< যোশুয়া 8 >
1 ১ পাছত যিহোৱাই যিহোচূৱাক ক’লে, “তুমি ভয় নকৰিবা আৰু ব্যাকুল নহ’বা৷ যুদ্ধ কৰিব পৰা লোকসকলক তোমাৰ লগত লোৱা৷ উঠা, অয়লৈ যাত্ৰা কৰা৷ চোৱা, মই অয়ৰ ৰজাক, তাৰ প্ৰজাসকলক, তাৰ নগৰ আৰু তাৰ দেশ তোমাৰ হাতত শোধাই দিলোঁ।
၁တဖန် ထာဝရဘုရားကလည်း၊ သင်သည် မကြောက်နှင့်၊ စိတ်မပျက်နှင့်။ သင်၌ပါသော စစ်သူရဲ အပေါင်းတို့ကို ခေါ်၍ အာဣမြို့သို့ ထသွားလော့။ အာဣ မင်းကြီးနှင့် သူ့လူများ၊ သူ့မြို့၊ သူ့မြေကို သင့်လက်၌ ငါအပ်မည်။
2 ২ তুমি যিৰীহো আৰু তাৰ ৰজালৈ যেনে কৰিলা, অয়লৈ আৰু তাৰ ৰজালৈকো তেনে কৰিবা, কেৱল তাৰ লুটদ্ৰব্য আৰু পশু তোমালোকে তোমালোকৰ কাৰণে লুট কৰি ল’বা৷ তুমি নগৰৰ পাছফালে এদল সৈন্য লুকুৱাই চোপ লৈ থাকিবলৈ দিবা।”
၂ယေရိခေါမြို့နှင့် မင်းကြီးအား ပြုသကဲ့သို့ အာဣမြို့နှင့် မင်းကြီးအား ပြုရမည်။ သို့ရာတွင် လုယူ သော ဥစ္စာ၊ တိရစ္ဆာန်များကို ကိုယ်အဘို့ သိမ်းရမည်။ မြို့နောက်မှာ ကင်းတပ်ကို ထားရမည်ဟု ယောရှုအား မိန့်တော်မူသည်အတိုင်း၊
3 ৩ তেতিয়া যিহোচূৱা আৰু যুদ্ধ কৰিব পৰা সকলো লোক অয়লৈ যাবৰ বাবে উঠিল আৰু যিহোচূৱাই ত্ৰিশ হাজাৰ বলৱান আৰু সাহিয়াল বীৰপুৰুষ বাচি লৈ ৰাতিয়েই তেওঁলোকক পঠিয়াই দিলে।
၃ယောရှုနှင့် စစ်သူရဲအပေါင်းတို့သည် အာဣမြို့ ကို တိုက်ခြင်းငှါ ထကြ၏။ ယောရှုသည် ခွန်အားကြီးသော စစ်သူရဲသုံးသောင်းတို့ကို ရွေးချယ်၍ ညဉ့်အခါစေလွှတ် လျက်၊
4 ৪ তেওঁ তেওঁলোকক এই আজ্ঞা দিলে, “চোৱা, তোমালোক নগৰৰ বিপৰীতে, পাছফালে লুকাই থাকিবা৷ নগৰৰ পৰা বৰ দূৰলৈ নাযাবা, কিন্তু তোমালোক সকলোৱে যুগুত থাকিবা।
၄သင်တို့သည် ထိုမြို့ကို တိုက်ခြင်းငှါ မြို့နောက် မှာ ကင်းထိုလျက်နေကြလော့။ မြို့နှင့်ဝေးဝေးခွာ၍ မသွား ကြနှင့်။ တညီတညွတ်တည်း အသင့်နေကြလော့။
5 ৫ মই আৰু মোৰ লগৰ লোকসকল নগৰৰ ওচৰলৈ যাম, তাতে যেতিয়া তেওঁলোকে আমাক আক্ৰমণ কৰিবলৈ ওলাই আহিব, তেতিয়া পূৰ্বৰ দৰে আমি তেওঁলোকৰ আগৰ পৰা পলাম৷
၅ငါနှင့်တကွ ငါ၌ပါသောသူအပေါင်းတို့သည် မြို့အနီးသို့ ချဉ်းကပ်မည်။ သူတို့သည် ယမန်ကဲ့သို့ တိုက် ခြင်းငှါ ထွက်လာကြသောအခါ၊ ငါတို့သည် သူတို့ရှေ့မှာ ပြေးရကြမည်။
