Исраел, кынд с-а суит дин Еӂипт, а пус мына пе цара мя, де ла Арнон пынэ ла Иабок ши Йордан. Дэ-мь-о ынапой акум де бунэвое.”
14 ১৪ পুনৰ যিপ্তহে অম্মোনীয়াসকলৰ ৰজাৰ ওচৰলৈ লোক পঠালে।
Иефта а тримис ярэшь соль ымпэратулуй фиилор луй Амон
15 ১৫ তেওঁ এই বাৰ্তা দিলে, যিপ্তহে কৈছে: ইস্রায়েলে মোৱাব আৰু অম্মোনৰ লোকসকলৰ মাটি কাঢ়ি লোৱা নাছিল।
ка сэ-й спунэ: „Аша ворбеште Иефта: ‘Исраел н-а пус мына пе цара Моабулуй, нич пе цара фиилор луй Амон.
16 ১৬ কিন্তু মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত ইস্ৰায়েলী লোকসকলে মৰুপ্রান্তৰৰ মাজেদি ভ্ৰমণ কৰি চূফ সাগৰলৈকে গৈছিল আৰু তাৰ পাছতে কাদেচলৈ গৈছিল।
Кэч, кынд с-а суит Исраел дин Еӂипт, а мерс ын пустиу пынэ ла Маря Рошие ши а ажунс ла Кадес.
17 ১৭ তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইদোমৰ ৰজাৰ ওচৰলৈ লোক পঠিয়াই বিনয় কৰি কৈছিল, ‘আপোনালোকৰ ভূমিৰ মাজেদি আমাক যাবলৈ অনুমতি দিয়ক।’ কিন্তু ইদোমৰ ৰজাই সেই কথা নুশুনিলে। পাছত তেওঁলোকে মোৱাবৰ ৰজাৰ ওচৰলৈকো লোক পঠিয়াইছিল, কিন্তু তেৱোঁ সন্মত নহ’ল। সেয়ে ইস্ৰায়েলী লোকসকল কাদেচতে থাকিল।
Атунч, Исраел а тримис соль ымпэратулуй Едомулуй ка сэ-й спунэ: «Ласэ-мэ сэ трек прин цара та.» Дар ымпэратул Едомулуй н-а воит. А тримис ши ла ымпэратул Моабулуй, ши нич ел н-а врут. Ши Исраел а рэмас ла Кадес.
18 ১৮ তাৰ পাছত তেওঁলোকে মৰুপ্রান্তৰৰ মাজেদি গৈ ইদোম আৰু মোৱাব দেশৰ পৰা ঘূৰি মোৱাব দেশৰ পূৱ ফালেদি আহি অৰ্ণোন নদীৰ সিপাৰে ছাউনি পাতিলে; তেওঁলোকে মোৱাবৰ সীমাৰ ভিতৰত নোসোমাল, কিয়নো অৰ্ণোন নদী মোৱাবৰ সীমা আছিল।
Апой а мерс прин пустиу, а околит цара Едомулуй ши цара Моабулуй ши а венит ла рэсэритул цэрий Моабулуй; ау тэбэрыт динколо де Арнон, фэрэ сэ интре пе цинутул Моабулуй, кэч Арнонул ера хотарул Моабулуй.
19 ১৯ তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইমোৰীয়াসকলৰ ৰজা চীহোন, যিজনে হিচবোনত ৰাজত্ব কৰিছিল, তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে “অনুগ্রহ কৰি আপোনালোকৰ দেশৰ মাজেদি আমাক আমি যাব লগা ঠাইলৈ যাব দিয়ক।”
Исраел а тримис соль луй Сихон, ымпэратул аморицилор, ымпэратул Хесбонулуй. Ши Исраел й-а зис: «Ласэ-мэ сэ трек прин цара та пынэ ла локул спре каре мерӂем.»
20 ২০ কিন্তু চীহোনেও তেওঁলোকক বিশ্বাস নকৰিলে আৰু নিজৰ অঞ্চলৰ মাজেদি যোৱাৰ অনুমতি নিদিলে। তেওঁ নিজৰ সৈন্যসকলক গোট খুৱাই যহচত ছাউনি পাতিলে আৰু তাত ইস্ৰায়েলী লোকসকলৰ সৈতে যুদ্ধ কৰিলে।
Дар Сихон н-а авут ынкредере ын Исраел, ка сэ-л ласе сэ трякэ пе цинутул луй, шь-а стрынс тот попорул, а тэбэрыт ла Иахат ши а луптат ымпотрива луй Исраел.
