< যোশুয়া 24 >
1 ১ পাছত যিহোচূৱাই ইস্ৰায়েলৰ সকলো ফৈদক চিখিমত গোট খোৱালে আৰু তেওঁলোকৰ বৃদ্ধ লোকসকলক, অধ্যক্ষসকলক, বিচাৰকৰ্ত্তাসকলক আৰু বিষয়াসকলক মতাই আনিলে, তেতিয়া তেওঁলোকে ঈশ্ৱৰৰ সাক্ষাতে উপস্থিত হ’ল।
Derpaa kaldte Josua alle Israels Stammer sammen i Sikem og lod Israels Ældste og Overhoved, Dommere og Tilsynsmænd kalde til sig; og de stillede sig op for Guds Aasyn.
2 ২ যিহোচূৱাই লোক সকলক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘আগৰ কালত তোমালোকৰ পূর্ব পুৰুষ - অব্ৰাহাম আৰু নাহোৰৰ পিতৃ তেৰহ, ইউফ্ৰেটিচ নদীৰ সিপাৰে বাস কৰিছিল আৰু তেওঁলোকে অন্য দেৱতা বোৰক পূজা কৰিছিল।
Da sagde Josua til hele Folket: »Saa siger HERREN, Israels Gud: Hinsides Floden boede eders Forfædre i gamle Dage, Tara, Abrahams og Nakors Fader, og de dyrkede andre Guder.
3 ৩ পাছত মই তোমালোকৰ আদি পিতৃ অব্ৰাহামক নদীৰ সিপাৰৰ পৰা আনি, কনান দেশৰ সকলো ফালে লৈ ফুৰালোঁ আৰু মই তেওঁৰ পুত্ৰ ইচহাকৰ দ্ৱাৰা তেওঁৰ বংশ বৃদ্ধি কৰিলোঁ৷
Da førte jeg eders Stamfader Abraham bort fra Landet hinsides Floden og lod ham vandre omkring i hele Kana'ans Land, gav ham en talrig Æt og skænkede ham Isak.
4 ৪ আৰু ইচহাকলৈ মই যাকোব আৰু এচৌক দিলোঁ৷ এচৌৰ অধিকাৰৰ অৰ্থে মই তেওঁক চেয়ীৰ পৰ্ব্বত দিলোঁ, কিন্তু যাকোব আৰু তেওঁৰ সন্তান সকল হ’লে মিচৰলৈ নামি গ’ল।
Og Isak skænkede jeg Jakob og Esau, og Esau gav jeg Se'irs Bjerge i Eje, medens Jakob og hans Sønner drog ned til Ægypten.
5 ৫ তাৰ পাছত মই মোচি আৰু হাৰোণক পঠিয়ালোঁ আৰু মিচৰৰ লোক সকলৰ ওপৰত কৰা মোৰ কাৰ্যৰ দ্বাৰাই তেওঁলোকলৈ মহা আপদ ঘটালোঁ৷ তাৰ পাছত মই তোমালোকক উলিয়াই আনিলো।
Derpaa sendte jeg Moses og Aron, og jeg plagede Ægypterne med de Gerninger, jeg øvede iblandt dem, og derefter førte jeg eder ud;
6 ৬ মই মিচৰৰ পৰা তোমালোকৰ পূর্ব পুৰুষ সকলক উলিয়াই অানিলো আৰু তোমালোকৰ সেই পুৰুষসকল আহি সমুদ্ৰ পালে; তেতিয়া মিচৰীয়া লোক সকলে ৰথ আৰু অশ্বাৰোহী সৈন্য লৈ, চূফ সাগৰলৈকে তোমালোকৰ পূর্ব পুৰুষ সকলৰ পাছে পাছে খেদি আহিছিল।
og da jeg førte eders Fædre ud af Ægypten, og I var kommet til Havet, satte Ægypterne efter eders Fædre med Stridsvogne og Ryttere til det røde Hav.