6 ৬ পাছত তেওঁলোকে আমাক নগৰৰ পৰা দূৰলৈ খেদি নিবৰ বাবে নগৰৰ বাহিৰলৈ তেওঁলোক ওলাই আহিব আৰু আমাক পাছে পাছে খেদি আহিব৷ কিয়নো তেওঁলোকে ক’ব, ‘এওঁলোকে আগৰ নিচিনাকৈ আমাৰ পৰা পলাইছে৷’ গতিকে, এইদৰে আমি তেওঁলোকৰ আগৰ পৰা পলাম।
၆သူတို့လည်း လိုက်ခြင်းငှါ မြို့ထဲကထွက်၍၊ မြို့ နှင့်ကွာမှန်းကိုမသိဘဲ ခွါ၍ လိုက်ကြလိမ့်မည်။ အကြောင်း မူကား၊ သူတို့ရှေ့မှာ ငါတို့သည် ပြေးသောအခါ၊ ယမန်ကဲ့ သို့ ငါတို့ရှေ့မှာ ပြေးကြပြီဟု သူတို့ဆိုကြလိမ့်မည်။
7 ৭ তেতিয়া তোমালোকে লুকাই থকা ঠাইৰ পৰা ওলাই আহিবা আৰু নগৰ আটক কৰি ল’বা৷ কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তাক তোমালোকৰ হাতত শোধাই দিব।
၇ထိုအခါ သင်တို့သည် ကင်းထိုးလျက် နေရာအ ရပ်မှထ၍ မြို့ကိုတိုက်လျှင်၊ သင်တို့၏ဘုရားသခင် ထာဝရဘုရားသည် သင်တို့လက်၌ အပ်တော်မူမည်။
8 ৮ যেতিয়া তোমালোকে নগৰ আটক কৰিবা, তাত জুই লগাই দিবা৷ যিহোৱাৰ বাক্যত আজ্ঞা কৰাৰ দৰে তোমালোকে এই কাৰ্য কৰিবা। চোৱা, মই তোমালোকক আজ্ঞা কৰিলোঁ।”
၈တိုက်၍ အောင်သောအခါ မြို့ကို မီးရှို့ရကြ မည်။ ထာဝရဘုရားမိန့်တော်မူသည်အတိုင်း ပြုရကြမည်။ ထိုသို့ ငါဆင့်ဆိုသည်ဟု ထိုသူတို့အား မှာထားလေ၏။
9 ৯ এইদৰে, যিহোচূৱাই তেওঁলোকক পঠোৱাৰ পাছত তেওঁলোকে গৈ অয়ৰ পশ্চিমে বৈৎএলৰ আৰু অয়ৰ মাজ ঠাইত লুকাই থাকিল; কিন্তু যিহোচূৱাই লোকসকলৰ মাজত সেই ৰাতিটো শুই থাকিল।
၉ယောရှုစေလွှတ်သည်အတိုင်း၊ ထိုသူတို့သည် ကင်းထိုးခြင်းငှါ သွား၍၊ ဗေသလမြို့နှင့် အာဣမြို့ စပ်ကြားတွင် အာဣမြို့ အနောက်ဘက်မှာ နေကြ၏။ ယောရှုသည် ထိုညဉ့်တွင် လူများထဲမှာနေသေး၏။
10 ১০ পাছত যিহোচূৱাই অতি ৰাতিপুৱাতে উঠি আহিল আৰু ৰণুৱাসকলক সাজু কৰিলে৷ পাছত তেওঁ ইস্ৰায়েলৰ বৃদ্ধলোক সকলেৰে সৈতে আগে আগে গৈ অয়ক আক্ৰমণ কৰিলে।
၁၀နံနက်စောစောထ၍ လူများတို့ကို ရေတွက်ပြီးမှ၊ ဣသရေလအမျိုး အသက်ကြီးသူတို့နှင့်အတူ အာဣမြို့ သို့ အဦးချီသွားလေ၏။
11 ১১ তেওঁৰ লগত থকা সকলো ৰণুৱাই উঠি গৈ নগৰৰ সন্মুখত উপস্থিত হ’ল৷ তেওঁলোকে নগৰৰ ওচৰ চাপি অয়ৰ উত্তৰ ফালে ছাউনি পাতিলে৷ তেওঁলোকৰ আৰু অয়ৰ মাজত এক উপত্যকা আছিল।
