< যোশুয়া 23 >

1 এইদৰে যিহোৱাই ইস্ৰায়েলক তেওঁলোকৰ চাৰিওফালে থকা আটাই শত্ৰুৰ পৰা জিৰণী দিয়াৰ পাছত যিহোচূৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হ’ল৷
و واقع شد بعد از روزهای بسیار چون خداوند اسرائیل را از جمیع دشمنان ایشان از هر طرف آرامی داده بود، و یوشع پیر وسالخورده شده بود.۱
2 তেতিয়া তেওঁ গোটেই ইস্ৰায়েলক, তেওঁলোকৰ বৃদ্ধ আৰু অধ্যক্ষসকলক, বিচাৰকৰ্ত্তা আৰু বিষয়াসকলক মতাই আনি তেওঁলোকক ক’লে, “মই বুঢ়া আৰু অতিশয় বৃদ্ধ হ’লো।
که یوشع جمیع اسرائیل رابا مشایخ و روسا و داوران و ناظران ایشان طلبیده، به ایشان گفت: «من پیر و سالخورده شده‌ام.۲
3 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ কাৰণে এই সকলো জাতিলৈ যি যি কৰিলে, সেই বিষয়ে তোমালোকে দেখি আছাহঁক, কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজে তোমালোকৰ পক্ষে যুদ্ধ কৰিলে।
وشما هرآنچه یهوه، خدای شما به همه این طوایف به‌خاطر شما کرده است، دیده‌اید، زیرایهوه، خدای شما اوست که برای شما جنگ کرده است.۳
4 চোৱা! যি যি জাতিক মই উচ্ছন্ন কৰিলোঁ, তেওঁলোকৰ দেশৰে সৈতে, যৰ্দ্দনৰ পৰা সূৰ্য মাৰ যোৱা ফালে মহা সমুদ্ৰলৈকে সকলো অৱশিষ্ট থকা জাতিৰ দেশ মই তোমালোকৰ ফৈদবোৰক আধিপত্যৰ অৰ্থে চিঠি-খেলৰ দ্বাৰাই ভগাই দিলোঁ।
اینک این طوایف را که باقی‌مانده‌اند ازاردن و جمیع طوایف را که مغلوب ساخته‌ام تادریای بزرگ، به سمت مغرب آفتاب برای شما به قرعه تقسیم کرده‌ام تا میراث اسباط شما باشند.۴
5 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা তেওঁলোকক গতিয়াই পঠাব আৰু তোমালোকৰ চকুৰ আগৰ পৰা সিহঁতক দূৰ কৰিব৷ তাতে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক কোৱাৰ দৰে, তোমালোকে সিহঁতৰ দেশ অধিকাৰ কৰিবা।
و یهوه، خدای شما اوست که ایشان را از حضورشما رانده، ایشان را از پیش روی شما بیرون می‌کند، و شما زمین ایشان را در تصرف خواهیدآورد، چنانکه یهوه خدای شما به شما گفته است.۵
6 এতেকে, তোমালোকে মোচিৰ বিধান অনুসাৰে সোঁ কি বাওঁফালে যেন নুঘূৰিবা,
پس بسیار قوی باشید و متوجه شده، هر‌چه درسفر تورات موسی مکتوب است نگاه دارید و به طرف چپ یا راست از آن تجاوز منمایید.۶
7 তোমালোকৰ মাজত অৱশিষ্ট থকা এই জাতি সমূহৰ মাজত নুসোমাবা, তেওঁলোকৰ দেৱতাৰ নাম নলবা, সেইবোৰৰ নামেৰে শপত নাখাবা, সেইবোৰক পূজা নকৰিবা আৰু সেইবোৰৰ আগত প্ৰণিপাত নকৰিবা৷
تا به این طوایفی که در میان شما باقی‌مانده‌اند داخل نشوید، و نامهای خدایان ایشان را ذکر ننمایید، وقسم نخورید و آنها را عبادت منمایید و سجده نکنید.۷
8 কিন্তু আজিলৈকে যেনেকৈ কৰি আহিছা, তেনেকৈ যেন নিজ ঈশ্বৰ যিহোৱাত আসক্ত হৈ থাকা, এই কাৰণে মোচিৰ বিধান-পুস্তকত লিখা সকলো কথা পালন কৰি, তাৰ দৰে আচৰণ কৰিবলৈ অতিশয় সাহ কৰা।
بلکه به یهوه، خدای خود بچسبیدچنانکه تا امروز کرده‌اید.۸
9 কিয়নো যিহোৱাই তোমালোকৰ আগৰ পৰা মহৎ আৰু বলৱান জাতি সমূহক দূৰ কৰিলে৷ আৰু তোমালোকৰ আগত আজিলৈকে কোনেও থিয় হ’ব পৰা নাই।
زیرا خداوند طوایف بزرگ و زورآور را از پیش روی شما بیرون کرده است، و اما با شما کسی را تا امروز یارای مقاومت نبوده است.۹
10 ১০ তোমালোকৰ এজনেই হাজাৰ জনক খেদি দিব; কিয়নো, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যেনেকৈ কৈছিল, তেনেকৈ তেওঁ নিজেই তোমালোকৰ পক্ষে যুদ্ধ কৰোঁতা।
