< যোশুয়া 6 >
1 ১ সেই সময়ত ইস্ৰায়েলৰ সন্তান সকলৰ ভয়ত যিৰীহো নগৰৰ প্ৰৱেশ পথবোৰ বন্ধ আছিল; ভিতৰলৈ কি বাহিৰলৈ কোনেও ওলোৱা-সোমোৱা কৰা নাছিল।
A Jerycho było zamknione, i opatrzone przed synami Izraelskimi, i nikt z niego nie wychodził, ani do niego wchodził.
2 ২ পাছত যিহোৱাই যিহোচূৱাক ক’লে, “চোৱা, মই যিৰীহোক, ইয়াৰ ৰজাক আৰু তাৰ প্ৰশিক্ষিত বীৰপুৰুষসকলক তোমাৰ হাতত সমৰ্পণ কৰিলোঁ।
Tedy rzekł Pan do Jozuego: Otom dał w ręce twoje Jerycho, i króla jego, i możne wojska jego.
3 ৩ তোমালোকৰ আটাই যুদ্ধাৰু লোকে নগৰখনৰ চাৰিওকাষে এবাৰ কুচকাৱাজ কৰি প্ৰদক্ষিণ কৰিবা৷ এইদৰে তুমি ছদিন কৰিবা।
A tak obchodzić będziecie miasto, wszyscy mężowie waleczni, około miasta chodząc raz na dzień; tak uczynicie po sześć dni.
4 ৪ আৰু সাতজন পুৰোহিতক নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যাবলৈ দিবা৷ পাছত সপ্তম দিনা তোমালোকে সাতবাৰ নগৰখন প্ৰদক্ষিণ কৰিবা আৰু পুৰোহিতসকলক উচ্চ শব্দেৰে শিঙা বজাবলৈ দিবা।
Przytem siedem kapłanów poniosą siedem trąb z rogów baranich, przed skrzynią; a dnia siódmego obejdziecie miasto siedem kroć, a kapłani trąbić będą w trąby.
5 ৫ আৰু যেতিয়া তেওঁলোকে মহাশব্দকাৰী শিঙা দীঘলীয়াকৈ উচ্চ শব্দেৰে বজাব আৰু তোমালোকে যেতিয়া শিঙাৰ শব্দ শুনিবা, তেতিয়া সকলো লোকে মহাধ্বনি কৰিবা; তাতে নগৰৰ গড় মাটিৰ সমান হৈ পৰিব আৰু প্ৰতিজন লোকে নিজৰ সন্মুখেদি পোনে পোনে উঠি যাবা।”
A gdy przewłocznie trąbić będą w trąby z rogów baranich, skoro usłyszycie głos trąby, wszystek lud uczyni okrzyk bardzo wielki, i upadnie mur miasta na miejscu swem, i wnijdzie lud do miasta, każdy przeciw miejscu, gdzie stał.
6 ৬ তেতিয়া নুনৰ পুত্ৰ যিহোচূৱাই পুৰোহিতসকলক মাতি আনি ক’লে, “তোমালোকে নিয়ম-চন্দুক দাঙি লোৱা আৰু পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যোৱা।”
Tedy wezwawszy Jozue, syn Nunów, kapłanów, rzekł do nich: weźmijcie skrzynię przymierza, a siedem kapłanów niech niosą siedem trąb z baranich rogów przed skrzynią Pańską.
7 ৭ পাছত তেওঁ লোকসকলক ক’লে, “তোমালোকে গৈ নগৰ প্ৰদক্ষিণ কৰা আৰু যুদ্ধলৈ সাজু হৈ থকা সৈন্যসকল যিহোৱাৰ চন্দুকৰ আগে আগে যোৱা।”
Potem rzekł do ludu: Idźcie a obejdźcie miasto, a zbrojni niech idą przed skrzynią Pańską.
