< যোশুয়া 1 >

1 যিহোৱাৰ দাস মোচিৰ মৃত্যুৰ পাছত, যিহোৱাই মোচিৰ পৰিচাৰক নুনৰ পুত্ৰ যিহোচূৱাক ক’লে,
Lẹ́yìn ikú u Mose ìránṣẹ́ Olúwa, Olúwa sọ fún Joṣua ọmọ Nuni, olùrànlọ́wọ́ ọ Mose,
2 “মোৰ দাস মোচিৰ মৃত্যু হ’ল; এতেকে তুমি এতিয়া উঠা আৰু এই লোকসকলৰ সৈতে, মই যি দেশ ইস্ৰায়েলৰ সন্তানসকলক দিছোঁ, সেই দেশলৈ যৰ্দ্দন নদী পাৰ হৈ যোৱা।
“Mose ìránṣẹ́ mi ti kú. Nísinsin yìí, ìwọ àti gbogbo àwọn ènìyàn wọ̀nyí, ẹ múra láti kọjá odò Jordani lọ sí ilẹ̀ tí Èmi ó fi fún wọn fún àwọn ará Israẹli.
3 যি যি ঠাইত তোমালোকে ভৰি দিবা, মই মোচিক কোৱাৰ দৰে সেইবোৰ ঠাই তোমালোকক দিলোঁ৷
Èmi yóò fún un yín ní gbogbo ibi tí ẹ bá fi ẹsẹ̀ ẹ yín tẹ̀, gẹ́gẹ́ bí mo ti ṣe ìlérí fún Mose.
4 সেই মৰুপ্ৰান্তৰ পৰা লিবানোন হৈ মহানদী ফৰাৎ নদীলৈকে, সূৰ্য অস্ত যোৱা ফালৰ পৰা মহা-সমুদ্ৰলৈকে হিত্তীয়াসকলৰ গোটেই দেশ তোমালোকৰ অঞ্চল হ’ব।
Ilẹ̀ ẹ yín yóò fẹ̀ láti aginjù Lebanoni, àti láti odò ńlá, ti Eufurate—gbogbo orílẹ̀-èdè Hiti títí ó fi dé Òkun Ńlá ní ìwọ̀-oòrùn.
5 তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ।
Kì yóò sí ẹnikẹ́ni tí yóò le è dúró níwájú rẹ ní ọjọ́ ayé è rẹ gbogbo. Bí mo ti wà pẹ̀lú u Mose, bẹ́ẹ̀ ni Èmi yóò wà pẹ̀lú rẹ, Èmi kì yóò fi ọ́ sílẹ̀, bẹ́ẹ̀ ni Èmi kì yóò kọ̀ ọ́.
6 তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো এই লোকসকলক যি দেশ দিবলৈ মই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত খাইছিলোঁ, তাক তুমিহে এই লোকসকলক অধিকাৰ প্ৰাপ্ত কৰাবা।
“Jẹ́ alágbára kí o sì mú àyà le, nítorí ìwọ ni yóò ṣe amọ̀nà àwọn ènìyàn wọ̀nyí, láti lè jogún ilẹ̀ tí mo ti búra fún àwọn baba ńlá a wọn láti fi fún wọn.
7 মোৰ দাস মোচিয়ে তোমাক আজ্ঞা কৰা গোটেই ব্যৱস্থা সাৱধানে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ, মথোন তুমি বলৱান আৰু অতিশয় সাহসিয়াল হোৱা; তুমি যি যি ঠাইলৈ যোৱা, সেই সকলো ঠাইতে কৃতকাৰ্য্য হ’বৰ কাৰণে তুমি সেই ব্যৱস্থাৰ পৰা সোঁ কি বাওঁহাতে নুঘূৰিবা।
Jẹ́ alágbára, kí o sì mú àyà le gidigidi. Kí o sì ṣọ́ra láti pa gbogbo òfin tí Mose ìránṣẹ́ mi fún ọ mọ́, má ṣe yà kúrò nínú u rẹ̀ sí ọ̀tún tàbí sí òsì, kí ìwọ kí ó lè ṣe rere níbikíbi tí ìwọ bá ń lọ.
8 এই বিধান-পুস্তক খনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা।
Má ṣe jẹ́ kí ìwé òfin yìí kúrò ní ẹnu rẹ, máa ṣe àṣàrò nínú u rẹ̀ ní ọ̀sán àti ní òru, kí ìwọ kí ó lè ṣọ́ra láti ṣe gbogbo nǹkan tí a kọ sí inú u rẹ̀. Nígbà náà ni yóò dára fún ọ, ìwọ yóò sì ní àṣeyọrí.
9 মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”
Èmi kò ha ti pàṣẹ fún ọ bí? Jẹ́ alágbára kí o sì mú àyà le. Má ṣe bẹ̀rù, má sì ṣe rẹ̀wẹ̀sì, nítorí pé Olúwa à rẹ yóò wà pẹ̀lú rẹ ní ibikíbi tí ìwọ bá ń lọ.”
10 ১০ তেতিয়া যিহোচূৱাই লোকসকলৰ বিষয়াসকলক আজ্ঞা দি ক’লে,
Báyìí ni Joṣua pàṣẹ fún olórí àwọn ènìyàn rẹ̀,
11 ১১ “তোমালোকে চাউনিৰ মাজেদি গৈ লোকসকলক এই আজ্ঞা কৰা, ‘তোমালোক প্ৰত্যেকে নিজৰ কাৰণে বাটৰ সম্বল যুগুত কৰা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে তোমালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰিবৰ বাবে তিনি দিনৰ ভিতৰত তোমালোকে সেই যৰ্দ্দন নদী পাৰ হৈ যাব লাগিব’।”
“Ẹ la ibùdó já, kí ẹ sì sọ fún àwọn ènìyàn, ‘Ẹ pèsè oúnjẹ yín sílẹ̀. Ní ìwòyí ọ̀túnla, ẹ̀yin yóò la Jordani yìí kọjá, láti gba ilẹ̀ tí Olúwa Ọlọ́run yín fi fún un yín láti ní.’”
