< যোশুয়া 8 >

1 পাছত যিহোৱাই যিহোচূৱাক ক’লে, “তুমি ভয় নকৰিবা আৰু ব্যাকুল নহ’বা৷ যুদ্ধ কৰিব পৰা লোকসকলক তোমাৰ লগত লোৱা৷ উঠা, অয়লৈ যাত্ৰা কৰা৷ চোৱা, মই অয়ৰ ৰজাক, তাৰ প্ৰজাসকলক, তাৰ নগৰ আৰু তাৰ দেশ তোমাৰ হাতত শোধাই দিলোঁ।
Sai Ubangiji ya ce wa Yoshuwa, “Kada ka ji tsoro; kada ka karaya. Ka ɗauki dukan sojojin ku kai wa Ai hari, gama na ba ka nasara a kan sarkin Ai, mutanensa, birninsa da kuma ƙasarsa.
2 তুমি যিৰীহো আৰু তাৰ ৰজালৈ যেনে কৰিলা, অয়লৈ আৰু তাৰ ৰজালৈকো তেনে কৰিবা, কেৱল তাৰ লুটদ্ৰব্য আৰু পশু তোমালোকে তোমালোকৰ কাৰণে লুট কৰি ল’বা৷ তুমি নগৰৰ পাছফালে এদল সৈন্য লুকুৱাই চোপ লৈ থাকিবলৈ দিবা।”
Za ku yi wa Ai yadda kuka yi wa Yeriko da sarkinta, sai dai za ku kwashe ganima da dabbobinta su zama naku. Ku yi kwanto a bayan birnin.”
3 তেতিয়া যিহোচূৱা আৰু যুদ্ধ কৰিব পৰা সকলো লোক অয়লৈ যাবৰ বাবে উঠিল আৰু যিহোচূৱাই ত্ৰিশ হাজাৰ বলৱান আৰু সাহিয়াল বীৰপুৰুষ বাচি লৈ ৰাতিয়েই তেওঁলোকক পঠিয়াই দিলে।
Yoshuwa da dukan sojojin suka fita su kai wa Ai hari. Sai ya zaɓi sojojinsa waɗanda suka fi saura duka iya yaƙi guda dubu talatin, ya tura su da dad dare
4 তেওঁ তেওঁলোকক এই আজ্ঞা দিলে, “চোৱা, তোমালোক নগৰৰ বিপৰীতে, পাছফালে লুকাই থাকিবা৷ নগৰৰ পৰা বৰ দূৰলৈ নাযাবা, কিন্তু তোমালোক সকলোৱে যুগুত থাকিবা।
ya ba su umarni ya ce, “Ku ji da kyau, za ku yi kwanto a bayan birnin, kada ku yi nisa da birnin. Kowannenku yă kasance a faɗake.
5 মই আৰু মোৰ লগৰ লোকসকল নগৰৰ ওচৰলৈ যাম, তাতে যেতিয়া তেওঁলোকে আমাক আক্ৰমণ কৰিবলৈ ওলাই আহিব, তেতিয়া পূৰ্বৰ দৰে আমি তেওঁলোকৰ আগৰ পৰা পলাম৷
Ni da waɗanda suke tare da ni za mu nufi birnin, a lokacin da mutanen suka taso mana yadda suka yi dā, sai mu guje musu.
6 পাছত তেওঁলোকে আমাক নগৰৰ পৰা দূৰলৈ খেদি নিবৰ বাবে নগৰৰ বাহিৰলৈ তেওঁলোক ওলাই আহিব আৰু আমাক পাছে পাছে খেদি আহিব৷ কিয়নো তেওঁলোকে ক’ব, ‘এওঁলোকে আগৰ নিচিনাকৈ আমাৰ পৰা পলাইছে৷’ গতিকে, এইদৰে আমি তেওঁলোকৰ আগৰ পৰা পলাম।
Za su bi mu har su yi nisa da birnin, gama za su ce, ‘Suna gudu kamar yadda suka yi dā.’ Saboda haka lokacin da muka guje musu,
7 তেতিয়া তোমালোকে লুকাই থকা ঠাইৰ পৰা ওলাই আহিবা আৰু নগৰ আটক কৰি ল’বা৷ কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তাক তোমালোকৰ হাতত শোধাই দিব।
sai ku tashi daga inda kuka yi kwanto, ku ci birnin da yaƙi, Ubangiji Allahnku zai ba da shi a hannunku.
