< যোশুয়া 9 >

1 যৰ্দ্দনৰ সিপাৰে থকা ৰজাসকলে, পৰ্ব্বতীয়া অঞ্চলত আৰু নিন্মভূমিত বসতি কৰা আৰু লিবানোনৰ সন্মুখলৈকে মহাসমুদ্ৰৰ গোটেই পাৰত বসতি কৰা হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়াৰ ৰজাসকলে এই কথা শুনি,
Егда же услышаша вси царие Аморрейстии, иже об ону страну Иордана, иже в горней и иже в равней, и иже во всем примории моря великаго и иже при Антиливане, и Хеттеи и Аморреи, и Гергесеи и Хананеи, и Ферезеи и Евеи и Иевусеи,
2 সকলোৱে একে লগ হৈ যিহোচূৱা আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ গোট খালে।
снидошася вкупе сещися со Иисусом и со Израилем единомысленно.
3 কিন্তু যিৰীহো আৰু অয়লৈ যিহোচূৱাই কৰা কাৰ্যবোৰৰ কথা যেতিয়া গিবিয়োনীয়াসকলে শুনিলে,
И живущии в холме в Гаваоне слышаша вся, елика сотвори Господь Иерихону и Гаю,
4 তেতিয়া তেওঁলোকে চল কৰিলে৷ তেওঁলোকে ৰজাৰ কটকীৰ বেশ ধৰি, নিজ নিজ গাধবোৰৰ ওপৰত পুৰণি থৈলা আৰু দ্ৰাক্ষাৰস ৰখা পুৰণি ফটা-চিটা আৰু গাঠি দিয়া ছালৰ মোটবোৰ বোজাই দিলে।
и сотвориша и сии с лукавством, и шедше уготоваша брашна и уготовашася: и вземше вретища ветха на ослы своя, и мехи вина ветхи и разседшыяся завязаны:
5 আৰু ভৰিত টাপলি মৰা পুৰণি জোতা, গাত পুৰণি কাপোৰ পিন্ধিলে আৰু তেওঁলোকে বাটৰ কাৰণে লোৱা আটাই পিঠা শুকান আৰু ভেঁকুৰা লগা আছিল।
и сапоги ветхи и заплачены на ногу их, и ризы обветшаны на них, и хлебы брашна их беша пресохли и сплеснели и сдроблени.
6 পাছত তেওঁলোকে গিলগলৰ ছাউনিত থকা যিহোচূৱাৰ ওচৰলৈ গৈ, তেওঁক আৰু ইস্ৰায়েলৰ লোকসকলক ক’লে, “আমি দূৰ দেশৰ পৰা আহিছোঁ; এতেকে আপোনালোকে এতিয়া আমাৰে সৈতে এটি নিয়ম স্থিৰ কৰক।”
И приидоша ко Иисусу в полк Израилев в Галгалы, и рекоша ко Иисусу и всему Израилю: от земли дальния приидохом, и ныне завещайте нам завет.
7 তেতিয়া ইস্ৰায়েলৰ লোকসকলে সেই হিব্বীয়াসকলক ক’লে, “হয়তো আপোনালোক আমাৰ ওচৰতে বাস কৰে৷ সেয়ে হ’লে আমি আপোনালোকৰ সৈতে কেনেকৈ নিয়ম স্থিৰ কৰিব পাৰোঁ?”
И рекоша сынове Израилевы к Хоррею: виждь, не посреде ли нас живеши, и како тебе завещаю завет?
8 তেওঁলোকে যিহোচূৱাক ক’লে, “আমি আপোনাৰ দাস।” তেতিয়া যিহোচূৱাই ক’লে, “আপোনালোক কোন? আৰু আপোনালোকে ক’ৰ পৰা আহিছে?”
И рекоша ко Иисусу: раби есмы твои. И рече к ним Иисус: откуду есте? И откуду приидосте?
9 তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ ঈশ্বৰ যিহোৱাৰ নাম শুনি আপোনাৰ দাসবোৰে বহুত দূৰ দেশৰ পৰা আহিছোঁ৷ কিয়নো তেওঁৰ যশস্যা আৰু মিচৰ দেশত কৰা তেওঁৰ সকলো কৰ্ম,
И рекоша к нему: от дальния земли зело приидохом раби твои во имя Господа Бога твоего: слышахом бо имя Его и вся, елика сотвори во Египте,
10 ১০ আৰু যৰ্দ্দনৰ সিপাৰে থকা ইমোৰীয়া ৰজা দুজনলৈ অৰ্থাৎ হিচবোনৰ ৰজা চীহোনলৈ আৰু অষ্টাৰোতত থকা বাচানৰ ৰজা ওগলৈ তেওঁ কৰা সকলো কাৰ্যৰ কথা আমি শুনিলোঁ।
и вся, елика сотвори двоим царем Аморрейским, иже быша об ону страну Иордана, Сиону царю Есевонску и Огу царю Васанску, иже живяше во Астарофе и во Едраине.
