< যোশুয়া 22 >
1 ১ সেই কালত যিহোচূৱাই ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক মতাই আনিলে, আৰু
Eodem tempore vocavit Josue Rubenitas, et Gaditas, et dimidiam tribum Manasse,
2 ২ তেওঁ তেওঁলোকক ক’লে, “যিহোৱাৰ দাস মোচিয়ে তোমালোকক যি যি আজ্ঞা দিছিল, সেই আজ্ঞা তোমালোকে পালন কৰি আহিছা আৰু ময়ো তোমালোকক যি যি আজ্ঞা কৰিলোঁ, মোৰ সেই সকলো বাক্যলৈ কাণ দিলা।
dixitque ad eos: Fecistis omnia quæ præcepit vobis Moyses famulus Domini: mihi quoque in omnibus obedistis,
3 ৩ সেই সকলো দিনৰ কোনো দিনেই বা আজিলৈকে তোমালোকে নিজ ভাইসকলক ত্যাগ নকৰিলা, আনকি নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা সজাগতাৰে পালন কৰি আহিছাহঁক।
nec reliquistis fratres vestros longo tempore, usque in præsentem diem, custodientes imperium Domini Dei vestri.
4 ৪ এতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ ভাইসকলক প্ৰতিজ্ঞা কৰাৰ দৰে, তেওঁলোকক জিৰণী দিলে৷ গতিকে, এতিয়া তোমালোকে ঘূৰি, নিজ নিজ তম্বুলৈ গৈ, যিহোৱাৰ দাস মোচিয়ে যৰ্দ্দনৰ সিপাৰে তোমালোকক দিয়া আধিপত্যৰ দেশলৈ যোৱা।
Quia igitur dedit Dominus Deus vester fratribus vestris quietem et pacem, sicut pollicitus est: revertimini, et ite in tabernacula vestra, et in terram possessionis, quam tradidit vobis Moyses famulus Domini trans Jordanem:
5 ৫ কিন্তু যিহোৱাৰ দাস মোচিয়ে তোমালোকক আদেশ কৰা আজ্ঞা আৰু বিধানৰ দৰে কাৰ্য কৰিবলৈ, ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ, তেওঁৰ সকলো পথত চলিবলৈ, তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ, তেওঁত আসক্ত হ’বলৈ আৰু সকলো মন ও সকলো প্ৰাণেৰে তেওঁৰ আৰাধনা কৰিবলৈ যত্নবান হ’বা।”
ita dumtaxat ut custodiatis attente, et opere compleatis mandatum et legem quam præcepit vobis Moyses famulus Domini, ut diligatis Dominum Deum vestrum, et ambuletis in omnibus viis ejus, et observetis mandata illius, adhæreatisque ei, ac serviatis in omni corde, et in omni anima vestra.
6 ৬ এইদৰে যিহোচূৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰি বিদায় দিয়াৰ পাছত, তেওঁলোক নিজ নিজ তম্বুলৈ গ’ল।
Benedixitque eis Josue, et dimisit eos. Qui reversi sunt in tabernacula sua.
7 ৭ মোচিয়ে মনচিৰ আধা ফৈদক বাচানত দিছিল; কিন্তু তাৰ আন আধা ফৈদক যিহোচূৱাই যৰ্দ্দনৰ পশ্চিম পাৰে নিজ ভাইসকলৰ লগত উত্তৰাধিকাৰ দিছিল আৰু নিজ নিজ তম্বুলৈ বিদায় দিয়া সময়ত, যিহোচূৱাই তেওঁলোকক আশীৰ্ব্বাদ দিলে,
Dimidiæ autem tribui Manasse possessionem Moyses dederat in Basan: et idcirco mediæ, quæ superfuit, dedit Josue sortem inter ceteros fratres suos trans Jordanem ad occidentalem plagam. Cumque dimitteret eos in tabernacula sua, et benedixisset eis,
8 ৮ আৰু তেওঁলোকক ক’লে, “তোমালোকে বহু ধন, জাকে জাকে পশু আৰু সোণ আৰু ৰূপে সৈতে আৰু পিতল আৰু লো আৰু বহুত কাপোৰ আদি সম্পত্তি লগত লৈ, নিজ নিজ তম্বুলৈ উলটি যোৱা৷ শত্ৰুৰ পৰা লুট কৰি অনা বস্তুবোৰ নিজ ভাইসকলেৰে সৈতে ভাগ বাটি লোৱাগৈ।”
dixit ad eos: In multa substantia atque divitiis revertimini ad sedes vestras, cum argento et auro, ære ac ferro, et veste multiplici: dividite prædam hostium cum fratribus vestris.