7 ৭ সেই সময়ত যেতিয়া তোমালোকৰ পূর্ব পুৰুষ সকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মিচৰীয়াসকলৰ আৰু তোমালোকৰ মাজত অন্ধকাৰ স্থাপন কৰিলে৷ তেওঁ তেওঁলোকৰ ওপৰলৈ সমুদ্ৰ আনিলে আৰু তেওঁলোকক ঢাকি পেলালে৷ মই মিচৰত কৰা কাৰ্য তোমালোকে নিজ চকুৰে দেখিলা৷ তাৰ পাছত তোমালোকে বহুকাল মৰুপ্ৰান্তত বাস কৰিলা।
Da raabte de til HERREN, og han satte Mørke mellem eder og Ægypterne og bragte Havet over dem, saa det dækkede dem; og I saa med egne Øjne, hvad jeg gjorde ved Ægypterne. Og da I havde opholdt eder en Tid lang i Ørkenen,
8 ৮ তাৰ পাছত মই তোমালোকক যৰ্দ্দনৰ সিপাৰে থকা ইমোৰীয়া সকলৰ দেশলৈ আনিলোঁ৷ তেওঁলোকে তোমালোকৰে সৈতে যুদ্ধ কৰিলে আৰু মই তোমালোকৰ হাতত তেওঁলোকক সমৰ্পণ কৰিলোঁ৷ পাছত তোমালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিলা; এইদৰে মই তোমালোকৰ আগৰ পৰা তেওঁলোকক বিনষ্ট কৰিলোঁ।
førte jeg eder ind i Amoriternes Land hinsides Jordan, og da de angreb eder, gav jeg dem i eders Haand, saa I tog deres Land i Besiddelse, og jeg tilintetgjorde dem foran eder.
9 ৯ পাছত চিপ্পোৰৰ পুত্ৰ মোৱাবৰ ৰজা বালাকে উঠি ইস্ৰায়েলক আক্ৰমণ কৰিলে আৰু তোমালোকক শাও দিবৰ কাৰণে মানুহ পঠিয়াই বিয়োৰৰ পুতেক বিলিয়মক মাতিলে।
Da rejste Zippors Søn, Kong Balak af Moab, sig og angreb Israel; og han sendte Bud og lod Bileam, Beors Søn, hente, for at han skulde forbande eder;
10 ১০ কিন্তু মই বিলিয়মৰ কথাত মন দিবলৈ সন্মত নহলোঁ৷ তাতে তেওঁ তোমালোকক আশীৰ্ব্বাদহে কৰিলে; এইদৰে মই তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলোঁ।
men jeg vilde ikke bønhøre Bileam, og han maatte velsigne eder; saaledes friede jeg eder af hans Haand.
11 ১১ পাছত তোমালোকে যৰ্দ্দন পাৰ হৈ যিৰীহো পালাহি৷ যিৰিহোৰ অধ্যক্ষসকলে ইমোৰীয়া, পৰিজ্জীয়া, কনানীয়া, হিত্তীয়া, গিৰ্গাচীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ সৈতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ মই তোমালোকক তেওঁলোকৰ ওপৰত জয়ী হ’বলৈ দিলোঁ আৰু তোমালোকৰ হাতত শোধাই দিলোঁ।
Derpaa gik I over Jordan og kom til Jeriko; og Indbyggerne i Jeriko, Amoriterne, Perizziterne, Kana'anæerne, Hetiterne, Girgasjiterne, Hivviterne og Jebusiterne angreb eder, men jeg gav dem i eders Haand.
12 ১২ মই তোমালোকৰ আগে আগে কোদো পঠালোঁ; তাতে সেই কোদোৱে তোমালোকৰ আগৰ পৰা তেওঁলোকক, বিশেষকৈ ইমোৰীয়াসকলৰ দুজন ৰজাক দূৰ কৰিলে৷ তোমালোকৰ তৰোৱাল বা ধনুৰ দ্বাৰাই তেওঁলোকক দূৰ কৰা হোৱা নাছিল।
Jeg sendte Gedehamse foran eder, og de drev de tolv Amoriterkonger bort foran eder; det skete ikke ved dit Sværd eller din Bue.
13 ১৩ তোমালোকে যিহৰ বাবে শ্ৰম কৰা নাই, এনে এক দেশ আৰু যিহক তোমালোকে স্থাপন কৰা নাই এনে অনেক নগৰ মই তোমালোকক দিলোঁ, তোমালোকে তাৰ মাজত বাস কৰি আছা৷ আৰু যি দ্ৰাক্ষালতা ও জিতগছৰ বাৰী তোমালোকে পতা নাই, এনে বাৰীৰ ফল তোমালোকে ভোগ কৰি আছা।
Og jeg gav eder et Land, I ikke havde haft Arbejde med, og Byer, I ikke havde bygget, og I tog Bolig i dem; af Vinhaver og Oliventræer, I ikke plantede, nyder I nu Frugten.
14 ১৪ এই হেতুকে এতিয়া তোমালোকে যিহোৱাক ভয় কৰা আৰু সৰল মনেৰে ও সত্যেৰে তেওঁৰ আৰাধনা কৰা; তোমালোকৰ পূৰ্বপুৰুষসকলে নদীৰ সিপাৰে আৰু মিচৰত পূজা কৰা দেৱতাবোৰক দূৰ কৰা আৰু যিহোৱাৰ আৰাধনা কৰা।
Saa frygt nu HERREN og tjen ham i Oprigtighed og Trofasthed, skaf de Guder bort, som eders Forfædre dyrkede hinsides Floden og i Ægypten, og tjen HERREN!
