< যোশুয়া 23 >
1 ১ এইদৰে যিহোৱাই ইস্ৰায়েলক তেওঁলোকৰ চাৰিওফালে থকা আটাই শত্ৰুৰ পৰা জিৰণী দিয়াৰ পাছত যিহোচূৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হ’ল৷
Bertahun-tahun telah berlalu, dan TUHAN sudah membuat bangsa Israel aman dari semua musuh mereka. Ketika Yosua sudah sangat tua,
2 ২ তেতিয়া তেওঁ গোটেই ইস্ৰায়েলক, তেওঁলোকৰ বৃদ্ধ আৰু অধ্যক্ষসকলক, বিচাৰকৰ্ত্তা আৰু বিষয়াসকলক মতাই আনি তেওঁলোকক ক’লে, “মই বুঢ়া আৰু অতিশয় বৃদ্ধ হ’লো।
dia mengumpulkan para tua-tua, kepala suku, hakim, dan pengatur pasukan seluruh bangsa Israel, lalu berkata kepada mereka, “Saya sudah sangat tua.
3 ৩ তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ কাৰণে এই সকলো জাতিলৈ যি যি কৰিলে, সেই বিষয়ে তোমালোকে দেখি আছাহঁক, কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজে তোমালোকৰ পক্ষে যুদ্ধ কৰিলে।
Selama ini kalian sudah melihat segala yang TUHAN lakukan bagi kita. TUHAN Allah kita, Dialah yang berperang melawan semua bangsa di sini demi kita.
4 ৪ চোৱা! যি যি জাতিক মই উচ্ছন্ন কৰিলোঁ, তেওঁলোকৰ দেশৰে সৈতে, যৰ্দ্দনৰ পৰা সূৰ্য মাৰ যোৱা ফালে মহা সমুদ্ৰলৈকে সকলো অৱশিষ্ট থকা জাতিৰ দেশ মই তোমালোকৰ ফৈদবোৰক আধিপত্যৰ অৰ্থে চিঠি-খেলৰ দ্বাৰাই ভগাই দিলোঁ।
Ingatlah, saya sudah membagi dengan undian seluruh daerah di sebelah barat sungai Yordan sampai ke Laut Tengah sebagai tanah warisan suku-suku kalian, baik daerah yang masih ditinggali bangsa-bangsa setempat, maupun daerah yang bangsa-bangsanya sudah kita kalahkan.
5 ৫ তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা তেওঁলোকক গতিয়াই পঠাব আৰু তোমালোকৰ চকুৰ আগৰ পৰা সিহঁতক দূৰ কৰিব৷ তাতে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক কোৱাৰ দৰে, তোমালোকে সিহঁতৰ দেশ অধিকাৰ কৰিবা।
TUHANlah yang akan mengusir mereka dari hadapan kalian, sehingga kalian dapat menguasai tanah mereka seperti yang TUHAN janjikan kepadamu.
6 ৬ এতেকে, তোমালোকে মোচিৰ বিধান অনুসাৰে সোঁ কি বাওঁফালে যেন নুঘূৰিবা,
“Karena itu, kalian harus benar-benar kuat dan taat dalam melakukan semua yang ditulis dalam kitab Taurat. Janganlah menyimpang dari semuanya itu.
7 ৭ তোমালোকৰ মাজত অৱশিষ্ট থকা এই জাতি সমূহৰ মাজত নুসোমাবা, তেওঁলোকৰ দেৱতাৰ নাম নলবা, সেইবোৰৰ নামেৰে শপত নাখাবা, সেইবোৰক পূজা নকৰিবা আৰু সেইবোৰৰ আগত প্ৰণিপাত নকৰিবা৷
Jangan bercampur dengan bangsa-bangsa yang masih tinggal di antaramu. Kalian tidak boleh bersumpah memakai nama dewa mereka, bahkan jangan menyebut nama dewa mereka sama sekali! Kalian tidak boleh mengabdi ataupun bersujud menyembah dewa mereka!
8 ৮ কিন্তু আজিলৈকে যেনেকৈ কৰি আহিছা, তেনেকৈ যেন নিজ ঈশ্বৰ যিহোৱাত আসক্ত হৈ থাকা, এই কাৰণে মোচিৰ বিধান-পুস্তকত লিখা সকলো কথা পালন কৰি, তাৰ দৰে আচৰণ কৰিবলৈ অতিশয় সাহ কৰা।
Kalian harus setia kepada TUHAN Allahmu, seperti yang selama ini kalian lakukan sampai sekarang.