8 ৮ এইদৰে যিহোচূৱাই লোকসকলক কোৱাৰ দৰে, মহাশব্দকাৰী শিঙা লৈ যোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে উচ্চ শব্দেৰে শিঙা বজাই বজাই যাবলৈ ধৰিলে আৰু যিহোৱাৰ নিয়ম-চন্দুক তেওঁলোকৰ পাছে পাছে লৈ গৈ থাকিল।
A gdy to Jozue ludowi powiedział, siedem kapłanów wziąwszy siedem trąb z rogów baranich, szli przed skrzynią Pańską, i trąbili w trąby, a skrzynia przymierza Pańskiego szła za nimi.
9 ৯ ৰণলৈ সাজু হোৱা সৈন্যসকল শিঙা বজোৱা পুৰোহিতসকলৰ আগে আগে গ’ল আৰু তেওঁলোকৰ পাছত যোৱা লোকৰ দলটো নিয়ম-চন্দুকৰ পাছে পাছে গ’ল; যাওঁতে পুৰোহিতসকলে শিঙা বজাই বজাই গ’ল।
A zbrojni szli przed kapłany trąbiącymi w trąby; ostatek też ludu pospolitego szedł za skrzynią, gdy idąc trąbiono w trąby.
10 ১০ তাৰ পাছত যিহোচূৱাই লোকসকলক আজ্ঞা দি ক’লে, “মই তোমালোকক মহাধ্বনি কৰিবলৈ আজ্ঞা দিয়া দিনটো নহালৈকে, তোমালোকে ধ্বনি নকৰিবা আৰু নিজ নিজ মাত নুশুনাবা, তোমালোকৰ মুখৰ পৰা কোনো কথা নোলাওক; মই যিদিনা আজ্ঞা দিম, সেই দিনাহে তোমালোকে মহাধ্বনি কৰিবা।”
A ludowi przykazał Jozue, mówiąc: Nie będziecie wołać, ani będzie słyszan głos wasz, ani wynijdzie z ust waszych słowo, aż do dnia, którego wam rzekę: Wołajcie; i uczynicie okrzyk.
11 ১১ এইদৰে তেওঁ নগৰৰ চাৰিওফালে যিহোৱাৰ নিয়ম-চন্দুক এবাৰ প্ৰদক্ষিণ কৰোৱালে আৰু তেওঁলোকে ছাউনিলৈ আহি ৰাতি ছাউনিতে থাকিল।
Tedy obeszła skrzynia Pańska miasto w około raz; i wrócili się do obozu, i zostali w obozie przez noc.
12 ১২ তাৰ পাছদিনা যিহোচূৱা ৰাতিপুৱাতে উঠিল আৰু পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুক দাঙি ল’লে৷
Wstał zasię Jozue rano, a kapłani wzięli skrzynię Pańską.
13 ১৩ মহাশব্দকাৰী সাতোটা শিঙা লোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে শিঙা বজাই বজাই গ’ল আৰু পাছত যাবলগীয়াসকলে পাছে পাছে গমন কৰিলে; পুৰোহিতসকলে যাওঁতে উচ্চ শব্দেৰে শিঙা বজাই বজাই গ’ল।
A siedem kapłanów wziąwszy siedem trąb z rogów baranich, przed skrzynią Pańską szli, idąc i trąbiąc w trąby; a zbrojni szli przed nimi, ostatek też ludu pospolitego szedł za skrzynią Pańską, gdy idąc trąbiono w trąby.
14 ১৪ তেওঁলোকে দ্বিতীয় দিনাও নগৰখন এবাৰ প্ৰদক্ষিণ কৰি ছাউনিলৈ উলটি আহিল৷ এইদৰে তেওঁলোকে ছয় দিন কৰিলে। কৰিলে।
A tak obeszli miasto drugi raz dnia wtórego, i wrócili się do obozu; i tak czynili po sześć dni.