9 ৯ তেতিয়া ৰূবেণ ও গাদৰ বংশধৰ আৰু মনচিৰ আধা ফৈদে কনান দেশৰ চীলোত থকা ইস্ৰায়েল লোকসকলৰ পৰা বিদায় লৈ নিজ ঠাইলৈ গ’ল৷ তেওঁলোক মোচিৰ দ্বাৰাই কোৱা যিহোৱাৰ আজ্ঞা অনুসাৰে পোৱা নিজৰ আধিপত্য লৈ গিলিয়দ দেশলৈ উভতি যাব ধৰিলে।
Reversique sunt, et abierunt filii Ruben, et filii Gad, et dimidia tribus Manasse, a filiis Israël de Silo, quæ sita est in Chanaan, ut intrarent Galaad terram possessionis suæ, quam obtinuerant juxta imperium Domini in manu Moysi.
10 ১০ পাছত তেওঁলোক কনান দেশত থকা যৰ্দ্দন নদীৰ অঞ্চল পাওঁতে ৰূবেণ ও গাদৰ সন্তান সকলে আৰু মনচিৰ আধা ফৈদে সেই ঠাইতে যৰ্দ্দনৰ দাঁতিত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে; সেই বেদী দেখিবলৈ বৰ ডাঙৰ আৰু প্ৰসিদ্ধ আছিল।
Cumque venissent ad tumulos Jordanis in terram Chanaan, ædificaverunt juxta Jordanem altare infinitæ magnitudinis.
11 ১১ এতিয়া ইস্ৰায়েলৰ সন্তান সকলে এই বিষয়ে শুনি ক’লে যে, “চোৱা! ৰূবেণ ও গাদৰ সন্তান সকলে আৰু মনচিৰ আধা ফৈদে কনান দেশৰ সন্মুখত যৰ্দ্দনৰ অঞ্চলত ইস্ৰায়েলৰ লোকসকলে অধিকাৰ কৰা দাঁতিত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।”
Quod cum audissent filii Israël, et ad eos certi nuntii detulissent, ædificasse filios Ruben, et Gad, et dimidiæ tribus Manasse, altare in terra Chanaan, super Jordanis tumulos, contra filios Israël:
12 ১২ ইস্ৰায়েলৰ লোকসকলে সেই কথা শুনাৰ পাছত, ইস্ৰায়েলৰ লোকসকলৰ গোটেই সমাজে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিবৰ বাবে চীলোত গোট খালে।
convenerunt omnes in Silo, ut ascenderent, et dimicarent contra eos.
13 ১৩ পাছত ইস্ৰায়েলৰ লোকসকলে গিলিয়দ দেশলৈ ৰূবেণ ও গাদৰ সন্তান সকল আৰু মনচিৰ আধা ফৈদৰ ওচৰলৈ বাৰ্তাবাহকসকলক পঠিয়ালে৷ আনকি ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পীনহচকো পঠিয়ালে
Et interim miserunt ad illos in terram Galaad Phinees filium Eleazari sacerdotis,
14 ১৪ আৰু ইস্ৰায়েলৰ প্ৰত্যেক ফৈদৰ পিতৃ-বংশৰ পৰা এজন এজন অধ্যক্ষ এইদৰে দহ জন অধ্যক্ষ তেওঁৰ লগত পঠাই দিলে আৰু তেওঁলোক প্ৰতিজন ইস্ৰায়েলৰ লোকসকলৰ মাজত, নিজ নিজ পিতৃ-বংশৰ মূল মানুহ আছিল।
et decem principes cum eo, singulos de singulis tribubus.
