< যোশুয়া 3 >
1 ১ পাছদিনা অতি ৰাতিপুৱাতে যিহোচূৱা উঠিল, আৰু তেওঁলোক আটায়ে চিটীমৰ পৰা যাত্ৰা আৰম্ভ কৰিলে৷ তেওঁ আৰু আটাই ইস্ৰায়েলী লোক যৰ্দ্দন নদীৰ পাৰলৈ আহিল আৰু নদী পাৰ হোৱাৰ আগতে, তেওঁলোকে তাতে শিৱিৰ পাতি থাকিল৷
Sabah erkenden kalkan Yeşu, bütün İsrail halkıyla birlikte Şittim'den yola çıkıp Şeria Irmağı'na kadar geldi. Irmağı geçmeden orada konakladılar.
2 ২ তিন দিনৰ পাছত বিষয়াসকলে শিবিৰৰ মাজেদি গ’ল;
Üçüncü günün sonunda ordugahı baştan başa geçen görevliler
3 ৩ আৰু লোকসকলক এই আজ্ঞা দিলে যে, “যেতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক দেখিবা আৰু লেবীয়া পুৰোহিতসকলক সেই চন্দুক বৈ নিয়া দেখিবা, তেতিয়া তোমালোকে এই ঠাই এৰি সেই চন্দুকৰ পাছে পাছে যাবা।
halka, “Levili kâhinlerin Tanrınız RAB'bin Antlaşma Sandığı'nı yüklendiklerini gördüğünüzde siz de yerinizden kalkıp sandığı izleyin” diye buyurdular,
4 ৪ তথাপি তোমালোকৰ মাজত ব্যৱধান থাকিব লাগিব আৰু এই ব্যৱধান তোমালোকৰ মাজত প্ৰায় দুই হাজাৰ হাত পৰিমাণৰ ঠাই হ’ব লাগিব। তোমালোকে যাব লগা পথ দেখা পাবলৈ তাৰ ওচৰে ওচৰে নাযাবা, কিয়নো তোমালোকে আগতে কেতিয়াও সেই বাটেদি যোৱা নাই।”
“Böylece hangi yöne gideceğinizi bileceksiniz. Çünkü daha önce bu yoldan hiç geçmediniz. Ama Antlaşma Sandığı'na yaklaşmayın; sandıkla aranızda iki bin arşın kadar bir aralık kalsın.”
5 ৫ তাৰ পাছত যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে নিজকে পবিত্ৰ কৰা; কিয়নো কাইলৈ যিহোৱাই তোমালোকৰ মাজত আচৰিত কৰ্ম কৰিব।”
Yeşu halka, “Kendinizi kutsayın” dedi, “Çünkü RAB yarın aranızda mucizeler yaratacak.”
6 ৬ পাছত যিহোচূৱাই পুৰোহিতসকলক ক’লে, “তোমালোকে নিয়ম-চন্দুক তুলি লোৱা আৰু লোকসকলৰ আগে আগে যোৱা।” তেতিয়া তেওঁলোকে নিয়ম-চন্দুক তুলি ল’লে আৰু লোকসকলৰ আগে আগে যাবলৈ ধৰিলে।
Yeşu kâhinlere, “Antlaşma Sandığı'nı yüklenip halkın önüne geçin” dedi. Böylece kâhinler sandığı yüklenip halkın önünde yürümeye başladılar.
7 ৭ যিহোৱাই যিহোচূৱাক ক’লে, “মই মোচিৰ লগত থকাৰ দৰে তোমাৰ লগতো যে আছোঁ, ইয়াক গোটেই ইস্ৰায়েলে জানিবৰ বাবে, মই আজি তেওঁলোকৰ দৃষ্টিত তোমাক গৌৰৱান্বিত কৰিম।
Bu arada RAB Yeşu'ya şöyle dedi: “Musa'yla birlikte olduğum gibi, seninle de birlikte olduğumu anlamaları için bugün seni bütün İsrail halkının gözünde yüceltmeye başlayacağım.
8 ৮ তুমি নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলক এই আজ্ঞা কৰা যে, ‘যেতিয়া তোমালোকে গৈ যৰ্দ্দনৰ পানীৰ দাঁতি পাবা, তেতিয়া যৰ্দ্দন নদীত তোমালোকে ৰৈ থাকিবা’।”
Antlaşma Sandığı'nı taşıyan kâhinlere, ‘Şeria Irmağı'nın kıyısına varınca suda biraz ilerleyip durun’ diye buyruk ver.”
