< বিচারকচরিত 10 >
1 ১ অবীমেলকৰ পাছত তোলা নামৰ ইচাখৰ বংশৰ এজন লোকে ইস্রায়েলী লোকসকলক উদ্ধাৰ কৰিবলৈ আহিল। পূৱাৰ পুত্ৰ তোলা আৰু দোদোৰ নাতি তেওঁ ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলৰ চামীৰত বাস কৰিছিল।
Después de Abimelec, Tola, hijo de Puah, hijo de Dodo, un hombre de Isacar, se levantó para salvar a Israel. Vivió en Shamir, en la región montañosa de Efraín.
2 ২ তেওঁ তেইশ বছৰ ধৰি ইস্ৰায়েলৰ বিচাৰকর্তা আছিল। তাৰ পাছত তেওঁৰ মৃত্যু হ’ল আৰু চামীৰত তেওঁক মৈদাম দিয়া হ’ল।
Juzgó a Israel durante veintitrés años, murió y fue enterrado en Samir.
3 ৩ তোলাৰ পাছত গিলিয়দীয়া যায়ীৰ বাইশ বছৰ ইস্ৰায়েলী লোকসকলৰ বিচাৰকর্তা আছিল।
Después de él se levantó Jair, el Galaadita. Juzgó a Israel durante veintidós años.
4 ৪ যায়ীৰৰ ত্ৰিশ জন পুতেক আছিল আৰু তেওঁলোকে ত্ৰিশটা গাধত উঠি ফুৰিছিল: তেওঁলোকৰ ত্ৰিশখন নগৰ আছিল; আজিও সেই নগৰবোৰক হব্বোৎ-যায়ীৰ বোলা হয়।
Tenía treinta hijos que montaban en treinta asnos. Tenían treinta ciudades, que hasta hoy se llaman Havvoth Jair, que están en el país de Galaad.
5 ৫ যায়ীৰৰ মৃত্যুৰ পাছত কামোনত তেওঁক মৈদাম দিয়া হ’ল।
Jair murió y fue enterrado en Kamon.
6 ৬ ইস্ৰায়েলী লোকসকলে যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিবলৈ ধৰিলে; তেওঁলোকে বাল-দেৱতা, অষ্টাৰেৎ দেবী আৰু অৰাম, চীদোন, মোৱাব, অম্মোন আৰু পলেষ্টীয়াসকলৰ দেৱ-দেৱীসকলৰ পূজা কৰিবলৈ ধৰিলে। এইদৰে তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে আৰু তেওঁৰ উপাসনা নকৰিলে।
Los hijos de Israel volvieron a hacer lo que era malo a los ojos de Yahvé, y sirvieron a los baales, a Astarot, a los dioses de Siria, a los dioses de Sidón, a los dioses de Moab, a los dioses de los hijos de Amón y a los dioses de los filisteos. Abandonaron a Yahvé y no le sirvieron.
7 ৭ সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু পলেষ্টীয়া আৰু অম্মোনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে।
La ira de Yahvé ardió contra Israel, y lo vendió en manos de los filisteos y de los hijos de Amón.
8 ৮ তেওঁলোকে সেই বছৰত ইস্ৰায়েলীয়াসকলক উপদ্রৱ কৰি জয় কৰিলে; ওঠৰ বছৰ ধৰি যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দৰ ইমোৰীয়া দেশত বাস কৰা সকলো ইস্ৰায়েলীয়া লোকক তেওঁলোকে উপদ্রৱ কৰিছিল।
Aquel año molestaron y oprimieron a los hijos de Israel. Durante dieciocho años oprimieron a todos los hijos de Israel que estaban al otro lado del Jordán, en la tierra de los amorreos, que está en Galaad.
9 ৯ অম্মোনীয়াসকলে যিহূদা, বিন্যামীন আৰু ইফ্ৰয়িম ফৈদৰ বিপক্ষে যুদ্ধ কৰিবলৈ যৰ্দ্দন পাৰ হৈ গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে অতিশয় কষ্ট ভোগ কৰিলে।
Los hijos de Amón pasaron el Jordán para luchar también contra Judá, contra Benjamín y contra la casa de Efraín, de modo que Israel estaba muy afligido.