၁၁ယောရှု၌ပါသော စစ်သူရဲအပေါင်းတို့သည် လိုက်၍ မြို့အနီးသို့ ရောက်ပြီးလျှင်၊ မြို့မြောက်ဘက်၌ တပ်ချကြ၏။ သူတို့နှင့် မြို့စပ်ကြားမှာ ချိုင့်တခုရှိ၏။
12 ১২ তেওঁ পাঁচ হাজাৰ মান লোক লগত লৈ নগৰৰ পশ্চিম ফালে বৈৎএল আৰু অয়ৰ মাজত আক্ৰমণ কৰিবলৈ লুকুৱাই ৰাখিছিল।
၁၂တဖန် အာဣမြို့အနောက်၊ ထိုမြို့နှင့် ဗေသလ မြို့စပ်ကြားမှာ ကင်းထိုးစေခြင်းငှါ လူငါးထောင်ခန့်မျှ ထားလေ၏။
13 ১৩ এইদৰে মুখ্য ৰণুৱাসকলক নগৰৰ উত্তৰফালে থকা গোটেই ছাউনিক আৰু নগৰৰ পশ্চিমফালে পহৰা দি লুকাই থকা দলটিক উপযুক্ত স্থানত স্থাপন কৰি যিহোচূৱাই সেই ৰাতি উপত্যকাৰ মাজলৈ গমণ কৰিলে।
၁၃ထိုသို့လျှင်၊ မြို့မြောက်ဘက်မှာ ဗိုလ်ခြေအပေါင်း ခင်းကျင်းလျက်၊ အနောက်ဘက်မှာလည်း ကင်းထိုးလျက်၊ အသီးသီး နေရာကျကြသောအခါ၊ ယောရှုသည် ထိုညဉ့် တွင် ချိုင့်အလယ်သို့ သွားလေ၏။
14 ১৪ পাছত অয়ৰ ৰজাই তাক দেখাৰ লগে লগে তেওঁ আৰু তেওঁৰ সকলো সৈন্য-বাহিনীয়ে ৰাতিপুৱাতে বেগাই উঠি আহিল, আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ, যৰ্দন নদীৰ সন্মুখত থকা নিৰূপিত ঠাইলৈ বেগাই যাত্ৰা কৰিলে৷ কিন্তু তেওঁৰ বিৰুদ্ধে নগৰৰ পাছ ফালে যে এদল সৈন্য আক্ৰমণ কৰিবলৈ লুকাই আছিল, সেই বিষয়ে তেওঁ নাজানিলে।
၁၄ထိုအခြင်းအရာတို့ကို အာဣမင်းကြီးသည် မြင် လျှင်၊ မြို့သားယောက်ျားတို့သည် စောစောထ၍ အလျင် အမြန်ပြင်ဆင်ပြီးမှ၊ မင်းကြီးသည် လူအပေါင်းတို့နှင့်တကွ ဣသရေလအမျိုးသားတို့ကို တိုက်ခြင်းငှါ၊ ချိန်းချက်သော အချိန်၌ လွင်ပြင်သို့ ချီသွားလေ၏။ သို့ရာတွင် မြို့နောက် မှာ ကင်းတပ်ရှိမှန်းကို မသိ။
15 ১৫ পাছত যিহোচূৱা আৰু আটাই ইস্ৰায়েলী লোক তেওঁলোকৰ আগত নিজকে হাৰি যোৱা যেন দেখুৱাই মৰুপ্ৰান্তৰ বাটেদি পলাই গ’ল।
၁၅ယောရှုနှင့်ဣသရေလ အမျိုးသားအပေါင်းတို့ သည် ရှုံးဟန်ပြုလျက် တောလမ်းဖြင့် ပြေးကြ၏။
16 ১৬ তেতিয়া তেওঁলোকৰ পাছে পাছে খেদি যাবৰ বাবে নগৰত থকা সকলো লোকক গোট খাবলৈ মতা হ’ল আৰু তেওঁলোকে যিহোচূৱাৰ পাছে পাছে খেদি লৈ গ’ল, আৰু এইদৰে তেওঁলোক নগৰৰ পৰা বহু দূৰলৈ আতৰি গ’ল।