8 যেতিয়া তোমালোকে নগৰ আটক কৰিবা, তাত জুই লগাই দিবা৷ যিহোৱাৰ বাক্যত আজ্ঞা কৰাৰ দৰে তোমালোকে এই কাৰ্য কৰিবা। চোৱা, মই তোমালোকক আজ্ঞা কৰিলোঁ।”
Lokacin da kuka ƙwace birnin, sai ku sa masa wuta. Ku yi abin da Ubangiji ya umarta. Ku tabbata kun yi abubuwan da na ce.”
9 এইদৰে, যিহোচূৱাই তেওঁলোকক পঠোৱাৰ পাছত তেওঁলোকে গৈ অয়ৰ পশ্চিমে বৈৎএলৰ আৰু অয়ৰ মাজ ঠাইত লুকাই থাকিল; কিন্তু যিহোচূৱাই লোকসকলৰ মাজত সেই ৰাতিটো শুই থাকিল।
Sai Yoshuwa ya sallame su, suka kuma tafi wurin da za su yi kwanto, suka kwanta suna fako tsakanin Betel da Ai, yamma da Ai, amma Yoshuwa ya kwana tare da mutanen.
10 ১০ পাছত যিহোচূৱাই অতি ৰাতিপুৱাতে উঠি আহিল আৰু ৰণুৱাসকলক সাজু কৰিলে৷ পাছত তেওঁ ইস্ৰায়েলৰ বৃদ্ধলোক সকলেৰে সৈতে আগে আগে গৈ অয়ক আক্ৰমণ কৰিলে।
Kashegari da sassafe Yoshuwa ya tattara mutanensa, sai shi da shugabannin Isra’ilawa suka sha gaba suka taka zuwa Ai.
11 ১১ তেওঁৰ লগত থকা সকলো ৰণুৱাই উঠি গৈ নগৰৰ সন্মুখত উপস্থিত হ’ল৷ তেওঁলোকে নগৰৰ ওচৰ চাপি অয়ৰ উত্তৰ ফালে ছাউনি পাতিলে৷ তেওঁলোকৰ আৰু অয়ৰ মাজত এক উপত্যকা আছিল।
Dukan sojojin da suke tare da shi suka nufi birnin, da suka kai kuwa sai suka kafa sansaninsu a arewancin Ai. Tsakaninsu da Ai akwai kwari.
12 ১২ তেওঁ পাঁচ হাজাৰ মান লোক লগত লৈ নগৰৰ পশ্চিম ফালে বৈৎএল আৰু অয়ৰ মাজত আক্ৰমণ কৰিবলৈ লুকুৱাই ৰাখিছিল।
Yoshuwa ya sa mutum dubu biyar suka yi kwanto tsakanin Betel da Ai, a yammancin birnin.
13 ১৩ এইদৰে মুখ্য ৰণুৱাসকলক নগৰৰ উত্তৰফালে থকা গোটেই ছাউনিক আৰু নগৰৰ পশ্চিমফালে পহৰা দি লুকাই থকা দলটিক উপযুক্ত স্থানত স্থাপন কৰি যিহোচূৱাই সেই ৰাতি উপত্যকাৰ মাজলৈ গমণ কৰিলে।
Mutanen suka kafa sansaninsu arewa da birnin, sansani na’yan kwanto kuwa yana yamma da birnin, amma Yoshuwa ya kwana a kwarin.
14 ১৪ পাছত অয়ৰ ৰজাই তাক দেখাৰ লগে লগে তেওঁ আৰু তেওঁৰ সকলো সৈন্য-বাহিনীয়ে ৰাতিপুৱাতে বেগাই উঠি আহিল, আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ, যৰ্দন নদীৰ সন্মুখত থকা নিৰূপিত ঠাইলৈ বেগাই যাত্ৰা কৰিলে৷ কিন্তু তেওঁৰ বিৰুদ্ধে নগৰৰ পাছ ফালে যে এদল সৈন্য আক্ৰমণ কৰিবলৈ লুকাই আছিল, সেই বিষয়ে তেওঁ নাজানিলে।
Sa’ad da sarkin Ai ya ga haka, shi da duk mutanen birnin suka hanzarta da sassafe don su gamu da Isra’ilawa, su yi yaƙi da su a wani wurin da yake fuskantar Araba. Amma bai san cewa an yi masa kwanto a bayan birnin ba.