10 ১০ তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, “আমি নিজ ঈশ্বৰক ত্যাগ কৰি বাল-দেৱতাবোৰক পূজা কৰি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”
Los hijos de Israel clamaron a Yahvé diciendo: “Hemos pecado contra ti, porque hemos abandonado a nuestro Dios y hemos servido a los baales.”
11 ১১ যিহোৱাই তেওঁলোকক ক’লে, “মই জানো মিচৰীয়া, ইমোৰীয়া, অম্মোনীয়া আৰু পলেষ্টীয়াসকলৰ পৰা তোমালোকক উদ্ধাৰ কৰা নাছিলো?
El Señor dijo a los hijos de Israel: “¿No os salvé de los egipcios, de los amorreos, de los hijos de Amón y de los filisteos?
12 ১২ যেতিয়া চীদোনীয়া, অমালেকীয়া আৰু মায়োনীয়াসকলে তোমালোকক উপদ্ৰৱ কৰিছিল, তেতিয়া তোমালোকে মোৰ আগত কাতৰোক্তি কৰিছিলা আৰু মই তোমালোকক তেওঁলোকৰ অধীনৰ পৰা উদ্ধাৰ কৰিছিলোঁ।
También os oprimieron los sidonios, los amalecitas y los maonitas; y vosotros clamasteis a mí, y yo os salvé de su mano.
13 ১৩ তথাপিও তোমালোকে মোক পুনৰ ত্যাগ কৰিলা আৰু আন দেৱ-দেৱীসকলক পূজা কৰিবলৈ ধৰিলা; গতিকে মই তোমালোকক বাৰে বাৰে ৰক্ষা কৰি নাথাকিম।
Pero me habéis abandonado y habéis servido a otros dioses. Por eso no os salvaré más.
14 ১৪ যি দেৱতাবোৰক তোমালোকে পূজা কৰিছিলা তেওঁলোকৰ ওচৰলৈ গৈ কাতৰোক্তি কৰা; সঙ্কটৰ সময়ত তেওঁলোকেই তোমালোকক ৰক্ষা কৰক।”
Ve y clama a los dioses que has elegido. Que te salven en el momento de tu angustia”.
15 ১৫ কিন্তু ইস্ৰায়েলীয়াসকলে যিহোৱাক ক’লে, “আমি পাপ কৰিলোঁ; আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকেই আমালৈ কৰক; অনুগ্রহ কৰি কেৱল এইবাৰ আপুনি আমাক উদ্ধাৰ কৰক।”
Los hijos de Israel dijeron a Yahvé: “¡Hemos pecado! Haz con nosotros lo que te parezca bien; sólo líbranos, por favor, hoy”.
16 ১৬ তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল, সেইসকলো দূৰ কৰি তেওঁলোকে যিহোৱাৰ সেৱা কৰিলে; তাতে ইস্ৰায়েলৰ কষ্ট দেখি যিহোৱাই দূখ কৰিলে।
Abandonaron los dioses extranjeros de entre ellos y sirvieron a Yahvé; y su alma se entristeció por la miseria de Israel.
17 ১৭ তেতিয়া অম্মোনীয়াসকলে একগোট হৈ গিলিয়দত ছাউনি পাতিলে আৰু ইস্ৰায়েলী লোকসকলেও লগ হৈ মিস্পাত ছাউনি পাতিলে।
Entonces los hijos de Amón se reunieron y acamparon en Galaad. Los hijos de Israel se reunieron y acamparon en Mizpa.
18 ১৮ গিলিয়দৰ নেতাসকলে এজনে আন জনক ক’লে, “অম্মোনীয়াসকলৰ লগত প্রথমে কোনে যুদ্ধ আৰম্ভ কৰিব? যিজনে কৰিব, তেঁৱেই গিলিয়দ-নিবাসী সকলো লোকৰ ওপৰত নেতা হ’ব।”
El pueblo, los príncipes de Galaad, se dijeron unos a otros: “¿Quién es el hombre que comenzará a luchar contra los hijos de Amón? Él será el jefe de todos los habitantes de Galaad”.