15 ১৫ পাছত সপ্তম দিনা সূৰ্য উদয় হোৱা সময়ত তেওঁলোকে সোনকালে উঠিল, আৰু আগেয়ে কৰি অহাৰ দৰে নগৰ খন সাত বাৰ প্ৰদক্ষিণ কৰিলে; কেৱল সেই দিনাহে নগৰখন সাতবাৰ প্ৰদক্ষিণ কৰিলে।
Ale dnia siódmego wstali rano na świtaniu, i obeszli miasto tymże sposobem siedem kroć; tylko dnia tego obeszli miasto siedem kroć.
16 ১৬ সপ্তম-বাৰত পুৰোহিতসকলে শিঙা বজোৱাৰ পাছত যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে মহাধ্বনি কৰা; কিয়নো যিহোৱাই তোমালোকক নগৰখন দিলে।
I stało się, gdy siódmy raz obchodzili, a kapłani trąbili w trąby, rzekł Jozue do ludu: Krzyczcież teraz; albowiem Pan podał wam miasto.
17 ১৭ কিন্তু নগৰ আৰু তাৰ ভিতৰত থকা সকলোৱেই যিহোৱাৰ উদ্দেশে বৰ্জিত হ’ব৷ কেৱল ৰাহাব বেশ্যা আৰু তাইৰ ঘৰত তাইৰ লগত থকা আটাইবোৰ লোক জীয়াই থাকিব; কিয়নো আমি পঠোৱা দূতকেইজনক তাই লুকুৱাই ৰাখিছিল।
I niech będzie to miasto przeklęstwem Panu, ono, i wszystko co w niem jest; tylko Rachab wszetecznica żywo zostanie, ona i wszyscy, którzy z nią są w domu, gdyż utaiła posłów, któreśmy byli posłali.
18 ১৮ তোমালোকে সেই ব্যৱহাৰৰ বাবে যিহোৱাই বৰ্জন কৰা সেই বৰ্জিত বস্তুৰ পৰা সাৱধানে থাকিবা; নহলে তাক বৰ্জিত কৰাৰ পাছত বৰ্জিত বস্তুৰ কিছু ল’লে, তোমালোকে ইস্ৰায়েলৰ ছাউনিকো বৰ্জিত কৰি দুখত পেলাবা।
A wszakże się wy strzeżcie od rzeczy przeklętych, abyście się nie stali przeklęstwem, biorąc co z rzeczy przeklętych, abyście nie wprawili obozu Izraelskiego w przeklęstwo, i nie zamieszali go.
19 ১৯ সমুদায় ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ উদ্দেশে পবিত্ৰ হ’ব; সেইবোৰক যিহোৱাৰ ভঁৰাললৈ অনা হ’ব।”
Ale wszystko srebro i złoto i naczynia miedziane i żelazne, święte będą Panu; do skarbu Pańskiego złożone będą.
20 ২০ তেতিয়া লোকসকলে ধ্বনি কৰিলে আৰু পুৰোহিতসকলে উচ্চ শব্দেৰে শিঙা বজালে৷ শিঙাৰ শব্দ শুনি লোকসকলে মহাধ্বনি কৰিলে৷ তাতে নগৰৰ গড় পৰি মাটিৰ সমান হোৱাৰ পাছত, প্ৰতিজন লোকে নিজৰ সন্মুখেৰে পোনে পোনে উঠি গৈ নগৰত সোমাল আৰু তেওঁলোকে নগৰ খন দখল কৰি ল’লে।
Tedy krzyczał lud, gdy zatrąbiono w trąby, albowiem gdy usłyszał lud głos trąb, krzyczał i lud wielkim głosem, i upadł mur na miejscu swem, i wszedł lud do miasta, każdy przeciw miejscu, gdzie stał, i wzięli miasto;
21 ২১ তাতে তেওঁলোকে নগৰৰ পুৰুষ, মহিলা, ডেকা, বুঢ়া আৰু গৰু, মেৰ, গাধ আদি সকলোকে তৰোৱালৰ ধাৰেৰে নিঃশেষে বিনষ্ট কৰিলে।
I wytracili wszystko, co było w mieście, męże i niewiasty, dzieci i starce; woły też i owce, i osły ostrzem miecza pobili.
