< যোশুয়া 4 >

1 পাছত সকলো লোকে যেতিয়া যৰ্দ্দনৰ ওপৰেৰে পাৰ হ’ল, তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে,
A gdy się wszystek lud przeprawił za Jordan, (bo rzekł był Pan do Jozuego, mówiąc:
2 “তোমালোকে লোকসকলৰ এক এক ফৈদৰ এজন এজন কৈ ক্ৰমে বাৰ ফৈদৰ পৰা বাৰ জনক লোৱা,
Obierzcie sobie z ludu dwanaście mężów, po jednym mężu z każdego pokolenia.
3 আৰু তেওঁলোকক আজ্ঞা কৰি কোৱা যে, ‘যৰ্দ্দনৰ মাজত, যি ঠাইত পুৰোহিতসকলৰ ভৰি থিৰ হৈ আছে, সেই শুকান ঠাইৰ পৰা বাৰটা শিল তোমালোকে লগত লৈ পাৰলৈ যোৱা আৰু আজি ৰাতি তোমালোকে যি ঠাইত থাকিবা, সেই ঠাইতে সেই শিলকো থ’বা’৷”
I rozkażcie im, mówiąc: Weźmijcie sobie stąd z pośrodku Jordanu, z tego miejsca, gdzie stały nogi kapłanów porządnie, dwanaście kamieni, które z sobą wyniósłszy postawicie na stanowisku, gdzie będziecie leżeć przez tę noc.
4 তেতিয়া যিহোচূৱাই বাৰ জন লোকক মাতি আনিলে৷ এই লোককেইজন ইস্ৰায়েলৰ প্ৰত্যেক গোষ্ঠীৰ সন্তান সকলৰ মাজৰ পৰা এজন এজনকৈ যুগুত কৰি থোৱা লোক৷
Tedy wezwał Jozue dwanaście mężów, które był wybrał z synów Izraelskich, po jednym mężu z każdego pokolenia.)
5 যিহোচূৱাই তেওঁলোকক এই কথা ক’লে, “তোমালোকে যৰ্দ্দনৰ মাজলৈ নামি আহা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মুখলৈ যোৱা; তাৰ পৰা ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে প্ৰতিজনে এটা এটা শিল তুলি কান্ধত লৈ যোৱা৷
I rzekł do nich Jozue: Idźcie przed skrzynią Pana, Boga waszego, w pośrodek Jordanu, a weźmij każdy kamień jeden na ramię swoje według liczby pokolenia synów Izraelskich,
6 সেয়ে তোমালোকৰ মাজত চিন হ’ব অৰ্থাৎ যেতিয়া তোমালোকৰ সন্তান সকলে শিলবোৰৰ বিষয়ে ‘তোমালোকে কি বুজা বুলি সুধিব?’
Aby to było na znak między wami, gdyby potem pytali synowie wasi mówiąc: Co wam znaczy ten kamień?
7 তেতিয়া তোমালোকে তেওঁলোকক ক’বা যে, ‘যিহোৱাৰ নিয়ম-চন্দুকৰ আগত যৰ্দ্দনৰ পানী ছিগিছিল আৰু নিয়ম-চন্দুক পাৰ হোৱা কালত যৰ্দ্দনৰ পানী ছিগিছিল। সেয়ে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে এই শিলবোৰ সৰ্ব্বদায় সোঁৱৰণৰ চিন হৈ থাকিব’।”
Tedy im powiecie, iż się rozstąpiły wody w Jordanie przed skrzynią przymierza Pańskiego; albowiem gdy szła przez Jordan, rozstąpiły się wody Jordańskie; i będzie ten kamień na pamiątkę synom Izraelskim aż na wieki.