11 ১১ আমাৰ বৃদ্ধ আৰু দেশ-নিবাসী সকলো লোকে আমাক ক’লে, ‘তোমালোকে হাতত বাটৰ সমল লোৱা আৰু তেওঁলোকৰে সৈতে সাক্ষাৎ কৰিবলৈ গৈ, তেওঁলোকক এই কথা কোৱাগৈ, ‘আমি আপোনালোকৰ দাস। আমাৰে সৈতে এটি নিয়ম স্থিৰ কৰক’।
И слышавше рекоша к нам старцы наши и вси живущии на земли нашей, глаголюще: возмите себе брашно на путь и идите противу им, и рцыте к ним: раби есмы ваши, и ныне завещайте нам завет:
12 ১২ আমি আপোনালোকৰ ওচৰলৈ যাত্ৰা কৰিবলৈ ওলোৱাৰ দিনাখন, বাটৰ অৰ্থে আমাৰ এই পিঠা ঘৰৰ পৰা লওঁতে তপত আছিল, কিন্তু চাওঁক, এতিয়া এইবোৰ শুকাল আৰু এইবোৰত ভেঁকুৰ ধৰিলে।
сии хлебы наши, теплыя на путь взяхом их от домов наших, в оньже день изыдохом приити к вам: ныне же пресхоша и быша содроблени:
13 ১৩ আমি যেতিয়া এই মোটবোৰত দ্ৰাক্ষাৰস ভৰাইছিলোঁ, তেতিয়া এই মোটবোৰ নতুন আছিল, কিন্তু চাওঁক, এতিয়া এইবোৰ ফাটিল৷ আমাৰ এই কাপোৰ আৰু জোতাবোৰ অতি দূৰ বাট ভ্ৰমণ কৰাৰ বাবে পুৰণি হৈ গ’ল’।”
и сии меси вина, ихже налияхом новы, и сии разседошася: и ризы нашя сия и обувища наша обетшаша от долгаго пути зело.
14 ১৪ তেতিয়া ইস্রায়েলী লোকসকলে সকলে নেতৃত্বৰ বাবে যিহোৱাৰ কি ইচ্ছা, সেই বিষয়ে নুসুধি, তেওঁলোকৰ খোৱা বস্তু কিছু ল’লে।
И взяша князи брашно их, а Господа не вопросиша.
15 ১৫ আৰু যিহোচূৱাই তেওঁলোকৰে সৈতে সন্ধি স্থাপন কৰি তেওঁলোকে যেন জীয়াই থাকে, এনে নিয়ম কৰিলে আৰু লোক সকলৰ অধ্যক্ষ সকলে তেওঁলোকৰ আগত শপত খালে।
И сотвори Иисус с ними мир, и устави к ним завет, еже снабдети их: и кляшася им князи сонма.
16 ১৬ এইদৰে তেওঁলোকৰে সৈতে নিয়ম স্থাপন কৰাৰ তিনিদিনৰ পাছত, তেওঁলোক যে তেওঁলোকৰ ওচৰত থকা লোক হয় আৰু তেওঁলোকৰ মাজতে বাস কৰি আছে, সেই বিষয়ে তেওঁলোকে শুনিবলৈ পালে।
И бысть по триех днех по завещании к ним завета, услышаша, яко близ их суть и яко посреде их живут.
17 ১৭ ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি তৃতীয় দিনা তেওঁলোকৰ নগৰবোৰৰ ওচৰ পালে৷ তেওঁলোকৰ নগৰবোৰৰ নাম গিবিয়োন, কফীৰা, বেৰোৎ আৰু কিৰিয়ৎ-যিয়াৰীম আছিল।
И восташа сынове Израилевы и внидоша во грады их в третий день: гради же их (бяху) Гаваон и Кефира, и Вирот и град Иарим.
18 ১৮ ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক বধ নকৰিলে কাৰণ অধ্যক্ষসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁলোকৰ আগত শপত খাইছিল। ইস্ৰায়েলী লোকসকলে অধ্যক্ষসকলৰ অহিতে ওজৰ-আপত্তি কৰিবলৈ ধৰিলে।
И не сотвориша с ними рати (Иисус и) сынове Израилевы, яко кляшася им вси князи сонма Господем Богом Израилевым. И ропташа весь сонм Израилев на князей.