15 ১৫ যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা৷ কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।”
Men hvis I ikke synes om at tjene HERREN, saa vælg i Dag, hvem I vil tjene, de Guder, eders Forfædre dyrkede hinsides Floden, eller Amoriternes Guder, i hvis Land I nu bor. Men jeg og mit Hus, vi vil tjene HERREN!«
16 ১৬ তেতিয়া লোকসকলে উত্তৰ দি ক’লে, “আমি আন দেৱতাবোৰক পূজা কৰিবৰ বাবে যে যিহোৱাক ত্যাগ কৰিম আমাৰ পৰা এনে কথা দূৰ হওঁক,
Da svarede Folket: »Det være langt fra os at forlade HERREN for at dyrke andre Guder;
17 ১৭ কিয়নো যিজনাই আমাক আৰু আমাৰ ওপৰ পিতৃসকলক বন্দীঘৰস্বৰূপ মিচৰ দেশৰ পৰা আনিলে আৰু আমাৰ চকুৰ আগতে সেই মহৎ চিনবোৰ দেখুৱালে আৰু যি বাটেদি আমি আহিলোঁ, সেই গোটেই বাটত আৰু যি জাতিবোৰৰ মাজেদি আমি পাৰ হৈ আহিলোঁ, সেই জাতিবোৰৰ মাজতো আমাক ৰক্ষা কৰিলে, সেই জনাই আমাৰ ঈশ্বৰ যিহোৱা।
nej, HERREN er vor Gud, han, som førte os og vore Fædre op fra Ægypten, fra Trællehuset, og gjorde hine store Tegn for vore Øjne og bevarede os under hele vor Vandring og blandt alle de Folk, hvis Lande vi drog igennem;
18 ১৮ সেই যিহোৱায়েই এই দেশত থকা ইমোৰীয়া আদি কৰি সকলো জাতিক আমাৰ আগৰ পৰা দূৰ কৰিলে৷ এই হেতুকে আমিও যিহোৱাৰেহে আৰাধনা কৰিম, কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ।”
og HERREN drev alle disse Folk og Amoriterne, som boede her i Landet, bort foran os. Derfor vil vi ogsaa tjene HERREN, thi han er vor Gud!«
19 ১৯ কিন্তু যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে যিহোৱাৰ আৰাধনা কৰিব নোৱাৰিবা, কিয়নো তেওঁ পবিত্ৰ ঈশ্বৰ; নিজ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ; তেওঁ তোমালোকৰ অধাৰ্মিকতা আৰু পাপসমূহক ক্ষমা নকৰিব।
Da sagde Josua til Folket: »I vil ikke kunne tjene HERREN, thi han er en hellig Gud; han er en nidkær Gud, som ikke vil tilgive eders Overtrædelser og Synder.
20 ২০ তোমালোকে যদি যিহোৱাক ত্যাগ কৰি বিজাতীয় দেৱতাক পূজা কৰা, তেন্তে তেওঁ তোমালোকক মঙ্গল কৰাৰ পৰা ঘূৰি, তোমালোকৰ অমঙ্গলহে কৰিব আৰু তোমালোকক সংহাৰ কৰিব।”
Naar I forlader HERREN og dyrker fremmede Guder, vil han vende sig bort og bringe Ulykke over eder og tilintetgøre eder, skønt han tidligere gjorde vel imod eder.«
21 ২১ তেতিয়া লোকসকলে যিহোচূৱাক ক’লে, “নহয়, আমি যিহোৱাৰহে আৰাধনা কৰিম।”
Da sagde Folket til Josua: »Nej HERREN vil vi tjene!«
22 ২২ তেতিয়া যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে আৰাধনা কৰিবৰ অৰ্থে যিহোৱাক যে মনোনীত কৰিলা, এই কথাত তোমালোকে নিজৰ বিৰুদ্ধে নিজে সাক্ষী হৈছা।” তেওঁলোকে ক’লে, “হয়, আমি সাক্ষী হৈছোঁ।”
Josua sagde da til Folket: »I er Vidner imod eder selv paa, at I har valgt at tjene HERREN.