8 তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে যিহোচূৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে৷ যিহোৱাই যিহোচূৱাক যেনেকৈ কৈছিল তেনেকৈ, ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে তেওঁলোকে যৰ্দ্দনৰ মাজৰ পৰা বাৰটা শিল তুলি পাৰলৈ লৈ গ’ল আৰু তেওঁলোকে ৰাতি থকা ঠাইতে শিলবোৰ হ’ল।
I uczynili tak synowie Izraelscy, jako rozkazał Jozue, i wzięli dwanaście kamieni z pośród Jordanu, jako mówił Pan do Jozuego, według liczby pokolenia synów Izraelskich, a zanieśli je z sobą aż do stanowiska, i tam je złożyli.
9 আৰু নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলৰ ভৰি থিৰে থকা ঠাইত, যৰ্দ্দনৰ মাজত যিহোচূৱাই বাৰটা শিল স্থাপন কৰিলে৷ সেই শিল স্মৃতিচিহ্ন হৈ আজিলৈকে সেই ঠাইতে আছে।
Jozue też wystawił dwanaście kamieni w pośród Jordanu, na miejscu, kędy stały nogi kapłanów, niosących skrzynię przymierza, które tam zostały aż po dziś dzień.
10 ১০ যিহোৱাই লোকসকলক যিবোৰ কথা ক’বলৈ আজ্ঞা দিছিল, সেই সকলো কথা মোচিয়ে যিহোচূৱাক পালন কৰিবলৈ কৈছিল৷ পাছত এই কথাবোৰ সিদ্ধ নোহোৱালৈকে নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজত থিয় হৈ ৰৈ আছিল আৰু লোকসকলে বেগাই পাৰ হৈ গৈছিল।
A tak kapłani niosący skrzynię stali w pośród Jordanu, aż się wypełniło to wszystko, co był rozkazał Pan Jozuemu mówić do ludu według wszystkiego, co był przykazał Mojżesz Jozuemu. Spieszył się tedy lud i przeszedł Jordan.
11 ১১ এইদৰে সকলো লোক পাৰ হোৱাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক লৈ পুৰোহিতসকল লোক সকলৰ সাক্ষাতে পাৰ হৈ গ’ল।
I stało się gdy wszystek lud przeszedł, że też przeszła i skrzynia Pańska i kapłani przed oblicznością ludu.
12 ১২ ৰূবেণৰ ফৈদৰ সন্তানসকল, গাদ ফৈদৰ সন্তানসকল আৰু মনচি ফৈদৰ আধাখিনি লোক মোচিয়ে কোৱাৰ দৰে ৰণলৈ সাজু হৈ ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখেৰে পাৰ হৈ গ’ল৷
Przeszli też synowie Rubenowi, i synowie Gadowi, z połową pokolenia Manasesowego, zbrojno przed syny Izraelskimi, jako im był powiedział Mojżesz.
13 ১৩ যুদ্ধৰ বাবে যুগুত হোৱা প্ৰায় চল্লিশ হাজাৰ লোক যিহোৱাৰ সাক্ষাতে ওলাই গ’ল৷ তেওঁলোকে যিৰীহোৰ সমথললৈ যুদ্ধ কৰিবৰ বাবে পাৰ হৈ গ’ল।
Około czterdziestu tysięcy ludu zbrojnego przeszło przed Panem do boju na polu Jerycha.
14 ১৪ সেইদিনা যিহোৱাই গোটেই ইস্ৰায়েলৰ সাক্ষাতে যিহোচূৱাক গৌৰৱান্বিত কৰিলে; সেয়েহে ইস্ৰায়েলৰ সন্তান সকলে মোচিক যেনেকৈ সন্মান কৰিছিল, তেনেকৈ তেওঁকো তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকে সন্মান কৰিলে।
Dnia onego wywyższył Pan Jozuego przed oczyma wszystkiego Izraela, i bali się go, jako się bali Mojżesza po wszystkie dni żywota jego.
