< যোশুয়া 9 >
1 ১ যৰ্দ্দনৰ সিপাৰে থকা ৰজাসকলে, পৰ্ব্বতীয়া অঞ্চলত আৰু নিন্মভূমিত বসতি কৰা আৰু লিবানোনৰ সন্মুখলৈকে মহাসমুদ্ৰৰ গোটেই পাৰত বসতি কৰা হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়াৰ ৰজাসকলে এই কথা শুনি,
Lorsque tous les rois qui étaient de l'autre côté du Jourdain, dans la montagne et dans la plaine, et sur tout le rivage de la grande mer devant le Liban, le Héthien, l'Amoréen, le Cananéen, le Phérézien, le Hévien et le Jébusien, en eurent connaissance
2 ২ সকলোৱে একে লগ হৈ যিহোচূৱা আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ গোট খালে।
ils se rassemblèrent pour combattre Josué et Israël, d'un commun accord.
3 ৩ কিন্তু যিৰীহো আৰু অয়লৈ যিহোচূৱাই কৰা কাৰ্যবোৰৰ কথা যেতিয়া গিবিয়োনীয়াসকলে শুনিলে,
Mais lorsque les habitants de Gabaon apprirent ce que Josué avait fait à Jéricho et à Aï,
4 ৪ তেতিয়া তেওঁলোকে চল কৰিলে৷ তেওঁলোকে ৰজাৰ কটকীৰ বেশ ধৰি, নিজ নিজ গাধবোৰৰ ওপৰত পুৰণি থৈলা আৰু দ্ৰাক্ষাৰস ৰখা পুৰণি ফটা-চিটা আৰু গাঠি দিয়া ছালৰ মোটবোৰ বোজাই দিলে।
ils eurent aussi recours à une ruse, ils allèrent se faire passer pour des ambassadeurs, ils prirent de vieux sacs sur leurs ânes, de vieilles peaux de vin déchirées et ficelées,
5 ৫ আৰু ভৰিত টাপলি মৰা পুৰণি জোতা, গাত পুৰণি কাপোৰ পিন্ধিলে আৰু তেওঁলোকে বাটৰ কাৰণে লোৱা আটাই পিঠা শুকান আৰু ভেঁকুৰা লগা আছিল।
ils portèrent à leurs pieds de vieilles sandales rapiécées et de vieux vêtements. Tout le pain de leur réserve de nourriture était sec et moisi.
6 ৬ পাছত তেওঁলোকে গিলগলৰ ছাউনিত থকা যিহোচূৱাৰ ওচৰলৈ গৈ, তেওঁক আৰু ইস্ৰায়েলৰ লোকসকলক ক’লে, “আমি দূৰ দেশৰ পৰা আহিছোঁ; এতেকে আপোনালোকে এতিয়া আমাৰে সৈতে এটি নিয়ম স্থিৰ কৰক।”
Ils allèrent trouver Josué au camp de Gilgal et lui dirent, ainsi qu'aux hommes d'Israël: « Nous venons d'un pays lointain. Fais donc maintenant une alliance avec nous. »
7 ৭ তেতিয়া ইস্ৰায়েলৰ লোকসকলে সেই হিব্বীয়াসকলক ক’লে, “হয়তো আপোনালোক আমাৰ ওচৰতে বাস কৰে৷ সেয়ে হ’লে আমি আপোনালোকৰ সৈতে কেনেকৈ নিয়ম স্থিৰ কৰিব পাৰোঁ?”
Les hommes d'Israël dirent aux Hivvites: « Et si vous viviez parmi nous? Comment pourrions-nous faire une alliance avec vous? »
8 ৮ তেওঁলোকে যিহোচূৱাক ক’লে, “আমি আপোনাৰ দাস।” তেতিয়া যিহোচূৱাই ক’লে, “আপোনালোক কোন? আৰু আপোনালোকে ক’ৰ পৰা আহিছে?”
Ils dirent à Josué: « Nous sommes tes serviteurs. » Josué leur dit: « Qui êtes-vous? D'où venez-vous? »
9 ৯ তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ ঈশ্বৰ যিহোৱাৰ নাম শুনি আপোনাৰ দাসবোৰে বহুত দূৰ দেশৰ পৰা আহিছোঁ৷ কিয়নো তেওঁৰ যশস্যা আৰু মিচৰ দেশত কৰা তেওঁৰ সকলো কৰ্ম,
Ils lui dirent: « Tes serviteurs sont venus d'un pays très lointain à cause du nom de Yahvé ton Dieu, car nous avons entendu parler de sa renommée, de tout ce qu'il a fait en Égypte,
10 ১০ আৰু যৰ্দ্দনৰ সিপাৰে থকা ইমোৰীয়া ৰজা দুজনলৈ অৰ্থাৎ হিচবোনৰ ৰজা চীহোনলৈ আৰু অষ্টাৰোতত থকা বাচানৰ ৰজা ওগলৈ তেওঁ কৰা সকলো কাৰ্যৰ কথা আমি শুনিলোঁ।
et de tout ce qu'il a fait aux deux rois des Amoréens qui étaient au-delà du Jourdain, à Sihon, roi de Heshbon, et à Og, roi de Basan, qui était à Ashtaroth.