15 ১৫ পাছত যিহোচূৱা আৰু আটাই ইস্ৰায়েলী লোক তেওঁলোকৰ আগত নিজকে হাৰি যোৱা যেন দেখুৱাই মৰুপ্ৰান্তৰ বাটেদি পলাই গ’ল।
Yoshuwa da duk Isra’ilawa suka bari aka fafare su, sai suka gudu zuwa cikin jeji.
16 ১৬ তেতিয়া তেওঁলোকৰ পাছে পাছে খেদি যাবৰ বাবে নগৰত থকা সকলো লোকক গোট খাবলৈ মতা হ’ল আৰু তেওঁলোকে যিহোচূৱাৰ পাছে পাছে খেদি লৈ গ’ল, আৰু এইদৰে তেওঁলোক নগৰৰ পৰা বহু দূৰলৈ আতৰি গ’ল।
Aka kira duk mazan Ai su fafare su, suka kuwa fafari Yoshuwa, aka yaudare su suka yi nisa da birnin.
17 ১৭ আৰু ইস্ৰায়েলৰ পাছত খেদি যাওঁতে যাওঁতে অয় আৰু বৈৎএলত এজন লোকো অৱশিষ্ট নাথাকিল৷ তেওঁলোকে নগৰৰ দুৱাৰ মুকলিকৈ এৰি থৈ, সকলোৱে ইস্ৰায়েলৰ পাছত খেদি গ’ল।
Ba namijin da ya rage a Ai ko Betel da bai fita don yă fafari Isra’ilawa ba. Suka bar birnin a buɗe, suka tafi fafarar Isra’ilawa.
18 ১৮ তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে, “তোমাৰ হাতত থকা যাঠীপাত অয়ৰ ফাললৈ দাঙা; কিয়নো সেই নগৰ মই তোমাৰ হাতত দিম।” তেতিয়া যিহোচূৱাই নিজৰ হাতত থকা যাঠীপাত নগৰৰ ফাললৈ দাঙিলে।
Sai Ubangiji ya ce wa Yoshuwa, “Ka riƙe māshin da yake hannunka ka nuna wajen Ai, gama zan ba da birnin a hannunka.” Yoshuwa kuwa ya miƙa māshin ta wajen Ai.
19 ১৯ তেওঁ হাত দঙামাত্ৰে লগে লগে আক্রমণ কৰিবলৈ লুকাই থকা সৈন্য দলে নিজ ঠাইৰ পৰা বেগাই ওলাই আহিল আৰু লৰি গৈ নগৰত সোমাল। তাৰ পাছত তেওঁলোকে নগৰখন আটক কৰি ল’লে আৰু তাত জুই লগাই দিলে।
Da yin haka kuwa sai mutanen da suka yi kwanto suka tashi nan da nan daga inda suke, suka nufi birnin a guje, suka shiga suka ci birnin da yaƙi, suka kuma cinna mata wuta da sauri.
20 ২০ পাছত অয়ৰ লোকসকলে পাছফাললৈ ঘূৰি চালে আৰু নগৰৰ ধোঁৱা আকাশলৈ উঠা দেখিলে৷ তেতিয়া তেওঁলোকে ইফালে সিফালে কোনোফালে পলাবলৈ একো উপায় নাপালে৷ কাৰণ মৰুপ্ৰান্তলৈ পলাই যোৱা সৈন্যসকলে তেওঁলোকক খেদি আক্ৰমণ কৰিলে৷
Mutanen Ai suka juya suka ga hayaƙin birninsu yana tashi sama, amma ba yadda za su iya tsira ta ko’ina, gama Isra’ilawan da suke gudu zuwa cikin jeji suka juya suka fara fafarar waɗanda suke fafararsu.
21 ২১ অৰ্থাৎ যেতিয়া যিহোচূৱাই আৰু গোটেই ইস্ৰায়েলে দেখিলে যে, আক্ৰমণ কৰিবলৈ লুকাই থকা সৈন্যদলে নগৰখন আটক কৰি ল’লে আৰু নগৰৰ ধোঁৱা উঠিছে, তেতিয়া তেওঁলোকে উভতি ধৰি অয়ৰ লোকসকলক আঘাত কৰিলে।
Lokacin da Yoshuwa da dukan Isra’ilawa suka ga waɗanda suka yi kwanto sun ci birnin da yaƙi, hayaƙi kuwa ya cika birnin, sai suka juya suka kai wa mutanen Ai hari.