22 ২২ তেতিয়া গুপুতে দেশৰ বুজ-বিচাৰ লোৱা মানুহ দুজনক যিহোচূৱাই ক’লে, “তোমালোকে সেই বেশ্যাৰ ঘৰত সোমাই তিৰোতা জনীৰ আগত তোমালোকে শপত খোৱাৰ দৰে তাইক আৰু তাইৰ সকলোকে উলিয়াই আনাগৈ।”
Ale dwom mężom, którzy szpiegowali onę ziemię, rzekł Jozue: Wnijdźcie do domu niewiasty wszetecznej, a wywiedźcie stamtąd niewiastę, i wszystko, co jej jest, jakoście jej przysięgli.
23 ২৩ তেতিয়া সেই ডেকা চোৰাংচোৱা দুজনে সোমাই গৈ ৰাহাব আৰু তাইৰ বাপেক, মাক আৰু ভাই ককাই আদি কৰি তাইৰ সম্পৰ্কীয় সকলোকে আৰু আটাইবোৰ জ্ঞাতি-কুটুম্বক উলিয়াই আনি, ইস্ৰায়েলৰ ছাউনিৰ বাহিৰত হ’ল।
Tedy wszedłszy młodzieńcy oni, co byli wyszpiegowali ziemię, Rachabę, i ojca jej, matkę jej i bracią jej, i wszystko co było jej, i wszystkę rodzinę jej wywiedli, i zostawili je za obozem Izraelskim.
24 ২৪ আৰু লোকসকলে নগৰ আৰু তাৰ ভিতৰত থকা সকলোকে জুইৰে পুৰি ভস্ম কৰিলে; কেৱল ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ গৃহৰ ভঁৰালত হ’ল।
Ale miasto spalili ogniem, i wszystko, co w niem było; tylko srebro i złoto, i naczynie miedziane, i żelazne, złożyli do skarbu domu Pańskiego.
25 ২৫ কিন্তু যিহোচূৱাই ৰাহাব বেশ্যাক আৰু তাইৰ বাপেকৰ বংশৰ লগতে তাইৰ সকলোকে জীয়াই ৰাখিলে৷ তাই আজিলৈকে ইস্ৰায়েলৰ মাজত বাস কৰি আছে; কিয়নো যিহোচূৱাই গোপনে যিৰীহোৰ বুজ-বিচাৰ ল’বলৈ পঠোৱা চোৰাংচোৱা দূত কেইজনক তাই লুকুৱাই ৰাখিছিল।
Rachabę także wszetecznicę, i dom ojca jej, i wszystko, co było jej, Jozue żywo zostawił, i mieszkała w pośrodku Izraela aż do teraźniejszego dnia, dla tego, iż utaiła posłów, które był posłał Jozue ku przeszpiegowaniu Jerycha.
26 ২৬ সেই সময়ত যিহোচূৱাই শপত খাই লোকসকলক ক’লে, “যি কোনোৱে উঠি পুনৰায় যিৰীহো নগৰ নিৰ্ম্মাণ কৰিব, সি যিহোৱাৰ সাক্ষাতে অভিশপ্ত হওঁক; সি ভিত্তিমূল স্থাপন কৰি দণ্ডস্বৰূপে বৰ পুতেকক আৰু তাৰ দুৱৰি লগাই দণ্ডস্বৰূপে সৰু পুতেকক দিব।”
I wydał klątwę Jozue onego czasu, mówiąc: Przeklęty mąż przed Panem, któryby powstał a budował to miasto Jerycho; na pierworodnym swoim założy je, a na najmniejszym postawi bramy jego.
27 ২৭ এইদৰে যিহোৱা যিহোচূৱাৰ লগত আছিল আৰু তেওঁৰ যশস্যা গোটেই কনান দেশত বিয়পি গ’ল।
I był Pan z Jozuem, a rozchodziła się sława jego po wszystkiej ziemi.