9 ৯ তেতিয়া যিহোচূৱাই ইস্ৰায়েলৰ সন্তান সকলক ক’লে, “তোমোলোকে ইয়ালৈ আহি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য শুনা।
Yeşu İsrail halkına, “Yaklaşın, Tanrınız RAB'bin söylediklerini dinleyin” dedikten sonra ekledi:
10 ১০ জীৱন্ত ঈশ্বৰ যে তোমালোকৰ মাজত আছে আৰু তেওঁ যে কনানীয়া, হিত্তীয়া, হিব্বীয়া, পৰিজ্জীয়া, গিৰ্গাচীয়া, ইমোৰীয়া আৰু যিবুচীয়া লোকসকলক তোমালোকৰ সন্মুখৰ পৰা নিশ্চয়ে যে দূৰ কৰিব, সেই বিষয়ে তোমালোকে ইয়াৰ দ্বাৰাই জানিবা।
“Yaşayan Tanrı'nın aranızda olduğunu, Kenan, Hitit, Hiv, Periz, Girgaş, Amor ve Yevus halklarını kesinlikle önünüzden süreceğini şundan anlayacaksınız:
11 ১১ চোৱা! সমুদায় পৃথিবীৰ প্ৰভুৰ নিয়ম-চন্দুক তোমোলোকৰ সন্মুখেৰে যৰ্দ্দন পাৰ হৈ যাব।
Bütün yeryüzünün Egemeni'ne ait olan Antlaşma Sandığı, sizden önce Şeria Irmağı'nı geçecek.
12 ১২ এই হেতুকে তোমালোকে এতিয়া ইস্ৰায়েলৰ এক এক ফৈদৰ পৰা এজনকৈ লোকক ল’বা; এইদৰে বাৰ ফৈদৰ পৰা বাৰ জনক নির্বাচন কৰি লোৱা।
Şimdi her oymaktan birer kişi olmak üzere İsrail oymaklarından kendinize on iki adam seçin.
13 ১৩ সমুদায় পৃথিবীৰ প্ৰভু যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে নিজ ভৰিৰ পতা যৰ্দ্দন নদীৰ পানীত দিয়াৰ পাছতে যর্দ্দনৰ যি পানী ওপৰৰ পৰা বৈ আহিছে, সেই পানীবোৰ দ’ম খাই ৰ’ব।”
Bütün yeryüzünün Egemeni RAB'bin Antlaşma Sandığı'nı taşıyan kâhinlerin ayakları Şeria Irmağı'nın sularına değer değmez, yukarıdan aşağıya akan sular kesilip bir yığın halinde birikecek.”
14 ১৪ পাছত নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল লোকসকলৰ আগে আগে গ’ল আৰু লোকসকল যৰ্দ্দন পাৰ হ’বৰ কাৰণে নিজ নিজ তম্বুৰ পৰা ওলাই আহিল;
Halk Şeria Irmağı'nı geçmek üzere konakladığı yerden yola çıktı. Antlaşma Sandığı'nı taşıyan kâhinler önden gidiyorlardı.
15 ১৫ পাছত নিয়ম-চন্দুক কঢ়িয়াই নিয়া লোকসকলে যেতিয়া যৰ্দ্দন পালে, তেতিয়া নিয়ম-চন্দুক কঢ়িওৱা পুৰোহিতসকলৰ ভৰি নদীৰ দাঁতিৰ পানীত ডুবাই দিয়া মাত্ৰকে (শষ্য চপোৱা সময়ত যৰ্দ্দনৰ পানী পাৰ ওফন্দি উঠি বাগৰি যায়),
Sandığı taşıyan kâhinler ırmağın kıyısına varıp suya ayak bastıklarında –Şeria Irmağı, ekin biçme zamanında kabarır, kıyılarını basar–
16 ১৬ ওপৰৰ পৰা বৈ অহা পানী ছিগি বহু দূৰৈত থকা চৰ্তনৰ ওচৰৰ আদম নগৰৰ কাষত দ’ম বান্ধি ৰ’ল আৰু আৰাবা সমুদ্ৰ অৰ্থাৎ লৱণ-সমুদ্ৰলৈ বৈ যোৱা জল সমূহ বৈ গৈ সম্পূর্ণৰূপে নাইকিয়া হ’ল; তেতিয়া লোকসকলে যিৰীহোৰ সন্মুখেৰে পাৰ হৈ গ’ল।
ta yukarıdan gelen sular durdu, çok uzaklarda, Saretan yakınında bulunan Adam Kenti'nde bir yığın halinde yükselmeye başladı. Öyle ki, Arava –Lut– Gölü'ne akan sular tümüyle kesildi. Halk Eriha'nın karşısından ırmağı geçti.
17 ১৭ আৰু গোটেই ইস্ৰায়েল জাতিয়ে পাৰ হৈ নোযোৱালৈকে, যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল যৰ্দ্দনৰ মাজত শুকান ভুমিত থিৰে থিয় হৈ থাকিল আৰু গোটেই ইস্ৰায়েলে শুকান ভুমিয়েদি পাৰ হৈ গ’ল।
RAB'bin Antlaşma Sandığı'nı taşıyan kâhinler, halkın tamamı ırmağı geçinceye dek kurumuş ırmak yatağının ortasında kıpırdamadan durdular. Böylece bütün İsrail halkı kurumuş ırmak yatağından geçti.