23 ২৩ তেতিয়া তেওঁ ক’লে, “তেনেহ’লে এতিয়া তোমালোকৰ মাজত থকা বিজাতীয় দেৱতাবোৰ দূৰ কৰা আৰু নিজ নিজ হৃদয়েৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি অাহাঁ।”
Saa skaf da de fremmede Guder bort, som I har hos eder, og bøj eders Hjerte til HERREN, Israels Gud!«
24 ২৪ লোকসকলে যিহোচূৱাক ক’লে, “আমি ঈশ্বৰ যিহোৱাৰেই আৰাধনা কৰিম আৰু তেওঁৰেই বাক্যলৈ কাণ দিম।”
Da sagde Folket til Josua: »HERREN vor Gud vil vi tjene, og hans Røst vil vi lyde!«
25 ২৫ এই দৰে যিহোচূৱাই সেইদিনা লোকসকলৰে সৈতে এটি নিয়ম স্থিৰ কৰিলে৷ তেওঁ চিখিমত তেওঁলোকৰ বাবে এক বিধি আৰু শাসন প্ৰণালী স্থাপন কৰিলে।
Derpaa lod Josua samme Dag Folket indgaa en Pagt, og han fastsatte det Lov og Ret i Sikem.
26 ২৬ তেতিয়া যিহোচূৱাই সেই সকলো কথা ঈশ্বৰৰ বিধান-পুস্তকখনিত লিখি হ’ল আৰু এটা ডাঙৰ শিল লৈ, যিহোৱাৰ ধৰ্মধামৰ ওচৰত থকা এৰা গছৰ তলত স্থাপন কৰিলে।
Og Josua opskrev disse Ord i Guds Lovbog; og han tog en stor Sten og rejste den der under den Eg, som staar i HERRENS Helligdom;
27 ২৭ পাছত যিহোচূৱাই লোকসকলক ক’লে, “চোৱা, এই শিলে আমাৰ অহিতে সাক্ষী হ’ব৷ কিয়নো আমাৰ আগত যিহোৱাই কোৱা সকলো কথা ই শুনিলে৷ এই হেতুকে তোমালোকে তোমালোকৰ ঈশ্বৰক আসৈ নকৰিবৰ বাবে এইয়ে তোমালোকৰ অহিতে সাক্ষী হ’ব।”
og Josua sagde til hele Folket: »Se, Stenen her skal være Vidne imod os; thi den har hørt alle HERRENS Ord, som han talede til os; den skal være Vidne imod eder; at I ikke skal fornægte eders Gud!«
28 ২৮ তাৰ পাছত যিহোচূৱাই লোকসকলক নিজ নিজ উত্তৰাধিকাৰলৈ বিদায় দিলে।
Derpaa lod Josua Folket drage bort hver til sin Arvelod.
29 ২৯ এই সকলো ঘটনাৰ পাছত, যিহোৱাৰ দাস নুনৰ পুত্ৰ যিহোচূৱাৰ এশ দহ বছৰত মৃত্যু হ’ল।
Efter disse Begivenheder døde HERRENS Tjener Josua, Nuns Søn 110 Aar gammel.
30 ৩০ তেতিয়া লোকসকলে গাচ পৰ্ব্বতৰ উত্তৰফালে, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা তিম্নৎ-চেৰহত তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ সীমাৰ ভিতৰত তেওঁক মৈদাম দিলে।
Og de jordede ham paa hans Arvelod i Timnat-Sera i Efraims Bjerge norden for Bjerget Ga'asj.
31 ৩১ যিহোচূৱাৰ আয়ুসৰ সকলো কালত আৰু যি বৃদ্ধ লোকসকল যিহোচূৱাৰ মৃত্যুৰ পাছত জীয়াই আছিল আৰু ইস্ৰায়েলৰ বাবে যিহোৱাই কৰা সকলো কৰ্ম জানিছিল, তেওঁলোক জীয়াই থকালৈকে ইস্ৰায়েলে যিহোৱাৰ আৰাধনা কৰি আছিল।
Og Israel dyrkede HERREN, saa længe Josua levede, og saa længe de Ældste var i Live, som overlevede Josua, og som havde kendt hele det Værk, HERREN havde øvet for Israel.
32 ৩২ ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা অনা যোচেফৰ অস্থিবোৰ চিখিমত এডোখৰ মাটিত মৈদাম দিলে, যি মাটি যাকোবে চিখিমৰ বাপেক হমোৰৰ পুতেকহঁতৰ পৰা এশ ৰূপ দি কিনি লৈছিল; আৰু সেয়ে যোচেফৰ সন্তান সকলৰ উত্তৰাধিকাৰ হ’ল।
Men Josefs Ben, som Israeliterne havde bragt op fra Ægypten jordede de i Sikem paa den Mark Jakob havde købt af Hamors, Sikems Faders, Sønner for hundrede Kesita, og som han havde givet Josef i Eje.
33 ৩৩ তাৰ পাছত হাৰোণৰ পুত্ৰ ইলিয়াজৰৰো মৃত্যু হ’ল৷ তাত লোকসকলে ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁৰ পুত্ৰ পীনহচক দিয়া গিবিয়াত তেওঁক মৈদাম দিলে।
Da Arons Søn Eleazar døde jordede de ham i hans Søn Pinehas's By Gibea, som var givet ham i Efraims Bjerge.