< যোশুয়া 4 >
1 ১ পাছত সকলো লোকে যেতিয়া যৰ্দ্দনৰ ওপৰেৰে পাৰ হ’ল, তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে,
जब सबै मानिस यर्दन तरे, परमप्रभुले यहोशूलाई भन्नुभयो,
2 ২ “তোমালোকে লোকসকলৰ এক এক ফৈদৰ এজন এজন কৈ ক্ৰমে বাৰ ফৈদৰ পৰা বাৰ জনক লোৱা,
“मानिसहरूबाट एक जना अर्थात् हरेक कुलबाट एक-एक जना गरी बाह्र जना मानिस छान् ।
3 ৩ আৰু তেওঁলোকক আজ্ঞা কৰি কোৱা যে, ‘যৰ্দ্দনৰ মাজত, যি ঠাইত পুৰোহিতসকলৰ ভৰি থিৰ হৈ আছে, সেই শুকান ঠাইৰ পৰা বাৰটা শিল তোমালোকে লগত লৈ পাৰলৈ যোৱা আৰু আজি ৰাতি তোমালোকে যি ঠাইত থাকিবা, সেই ঠাইতে সেই শিলকো থ’বা’৷”
तिनीहरूलाई यस्तो आज्ञा दे, “यर्दन नदीको बिचबाट बाह्रवटा ढुङ्गा लेओ जहाँ पुजारीहरू सुक्खा जमिनमा उभिरहेका हुन्छन्, तिनीहरूलाई तिमीहरूसँगै लेओ र तिनीहरूलाई आज रात बिताउने ठाउँमा राख' ।”
4 ৪ তেতিয়া যিহোচূৱাই বাৰ জন লোকক মাতি আনিলে৷ এই লোককেইজন ইস্ৰায়েলৰ প্ৰত্যেক গোষ্ঠীৰ সন্তান সকলৰ মাজৰ পৰা এজন এজনকৈ যুগুত কৰি থোৱা লোক৷
त्यसपछि यहोशूले बाह्र जना मानिसलाई बोलाए जसलाई तिनले इस्राएलका कुलहरूबाट अर्थात् हरेक कुलबाट एक-एक जना चुनेका थिए ।
5 ৫ যিহোচূৱাই তেওঁলোকক এই কথা ক’লে, “তোমালোকে যৰ্দ্দনৰ মাজলৈ নামি আহা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মুখলৈ যোৱা; তাৰ পৰা ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে প্ৰতিজনে এটা এটা শিল তুলি কান্ধত লৈ যোৱা৷
यहोशूले तिनीहरूलाई भने, “तिमीहरूका परमप्रभु परमेश्वरको सन्दुकअगि यर्दनको बिचमा जाओ । तिमीहरू हरेकले इस्राएलका मानिसहरूका कुलहरूको सङ्ख्याअनुसार आ-आफ्नो काँधमा एउटा-एउटा ढुङ्गा लिनु ।
6 ৬ সেয়ে তোমালোকৰ মাজত চিন হ’ব অৰ্থাৎ যেতিয়া তোমালোকৰ সন্তান সকলে শিলবোৰৰ বিষয়ে ‘তোমালোকে কি বুজা বুলি সুধিব?’
