< যোশুয়া 21 >
1 ১ তেতিয়া লেবীয়াসকলৰ পিতৃবংশৰ মুখিয়াল লোকসকলে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ পিতৃ-বংশৰ পৰিয়াল সমূহৰ লোকসকলৰ ওচৰলৈ আহিল৷
Kisha wakuu wa koo za Walawi walimwendea Eliazari kuhani, na kwa Yoshua mwana wa Nuni, na kwa viongozi wa familia za mababu zao miongoni mwa watu wa Israeli.
2 ২ আৰু কনান দেশত থকা চীলোত তেওঁলোকক ক’লে, “আমি থাকিবৰ অৰ্থে নগৰ আৰু পশুবোৰ চৰাবৰ বাবে তাৰ চৰণীয়া ঠাই দিয়াৰ আজ্ঞা যিহোৱাই মোচিৰ দ্বাৰাই তোমালোকক দিছিল।”
Waliwaambia, “Yahweh aliwaagizeni ninyi kwa mkono wa Musa kwamba mtupatieni miji ya kuishi yenye maeneo kwa ajili ya kuchungia ya mifugo.” waliyasema haya huko Shilo katika nchi ya Kanaani.
3 ৩ তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ উত্তৰাধিকাৰৰ পৰা লেবীয়াসকলক এই নগৰ আৰু চৰণীয়া ঠাই সমূহ দিলে।
Hivyo, kwa agizo la Yahweh, watu wa Israeli waliwapa Walawi kutoka katika urithi wa wao miji ifuatayo pamoja na maeneo yao ya kuchungia.
4 ৪ চিঠি খেলাওঁতে কহাতীয়া বংশৰ নাম উঠিলত: লেবীয়াসকলৰ মাজৰ হাৰোণ পুৰোহিতৰ সন্তান সকলে চিঠিখেলৰ দ্বাৰাই যিহূদা ফৈদৰ, চিমিয়োন ফৈদৰ আৰু বিন্যামীন ফৈদৰ পৰা তেৰ খন নগৰ পালে।
Upigaji wa kura kwa ajili ya koo za Wakohathi ulileta matokeo haya: makuhani ambao ni wazawa wa Haruni ambao walitokana na Walawi, walipokea miji kumi na mitatu waliopewa kutoka kwa kabila la Yuda, kutoka kabila la Simoni, na kutoka kabila la Benyamini.
5 ৫ আৰু কহাতৰ অৱশিষ্ট বংশই চিঠি খেলৰ দ্বাৰাই ইফ্ৰয়িম ফৈদ সমূহৰ পৰা, আচেৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা দহখন নগৰ পালে।
Koo zilizobaki za Wakohathi walipokea kwa kupiga kura kwa miji kumi kutoka katika kabila za Efraimu, Dani, na kutoka kwa nusu ya kabila la Manase.
6 ৬ আৰু বংশানুক্ৰমে গেৰ্চোনৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই ইচাখৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা তেৰ খন নগৰ পালে।
Na watu wazawa wa Gershoni walipewa miji kumi na mitatu kwa kupigiwa kura kutoka kwa koo za kabila la Isakari, Asheri, Nafutali, na nusu ya kabila la Manase katika Bashani.
7 ৭ আৰু বংশানুক্ৰমে মৰাৰীৰ সন্তান সকলে নিজ নিজ ফৈদ অনুসাৰে ৰূবেণ ফৈদৰ, গাদ ফৈদৰ আৰু জবূলূন ফৈদৰ পৰা বাৰখন নগৰ পালে।
Watu waliokuwa wazawa wa Merari walipokea miji kumi na miwili kutoka katika makabila ya Rubeni, Gadi na Zabuloni.
8 ৮ এইদৰে মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই লেবীয়া লোকসকলক সেইবোৰ নগৰ আৰু লগত চৰণীয়া ঠাইবোৰ দিলে।
Basi, watu wa Israeli waliwapa Walawi miji hii pamoja na maeneo yao ya kuchungia, kwa kupiga kura, kama vile Yahweh alivyokuwa ameagiza kwa mkono wa Musa.
9 ৯ পাছত তেওঁলোকে যিহূদাৰ সন্তান সকলৰ ফৈদৰ পৰা আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ পৰা পোৱা নগৰবোৰৰ নামে সৈতে উল্লেখ কৰাৰ দৰে নগৰ দিলে৷
Kutoka kwa makabila la Yuda na Simoni, waliwapa nchi katika miji ifuatayo iliyoorodheshwa kwa majina.
10 ১০ এই নগৰ লেবীৰ সন্তান কহাতীয়া বংশৰ মাজত থকা হাৰোণৰ বংশধৰ সকলৰ হ’ল, কিয়নো তেওঁলোকৰ নাম প্ৰথমেই উঠিল।
Miji hii walipewa wazawa wa Haruni, ambao walikuwa miongoni mwa koo za Wakohathi, ambao walitoka katika kabila la Lawi. Kwa kuwa upigaji wa kura ya kwanza uliwaangukiwa wao.
11 ১১ ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠায়েৰে সৈতে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে; সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল।
Waisraeli waliwapatia Kiriathi Arba ( Arba alikuwa ni baba wa Anaki), eneo hilo liliitwa pia Hebroni, katika nchi ya milima ya Yuda, pamoja na maeneo ya kulishia mifugo yaliyouzunguka mji.