12 ১২ তাৰ পাছত যিহোচূৱাই ৰূবেণীয়া আৰু গাদীয়াসকলক আৰু মনচিৰ ফৈদৰ আধাভাগ লোকক ক’লে,
Ṣùgbọ́n Joṣua sọ fún àwọn ará a Reubeni, àwọn ará Gadi àti fún ìdajì ẹ̀yà Manase pé,
13 ১৩ “যিহোৱাৰ দাস মোচিয়ে দিয়া আজ্ঞাত কোৱা বাক্য তোমালোকে সোঁৱৰা যে, ‘তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক জিৰণি ল’বলৈ তোমালোকক এই দেশ দিছে।’
“Rántí àṣẹ tí Mose ìránṣẹ́ Olúwa pa fún yín: ‘Olúwa Ọlọ́run yín á fún yin ní ìsinmi, òun yóò sì fún un yín ní ilẹ̀ yìí.’
14 ১৪ মোচিয়ে তোমালোকক দিয়া দেশত তোমালোকৰ ল’ৰা, তিৰোতা আৰু তোমালোকৰ পশুবোৰ যৰ্দ্দনৰ পূব পাৰে থাকিব৷ কিন্তু তোমালোকৰ আটাই পৰাক্ৰমী বীৰপুৰুষসকলে সাজু হৈ তেওঁলোকৰ আগে আগে গৈ,
Àwọn ìyàwó yín, àwọn ọmọ yín àti àwọn ẹran ọ̀sìn yín lè dúró ní ilẹ̀ tí Mose fún un yin ní ìlà-oòrùn Jordani; ṣùgbọ́n gbogbo àwọn jagunjagun un yín, pẹ̀lú ìhámọ́ra ogun gbọdọ̀ kọjá síwájú àwọn arákùnrin yín. Ẹ̀yin yóò sì rán àwọn arákùnrin yín lọ́wọ́
15 ১৫ যিহোৱাই তোমালোকক দিয়াৰ দৰে তোমালোকৰ ভাইসকলক জিৰণি নিদিয়া পৰ্য্যন্ত, তোমালোকৰ ভাইসকলক সাহাৰ্য আগবঢ়াব লাগিব; আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক দিয়া দেশ, তেওঁলোকেও অধিকাৰ কৰিব৷ তেতিয়া যৰ্দ্দন নদীৰ পূব পাৰে সূৰ্যোদয় হোৱা যি দেশ যিহোৱাৰ দাস মোচিয়ে তোমালোকক দিলে, তোমালোকৰ আধিপত্যৰ দেশলৈ উভটি আহি তাক ভোগ কৰিবা৷”
títí Olúwa yóò fi fún wọn ní ìsinmi, gẹ́gẹ́ bí ó ti ṣe fún un yín, àti títí tí àwọn pẹ̀lú yóò fi gba ilẹ̀ náà tí Olúwa Ọlọ́run yín fi fún wọn. Lẹ́yìn náà, ẹ̀yin lè padà sí ilẹ̀ ìní in yín, tí Mose ìránṣẹ́ Olúwa fi fún un yin ní agbègbè ìlà-oòrùn ti Jordani.”
16 ১৬ তেতিয়া তেওঁলোকে যিহোচূৱাক উত্তৰ দি ক’লে, “আপুনি আমাক যি যি আজ্ঞা দিছে, আমি সেই আজ্ঞা পালন কৰিম আৰু আপুনি আমাক য’লৈকে পঠিয়ায়, তা’লৈকে আমি যাম৷
Nígbà náà ni wọ́n dá Joṣua lóhùn pé, “Ohunkóhun tí ìwọ pàṣẹ fún wa ni àwa yóò ṣe, ibikíbi tí ìwọ bá rán wa ni àwa yóò lọ.
17 ১৭ আমি সকলো বিষয়তে যেনেকৈ মোচিৰ আদেশ মানি চলিছিলোঁ, তেনেকৈ আপোনাৰো আদেশ মানি চলিম৷ কেৱল, মোচিৰ লগত থকাৰ দৰে, আপোনাৰ লগতো আপোনাৰ ঈশ্বৰ যিহোৱা থাকক৷
Gẹ́gẹ́ bí àwa ti gbọ́rọ̀ sí Mose nínú ohun gbogbo, bẹ́ẹ̀ ni àwa yóò máa gbọ́ tìrẹ. Kí Olúwa Ọlọ́run rẹ wà pẹ̀lú rẹ, gẹ́gẹ́ bí ó ṣe wà pẹ̀lú u Mose.
18 ১৮ যদি কোনোৱে আপোনাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰে আৰু আপুনি দিয়া আজ্ঞাৰ কোনো কথা নুশুনে, তেনেহলে সেই জনৰ প্ৰাণদণ্ড হ’ব৷ কেৱল আপুনি বলৱান আৰু সাহিয়াল হওঁক।”
Ẹnikẹ́ni tí ó bá tàpá sí ọ̀rọ̀ rẹ, tí kò sì ṣe ìgbọ́ràn sí ọ̀rọ̀ rẹ nínú ohun gbogbo tí ìwọ yóò pàṣẹ fún wọn, pípa ni a ó pa á. Kí ìwọ sá à ṣe gírí, kí ó sì mú àyà le!”

< যোশুয়া 1 >