၁၆သူတို့ကို လိုက်ခြင်းငှါ၊ အာဣမင်းကြီးသည် မြို့၌ ရှိသမျှသော ယောက်ျားတို့ကို နှိုးဆော်ပြီးလျှင်၊ မြို့သားတို့ သည် ယောရှုကိုလိုက်၍၊ မြို့နှင့်ကွာမှန်းမသိ ခွါသွားကြ၏။
17 ১৭ আৰু ইস্ৰায়েলৰ পাছত খেদি যাওঁতে যাওঁতে অয় আৰু বৈৎএলত এজন লোকো অৱশিষ্ট নাথাকিল৷ তেওঁলোকে নগৰৰ দুৱাৰ মুকলিকৈ এৰি থৈ, সকলোৱে ইস্ৰায়েলৰ পাছত খেদি গ’ল।
၁၇ဣသရေလအမျိုးသားတို့ကို မလိုက်ဘဲ၊ အာဣ မြို့နှင့် ဗေသလမြို့၌ ယောက်ျားတယောက်မျှ မနေ၊ မြို့ကို လှပ်ထားလျက် ဣသရေလအမျိုးသားတို့ကို လိုက် ကြ၏။
18 ১৮ তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে, “তোমাৰ হাতত থকা যাঠীপাত অয়ৰ ফাললৈ দাঙা; কিয়নো সেই নগৰ মই তোমাৰ হাতত দিম।” তেতিয়া যিহোচূৱাই নিজৰ হাতত থকা যাঠীপাত নগৰৰ ফাললৈ দাঙিলে।
၁၈ထာဝရဘုရားကလည်း၊ သင်ကိုင်သောလှံကို အာဣမြို့သို့ ရွယ်လော့။ ထိုမြို့ကို သင့်လက်သို့ ငါအပ် မည်ဟု ယောရှုအား မိန့်တော်မူသည်အတိုင်း၊ ယောရှု သည် မိမိကိုင်သောလှံကို ထိုမြို့သို့ရွယ်လေ၏။
19 ১৯ তেওঁ হাত দঙামাত্ৰে লগে লগে আক্রমণ কৰিবলৈ লুকাই থকা সৈন্য দলে নিজ ঠাইৰ পৰা বেগাই ওলাই আহিল আৰু লৰি গৈ নগৰত সোমাল। তাৰ পাছত তেওঁলোকে নগৰখন আটক কৰি ল’লে আৰু তাত জুই লগাই দিলে।
၁၉ရွယ်သောအခါ၊ ကင်းတပ်သားတို့သည် ချက် ခြင်းထ၍ အလျင်အမြန်ပြေးလျက် မြို့ထဲသို့ဝင်မိလျှင်၊ ကြိုးစား၍ သိမ်းယူပြီးမှ မီးရှို့ကြ၏။
20 ২০ পাছত অয়ৰ লোকসকলে পাছফাললৈ ঘূৰি চালে আৰু নগৰৰ ধোঁৱা আকাশলৈ উঠা দেখিলে৷ তেতিয়া তেওঁলোকে ইফালে সিফালে কোনোফালে পলাবলৈ একো উপায় নাপালে৷ কাৰণ মৰুপ্ৰান্তলৈ পলাই যোৱা সৈন্যসকলে তেওঁলোকক খেদি আক্ৰমণ কৰিলে৷
၂၀အာဣမြို့သားတို့သည် ပြန်ကြည့်၍၊ မြို့ကို လောင်သော မီး၏အခိုးသည် မိုဃ်းကောင်းကင်သို့ တက် လျက်ရှိသည်ကို မြင်သောအခါ၊ အဘယ်အရပ်ကိုမျှ ပြေး ခြင်းငှါ မတတ်စွမ်းနိုင်ကြ။ တောသို့ပြေးသောသူတို့သည် လည်း လိုက်သောသူတို့ကို ပြန်လှန်၍ တိုက်ကြ၏။
21 ২১ অৰ্থাৎ যেতিয়া যিহোচূৱাই আৰু গোটেই ইস্ৰায়েলে দেখিলে যে, আক্ৰমণ কৰিবলৈ লুকাই থকা সৈন্যদলে নগৰখন আটক কৰি ল’লে আৰু নগৰৰ ধোঁৱা উঠিছে, তেতিয়া তেওঁলোকে উভতি ধৰি অয়ৰ লোকসকলক আঘাত কৰিলে।