15 ১৫ পাছত তেওঁলোকে গিলিয়দ দেশত ৰূবেণ ও গাদৰ লোকসকল আৰু মনচিৰ আধা ফৈদৰ ওচৰলৈ গ’ল আৰু তেওঁলোকক এই কথা ক’লে:
Qui venerunt ad filios Ruben, et Gad, et dimidiæ tribus Manasse in terram Galaad, dixeruntque ad eos:
16 ১৬ “যিহোৱাৰ গোটেই সমাজে এই কথা কৈছে, ‘আজি যিহোৱাৰ অহিতে বিদ্ৰোহী হ’বৰ মনেৰে তোমালোকে তোমালোকৰ বাবে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলা, যিহোৱাৰ পাছত নচলিবলৈ আজি তেওঁক বিমুখ কৰিলা, তোমালোকে ইস্ৰায়েলৰ ঈশ্বৰৰ বিৰুদ্ধে যে সত্যলঙ্ঘন কৰিলা, ই কি কথা?
Hæc mandat omnis populus Domini: Quæ est ista transgressio? cur reliquistis Dominum Deum Israël, ædificantes altare sacrilegum, et a cultu illius recedentes?
17 ১৭ চিন পিয়োৰ পৰ্বতত আমি কৰা অপৰাধ আমাৰ বাবে যথেষ্ট নহয় নে? আনকি এতিয়াও আমি নিজকে ইয়াৰ পৰা শুচি কৰিব পৰা নাই৷ সেই কাৰণে যিহোৱাৰ সমাজৰ ওপৰত অপৰাধৰ মহামাৰী আহিছে৷
an parum vobis est quod peccastis in Beelphegor, et usque in præsentem diem macula hujus sceleris in nobis permanet, multique de populo corruerunt?
18 ১৮ তোমালোকে যিহোৱাৰ পাছত চলিবলৈ আজি বিমুখ হ’ব খুজিছা? তোমালোকে আজি যদি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহী হোৱা, তেওঁ কালিলৈ ইস্ৰায়েলৰ গোটেই সমাজলৈ ক্ৰোধ কৰিব।
Et vos hodie reliquistis Dominum, et cras in universum Israël ira ejus desæviet.
19 ১৯ আৰু কওঁ, তোমালোকৰ আধিপত্যৰ দেশ যদি অশুচি হয়, তেন্তে যিহোৱাৰ নিয়ম-চন্দুক থকা, যিহোৱাই অধিকাৰ কৰা দেশলৈ পাৰহৈ আহি আমাৰ মাজত আধিপত্য গ্ৰহণ কৰা৷ কেৱল আমাৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞবেদীৰ বাহিৰে আন যজ্ঞবেদী নিৰ্ম্মাণ কৰি যিহোৱাৰ আৰু আমাৰো বিদ্ৰোহী নহ’বাহঁক।
Quod si putatis immundam esse terram possessionis vestræ, transite ad terram, in qua tabernaculum Domini est, et habitate inter nos: tantum ut a Domino et a nostro consortio non recedatis, ædificato altari præter altare Domini Dei nostri.
20 ২০ জেৰহৰ পুতেক আখানে বৰ্জিত বস্তুৰ কথাত দোষ কৰাত, ইস্ৰায়েলৰ সকলো লোকৰ ওপৰলৈ জানো ঈশ্বৰৰ ক্ৰোধ অহা নাছিল? সেই মানুহ নিজৰ অতিশয় অনৈতিক অপৰাধত অকলে জানো বিনষ্ট হ’ল’।”
Nonne Achan filius Zare præteriit mandatum Domini, et super omnem populum Israël ira ejus incubuit? et ille erat unus homo, atque utinam solum periisset in scelere suo.
