< যোশুয়া 7 >
1 ১ কিন্তু ইস্রায়েলৰ সন্তান সকলে ধ্বংস কৰিবলগীয়া যিহোৱাই বর্জন কৰা বস্তুৰ বিষয়ত অবিশ্বাসযোগ্য লোকৰ দৰে কৰ্ম কৰিলে। কর্মীৰ পুত্ৰ আখান, এই আখান যিহূদা ফৈদৰ। এওঁ ধ্বংস হ’বলগীয়া বৰ্জিত বস্তুৰ কিছুমান নিজৰ লগত লৈ গৈছিল; সেয়ে যিহোৱাৰ ক্রোধ ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত জ্বলি উঠিল।
Али се огрешише синови Израиљеви о проклетињу, јер Ахан син Хармије сина Завдије сина Зариног од племена Јудиног, узе од проклетих ствари; зато се разгневи Господ на синове Израиљеве.
2 ২ যিহোচূৱাই যিৰীহোৰ পৰা বৈৎএলৰ পূবফালে থকা, বৈৎ-আবনৰ ওচৰৰ অয়লৈ মানুহ পঠাই ক’লে, “তোমালোকে উঠি গৈ, গুপুতে এই দেশৰ বুজ-বিচাৰ লৈ আঁহাগৈ।” তেতিয়া উঠি গৈ তেওঁলোকে অয়ৰ বুজ-বিচাৰ ল’লে।
А Исус посла људе из Јерихона у Гај, који беше близу Вет-Авена с истока Ветиљу, и рече им говорећи: Идите и уходите земљу. И људи одоше и уходише Гај.
3 ৩ পাছত তেওঁলোকে যিহোচূৱাৰ ওচৰলৈ উলটি আহি ক’লে, “অয়লৈ আটাইবোৰ মানুহ নপঠিয়াব; তালৈ উঠি গৈ অয়ক আক্ৰমণ কৰিবলৈ কেৱল দুই বা তিনি হাজাৰমান লোকহে পঠিয়াওক৷ ৰণত আটাইবোৰ মানুহক পঠাই কষ্ট নিদিব, কিয়নো সিহঁত সংখ্যাত তাকৰ।”
И вративши се к Исусу рекоше му: Нека не иде сав народ; до две хиљаде људи или до три хиљаде људи нека иду, и освојиће Гај; немој мучити сав народ, јер их је мало.
4 ৪ এই হেতুকে লোকসকলৰ মাজৰ পৰা তিনি হাজাৰমান লোক সেই ঠাইলৈ উঠি গ’ল; কিন্তু তেওঁলোক অয়ৰ লোক সকলৰ আগৰ পৰা পলাল।
И оде их онамо из народа око три хиљаде људи; али побегоше од Гајана.
5 ৫ আৰু অয়ৰ লোকসকলে তেওঁলোকৰ ছয়ত্ৰিশ জনমান লোকক বধ কৰিলে আৰু সিহঁতে নগৰৰ দুৱাৰৰ আগৰ পৰা চবাৰীমলৈকে তেওঁলোকক খেদি নিলে আৰু নামি যোৱা বাটত তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ পৰিল আৰু তেওঁলোকে সাহস হেৰুৱাই পেলালে।
И Гајани посекоше их до тридесет и шест људи; и гонише их од врата до Сиварима, и побише их на стрмени; и растопи се срце у народу, и поста као вода.
6 ৬ তেতিয়া যিহোচূৱাই নিজৰ কাপোৰ ফালিলে৷ তেওঁ আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে নিজ নিজ মুৰত ধুলি ছটিয়াই, যিহোৱাৰ নিয়ম-চন্দুকৰ আগত, তললৈ মুখ কৰি সন্ধিয়ালৈকে মাটিত পৰি থাকিল।
А Исус раздре хаљине своје и паде лицем на земљу пред ковчегом Господњим, и лежа до вечера, он и старешине Израиљеве, и посуше се прахом по глави.
7 ৭ তেতিয়া যিহোচূৱাই ক’লে, “হায় হায়, হে প্ৰভু যিহোৱা, আমাক বিনষ্ট কৰাবৰ অৰ্থে এই ইমোৰীয়াসকলৰ হাতত আমাক শোধাই দিবলৈ, তুমি কিয় এই লোকসকলক যৰ্দ্দন পাৰ কৰি আনিলা? তাতকৈ আমি অন্য সিদ্ধান্তৰে ক্ষান্ত হৈ যৰ্দ্দনৰ সিপাৰে থকা হ’লেই কেনে ভাল আছিল!
И рече Исус: Јао! Господе Боже, зашто преведе овај народ преко Јордана да нас предаш у руке Аморејцима да нас побију? О, да хтесмо остати преко Јордана!
8 ৮ হে প্ৰভু, ইস্ৰায়েলে নিজ শত্ৰুবোৰলৈ পিঠি দিলে, এতিয়া মই কি ক’ম?
Јао! Господе, шта да кажем, кад је Израиљ обратио плећа пред непријатељима својим?