21 ২১ তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই চীহোন আৰু তেওঁৰ সকলো লোকক ইস্রায়েলী লোকসকলৰ হাতত তুলি দি তেওঁলোকৰ অধীন কৰিলে। এইদৰে ইস্ৰায়েলে সেই দেশত নিবাস কৰা ইমোৰীয়াসকলৰ গোটেই দেশ অধিকাৰ কৰিলে।
Домнул Думнезеул луй Исраел а дат пе Сихон ши пе тот попорул луй ын мыниле луй Исраел, каре й-а бэтут. Исраел а пус мына пе тоатэ цара аморицилор каре ерау ашезаць ын цара ачаста.
22 ২২ তেওঁলোকে অৰ্ণোনৰ পৰা যব্বোক পর্যন্ত আৰু মৰুপ্রান্তৰ পৰা যৰ্দ্দনলৈকে ইমোৰীয়াসকলৰ সীমাৰ ভিতৰৰ সমগ্র অঞ্চল অধিকাৰ কৰিলে।
Ау пус мына пе тот цинутул аморицилор, де ла Арнон пынэ ла Иабок ши де ла пустиу пынэ ла Йордан.
23 ২৩ এইদৰে ইস্ৰায়েল জাতিৰ ঈশ্বৰ যিহোৱাই যেতিয়া নিজে ইস্ৰায়েলৰ সন্মুখত ইমোৰীয়াসকলক খেদাই পঠালে, তেন্তে এতিয়া সেই লোকসকলৰ ভূমি জানো আপুনি অধিকাৰ কৰা উচিত?
Ши акум, кынд Домнул Думнезеул луй Исраел а изгонит пе амориць динаинтя попорулуй Сэу Исраел, ту сэ ле стэпынешть цара?
24 ২৪ আপোনাৰ কমোচ দেৱতাই আপোনাক যি ভূমিৰ অধিকাৰ দিছে, আপুনি জানো তাক অধিকাৰ নকৰিব? ঠিক সেইদৰে আমাৰ ঈশ্বৰ যিহোৱাই যি ঠাইৰ অধিকাৰ আমাক দিছে, আমি সেই ঠাইকে অধিকাৰ কৰিম।
Оаре че-ць дэ ын стэпынире думнезеул тэу, Кемош, ну вей стэпыни? Ши тот че не-а дат ын стэпынире Домнул Думнезеул ностру, ынаинтя ноастрэ, ной сэ ну стэпыним?
25 ২৫ এতিয়া আপুনি কি মোৱাবৰ ৰজা চিপ্পোৰৰ পুতেক বালাকতকৈও উত্তম? তেওঁ ইস্ৰায়েলৰ অহিতে বিবাদ কৰিবলৈ জানো সাহস কৰিছিল? তেওঁলোকৰ বিৰুদ্ধে তেওঁ জানো কেতিয়াবা যুদ্ধ কৰিছিল?
Ешть ту май бун декыт Балак, фиул луй Ципор, ымпэратул Моабулуй? С-а чертат ел ку Исраел сау а фэкут ел рэзбой ымпотрива луй?
26 ২৬ তিনিশ বছৰ কাল ইস্রায়েলী লোকসকলে হিচবোন আৰু অৰোয়েৰ চহৰত, তাৰ গাওঁবোৰত আৰু অৰ্ণোনৰ নদীৰ পাৰৰ ওচৰত থকা সকলো চহৰত বাস কৰিছিল; সেই সময়তে আপোনালোকে কিয় সেইবোৰ ঠাই দখল কৰি নললে?
Ятэ кэ сунт трей суте де ань де кынд локуеште Исраел ла Хесбон ши ын сателе дин журул луй, ла Ароер ши ын сателе дин журул луй ши ын тоате четэциле каре сунт пе малул Арнонулуй. Пентру че ну и ле-аць луат ын тот тимпул ачеста?