21 ২১ তেতিয়া ৰূবেণ ও গাদৰ ফৈদ আৰু মনচিৰ আধা ফৈদে ইস্ৰায়েলৰ বংশৰ মুখিয়াল লোকসকলক এই উত্তৰ দিলে:
Responderuntque filii Ruben et Gad, et dimidia tribus Manasse, principibus legationis Israël:
22 ২২ “ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱাই! ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱায়েই জানে! আৰু ইস্ৰায়েলেও জানক; সঁচাকৈ আমি যদি বিদ্ৰোহীভাবে বা যিহোৱাৰ আগত সত্যলঙ্ঘন কৰিলোঁ, তেনেহলে আজি তুমি আমাক ৰক্ষা নকৰিবা৷
Fortissimus Deus Dominus, fortissimus Deus Dominus, ipse novit, et Israël simul intelliget: si prævaricationis animo hoc altare construximus, non custodiat nos, sed puniat nos in præsenti:
23 ২৩ আমি যদি যিহোৱাৰ পাছত চলিবলৈ বিমুখ হ’বৰ অৰ্থে বা হোম কি নৈবেদ্য উৎসৰ্গ কৰিবৰ অৰ্থে বা মঙ্গলাৰ্থক বলিদান কৰিবৰ বাবে যজ্ঞবেদী নিৰ্ম্মাণ কৰিলোঁ, তেন্তে যিহোৱাই নিজে তাৰ প্ৰতিশোধ লওঁক।
et si ea mente fecimus ut holocausta, et sacrificium, et pacificas victimas super eo imponeremus, ipse quærat et judicet:
24 ২৪ সঁচাকৈ আমি এটা বিশেষ কথাৰ আশঙ্কাতহে ইয়াকে কৰিলোঁ অৰ্থাৎ আগলৈ তোমালোকৰ সন্তান সকলে আমাৰ সন্তান সকলক ক’ব, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰে সৈতে তোমালোকৰ কি সম্পৰ্ক?
et non ea magis cogitatione atque tractatu, ut diceremus: Cras dicent filii vestri filiis nostris: Quid vobis et Domino Deo Israël?
25 ২৫ কিয়নো তোমালোক আৰু আমাৰ মাজত যিহোৱাই যৰ্দ্দনক সীমা কৰি ৰাখিছে৷ হে ৰূবেণৰ সন্তান সকল, হে গাদৰ সন্তান সকল, যিহোৱাৰ বিষয়ে তোমালোকৰ কৰিবলৈ কোনো ভাগ নাই, গতিকে তোমালোকৰ সন্তান সকলে আমাৰ সন্তান সকলক যিহোৱাৰ অভয়ৰ পৰাহে এৰুৱাব।
terminum posuit Dominus inter nos et vos, o filii Ruben, et filii Gad, Jordanem fluvium, et idcirco partem non habetis in Domino: et per hanc occasionem avertent filii vestri filios nostros a timore Domini. Putavimus itaque melius,
26 ২৬ এই হেতুকে আমি কলোঁ, ‘আহাঁ আমি এটা বেদী নিৰ্ম্মাণ কৰিবলৈ ধৰোঁহঁক; সেই বেদী হোম বা আন বলিদানৰ অৰ্থে নহ’ব,
et diximus: Exstruamus nobis altare, non in holocausta, neque ad victimas offerendas,
27 ২৭ কিন্তু আমাৰ হোম বলি, আন আন বলি আৰু মঙ্গলাৰ্থক বলিদানৰ দ্বাৰাই, যিহোৱাৰ সাক্ষাতে তেওঁৰ আৰাধনা কৰিবলৈ আমাৰ যে অধিকাৰ আছে, এয়ে তোমালোকৰ আৰু আমাৰ মাজত আৰু আমাৰ পাছত আহিবলগীয়া আমাৰ ভাবি বংশৰ মাজত ইয়াৰ সাক্ষী হ’ব; তাতে, ‘যিহোৱাত তোমালোকৰ কোনো ভাগ নাই’, এনে কথা ভবিষ্যতে তোমালোকৰ সন্তানসকলে আমাৰ সন্তানসকলক ক’ব নোৱাৰিব।
sed in testimonium inter nos et vos, et sobolem nostram vestramque progeniem, ut serviamus Domino, et juris nostri sit offerre et holocausta, et victimas, et pacificas hostias: et nequaquam dicant cras filii vestri filiis nostris: Non est vobis pars in Domino.
28 ২৮ এই হেতুকে আমি ক’লোঁ, ‘তেওঁলোকে যদি আমাক বা আমাৰ ভাবি-বংশক আগলৈ এনে কথা ক’ব, তেন্তে আমি এই উত্তৰ দিম, চোৱা! আমাৰ ওপৰ পিতৃসকলে নিৰ্ম্মাণ কৰা যিহোৱাৰ যজ্ঞবেদীৰ নমুনা; তেওঁলোকে হোম বা আন বলিদানৰ অৰ্থে নিৰ্ম্মাণ কৰা বেদী নহয়, কিন্তু সেয়ে তোমালোকৰ আৰু আমাৰ মাজত সাক্ষ্য মাত্ৰ।”
Quod si voluerint dicere, respondebunt eis: Ecce altare Domini, quod fecerunt patres nostri, non in holocausta, neque in sacrificium, sed in testimonium nostrum ac vestrum.