आउने दिनहरूमा तिमीहरूका सन्तानहरूले, 'यी ढुङ्गाहरूको अर्थ के हो?' भनी सोध्दा तिमीहरूका निम्ति यो एउटा चिन्ह हुने छ ।
7 ৭ তেতিয়া তোমালোকে তেওঁলোকক ক’বা যে, ‘যিহোৱাৰ নিয়ম-চন্দুকৰ আগত যৰ্দ্দনৰ পানী ছিগিছিল আৰু নিয়ম-চন্দুক পাৰ হোৱা কালত যৰ্দ্দনৰ পানী ছিগিছিল। সেয়ে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে এই শিলবোৰ সৰ্ব্বদায় সোঁৱৰণৰ চিন হৈ থাকিব’।”
अनि तिमीहरूले तिनीहरूलाई यसो भन्ने छौ, 'परमप्रभु परमेश्वरको सन्दुक सामु यर्दन नदीको पानी रोकिएको थियो । त्यसैले यी ढुङ्गाहरू इस्राएलका मानिसहरूका निम्ति स्मारक हुने छन्' ।”
8 ৮ তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে যিহোচূৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে৷ যিহোৱাই যিহোচূৱাক যেনেকৈ কৈছিল তেনেকৈ, ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে তেওঁলোকে যৰ্দ্দনৰ মাজৰ পৰা বাৰটা শিল তুলি পাৰলৈ লৈ গ’ল আৰু তেওঁলোকে ৰাতি থকা ঠাইতে শিলবোৰ হ’ল।
इस्राएलका मानिसहरूले यहोशूले आज्ञा गरेमुताबिक गरे र तिनीहरूले परमप्रभुले यहोशूलाई भन्नुभएअनुसार यर्दनको बिचबाट बाह्रवटा ढुङ्गा टिपे । तिनीहरूले ढुङ्गाहरूलाई इस्राएलका मानिसहरूका सङ्ख्याअनुसार खडा गरे । तिनीहरूले ढुङ्गाहरूलाई छाउनी हालेको ठाउँमा लगे र तिनीहरूलाई त्यहीँ खडा गरे ।
9 ৯ আৰু নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলৰ ভৰি থিৰে থকা ঠাইত, যৰ্দ্দনৰ মাজত যিহোচূৱাই বাৰটা শিল স্থাপন কৰিলে৷ সেই শিল স্মৃতিচিহ্ন হৈ আজিলৈকে সেই ঠাইতে আছে।
यहोशूले करारको सन्दुक बोक्ने पुजारीहरूको खुट्टाले टेकेका ठाउँ अर्थात् यर्दनको बिचबाट ल्याएका बाह्रवटा ढुङ्गा खडा गरे । त्यो स्मारक आज पनि त्यहीँ छ ।
10 ১০ যিহোৱাই লোকসকলক যিবোৰ কথা ক’বলৈ আজ্ঞা দিছিল, সেই সকলো কথা মোচিয়ে যিহোচূৱাক পালন কৰিবলৈ কৈছিল৷ পাছত এই কথাবোৰ সিদ্ধ নোহোৱালৈকে নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজত থিয় হৈ ৰৈ আছিল আৰু লোকসকলে বেগাই পাৰ হৈ গৈছিল।
मोशाले यहोशूलाई आदेश दिएबमोजिम परमप्रभुले मानिसहरूलाई बताउनू भनी आज्ञा गर्नुभएका सबै कुरा पुरा नभएसम्म सन्दुक बोक्ने पुजारीहरू यर्दनको बिचमा नै खडा भए । मानिसहरू छिटो-छिटो गरी तरे ।
11 ১১ এইদৰে সকলো লোক পাৰ হোৱাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক লৈ পুৰোহিতসকল লোক সকলৰ সাক্ষাতে পাৰ হৈ গ’ল।
जब सबै मानिस तरी सके परमप्रभुको सन्दुक र पुजारीहरू मानिसहरूको अगिअगि तरे ।
12 ১২ ৰূবেণৰ ফৈদৰ সন্তানসকল, গাদ ফৈদৰ সন্তানসকল আৰু মনচি ফৈদৰ আধাখিনি লোক মোচিয়ে কোৱাৰ দৰে ৰণলৈ সাজু হৈ ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখেৰে পাৰ হৈ গ’ল৷
रूबेनको कुल, गादको कुल र मनश्शेको आधा कुल मोशाले तिनीहरूलाई आज्ञा गरेअनुसार एउटा फौजको रूपमा इस्राएलका मानिसहरूका अगिअगि गए ।
13 ১৩ যুদ্ধৰ বাবে যুগুত হোৱা প্ৰায় চল্লিশ হাজাৰ লোক যিহোৱাৰ সাক্ষাতে ওলাই গ’ল৷ তেওঁলোকে যিৰীহোৰ সমথললৈ যুদ্ধ কৰিবৰ বাবে পাৰ হৈ গ’ল।
झण्डै चालिस हजार सशस्त्र मानिस परमप्रभुको सामु यरीहोको मैदानमा युद्धको निम्ति गए ।