27 ২৭ এই বিষয়ত মই আপোনাৰ প্রতি কোনো অন্যায় কৰা নাই; বৰং মোৰ বিৰুদ্ধে যুদ্ধ কৰি আপুনিহে মোলৈ অন্যায় কৰিছে; বিচাৰকৰ্ত্তা যিহোৱায়ে এতিয়া ইস্ৰায়েলীয়া আৰু অম্মোনীয়াসকলৰ মাজত বিচাৰ কৰক’।
Еу ну те-ам супэрат делок, ши рэу те-ай пуртат ку мине, фэкынду-мь рэзбой. Домнул сэ жудече лукрул ачеста. Ел сэ фие астэзь жудекэтор ынтре фиий луй Исраел ши фиий луй Амон.’”
28 ২৮ তথাপি যিপ্তহে কৈ পঠোৱা এই সকলো বার্তাক অম্মোনীয়াসকলৰ ৰজাই অগ্রাহ্য কৰিলে।
Ымпэратул фиилор луй Амон н-а аскултат кувинтеле пе каре а тримис Иефта сэ и ле спунэ.
29 ২৯ তেতিয়া যিহোৱাৰ আত্মা যিপ্তহৰ ওপৰত আছিল। তাতে তেওঁ গিলিয়দ আৰু মনচিৰ মাজেদি গৈ গিলিয়দৰ মিস্পালৈ আহিল আৰু তাৰ পৰা অম্মোনীয়াসকলৰ ওচৰলৈ গ’ল।
Духул Домнулуй а венит песте Иефта. Иефта а стрэбэтут Галаадул ши Манасе; а трекут ла Мицпе, ын Галаад, ши дин Мицпе, дин Галаад, а порнит ымпотрива фиилор луй Амон.
30 ৩০ যিপ্তহে যিহোৱাৰ ওচৰত সঙ্কল্প কৰি ক’লে, “তুমি যদি মোক অম্মোনীয়াসকলৰ বিৰুদ্ধে বিজয়ী কৰোঁৱা,
Иефта а фэкут о журуинцэ Домнулуй ши а зис: „Дакэ вей да ын мыниле меле пе фиий луй Амон,
31 ৩১ তেন্তে অম্মোনীয়াসকলৰ সৈতে যুদ্ধত জয়লাভ কৰি ঘূৰি যোৱাৰ সময়ত মোক আগবঢ়াই নিবৰ কাৰণে যেয়ে দুৱাৰ মেলি ঘৰৰ বাহিৰলৈ আহিব, সেয়ে যিহোৱাৰ হ’ব আৰু মই তাক হোমবলিৰূপে উৎসৰ্গ কৰিম।”
орьчине ва еши пе порциле касей меле ынаинтя мя, ла ынтоарчеря мя феричитэ де ла фиий луй Амон, ва фи ынкинат Домнулуй ши-л вой адуче ка ардере-де-тот.”
32 ৩২ তাৰ পাছত যিপ্তহে অম্মোনিয়াসকলৰ লগত যুদ্ধ কৰিবলৈ মিস্পাৰ পৰা গ’ল আৰু যিহোৱাই তেওঁৰ হাতত অম্মোনিয়াসকলক তুলি দিলে।
Иефта а порнит ымпотрива фиилор луй Амон ши Домнул й-а дат ын мыниле луй.
33 ৩৩ তেওঁ অৰোয়েৰৰ পৰা মিন্নীতৰ ওচৰত নগৰবোৰত আক্রমণ কৰি হত্যা কৰিলে আৰু আবেল-কৰামীমলৈকে বিশখন নগৰ জয় কৰিলে। এইদৰে অম্মোনীয়াসকলক ইস্ৰায়েলৰ অধীন কৰা হ’ল।
Ле-а причинуит о фоарте маре ынфрынӂере, де ла Ароер пынэ спре Минит, лок каре куприндя доуэзечь де четэць, ши пынэ ла Абел-Керамим. Ши фиий луй Амон ау фост смериць ынаинтя копиилор луй Исраел.
34 ৩৪ যিপ্তহে যেতিয়া মিস্পাত নিজৰ ঘৰলৈ উলটি আহিল, তেতিয়া তেওঁক আগবঢ়াই নিবলৈ তেওঁৰ জীয়েক ওলাই আহিল। তাই খঞ্জৰী বজাই তালে তালে নাচি নাচি ওলাই আহিল; তাই যিপ্তহৰ একেজনী মাথোন জীয়েক আছিল আৰু তাইৰ বাহিৰে তেওঁৰ কোনো পুতেক বা জীয়েক নাছিল।
Иефта с-а ынторс акасэ ла Мицпа. Ши ятэ кэ фийкэ-са й-а ешит ынаинте ку тимпане ши жокурь. Еа ера сингурул луй копил; н-авя фий ши нич алтэ фатэ.