29 ২৯ আমি যে হোম বা নৈবেদ্য বা বলিদানৰ অৰ্থে আমাৰ ঈশ্বৰ যিহোৱাই নিবাস কৰা গৃহৰ আগত থকা তেওঁৰ যজ্ঞবেদিৰ বাহিৰে, আন যজ্ঞবেদী নিৰ্ম্মাণ কৰি যিহোৱাৰ বিদ্ৰোহী হ’ব খুজিছোঁ বা যিহোৱাৰ পাছত চলিবলৈ আজি বিমুখ হ’ব খুজিছোঁ, এনে কথা আমাৰ পৰা দূৰ হওঁক’।”
Absit a nobis hoc scelus, ut recedamus a Domino, et ejus vestigia relinquamus, exstructo altari ad holocausta, et sacrificia, et victimas offerendas, præter altare Domini Dei nostri, quod exstructum est ante tabernaculum ejus.
30 ৩০ যেতিয়া পীনহচ পুৰোহিত আৰু লোকসকলৰ অধ্যক্ষসকল অৰ্থাৎ তেওঁৰ লগৰ ইস্ৰায়েলৰ বংশৰ মুখিয়াল লোকসকলে ৰূবেণ, গাদৰ আৰু মনচিৰ সন্তান সকলৰ এই কথা শুনিলে, তেতিয়া তেওঁলোকে এই বিষয়টো বৰ ভাল দেখিলে।
Quibus auditis, Phinees sacerdos, et principes legationis Israël, qui erant cum eo, placati sunt: et verba filiorum Ruben, et Gad, et dimidiæ tribus Manasse, libentissime susceperunt.
31 ৩১ আৰু ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পীনহচে ৰূবেণ, গাদৰ আৰু মনচিৰ লোকসকলক ক’লে, “তোমালোকে যিহোৱাৰ বিৰুদ্ধে যে সেই অপৰাধ কৰা নাই, ইয়াতে আমি আজি জানিলোঁ, যে যিহোৱা আমাৰ মাজত আছে; এতিয়া তোমালোকে ইস্ৰায়েলৰ লোকসকলক যিহোৱাৰ হাতৰ পৰা উদ্ধাৰ কৰিলা।”
Dixtque Phinees filius Eleazari sacerdos ad eos: Nunc scimus quod nobiscum sit Dominus, quoniam alieni estis a prævaricatione hac, et liberastis filios Israël de manu Domini.
32 ৩২ পাছত ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পীনহচে আৰু অধ্যক্ষসকলে ৰূবেণ ও গাদৰ সন্তান সকলৰ পৰা বিদায় হৈ গিলিয়দ দেশৰ পৰা কনান দেশত থকা ইস্ৰায়েলৰ লোকসকলৰ ওচৰলৈ উলটি আহি তেওঁলোকক বাৰ্ত্তা দিলেহি।
Reversusque est cum principibus a filiis Ruben et Gad de terra Galaad, finium Chanaan, ad filios Israël, et retulit eis.
33 ৩৩ ইস্ৰায়েলৰ লোকসকলে এই সুসংবাদ তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে৷ ইস্ৰায়েলৰ লোকসকলে ঈশ্বৰক ধন্যবাদ কৰিলে আৰু ৰূবেণ ও গাদৰ সন্তান সকল থকা দেশৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি বিনষ্ট কৰাৰ কথা পুনৰ নক’লে।
Placuitque sermo cunctis audientibus. Et laudaverunt Deum filii Israël, et nequaquam ultra dixerunt, ut ascenderent contra eos, atque pugnarent, et delerent terram possessionis eorum.
34 ৩৪ পাছত ৰূবেণ ও গাদৰ সন্তান সকলে সেই বেদীৰ নাম “এদ” ৰাখিলে; কিয়নো তেওঁলোকে ক’লে, “যিহোৱা যে ঈশ্বৰ, এয়ে আমাৰ মাজত সাক্ষী।”
Vocaveruntque filii Ruben, et filii Gad, altare quod exstruxerant, Testimonium nostrum, quod Dominus ipse sit Deus.