< যোশুয়া 1 >
1 ১ যিহোৱাৰ দাস মোচিৰ মৃত্যুৰ পাছত, যিহোৱাই মোচিৰ পৰিচাৰক নুনৰ পুত্ৰ যিহোচূৱাক ক’লে,
І сталося по смерті Мойсея, раба Божого, і сказав Господь до Ісуса, сина Нави́нового, Мойсеєвого слуги, говорячи:
2 ২ “মোৰ দাস মোচিৰ মৃত্যু হ’ল; এতেকে তুমি এতিয়া উঠা আৰু এই লোকসকলৰ সৈতে, মই যি দেশ ইস্ৰায়েলৰ সন্তানসকলক দিছোঁ, সেই দেশলৈ যৰ্দ্দন নদী পাৰ হৈ যোৱা।
„Мойсей, раб Мій, помер. А тепер уставай, перейди цей Йорда́н ти та ввесь народ цей до того кра́ю, що Я даю їм, Ізраїлевим синам.
3 ৩ যি যি ঠাইত তোমালোকে ভৰি দিবা, মই মোচিক কোৱাৰ দৰে সেইবোৰ ঠাই তোমালোকক দিলোঁ৷
Кожне місце, що стопа́ ноги вашої сту́пить на ньому, Я дав вам, як Я говорив був Мойсеєві.
4 ৪ সেই মৰুপ্ৰান্তৰ পৰা লিবানোন হৈ মহানদী ফৰাৎ নদীলৈকে, সূৰ্য অস্ত যোৱা ফালৰ পৰা মহা-সমুদ্ৰলৈকে হিত্তীয়াসকলৰ গোটেই দেশ তোমালোকৰ অঞ্চল হ’ব।
Від пустині й цього Лива́ну й аж до Великої Річки, річки Ефра́ту, увесь край хітте́ян, і аж до Великого моря на за́хід буде ваша границя.
5 ৫ তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ।
Не встоїть ніхто перед тобою по всі дні життя твого. Як був Я з Мойсеєм, так буду з тобою, — не залишу́ тебе й не покину тебе.
6 ৬ তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো এই লোকসকলক যি দেশ দিবলৈ মই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত খাইছিলোঁ, তাক তুমিহে এই লোকসকলক অধিকাৰ প্ৰাপ্ত কৰাবা।
Будь сильний та відва́жний, бо ти зробиш, що народ цей посяде той край, що Я присягнув був їхнім батька́м дати їм.
7 ৭ মোৰ দাস মোচিয়ে তোমাক আজ্ঞা কৰা গোটেই ব্যৱস্থা সাৱধানে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ, মথোন তুমি বলৱান আৰু অতিশয় সাহসিয়াল হোৱা; তুমি যি যি ঠাইলৈ যোৱা, সেই সকলো ঠাইতে কৃতকাৰ্য্য হ’বৰ কাৰণে তুমি সেই ব্যৱস্থাৰ পৰা সোঁ কি বাওঁহাতে নুঘূৰিবা।
Тільки будь дуже сильний та відважний, щоб доде́ржувати чинити за всім тим Зако́ном, що наказав був тобі Мойсей, Мій раб, — не відхи́лишся від нього ні право́руч, ні ліво́руч, щоб щастило тобі в усьому, де ти будеш ходити.
8 ৮ এই বিধান-পুস্তক খনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা।
Нехай книга цього Зако́ну не відійде від твоїх уст, але будеш розду́мувати про неї вдень та вночі, щоб доде́ржувати чинити все, що написано в ній, бо тоді зробиш щасливими доро́ги свої, і тоді буде щастити тобі.
9 ৯ মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”
Чи ж не наказав Я тобі: будь сильний та відва́жний? Не бійся й не лякайся, бо з тобою Госпо́дь, Бог твій, у всьому, де́ ти будеш ходити“.
10 ১০ তেতিয়া যিহোচূৱাই লোকসকলৰ বিষয়াসকলক আজ্ঞা দি ক’লে,
І наказав Ісус урядникам наро́ду, говорячи:
11 ১১ “তোমালোকে চাউনিৰ মাজেদি গৈ লোকসকলক এই আজ্ঞা কৰা, ‘তোমালোক প্ৰত্যেকে নিজৰ কাৰণে বাটৰ সম্বল যুগুত কৰা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে তোমালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰিবৰ বাবে তিনি দিনৰ ভিতৰত তোমালোকে সেই যৰ্দ্দন নদী পাৰ হৈ যাব লাগিব’।”
„Перейдіть посеред табо́ру, і накажіть наро́дові, говорячи: Приготуйте собі пожи́ву на дорогу, бо по трьох днях ви перехо́дите цей Йорда́н, щоб увійти посісти той край, що Господь, Бог ваш, дає вам його на спадщину“.