35 ৩৫ যিপ্তহে নিজৰ জীয়েকক দেখা পোৱা মাত্ৰে নিজৰ কাপোৰ ফালি ক’লে, “হায়, মোৰ মাজনী! তুমি মোলৈ এয়া কি সর্বনাশ কৰিলা! তুমি যে মোক অতিশয় বেজাৰ দিলা! কিয়নো মই যিহোৱাৰ উদ্দেশ্যে যি শপত খালো, মই তাৰ পৰা ঘূৰিব নোৱাৰোঁ।”
Кум а вэзут-о, ел шь-а рупт хайнеле ши а зис: „Ах, фата мя, адынк мэ ловешть ши мэ тулбурь! Ам фэкут о журуинцэ Домнулуй ши н-о пот ынтоарче.”
36 ৩৬ তাই বাপেকক ক’লে, “পিতা, তুমি যিহোৱাক কথা দিলা, সেয়ে তোমাৰ কথা অনুসাৰে মোৰ প্রতি সকলো কৰা। কিয়নো যিহোৱাই তোমাৰ শত্ৰু অম্মোনীয়াসকলৰ ওপৰত তোমাৰ হৈ প্ৰতিকাৰ সাধিলে।”
Еа й-а зис: „Татэ, ай фэкут о журуинцэ Домнулуй, фэ-мь потривит ку чея че ць-а ешит дин гурэ, акум, кынд Домнул те-а рэзбунат пе врэжмаший тэй, пе фиий луй Амон.”
37 ৩৭ তাৰ পাছত তাই ক’লে, “মোৰ বাবে এটা অনুৰোধ ৰাখক। মোক দুমাহৰ বাবে অকলে থাকিবলৈ দিয়ক; মোক পাহাৰে পাহাৰে ঘূৰি মোৰ কুমাৰীত্বৰ অৰ্থে সখীবোৰেৰে সৈতে বিলাপ কৰিবলৈ দিয়ক।”
Ши еа а зис татэлуй сэу: „Атыт ынгэдуе-мь: ласэ-мэ слободэ доуэ лунь, ка сэ мэ дук сэ мэ кобор ын мунць ши сэ-мь плынг фечория ку товарэшеле меле.”
38 ৩৮ যিপ্তহে ক’লে, “যোৱা।” এইবুলি তেওঁ তাইক দুমাহলৈ বিদায় দিলে; তেতিয়া তাই নিজ সখীসকলৰ সৈতে গৈ পাহাৰবোৰৰ ওপৰত নিজ কুমাৰীত্বৰ অৰ্থে বিলাপ কৰিবলৈ ধৰিলে।
Ел а рэспунс: „Ду-те!” Ши а лэсат-о слободэ доуэ лунь. Еа с-а дус ку товарэшеле ей ши шь-а плынс фечория пе мунць.
39 ৩৯ দুমাহৰ মূৰত তাই বাপেকৰ ওচৰলৈ উলটি আহিল; তাইৰ বাপেকে নিজে কৰা সঙ্কল্পৰ দৰে তাইলৈ কৰিলে; তাই কেতিয়াও কোনো পুৰুষৰ সৈতে সম্বন্ধ নকৰিলে। এই ঘটনাৰ পৰা ইস্ৰায়েলৰ মাজত এটা ৰীতি প্ৰচলিত হ’বলৈ ধৰিলে।
Дупэ челе доуэ лунь, с-а ынторс ла татэл ей ши ел а ымплинит ку еа журуинца пе каре о фэкусе. Еа ну куноскусе ымпреунаря ку бэрбат. Де атунч с-а фэкут ын Исраел обичеюл
40 ৪০ ইস্ৰায়েলীয়া যুৱতীসকলে প্রত্যেক বছৰে চাৰি দিনৰ বাবে গিলিয়দীয়া যিপ্তহৰ জীয়েকৰ কথা কৈ বিলাপ কৰে।
кэ, ын тоць аний, фетеле луй Исраел се дук сэ прэзнуяскэ пе фийка луй Иефта, Галаадитул, патру зиле пе ан.