22 ২২ আৰু ইস্ৰায়েলৰ অন্য সৈন্যসকলে নগৰৰ পৰা ওলাই অাহি তেওঁলোকক আক্ৰমণ কৰিলে৷ এইদৰে অয়ৰ লোকসকল ইস্ৰায়েলৰ সৈন্যসকলৰ মাজত ধৰা পৰিল; তাতে এফালে এদল আৰু আনফালে এদল আছিল৷ পাছত ইস্ৰায়েলে তেওঁলোকক এনেকৈ আঘাত কৰিলে যে, তেওঁলোকৰ এজনো অৱশিষ্ট বা জীয়াই নাথাকিল।
Mutanen da suka yi kwanto su ma suka fito daga birnin suka tasar musu, ya zama an kama su a tsakiya, ga Isra’ilawa daga kowane gefe. Isra’ilawa kuwa suka karkashe su duka ba su bar wani da rai ba, ba kuma wanda ya tsere.
23 ২৩ তেওঁলোকে অয়ৰ ৰজাক জীৱিত অৱস্থাতে বন্দী কৰিলে, আৰু যিহোচূৱাৰ ওচৰলৈ লৈ আহিল।
Amma suka tafi da sarkin Ai da rai suka kawo shi wurin Yoshuwa.
24 ২৪ যেতিয়া ইস্ৰায়েলী লোকসকলে নগৰৰ বাহিৰৰ মৰুভূমিত তেওঁলোকৰ পাছে পাছে খেদি অহা সকলো অয়-নিবাসীকে বধ কৰি উঠিল, তেতিয়া অয়-নিবাসী সেই লোকসকল নিঃশেষে পতিত হ’ল আৰু তাৰ পাছত তেওঁলোক অয় লৈ উভতি আহি তাত থকা লোকসকলকো তৰোৱালেৰে বধ কৰিলে৷
Da Isra’ilawa suka gama kashe duk mutanen Ai a filaye da kuma a cikin jeji inda suka fafare su, kuma da aka karkashe kowane mutumin Ai da takobi sai dukan Isra’ilawa suka koma Ai suka karkashe duk waɗanda suke cikinsa.
25 ২৫ সেইদিনা অয়-নিবাসী সকলো লোক অৰ্থাৎ মহিলা আৰু পুৰুষ আদি কৰি বাৰ হাজাৰ লোকক বধ কৰা হ’ল৷
A ranan nan, dukan mutanen Ai da aka kashe, mutum dubu goma sha biyu ne maza da mata.
26 ২৬ কিয়নো অয় নিবাসী লোকসকলক নিঃশেষে বিনষ্ট নকৰালৈকে যিহোচূৱাই নিজৰ যাঠী দঙা হাত নোকোচালে।
Gama Yoshuwa bai janye hannunsa da yake riƙe da māshinsa ba har sai da ya hallaka dukan mazaunan Ai.
27 ২৭ যিহোচূৱাক আদেশ কৰা যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলে কেৱল সেই নগৰৰ পশু আৰু লুটদ্ৰব্যবোৰ নিজৰ বাবে ল’লে।
Amma Isra’ilawa suka kwashe ganima da dabbobin birnin nan yadda Ubangiji ya umarci Yoshuwa.
28 ২৮ এইদৰে অয়ক যিহোচূৱাই জুই লগাই পুৰিলে আৰু সেই নগৰক চিৰকলীয়া ধ্বংসাৱশেষৰ স্তুপ কৰিলে। এইদৰে এই ঠাই আজিলৈকে পৰিত্যক্ত হৈ আছে৷
Yoshuwa kuwa ya ƙone Ai, ya mai da ita tarin ƙasa, ta zama kufai har wa yau.
29 ২৯ পাছত তেওঁ অয়ৰ ৰজাক সন্ধিয়ালৈকে গছত ওলোমাই ৰাখিলে৷ আৰু সূৰ্য মাৰ যোৱা সময়ত, যিহোচূৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে গছৰ পৰা শৱটো নমাই নগৰৰ দুৱাৰমুখত পেলালে আৰু তাৰ ওপৰত শিলৰ এক ডাঙৰ দ’ম কৰিলে; সেই দ’ম আজিলৈকে আছে।
Ya rataye sarkin Ai a kan itace, ya bar shi a can har yamma. Da rana ta fāɗi, Yoshuwa ya umarta a ɗauke gawar sarkin a jefa a gaban ƙofar birnin. Suka kuma tara manyan duwatsu a kan gawar, tsibin na nan har wa yau.