9 ৯ কিয়নো কনানীয়া আদি কৰি এই দেশনিবাসী আটাই লোকে যেতিয়া এই কথা শুনিব, তেতিয়া তেওঁলোকে আমাক বেৰি ধৰিব আৰু পৃথিবীৰ পৰা আমাৰ নাম লুপ্ত কৰিব; তেতিয়া তোমাৰ মহান নামৰ কাৰণে তুমি কি কৰিবা?”
Чуће Хананеји и сви становници те земље, и слећи ће се око нас, и истребиће име наше са земље; и шта ћеш учинити од великог имена свог?
10 ১০ তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে, “উঠা, তুমি তললৈ মুখ কৰি কিয় মাটিত পৰি আছা?
А Господ рече Исусу: Устани: што си пао на лице своје?
11 ১১ ইস্ৰায়েলে পাপ কৰিলে৷ মই তেওঁলোকক আজ্ঞা কৰা নিয়মটিও লঙ্ঘন কৰিলে৷ তেওঁলোকে বৰ্জিত বস্তুৰ পৰাই কিছু চুৰ কৰি ল’লে, চুৰ কৰিও ভাও ধৰিলে আৰু তেওঁলোকৰ বস্তুৰ মাজত সেই বর্জিত বস্তু লুকুৱাই ৰাখিলে।
Згрешио је Израиљ, и преступио завет мој који сам им заповедио: јер узеше од проклетих ствари, и украдоше, и затајише, и метнуше међу своје ствари.
12 ১২ সেই বাবে ইস্ৰায়েলৰ সন্তান সকলে শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিলে৷ তেওঁলোকে শত্ৰুবোৰলৈ পিঠি দিলে, কিয়নো তেওঁলোক বৰ্জিত হ’ল৷ তোমালোকে সেই বৰ্জিত বস্তু বিনষ্ট কৰি তোমালোকৰ মাজৰ পৰা দূৰ নকৰিলে, মই তোমালোকৰ লগত পুনৰ নাথাকিম।
Зато неће моћи синови Израиљеви стајати пред непријатељима својим; плећа ће обраћати пред непријатељима својим, јер су под проклетством; нећу више бити с вама, ако не истребите између себе проклетињу.
13 ১৩ উঠা! লোকসকলক পবিত্ৰ কৰা আৰু তুমি তেওঁলোকক কোৱা, তোমালোকে কালিৰ কাৰণে নিজকে পবিত্ৰ কৰা। কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘হে ইস্ৰায়েল, তোমাৰ মাজত বৰ্জিত বস্তু আছে। তোমালোকৰ মাজৰ পৰা সেই বৰ্জিত বস্তু দূৰ নকৰালৈকে তুমি তোমাৰ শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিবা’।
Устани, освештај народ, и реци: Освештајте се за сутра; јер овако вели Господ Бог Израиљев: Проклетство је усред тебе, Израиљу; нећеш моћи стајати пред непријатељима својим докле не уклоните проклетство између себе.
14 ১৪ এতেকে ৰাতিপুৱাতে তোমালোকে নিজ নিজ ফৈদ অনুসাৰে হাজিৰ হ’বা৷ তাতে চিঠি-খেলোতে যিহোৱাই যি ফৈদক ধৰিব, সেই ফৈদৰ এক এক গোষ্ঠী ওচৰ চাপি আহিব আৰু যিহোৱাই যি পৰিয়ালক ধৰিব, তাৰ এজন এজন পুৰুষ ওচৰ চাপি আহিব।
Приступићете ујутру по племенима својим; и које племе обличи Господ оно ће приступити по породицама својим; и коју породицу обличи Господ она ће приступити по домовима својим; и који дом обличи Господ, приступиће људи из њега један по један.
15 ১৫ তাতে যিহোৱাই বৰ্জন কৰা বস্তু লোৱা যি জন ধৰা পৰিব, তাক আৰু তাৰ সকলোকে জুইত পোৰা যাব; কিয়নো তেওঁ যিহোৱাৰ নিয়মটি লঙ্ঘন কৰি ইস্ৰায়েলৰ মাজত অপমানজনক কাম কৰিলে।”
Па ко се нађе у проклетству, нека се спали огњем и он и све његово, јер преступи завет Господњи и учини безакоње у Израиљу.
16 ১৬ পাছত যিহোচূৱাই ৰাতিপুৱাতে উঠি ইস্ৰায়েলক নিজ নিজ ফৈদ অনুসাৰে মাতি আনিলে; তাতে যিহূদা ফৈদ ধৰা পৰিল।
И уставши Исус ујутру рано рече те приступи Израиљ по племенима својим; и обличи се племе Јудино.
17 ১৭ আৰু যিহূদা ফৈদৰ লোকসকলক মাতি অানোতে, জেৰহৰ গোষ্ঠী ধৰা পৰিল; পাছত জেৰহৰ গোষ্ঠীৰ পুৰুষ অনুসাৰে মাতি আনোতে, জব্দী ধৰা পৰিল।
Потом рече те приступише породице Јудине; и обличи се породица Зарина; потом рече те приступи породица Зарина, домаћин један по један, и обличи се Завдија.