၂၁ကင်းတပ်သားတို့သည် မြို့ကိုရ၍ မြို့၌ မီးခိုး တက်လျက် ရှိသည်ကို ယောရှုနှင့် ဣသရေလအမျိုးသား အပေါင်းတို့သည် မြင်လျှင်၊ တဖန် ပြန်လှည့်၍ အာဣမြို့ သားတို့ကို တိုက်သတ်ကြ၏။
22 ২২ আৰু ইস্ৰায়েলৰ অন্য সৈন্যসকলে নগৰৰ পৰা ওলাই অাহি তেওঁলোকক আক্ৰমণ কৰিলে৷ এইদৰে অয়ৰ লোকসকল ইস্ৰায়েলৰ সৈন্যসকলৰ মাজত ধৰা পৰিল; তাতে এফালে এদল আৰু আনফালে এদল আছিল৷ পাছত ইস্ৰায়েলে তেওঁলোকক এনেকৈ আঘাত কৰিলে যে, তেওঁলোকৰ এজনো অৱশিষ্ট বা জীয়াই নাথাকিল।
၂၂အခြားသောသူတို့သည်လည်း မြို့ထဲကထွက်၍ တိုက်သောကြောင့် ဣသရေလအမျိုးသားတို့သည် အာဣ လူတို့ကို ညှပ်၍ တိုက်သဖြင့် တယောက်ကိုမျှမလွှတ် မကျန်ကြွင်းစေခြင်းငှါ လုပ်ကြံကြ၏။
23 ২৩ তেওঁলোকে অয়ৰ ৰজাক জীৱিত অৱস্থাতে বন্দী কৰিলে, আৰু যিহোচূৱাৰ ওচৰলৈ লৈ আহিল।
၂၃အာဣမင်းကြီးကို အရှင်ဘမ်း၍ ယောရှုထံသို့ ဆောင်ခဲ့ကြ၏။
24 ২৪ যেতিয়া ইস্ৰায়েলী লোকসকলে নগৰৰ বাহিৰৰ মৰুভূমিত তেওঁলোকৰ পাছে পাছে খেদি অহা সকলো অয়-নিবাসীকে বধ কৰি উঠিল, তেতিয়া অয়-নিবাসী সেই লোকসকল নিঃশেষে পতিত হ’ল আৰু তাৰ পাছত তেওঁলোক অয় লৈ উভতি আহি তাত থকা লোকসকলকো তৰোৱালেৰে বধ কৰিলে৷
၂၄ဣသရေလအမျိုးသားတို့သည် လွင်ပြင်၌၎င်း၊ လိုက်ရှာရာ တော၌၎င်း၊ အာဣမြို့သားအပေါင်းတို့ကို လုပ်ကြံ၍ ထားဖြင့် အကုန်အစင်သုတ်သင်ပြီးမှ၊ တဖန် မြို့သို့ပြန်လာ၍ ထားဖြင့် လုပ်ကြံကြ၏။
25 ২৫ সেইদিনা অয়-নিবাসী সকলো লোক অৰ্থাৎ মহিলা আৰু পুৰুষ আদি কৰি বাৰ হাজাৰ লোকক বধ কৰা হ’ল৷
၂၅ထိုနေ့၌ တသောင်းနှစ်ထောင်ခန့်မျှ ရှိသော အာဣမြို့သား ယောက်ျားမိန်းမအပေါင်းတို့သည် သေကြ ၏။
26 ২৬ কিয়নো অয় নিবাসী লোকসকলক নিঃশেষে বিনষ্ট নকৰালৈকে যিহোচূৱাই নিজৰ যাঠী দঙা হাত নোকোচালে।
၂၆အာဣမြို့သူမြို့သား အပေါင်းတို့ကို အကုန်အ စင် မဖျက်ဆီးမှီတိုင်အောင် ယောရှုသည် လှံကိုင်သော လက်ကို မသိမ်းမရုပ်။
27 ২৭ যিহোচূৱাক আদেশ কৰা যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলে কেৱল সেই নগৰৰ পশু আৰু লুটদ্ৰব্যবোৰ নিজৰ বাবে ল’লে।