11 ১১ আমাৰ বৃদ্ধ আৰু দেশ-নিবাসী সকলো লোকে আমাক ক’লে, ‘তোমালোকে হাতত বাটৰ সমল লোৱা আৰু তেওঁলোকৰে সৈতে সাক্ষাৎ কৰিবলৈ গৈ, তেওঁলোকক এই কথা কোৱাগৈ, ‘আমি আপোনালোকৰ দাস। আমাৰে সৈতে এটি নিয়ম স্থিৰ কৰক’।
Nos anciens et tous les habitants de notre pays nous ont parlé en disant: « Prenez en main des provisions pour le voyage et allez à leur rencontre. Dites-leur: « Nous sommes vos serviteurs. Fais maintenant une alliance avec nous ».
12 ১২ আমি আপোনালোকৰ ওচৰলৈ যাত্ৰা কৰিবলৈ ওলোৱাৰ দিনাখন, বাটৰ অৰ্থে আমাৰ এই পিঠা ঘৰৰ পৰা লওঁতে তপত আছিল, কিন্তু চাওঁক, এতিয়া এইবোৰ শুকাল আৰু এইবোৰত ভেঁকুৰ ধৰিলে।
Voici notre pain que nous avons pris chaud pour nos provisions dans nos maisons le jour où nous sommes sortis pour aller vers vous; mais maintenant, voici, il est sec et il a moisi.
13 ১৩ আমি যেতিয়া এই মোটবোৰত দ্ৰাক্ষাৰস ভৰাইছিলোঁ, তেতিয়া এই মোটবোৰ নতুন আছিল, কিন্তু চাওঁক, এতিয়া এইবোৰ ফাটিল৷ আমাৰ এই কাপোৰ আৰু জোতাবোৰ অতি দূৰ বাট ভ্ৰমণ কৰাৰ বাবে পুৰণি হৈ গ’ল’।”
Ces outres à vin, que nous avons remplies, étaient neuves; et voici qu'elles sont déchirées. Ces vêtements et nos sandales sont devenus vieux à cause du très long voyage. »
14 ১৪ তেতিয়া ইস্রায়েলী লোকসকলে সকলে নেতৃত্বৰ বাবে যিহোৱাৰ কি ইচ্ছা, সেই বিষয়ে নুসুধি, তেওঁলোকৰ খোৱা বস্তু কিছু ল’লে।
Les hommes goûtèrent à leurs provisions, et ne demandèrent pas conseil à la bouche de Yahvé.
15 ১৫ আৰু যিহোচূৱাই তেওঁলোকৰে সৈতে সন্ধি স্থাপন কৰি তেওঁলোকে যেন জীয়াই থাকে, এনে নিয়ম কৰিলে আৰু লোক সকলৰ অধ্যক্ষ সকলে তেওঁলোকৰ আগত শপত খালে।
Josué fit la paix avec eux et conclut une alliance avec eux, pour les laisser vivre. Les princes de l'assemblée leur jurèrent.
16 ১৬ এইদৰে তেওঁলোকৰে সৈতে নিয়ম স্থাপন কৰাৰ তিনিদিনৰ পাছত, তেওঁলোক যে তেওঁলোকৰ ওচৰত থকা লোক হয় আৰু তেওঁলোকৰ মাজতে বাস কৰি আছে, সেই বিষয়ে তেওঁলোকে শুনিবলৈ পালে।
Au bout de trois jours, après qu'ils eurent fait alliance avec eux, ils apprirent qu'ils étaient leurs voisins et qu'ils vivaient parmi eux.
17 ১৭ ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি তৃতীয় দিনা তেওঁলোকৰ নগৰবোৰৰ ওচৰ পালে৷ তেওঁলোকৰ নগৰবোৰৰ নাম গিবিয়োন, কফীৰা, বেৰোৎ আৰু কিৰিয়ৎ-যিয়াৰীম আছিল।
Les enfants d'Israël partirent et arrivèrent dans leurs villes le troisième jour. Ces villes étaient Gabaon, Chephira, Beeroth et Kiriath Jearim.
18 ১৮ ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক বধ নকৰিলে কাৰণ অধ্যক্ষসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁলোকৰ আগত শপত খাইছিল। ইস্ৰায়েলী লোকসকলে অধ্যক্ষসকলৰ অহিতে ওজৰ-আপত্তি কৰিবলৈ ধৰিলে।
Les enfants d'Israël ne les frappèrent pas, car les chefs de l'assemblée le leur avaient juré par l'Éternel, le Dieu d'Israël. Toute l'assemblée murmura contre les princes.