18 ১৮ তাৰ পাছত তেওঁৰ পৰিয়ালৰ সকলো লোকক এজন এজনকৈ মাতি আনোতে আখান ধৰা পৰিল, আখান কর্মীৰ পুত্ৰ, কর্মী জব্দীৰ পুত্ৰ, জব্দী জেৰহৰ পুত্ৰ; এওঁ যিহূদা ফৈদৰ আছিল।
И рече, те приступи његов дом, људи један по један, и обличи се Ахан син Хармије сина Завдије сина Зариног од племена Јудиног.
19 ১৯ তেতিয়া যিহোচূৱাই আখানক ক’লে, “বোপা, তুমি সর্বসশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সন্মূখত সত্য কথা কোৱা আৰু তেওঁৰ প্ৰশংসা কৰা৷ বিনয় কৰোঁ, তুমি যি কৰিলা, সেই বিষয়ে মোক কোৱা; মোৰ পৰা সেই বিষয় নুলুকুৱাবা।”
И рече Исус Ахану: Сине, хајде дај хвалу Господу Богу Израиљевом, и признај пред Њим, и кажи ми шта си учинио, немој тајити од мене.
20 ২০ তেতিয়া আখানে উত্তৰ দি যিহোচূৱাক ক’লে, “সঁচাকৈ মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ৷ মই এনে কাৰ্য কৰিলোঁ:
А Ахан одговори Исусу и рече: Истина је, ја згреших Господу Богу Израиљевом, и учиних тако и тако:
21 ২১ লুটদ্ৰব্যৰ মাজৰ এটা উত্তম বাবিলীয়া চোলা, দুশ চেকল ৰূপ আৰু পঞ্চাশ চেকল জোখৰ জিভা আকৃতিৰ এচটা সোণ দেখি, লোভতে মই সেইবোৰ ললোঁ৷ সেইবোৰ মোৰ তম্বুৰ ভিতৰত মাটিত পুতি থোৱা আছে আৰু সেইবোৰৰ তলতে ৰূপো আছে।”
Видех у плену један леп плашт вавилонски, и двеста сикала сребра, и једну шипку злата од педесет сикала, па се полакомих и узех; и ено је закопано у земљу усред мог шатора, и сребро одоздо.
22 ২২ তেতিয়া যিহোচূৱাই বাৰ্তাবাহকসকলক সেই ঠাইলৈ পঠিয়ালে আৰু তেওঁলোকে তাৰ তম্বুৰ ভিতৰলৈ লৰি গ’ল৷ সেই ঠাইলৈ গৈ তেওঁলোকে দেখিলে যে, সেই বস্তু তাৰ তম্বুৰ ভিতৰত পুতি থোৱা আছে আৰু সেইবোৰৰ তলত ৰূপো আছে,
Тада Исус посла посланике, који отрчаше у шатор, и гле, беше закопано у шатору његовом, и одоздо сребро.
23 ২৩ তেতিয়া তেওঁলোকে তম্বুৰ ভিতৰৰ পৰা সেই বস্তুবোৰ লৈ যিহোচূৱাৰ আৰু ইস্ৰায়েলৰ ওচৰলৈ আনি যিহোৱাৰ আগত সেইবোৰ হ’ল।
И узеше из шатора и донеше к Исусу и свим синовима Израиљевим, и метнуше пред Господа.
24 ২৪ পাছত যিহোচূৱা আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে জেৰহৰ পুত্ৰ আখানক আৰু সেই ৰূপ, চোলা আৰু সোণৰ জিভা আৰু তাৰ পুতেক, জীয়েক, তাৰ গৰু, তাৰ গাধ, তাৰ ভেড়া আৰু তাৰ তম্বু আদি সকলোকে ল’লে আৰু সকলোবোৰ আখোৰ উপত্যকালৈ আনিলে।
Тада Исус и сав Израиљ узеше Ахана сина Зариног, и сребро и плашт и шипку злата, и синове његове и кћери његове, и волове његове и магарце његове, и овце његове, и шатор и све што беше његово, и изведоше у долину Ахор.
25 ২৫ পাছত যিহোচূৱাই ক’লে, “তুমি আমাক কিয় দুখত পেলালা? যিহোৱাই আজি তোমাকো দুখত পেলাব।” পাছত সমুদায় ইস্ৰায়েলে তাক আৰু তাৰ সকলোকে শিল দলিয়াই বধ কৰিলে আৰু সকলোকে জুইত পুৰিলে৷
И рече Исус: Што си нас смео? Господ да те смете данас! И засу га камењем сав Израиљ, и спалише све огњем засувши камењем.
26 ২৬ পাছত তাৰ ওপৰত শিল দলিয়াই দলিয়াই শিলৰ বৰ দ’ম কৰিলে; শিলৰ সেই দ’ম আজিলৈকে আছে। পাছত যিহোৱাই তেওঁৰ প্ৰচণ্ড ক্রোধৰ পৰা ঘূৰিল। সেই বাবে এই ঠাই আখোৰ উপত্যকা বুলি আজিলৈকে বিখ্যাত আছে।
По том набацаше на њ велику гомилу камења, која стоји и данас. И Господ се поврати од жестине гнева свог. Отуда се прозва оно место долина Ахор до данас.