12 ১২ তাৰ পাছত যিহোচূৱাই ৰূবেণীয়া আৰু গাদীয়াসকলক আৰু মনচিৰ ফৈদৰ আধাভাগ লোকক ক’লে,
А Руви́мовому й Ґадовому та половині пле́мени Манасіїного Ісус сказав, говорячи:
13 ১৩ “যিহোৱাৰ দাস মোচিয়ে দিয়া আজ্ঞাত কোৱা বাক্য তোমালোকে সোঁৱৰা যে, ‘তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক জিৰণি ল’বলৈ তোমালোকক এই দেশ দিছে।’
„Пам'ятайте те слово, що вам наказав був Мойсей, раб Господній, говорячи: Господь, Бог ваш, що відпочи́нок дає вам, дав вам цей край.
14 ১৪ মোচিয়ে তোমালোকক দিয়া দেশত তোমালোকৰ ল’ৰা, তিৰোতা আৰু তোমালোকৰ পশুবোৰ যৰ্দ্দনৰ পূব পাৰে থাকিব৷ কিন্তু তোমালোকৰ আটাই পৰাক্ৰমী বীৰপুৰুষসকলে সাজু হৈ তেওঁলোকৰ আগে আগে গৈ,
Ваші жінки́, діти ваші та ваша худоба зоста́нуться в кра́ї, що дав вам Мойсей по той бік Йорда́ну, а ви пере́йдете озбро́єні перед вашими братами, усі сильні військо́ві, і допоможете їм,
15 ১৫ যিহোৱাই তোমালোকক দিয়াৰ দৰে তোমালোকৰ ভাইসকলক জিৰণি নিদিয়া পৰ্য্যন্ত, তোমালোকৰ ভাইসকলক সাহাৰ্য আগবঢ়াব লাগিব; আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক দিয়া দেশ, তেওঁলোকেও অধিকাৰ কৰিব৷ তেতিয়া যৰ্দ্দন নদীৰ পূব পাৰে সূৰ্যোদয় হোৱা যি দেশ যিহোৱাৰ দাস মোচিয়ে তোমালোকক দিলে, তোমালোকৰ আধিপত্যৰ দেশলৈ উভটি আহি তাক ভোগ কৰিবা৷”
аж поки Господь не дасть відпочи́нку вашим братам, як вам, і посядуть і вони той край, що Господь, Вог ваш, дає їм. І ви ве́рнетеся до краю вашого спа́дку, і посядете його, що дав вам Мойсей, раб Господній, по той бік Йорда́ну на схід сонця“.
16 ১৬ তেতিয়া তেওঁলোকে যিহোচূৱাক উত্তৰ দি ক’লে, “আপুনি আমাক যি যি আজ্ঞা দিছে, আমি সেই আজ্ঞা পালন কৰিম আৰু আপুনি আমাক য’লৈকে পঠিয়ায়, তা’লৈকে আমি যাম৷
А вони відповіли́ Ісусові, говорячи: „Усе, що накажеш нам, ми зро́бимо, і до всього, куди пошлеш нас, пі́демо.
17 ১৭ আমি সকলো বিষয়তে যেনেকৈ মোচিৰ আদেশ মানি চলিছিলোঁ, তেনেকৈ আপোনাৰো আদেশ মানি চলিম৷ কেৱল, মোচিৰ লগত থকাৰ দৰে, আপোনাৰ লগতো আপোনাৰ ঈশ্বৰ যিহোৱা থাকক৷
Усе так, як слухалися ми Мойсея, так будемо слу́хатися тебе́, тільки нехай буде Господь, Бог твій, з тобою, як був Він із Мойсеєм.
18 ১৮ যদি কোনোৱে আপোনাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰে আৰু আপুনি দিয়া আজ্ঞাৰ কোনো কথা নুশুনে, তেনেহলে সেই জনৰ প্ৰাণদণ্ড হ’ব৷ কেৱল আপুনি বলৱান আৰু সাহিয়াল হওঁক।”
Кожен, хто буде неслухня́ний нака́зам твоїм, і не буде слухатися слів твоїх щодо всього, що накажеш йому, нехай буде вбитий. Тільки будь сильний та відважний!“