30 ৩০ সেই সময়ত যিহোচূৱাই এবাল পৰ্ব্বতত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্য এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে,
Yoshuwa kuwa ya yi wa Ubangiji, Allah na Isra’ila bagade a Dutsen Ebal,
31 ৩১ যিহোৱাৰ দাস মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক দিয়া আজ্ঞা, যি দৰে মোচিৰ ব্যৱস্থা-পুস্তকত লিখা আছিল, সেই আদেশ অনুসাৰে: “যি শিলৰ ওপৰত কোনেও অস্ত্ৰ দঙা নাই, এনে নকটা শিলৰ যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।” আৰু তেওঁ তাৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে হোম-বলি আৰু তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
kamar yadda Musa bawan Ubangiji ya umarci Isra’ilawa. Ya gina bisa ga abin da yake a rubuce a cikin Littafin Dokoki na Musa, bagade na duwatsun da ba a sassaƙa su ba, waɗanda ba wani ƙarfen da ya taɓa su. Suka miƙa wa Ubangiji hadayu na ƙonawa da hadayu na salama a kai.
32 ৩২ সেই ঠাইত তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ সাক্ষাতেই সেই শিলবোৰৰ ওপৰত মোচিৰ ব্যৱস্থাৰ এখন নকল লিখিলে।
A can, a gaban Isra’ilawa, Yoshuwa ya rubuta dokokin Musa a kan duwatsun.
33 ৩৩ সকলো ইস্ৰায়েলী লোক, তেওঁলোকৰ পৰিচাৰকসকল, বিষয়াসকল আৰু বিচাৰকৰ্তাসকলকে আদি কৰি সকলো লোকে নিয়ম-চন্দুকৰ চাৰিওফালে থিয় হ’ল; তেওঁলোকে পুৰোহিত আৰু যিহোৱাৰ নিয়ম-চন্দুক বহনকাৰী লেবীয়াসকলৰ সন্মুখত থিয় হ’ল। তাতে স্বদেশীয় আৰু পৰদেশীয় সকলো লোক আছিল। তেওঁলোকৰ আধা অংশ লোক গৰিজ্জীম পৰ্বতৰ ফালে আৰু আধা অংশ লোক এবাল পৰ্বতৰ ফালে আছিল। ইস্ৰায়েলৰ লোকসকল আশীৰ্ব্বাদ প্ৰাপ্ত হ’বৰ বাবে যিহোৱাৰ দাস মোচিয়ে প্ৰথমে তেওঁলোকক এইদৰে আজ্ঞা দিছিল।
Sai Isra’ilawa duka, da baƙi, da haifaffun gida, da dattawansu, da shugabanninsu, da alƙalansu, suka tsaya a gefe-gefen akwatin alkawarin Ubangiji, suna fuskantar waɗanda suke ɗauke da shi, wato, firistoci waɗanda su ne Lawiyawa. Rabin mutanen suka tsaya a gaban Dutsen Gerizim, rabinsu kuma suka tsaya a gaban Dutsen Ebal, kamar yadda Musa bawan Ubangiji ya riga ya umarta, cewa su sa wa mutanen Isra’ilawa albarka.
34 ৩৪ তাৰ পাছত যিহোচূৱাই ব্যৱস্থা-পুস্তকৰ প্ৰতিটো কথা পাঠ কৰি শুনালে। তেওঁ সকলো আশীৰ্ব্বাদ আৰু অভিশাপ ব্যৱস্থা-পুস্তকত যেনেদৰে লিখা আছিল, ঠিক তেনেদৰেই পাঠ কৰি শুনালে।
Bayan haka, Yoshuwa ya karanta duk abin da yake a cikin Dokoki, albarku da la’anoni, kamar yadda suke a rubuce a cikin Littafin Dokoki.
35 ৩৫ ইস্ৰায়েলৰ গোটেই সমাজৰ আগত, লগত মহিলাসকল, সৰু সৰু লৰা-ছোৱালীসকল আৰু তেওঁলোকৰ মাজত থকা বিদেশীসকলৰ আগত মোচিয়ে আজ্ঞা কৰা সেই সকলো বাক্যৰ এটি কথাও যিহোচূৱাই পাঠ নকৰাকৈ নাথাকিল।
Babu wata kalmar da Musa ya umarta da Yoshuwa bai karanta wa dukan taron Isra’ilawa ba, haɗe da mata, da yara, da baƙin da suke zama tare da su.

< যোশুয়া 8 >