9 ৯ কিয়নো যিহোৱাই তোমালোকৰ আগৰ পৰা মহৎ আৰু বলৱান জাতি সমূহক দূৰ কৰিলে৷ আৰু তোমালোকৰ আগত আজিলৈকে কোনেও থিয় হ’ব পৰা নাই।
“TUHAN sudah mengusir dari hadapan kalian bangsa-bangsa yang besar dan kuat. Sampai hari ini, tidak ada satu pun bangsa yang dapat bertahan melawan kalian.
10 ১০ তোমালোকৰ এজনেই হাজাৰ জনক খেদি দিব; কিয়নো, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যেনেকৈ কৈছিল, তেনেকৈ তেওঁ নিজেই তোমালোকৰ পক্ষে যুদ্ধ কৰোঁতা।
Satu orang dari kalian dapat mengalahkan seribu orang, karena TUHAN Allahmu berperang bagi kalian, seperti yang Dia janjikan kepadamu.
11 ১১ এই হেতুকে তোমালোকে নিজ নিজ প্ৰাণৰ বিষয়ে অতিশয় সাৱধান হৈ, তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা৷
Karena itu, pastikanlah baik-baik untuk mengasihi TUHAN Allahmu!
12 ১২ নাইবা যদি কোনো প্ৰকাৰে বিমুখ হৈ, সেই জাতিবোৰৰ বাকী থকা যি অৱশিষ্ট লোক তোমালোকৰ মাজত আছে, তেওঁলোকত আসক্ত হোৱা, তেওঁলোকৰ লগত বিবাহৰ সম্বন্ধ কৰা আৰু তোমালোকৰ লগত তেওঁলোকৰ বা তেওঁলোকৰ লগত তোমালোকৰ আলাপ ব্যৱহাৰ হয়,
“Kalau kalian tidak setia kepada-Nya dan berbaur dengan bangsa-bangsa lain yang tersisa di antara kalian, menikah dengan mereka, dan bergaul dengan mereka,
13 ১৩ তেন্তে, নিশ্চয়ে জানিবা যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা সেই জাতি সমূহক দূৰ নকৰিব৷ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া এই উত্তম দেশৰ পৰা তোমালোক বিনষ্ট নোহোৱালৈকে সিহঁত তোমালোকৰ জাল আৰু ফান্দ, গাত কোবোৱা চাবুক আৰু চকুত লগা কাঁইট স্বৰূপ হৈ থাকিব।
ketahuilah, TUHAN Allahmu pasti tidak akan mengusir bangsa-bangsa ini dari hadapan kalian lagi. Mereka akan menjadi jerat atau perangkap bagi kalian. Mereka akan membuat kalian menderita, seperti cambuk pada punggung dan duri pada mata, hingga kalian binasa dari tanah yang baik ini, yang diberikan TUHAN kepada kalian.
14 ১৪ চোৱা, গোটেই পৃথিৱীৰ লোকে যোৱা পথেদি মই আজি যাওঁ। আৰু তোমালোকে সকলো মনেৰে সকলো জ্ঞানেৰে ইয়াক জ্ঞাত হোৱা যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য ক’লে, তাৰ এটিও বিফল হোৱা নাই; তোমালোকৰ পক্ষে সেই সকলো সিদ্ধ হ’ল, এটিও নিষ্ফল হোৱা নাই।
“Sebentar lagi saya akan mati. Kalian semua tahu benar bahwa TUHAN Allahmu sudah memenuhi semua hal baik yang Dia janjikan kepadamu. Tidak ada satu pun yang tidak dipenuhi.
15 ১৫ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি যি কুশলৰ বাক্য কৈছিল, সেই সকলো যেনেকৈ তোমালোকৰ পক্ষে সিদ্ধ হ’ল, সেইদৰে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া এই উত্তম দেশৰ পৰা তোমালোকক বিনষ্ট কৰি নটায় মানে, তেওঁ তোমালোকলৈ সকলো অমঙ্গলৰ বাক্যও সিদ্ধ কৰিব।
Tetapi sebagaimana TUHAN Allahmu sudah memberikan segala yang baik kepada kalian, Dia pasti juga akan menggenapi kutukan-Nya bila kalian melanggar perjanjian-Nya dengan menyembah dewa-dewa. Dia akan sangat marah dan segera membinasakan kalian dari negeri yang baik ini, yang sudah Dia berikan kepadamu.”
16 ১৬ নিজ ঈশ্বৰ যিহোৱাই তোমালোকক আদেশ কৰা নিয়মটি যদি তোমালোকে লঙ্ঘন কৰা আৰু তোমালোকে যদি আন দেৱতাবোৰক পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ তোমালোকৰ বিৰুদ্ধে জ্বলি উঠিব আৰু তেওঁ তোমালোকক দিয়া এই উত্তম দেশৰ পৰা, তোমালোক সোনকালে বিনষ্ট হ’বা।”