19 ১৯ কিন্তু অধ্যক্ষসকলে লোকসকলক ক’লে, “আমি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁলোকৰ সম্বন্ধে শপত খালোঁ; এই কাৰণে আমি এতিয়া তেওঁলোকৰ অপকাৰ কৰিব নোৱাৰোঁ।
И рекоша вси князи всему сонму: мы кляхомся им Господем Богом Израилевым, и ныне не возможем коснутися их:
20 ২০ সেইবাবে আমি তেওঁলোকৰ প্ৰতি এইদৰে কৰিম: আমাৰ প্ৰতি হ’বলগীয়া ক্ৰোধৰ পৰা আঁতৰি থাকিবলৈ আমি তেওঁলোকক জীয়াই ৰাখিম, কাৰণ আমি তেওঁলোকৰ আগত শপত খাইছিলো।”
сие сотворим им, еже живити их, и снабдим их, и не будет на нас гнева клятвы ради, еюже кляхомся им.
21 ২১ এতেকে অধ্যক্ষসকলে তেওঁলোকৰ লোকসকলক ক’লে, “তেওঁলোক জীয়াই থাকক।” তেতিয়া তেওঁলোকক অধ্যক্ষসকলে কোৱা বাক্য অনুসাৰে গিবিয়োনসকলে ইস্ৰায়েলী লোকসকলৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰোঁতা হ’ল।
И рекоша им князи: да живут сии, и будут древосечцы и водоносцы всему сонму. И сотвори весь сонм, якоже рекоша им князи.
22 ২২ যিহোচূৱাই তেওঁলোকক মাতি আনি ক’লে, “তোমালোকে আমাৰ মাজতে থাকিও, ‘আমি তোমালোকৰ পৰা বহু দূৰত থাকো’, এইবুলি কৈ কিয় আমাক প্ৰবঞ্চনা কৰিলা?
И созва их Иисус и рече им, глаголя: почто прельстисте мя, глаголюще: далече есмы от тебе зело? Вы же населницы есте от живущих в нас:
23 ২৩ এই কাৰণে তোমালোক অভিশপ্ত থ’লো; তোমালোকে মোৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰা বন্দী কামৰ পৰা কেতিয়াও মুক্তি নাপাবা।”
и ныне прокляти есте: и не оскудеет от вас раб, ниже древосечец, ниже водоносец мне и Богу моему.
24 ২৪ তেতিয়া তেওঁলোকে যিহোচূৱাক উত্তৰ দি ক’লে, “কিয়নো এইদৰে তোমালোকৰ দাস সকলক কোৱা হৈছিল যে, সকলো দেশ তোমালোকক দিবলৈ আৰু দেশৰ সকলো নিবাসীসকলক তোমালোকৰ আগত ধ্বংস কৰিবলৈ তোমালোকৰ ঈশ্ৱৰ যিহোৱাই তেওঁৰ দাস মোচিক আজ্ঞা দিছিল, সেয়েহে তোমালোকৰ প্ৰতি অতিশয় ভয় কৰি আমি এই কাৰ্য কৰিলোঁ।
И отвещаша Иисусу, глаголюще: понеже возвестися нам (рабом твоим), елика заповеда Господь Бог твой Моисею рабу Своему, дати вам землю сию и потребити нас и вся живущыя на ней от лица вашего, сего ради убояхомся зело от душах наших от лица вашего, и сотворихом дело сие:
25 ২৫ এতিয়া চাওঁক, আমি আপোনাৰ হাততে আছোঁ৷ আমাৰ প্ৰতি যি ভাল আৰু ন্যায় যেন আপোনাৰ বোধ হয়, আপুনি তাকেই কৰক।”
и ныне, се, мы подручни вам, якоже угодно есть вам, и якоже вам мнится, творите нам.
26 ২৬ তাৰ পাছত যিহোচূৱাই গিবিয়নীয়সকলৰ বাবে তাকেই কৰিলে, তেওঁ ইস্ৰায়েলৰ সন্তানসকলৰ হাতৰ পৰা গিবিয়নীয়সকলক ৰক্ষা কৰিলে আৰু তেওঁলোকে সিহঁতক বধ নকৰিলে।
И сотвориша им сице: и избави я Иисус в той день от руку сынов Израилевых, и не убиша их.
27 ২৭ আৰু যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত সমাজৰ আৰু যিহোৱাৰ যজ্ঞবেদীৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰোঁতা হ’বলৈ যিহোচূৱাই সেইদিনা তেওঁলোকক নিযুক্ত কৰিলে আৰু আজিলৈকে তেওঁলোক সেইদৰেই আছে।
И постави я Иисус в той день древосечцы и водоносцы всему сонму и олтарю Божию. Сего ради быша живущии в Гаваоне древосечцы и водоносцы олтарю Божию, даже до днешняго дне, и на месте еже аще изберет Господь.

< যোশুয়া 9 >