15 ১৫ পাছত যিহোৱাই যিহোচূৱাক ক’লে,
Potem rzekł Pan do Jozuego, mówiąc:
16 ১৬ “সাক্ষ্যফলি থকা নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলক যৰ্দ্দনৰ পৰা উঠি আহিবলৈ আদেশ কৰা।”
Rozkaż kapłanom, niosącym skrzynię świadectwa, aby wystąpili z Jordanu.
17 ১৭ তেতিয়া যিহোচূৱাই পুৰোহিতসকলক “যৰ্দ্দনৰ পৰা উঠি আহাঁ” বুলি আজ্ঞা দিলে।
I rozkazał Jozue kapłanom, mówiąc: Wystąpcie z Jordanu.
18 ১৮ তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক কঢ়িয়াই নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজৰ পৰা উঠি আহি শুকান ভূমিত ভৰি দিয়াৰ লগে লগে যৰ্দ্দনৰ পানী নিজ ঠাইলৈ উলটি আহিল আৰু পূৰ্বৰ দৰে গোটেই পাৰ ওফন্দি উঠি বাগৰি গ’ল।
I stało się, gdy wystąpili kapłani, niosący skrzynię przymierza Pańskiego, z pośrodku Jordanu, a stanęły stopy nóg kapłanów na suszy, wróciły się wody Jordańskie na miejsce swoje, a płynęły, jako przedtem, we wszystkich brzegach swoich.
19 ১৯ এইদৰে লোকসকলে প্ৰথম মাহৰ দশম দিনত যৰ্দ্দনৰ পাৰৰ পৰা উঠি আহিল আৰু যিৰীহোৰ পূব সীমাত থকা গিলগলত ছাউনি পাতিলে।
A lud, wyszedłszy z Jordanu dziesiątego dnia miesiąca pierwszego, położyli się obozem w Galgal ku stronie wschodniej Jerycha.
20 ২০ পাছত তেওঁলোকে যৰ্দ্দনৰ পৰা লৈ অহা সেই বাৰটা শিল যিহোচূৱাই গিলগলত স্থাপন কৰিলে।
A dwanaście onych kamieni, które wynieśli z Jordanu, postawił Jozue w Galgal.
21 ২১ তেওঁ ইস্ৰায়েলৰ সন্তান সকলক ক’লে, “আগলৈ তোমালোকৰ সন্তান সকলে নিজ নিজ পিতৃসকলক যদি সোধে, বোলে, ‘এই শিলবোৰ কিহৰ বাবে?’
I rzekł do synów Izraelskich, mówiąc: Co znaczy ten kamień?
22 ২২ তেতিয়া তোমালোকে নিজ নিজ সন্তান সকলক ক’বা যে, ‘এইবোৰ সেই ঠাইৰ, যেতিয়া ইস্ৰায়েলসকলে শুকান ভূমিয়েদি যৰ্দ্দন পাৰ হৈ আহিছিল’।
Tedy oznajmijcie synom waszym, mówiąc: Po suszy przeszedł Izrael ten Jordan;
23 ২৩ কিয়নো আমি পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই যি চূফ সাগৰক আমাৰ সন্মুখত শুকুৱাইছিল, সেই সাগৰক শুকুৱাৰ দৰে তোমালোক পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগতো যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিছিল,
Albowiem osuszył Pan Bóg wody Jordańskie przed wami, ażeście przeszli, jako uczynił Pan, Bóg wasz, morzu czerwonemu, które wysuszył przed nami, ażeśmy przeszli;
24 ২৪ এইদৰে পৃথিবীৰ সকলো জাতিয়ে যেন জানিবলৈ পায় যে, যিহোৱাৰ হাত বলৱান আৰু তোমালোকেও যেন চিৰকাল ঈশ্বৰ যিহোৱাক সন্মান কৰা।”
Aby poznali wszyscy narodowie ziemi rękę Pańską, że można jest, żebyście się bali Pana, Boga waszego, po wszystkie dni.

< যোশুয়া 4 >