14 ১৪ সেইদিনা যিহোৱাই গোটেই ইস্ৰায়েলৰ সাক্ষাতে যিহোচূৱাক গৌৰৱান্বিত কৰিলে; সেয়েহে ইস্ৰায়েলৰ সন্তান সকলে মোচিক যেনেকৈ সন্মান কৰিছিল, তেনেকৈ তেওঁকো তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকে সন্মান কৰিলে।
त्यस दिन परमप्रभुले यहोशूलाई सबै इस्राएलको दृष्टिमा महान् बनाउनुभयो । तिनीहरूले मोशालाई आदर गरेझैँ तिनको सारा जीवनभरि तिनलाई पनि आदर गरे ।
15 ১৫ পাছত যিহোৱাই যিহোচূৱাক ক’লে,
परमप्रभु यहोशूसँग बोल्नुभयो,
16 ১৬ “সাক্ষ্যফলি থকা নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলক যৰ্দ্দনৰ পৰা উঠি আহিবলৈ আদেশ কৰা।”
“गवाहीको सन्दुक बोक्ने पुजारीहरूलाई यर्दनबाट बाहिर आउनलाई आज्ञा दे ।”
17 ১৭ তেতিয়া যিহোচূৱাই পুৰোহিতসকলক “যৰ্দ্দনৰ পৰা উঠি আহাঁ” বুলি আজ্ঞা দিলে।
त्यसैले, यहोशूले पुजारीहरूलाई आज्ञा दिए, “यर्दनबाट बाहिर आओ ।”
18 ১৮ তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক কঢ়িয়াই নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজৰ পৰা উঠি আহি শুকান ভূমিত ভৰি দিয়াৰ লগে লগে যৰ্দ্দনৰ পানী নিজ ঠাইলৈ উলটি আহিল আৰু পূৰ্বৰ দৰে গোটেই পাৰ ওফন্দি উঠি বাগৰি গ’ল।
जब परमप्रभुको करारको सन्दुक बोक्ने पुजारीहरू यर्दनको बिचबाट आए र तिनीहरूका खुट्टाका पैताला सुक्खा जमिनबाट उठाइए, यर्दनको पानी आफ्नो स्थानमा फर्क्यौ र त्यो चार दिन पहिलेको जस्तै यसको किनारासम्म बग्न लाग्यो ।
19 ১৯ এইদৰে লোকসকলে প্ৰথম মাহৰ দশম দিনত যৰ্দ্দনৰ পাৰৰ পৰা উঠি আহিল আৰু যিৰীহোৰ পূব সীমাত থকা গিলগলত ছাউনি পাতিলে।
मानिसहरू पहिलो महिनाको दसौँ दिनमा यर्दनबाट बाहिर आए । तिनीहरू यर्दनको पूर्वतिर गिलगालमा बसे ।
20 ২০ পাছত তেওঁলোকে যৰ্দ্দনৰ পৰা লৈ অহা সেই বাৰটা শিল যিহোচূৱাই গিলগলত স্থাপন কৰিলে।
तिनीहरूले यर्दनबाट बाहिर ल्याएका ती बाह्रवटा ढुङ्गालाई यहोशूले गिलगालमा खडा गरे ।
21 ২১ তেওঁ ইস্ৰায়েলৰ সন্তান সকলক ক’লে, “আগলৈ তোমালোকৰ সন্তান সকলে নিজ নিজ পিতৃসকলক যদি সোধে, বোলে, ‘এই শিলবোৰ কিহৰ বাবে?’
तिनले इस्राएलका मानिसहरूलाई भने, “जब तिमीहरूका सन्तानहरूले 'यी ढुङ्गाहरू के हुन्?' भनी सोध्छन्, 'इस्राएलले यहीँबाट यर्दन नदीमा सुक्खा जमिनमा तरेको थियो' भनी
22 ২২ তেতিয়া তোমালোকে নিজ নিজ সন্তান সকলক ক’বা যে, ‘এইবোৰ সেই ঠাইৰ, যেতিয়া ইস্ৰায়েলসকলে শুকান ভূমিয়েদি যৰ্দ্দন পাৰ হৈ আহিছিল’।
तिमीहरूका सन्तानहरूलाई बताउनू ।'
23 ২৩ কিয়নো আমি পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই যি চূফ সাগৰক আমাৰ সন্মুখত শুকুৱাইছিল, সেই সাগৰক শুকুৱাৰ দৰে তোমালোক পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগতো যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিছিল,
जसरी परमप्रभु तिमीहरूका परमेश्वरले लाल समुद्रलाई सुक्खा बनाउनुभएको थियो त्यसरी नै परमप्रभु तिमीहरूका परमेश्वरले तिमीहरू पार नगरेसम्म यर्दनको पानी तिमीहरूको निम्ति सुकाउनुभयो ।
24 ২৪ এইদৰে পৃথিবীৰ সকলো জাতিয়ে যেন জানিবলৈ পায় যে, যিহোৱাৰ হাত বলৱান আৰু তোমালোকেও যেন চিৰকাল ঈশ্বৰ যিহোৱাক সন্মান কৰা।”
यसरी परमप्रभुको बाहुली शक्तिशाली छ भनी पृथ्वीका सबै मानिसले जानून् र तिमीहरूले परमप्रभु तिमीहरूका परमेश्वरको सदासर्वदा आदर गर ।”