19 ১৯ কিন্তু অধ্যক্ষসকলে লোকসকলক ক’লে, “আমি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁলোকৰ সম্বন্ধে শপত খালোঁ; এই কাৰণে আমি এতিয়া তেওঁলোকৰ অপকাৰ কৰিব নোৱাৰোঁ।
Mais tous les chefs dirent à toute l'assemblée: « Nous leur avons juré par l'Éternel, le Dieu d'Israël. Nous ne pouvons donc pas les toucher.
20 ২০ সেইবাবে আমি তেওঁলোকৰ প্ৰতি এইদৰে কৰিম: আমাৰ প্ৰতি হ’বলগীয়া ক্ৰোধৰ পৰা আঁতৰি থাকিবলৈ আমি তেওঁলোকক জীয়াই ৰাখিম, কাৰণ আমি তেওঁলোকৰ আগত শপত খাইছিলো।”
Nous leur ferons cela, et nous les laisserons vivre, de peur que la colère ne s'abatte sur nous, à cause du serment que nous leur avons fait. »
21 ২১ এতেকে অধ্যক্ষসকলে তেওঁলোকৰ লোকসকলক ক’লে, “তেওঁলোক জীয়াই থাকক।” তেতিয়া তেওঁলোকক অধ্যক্ষসকলে কোৱা বাক্য অনুসাৰে গিবিয়োনসকলে ইস্ৰায়েলী লোকসকলৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰোঁতা হ’ল।
Les princes leur dirent: « Laissez-les vivre. » Ils devinrent donc des coupeurs de bois et des puiseurs d'eau pour toute l'assemblée, comme les princes le leur avaient dit.
22 ২২ যিহোচূৱাই তেওঁলোকক মাতি আনি ক’লে, “তোমালোকে আমাৰ মাজতে থাকিও, ‘আমি তোমালোকৰ পৰা বহু দূৰত থাকো’, এইবুলি কৈ কিয় আমাক প্ৰবঞ্চনা কৰিলা?
Josué les fit venir et leur parla ainsi: « Pourquoi nous avez-vous trompés en disant: « Nous sommes très loin de vous », alors que vous habitez au milieu de nous?
23 ২৩ এই কাৰণে তোমালোক অভিশপ্ত থ’লো; তোমালোকে মোৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰা বন্দী কামৰ পৰা কেতিয়াও মুক্তি নাপাবা।”
Maintenant, vous êtes donc maudits, et certains d'entre vous ne manqueront jamais de devenir des esclaves, aussi bien des coupeurs de bois que des puisatiers pour la maison de mon Dieu. »
24 ২৪ তেতিয়া তেওঁলোকে যিহোচূৱাক উত্তৰ দি ক’লে, “কিয়নো এইদৰে তোমালোকৰ দাস সকলক কোৱা হৈছিল যে, সকলো দেশ তোমালোকক দিবলৈ আৰু দেশৰ সকলো নিবাসীসকলক তোমালোকৰ আগত ধ্বংস কৰিবলৈ তোমালোকৰ ঈশ্ৱৰ যিহোৱাই তেওঁৰ দাস মোচিক আজ্ঞা দিছিল, সেয়েহে তোমালোকৰ প্ৰতি অতিশয় ভয় কৰি আমি এই কাৰ্য কৰিলোঁ।
Ils prirent la parole et dirent à Josué: « Parce que tes serviteurs ont certainement appris comment Yahvé ton Dieu a ordonné à Moïse, son serviteur, de te donner tout le pays et de détruire devant toi tous les habitants du pays. C'est pourquoi nous avons eu très peur pour nos vies à cause de vous, et nous avons fait cette chose.
25 ২৫ এতিয়া চাওঁক, আমি আপোনাৰ হাততে আছোঁ৷ আমাৰ প্ৰতি যি ভাল আৰু ন্যায় যেন আপোনাৰ বোধ হয়, আপুনি তাকেই কৰক।”
Maintenant, voici, nous sommes entre tes mains. Fais de nous ce qu'il te semblera bon et juste de faire. »
26 ২৬ তাৰ পাছত যিহোচূৱাই গিবিয়নীয়সকলৰ বাবে তাকেই কৰিলে, তেওঁ ইস্ৰায়েলৰ সন্তানসকলৰ হাতৰ পৰা গিবিয়নীয়সকলক ৰক্ষা কৰিলে আৰু তেওঁলোকে সিহঁতক বধ নকৰিলে।
Il leur fit ainsi et les délivra de la main des enfants d'Israël, afin qu'ils ne les tuent pas.
27 ২৭ আৰু যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত সমাজৰ আৰু যিহোৱাৰ যজ্ঞবেদীৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰোঁতা হ’বলৈ যিহোচূৱাই সেইদিনা তেওঁলোকক নিযুক্ত কৰিলে আৰু আজিলৈকে তেওঁলোক সেইদৰেই আছে।
Ce jour-là, Josué les fit couper du bois et tirer de l'eau pour l'assemblée et pour l'autel de Yahvé jusqu'à ce jour, dans le lieu qu'il devait choisir.