၂၇သို့ရာတွင် ထာဝရဘုရားသည် ယောရှုအား မှာ ထားတော်မူသော စကားအတိုင်း၊ တိရစ္ဆာန်များနှင့် လက် ရဥစ္စာများကို၊ ဣသရေလအမျိုးသားတို့သည် ကိုယ်အဘို့ သိမ်းယူကြ၏။
28 ২৮ এইদৰে অয়ক যিহোচূৱাই জুই লগাই পুৰিলে আৰু সেই নগৰক চিৰকলীয়া ধ্বংসাৱশেষৰ স্তুপ কৰিলে। এইদৰে এই ঠাই আজিলৈকে পৰিত্যক্ত হৈ আছে৷
၂၈ယောရှုသည်လည်း အာဣမြို့ကို မီးရှို့၍၊ ယနေ့ တိုင်အောင် ထာဝရဖျက်ဆီးရာ အမှိုက်ပုံ ဖြစ်စေ၏။
29 ২৯ পাছত তেওঁ অয়ৰ ৰজাক সন্ধিয়ালৈকে গছত ওলোমাই ৰাখিলে৷ আৰু সূৰ্য মাৰ যোৱা সময়ত, যিহোচূৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে গছৰ পৰা শৱটো নমাই নগৰৰ দুৱাৰমুখত পেলালে আৰু তাৰ ওপৰত শিলৰ এক ডাঙৰ দ’ম কৰিলে; সেই দ’ম আজিলৈকে আছে।
၂၉အာဣမင်းကြီးကို ညဦးတိုင်အောင် သစ်ပင် တွင် ဆွဲထား၍၊ မိုဃ်းချုပ်သောအခါ၊ ယောရှုစီရင်သည် အတိုင်း၊ အသေကောင်ကို သစ်ပင်ကချပြီးလျှင် မြို့တံခါး ဝ၌ ပစ်ထား၍၊ အသေကောင်အပေါ်၌ များစွာသော ကျောက်တို့ကို စုပုံကြ၏။ ထိုကျောက်ပုံသည် ယနေ့တိုင် အောင်ရှိ၏။
30 ৩০ সেই সময়ত যিহোচূৱাই এবাল পৰ্ব্বতত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্য এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে,
၃၀ထိုအခါ ယောရှုသည်၊ ဧဗလတောင်ပေါ်မှာ ဣသရေလအမျိုး၏ ဘုရားသခင် ထာဝရဘုရားအဘို့၊ ယဇ်ပလ္လင်ကို တည်လေ၏။
31 ৩১ যিহোৱাৰ দাস মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক দিয়া আজ্ঞা, যি দৰে মোচিৰ ব্যৱস্থা-পুস্তকত লিখা আছিল, সেই আদেশ অনুসাৰে: “যি শিলৰ ওপৰত কোনেও অস্ত্ৰ দঙা নাই, এনে নকটা শিলৰ যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।” আৰু তেওঁ তাৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে হোম-বলি আৰু তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
၃၁ထာဝရဘုရား၏ ကျွန်မောရှေသည်၊ ဣသရေ လအမျိုးသားတို့ကို မှာထား၍ မောရှေ၏ ပညတ္တိကျမ်း၌ ရေးမှတ်လျက်ရှိသည်အတိုင်း၊ သံတန်ဆာမပါမသုံးဘဲ မကွဲမပြတ်သော ကျောက်တို့ဖြင့် ယဇ်ပလ္လင်ကို တည်၍၊ ထာဝရဘုရားအဘို့ မီးရှို့ရာယဇ်၊ မိဿဟာယ ယဇ်တို့ကို ပူဇော်ကြ၏။