یک نفر از شما هزار را تعاقب خواهد نمود زیرا که یهوه، خدای شما، اوست که برای شما جنگ می‌کند، چنانکه به شما گفته است.۱۰
11 ১১ এই হেতুকে তোমালোকে নিজ নিজ প্ৰাণৰ বিষয়ে অতিশয় সাৱধান হৈ, তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা৷
پس بسیار متوجه شده، یهوه خدای خود را محبت نمایید.۱۱
12 ১২ নাইবা যদি কোনো প্ৰকাৰে বিমুখ হৈ, সেই জাতিবোৰৰ বাকী থকা যি অৱশিষ্ট লোক তোমালোকৰ মাজত আছে, তেওঁলোকত আসক্ত হোৱা, তেওঁলোকৰ লগত বিবাহৰ সম্বন্ধ কৰা আৰু তোমালোকৰ লগত তেওঁলোকৰ বা তেওঁলোকৰ লগত তোমালোকৰ আলাপ ব্যৱহাৰ হয়,
و اما اگر برگشته، با بقیه این طوایفی که در میان شما مانده‌اند بچسبید و باایشان مصاهرت نمایید، و به ایشان درآیید وایشان به شما درآیند،۱۲
13 ১৩ তেন্তে, নিশ্চয়ে জানিবা যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা সেই জাতি সমূহক দূৰ নকৰিব৷ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া এই উত্তম দেশৰ পৰা তোমালোক বিনষ্ট নোহোৱালৈকে সিহঁত তোমালোকৰ জাল আৰু ফান্দ, গাত কোবোৱা চাবুক আৰু চকুত লগা কাঁইট স্বৰূপ হৈ থাকিব।
یقین بدانید که یهوه خدای شما این طوایف را از حضور شما دیگربیرون نخواهد کرد، بلکه برای شما دام و تله وبرای پهلوهای شما تازیانه و در چشمان شما خارخواهند بود، تا وقتی که از این زمین نیکو که یهوه خدای شما، به شما داده است، هلاک شوید.۱۳
14 ১৪ চোৱা, গোটেই পৃথিৱীৰ লোকে যোৱা পথেদি মই আজি যাওঁ। আৰু তোমালোকে সকলো মনেৰে সকলো জ্ঞানেৰে ইয়াক জ্ঞাত হোৱা যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য ক’লে, তাৰ এটিও বিফল হোৱা নাই; তোমালোকৰ পক্ষে সেই সকলো সিদ্ধ হ’ল, এটিও নিষ্ফল হোৱা নাই।
و اینک من امروز به طریق اهل تمامی زمین می‌روم، و به تمامی دل و به تمامی جان خودمی دانید که یک چیز از تمام چیزهای نیکو که یهوه، خدای شما درباره شما گفته است به زمین نیفتاده، بلکه همه‌اش واقع شده است، و یک حرف از آن به زمین نیفتاده.۱۴
15 ১৫ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি যি কুশলৰ বাক্য কৈছিল, সেই সকলো যেনেকৈ তোমালোকৰ পক্ষে সিদ্ধ হ’ল, সেইদৰে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া এই উত্তম দেশৰ পৰা তোমালোকক বিনষ্ট কৰি নটায় মানে, তেওঁ তোমালোকলৈ সকলো অমঙ্গলৰ বাক্যও সিদ্ধ কৰিব।
و چنین واقع خواهد شد که چنانکه همه‌چیزهای نیکو که یهوه، خدای شما به شما گفته بود برای شما واقع شده است، همچنان خداوند همه‌چیزهای بد رابر شما عارض خواهد گردانید، تا شما را از این زمین نیکو که یهوه، خدای شما به شما داده است، هلاک سازد.۱۵
16 ১৬ নিজ ঈশ্বৰ যিহোৱাই তোমালোকক আদেশ কৰা নিয়মটি যদি তোমালোকে লঙ্ঘন কৰা আৰু তোমালোকে যদি আন দেৱতাবোৰক পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ তোমালোকৰ বিৰুদ্ধে জ্বলি উঠিব আৰু তেওঁ তোমালোকক দিয়া এই উত্তম দেশৰ পৰা, তোমালোক সোনকালে বিনষ্ট হ’বা।”
اگر از عهد یهوه، خدای خود، که به شما امر فرموده است، تجاوز نمایید، و رفته، خدایان دیگر را عبادت نمایید، و آنها را سجده کنید، آنگاه غضب خداوند بر شما افروخته خواهد شد، و از این زمین نیکو که به شما داده است به زودی هلاک خواهید شد.۱۶

< যোশুয়া 23 >