32 ৩২ সেই ঠাইত তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ সাক্ষাতেই সেই শিলবোৰৰ ওপৰত মোচিৰ ব্যৱস্থাৰ এখন নকল লিখিলে।
၃၂ယောရှုသည်လည်း၊ ထိုကျောက်ပေါ်၌ မောရှေ ၏ ပညတ်တရားကို ဣသရေလအမျိုးသားတို့ရှေ့မှာ ရေးကူးလေ၏။
33 ৩৩ সকলো ইস্ৰায়েলী লোক, তেওঁলোকৰ পৰিচাৰকসকল, বিষয়াসকল আৰু বিচাৰকৰ্তাসকলকে আদি কৰি সকলো লোকে নিয়ম-চন্দুকৰ চাৰিওফালে থিয় হ’ল; তেওঁলোকে পুৰোহিত আৰু যিহোৱাৰ নিয়ম-চন্দুক বহনকাৰী লেবীয়াসকলৰ সন্মুখত থিয় হ’ল। তাতে স্বদেশীয় আৰু পৰদেশীয় সকলো লোক আছিল। তেওঁলোকৰ আধা অংশ লোক গৰিজ্জীম পৰ্বতৰ ফালে আৰু আধা অংশ লোক এবাল পৰ্বতৰ ফালে আছিল। ইস্ৰায়েলৰ লোকসকল আশীৰ্ব্বাদ প্ৰাপ্ত হ’বৰ বাবে যিহোৱাৰ দাস মোচিয়ে প্ৰথমে তেওঁলোকক এইদৰে আজ্ঞা দিছিল।
၃၃ဣသရေလအမျိုးသားတို့ကို ကောင်းကြီးပေး ခြင်း အလိုငှါ၊ ထာဝရဘုရား၏ကျွန် မောရှေမှာထားခဲ့ သည်အတိုင်း၊ ဣသရေလအမျိုး အသက်ကြီး၊ ဗိုလ်မင်း၊ တရားသူကြီး အမျိုးသားအပေါင်းတို့သည်၊ ယဇ်ပုရော ဟိတ် လေဝိသားထမ်းသော ထာဝရဘုရား၏ ပဋိညာဉ် သေတ္တာနှစ်ဘက်၌ ရပ်၍၊ အမျိုးသားစစ်နှင့် တကျွန်းနိုင် ငံသားပါလျက်၊ ဂေရဇိမ်တောင်ပေါ်မှာ လူတဝက်၊ ဧဗလ တောင်ပေါ်မှာ တဝက်တို့သည် နေကြလျှင်၊
34 ৩৪ তাৰ পাছত যিহোচূৱাই ব্যৱস্থা-পুস্তকৰ প্ৰতিটো কথা পাঠ কৰি শুনালে। তেওঁ সকলো আশীৰ্ব্বাদ আৰু অভিশাপ ব্যৱস্থা-পুস্তকত যেনেদৰে লিখা আছিল, ঠিক তেনেদৰেই পাঠ কৰি শুনালে।
၃၄ပညတ္တိကျမ်း၌ ရေးထားသမျှသော ကောင်းကြီး မင်္ဂလာစကားနှင့် ကျိန်ခြင်းအမင်္ဂလာစကား တည်းဟူ သော တရားစကားအလုံးစုံတို့ကို ဘတ်ရွတ်လေ၏။
35 ৩৫ ইস্ৰায়েলৰ গোটেই সমাজৰ আগত, লগত মহিলাসকল, সৰু সৰু লৰা-ছোৱালীসকল আৰু তেওঁলোকৰ মাজত থকা বিদেশীসকলৰ আগত মোচিয়ে আজ্ঞা কৰা সেই সকলো বাক্যৰ এটি কথাও যিহোচূৱাই পাঠ নকৰাকৈ নাথাকিল।
၃၅ယောရှုသည် မောရှေမှာထားသော စကားတ ခွန်းကိုမျှ မချန်မထား၊ မိန်းမ၊ သူငယ်၊ တကျွန်းနိုင်ငံသား ပါသော ဣသရေလအမျိုးသား ပရိတ်သတ်အပေါင်းတို့ ရှေ့မှာ အကုန်အစင် ဘတ်ရွတ်လေ၏။