12 ১২ কিন্তু সেই নগৰৰ পথাৰসমূহ আৰু তাৰ গাওঁবোৰ তেওঁলোকে আধিপত্যৰ অৰ্থে যিফুন্নিৰ পুত্ৰ কালেবক দিলে।
Lakini mashamba ya mji na vijiji vyake vilikuwa tayari ameshapewa Kalebu mwana Yefune, kama mali yake.
13 ১৩ তেওঁলোকে হাৰোণ পুৰোহিতৰ সন্তান সকলক চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ হিব্ৰোণ আৰু চৰণীয়া ঠায়েৰে সৈতে লিব্না,
Na kwa wana wa Haruni kuhani, waliwapa Hebroni pamoja na eneo lake la kulishia mifugo ambao ulikuwa ni mji wa makimbilio kwa mtu aliyeua mtu bila kukusudia na Libna pamoja na maeneo ya kulishia mifugo.
14 ১৪ চৰণীয়া ঠায়েৰে সৈতে যত্তীৰ, চৰণীয়া ঠায়েৰে সৈতে ইষ্টমোৱা,
Na Yatiri pamoaja na maeno yake ya kuchungia, na Eshitemoa pamoja na maeneo yake ya malisho.
15 ১৫ চৰণীয়া ঠায়েৰে সৈতে হোলোন, চৰণীয়া ঠায়েৰে সৈতে দবীৰ,
Lakini pia waliwapa Holoni pamoja na maeneo yake ya malisho, Debiri pamoja na maeneo yake ya malisho,
16 ১৬ চৰণীয়া ঠায়েৰে সৈতে ঐন, চৰণীয়া ঠায়েৰে সৈতে যুত্তা আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎচেমচ, সেই দুই ফৈদৰ পৰা এই ন খন নগৰ পালে।
Aini pampoja na maeneo yake ya malisho, na Bethi Shemeshi pamoja na maeneo yake ya malisho. Ilikuwa ni miji kumi na tisa ambayo walipewa kutoka katika makabila haya mawilil.
17 ১৭ আৰু বিন্যামীন ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে গিবিয়োন, চৰণীয়া ঠায়েৰে সৈতে গেবা,
Kutoka katika kabilala Benyamini walipewa Gibea pamoja na maeneo yake ya malisho, na Geba pamoja na maeneo yake ya malisho,
18 ১৮ চৰণীয়া ঠায়েৰে সৈতে অনাথোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অলমোন এই চাৰিখন নগৰ দিলে।
na Anathothi pamoja na maeneo yake ya malisho, na amoni pamoja na vitongoji vyake vinne.
19 ১৯ নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ হাৰোণৰ বংশৰ পুৰোহিতসকলে পালে।
Miji waliyopewa makuhani, wana wa Haruni, ilikuwa ni miji kumi na mitatu kwa ujumla, kujumlisha na maeneo yake ya malisho.
20 ২০ আৰু কহাতৰ অৱশিষ্ট পৰিয়াল অৰ্থাৎ কহাতৰ পৰিয়াল সমূহ লেবীয়া, ইফ্ৰয়িম ফৈদৰ পৰা চিঠি খেলৰ দ্বাৰাই নিজ আধিপত্য নগৰ পালে।
Na kwa ajili ya sehemu ya familia ya Kohathi iliyosalia, wale Walawi walio wa familia ya Kohathi, walipewa miji kutoka katika kabila la Efraimu kwa kupiga kura.
21 ২১ ইস্ৰায়েলৰ সন্তান সকলে চৰণীয়া ঠায়েৰে সৈতে নৰ-বধী অৰ্থাৎ যিকোনো লোকে অনিচ্ছাকৃত ভাৱে বধ কৰা লোকসকলৰ আশ্ৰয় লোৱা নগৰ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা চিখিম, চৰণীয়া ঠায়েৰে সৈতে গেজৰ আৰু ইয়াৰ চৰণীয়া ঠায়েৰে সৈতে
Walipewa Shekemu pamoja na maeneo yake ya malisho katika nchi ya milima ya Efraimu - mji wa makimbilio kwa mtu aliyeua mtu bila kukusudia, na Gezeri pamoja na maeneo yake ya malisho,
22 ২২ কিব্চয়িম আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎ-হোৰোণ, এই চাৰিখন নগৰ দিলে।
na Kibzaimu pamoja na maeneo yake ya malisho, na Bethi Horoni pamoja na maeneo yake ya malisho, ilikuwa miji minne kwa ujumla wake.
23 ২৩ আৰু দান ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে ইল্টকি, চৰণীয়া ঠায়েৰে সৈতে গিব্বথোন,
Kutoka katika kabila la Dani, ukoo wa Kohathi ulipewa Elteke pamoja na maeneo yake ya malisho, na Gibethoni pamoja na maeneo yake ya malisho, na
24 ২৪ চৰণীয়া ঠায়েৰে সৈতে অয়ালোন, চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ, এই চাৰিখন নগৰ দিলে।
Aijaloni pamoja na maeneo yake ya malisho, na Gathrimoni pamoja na maeneo yake ya malisho, ilikuwa ni miji minne kwa ujumla wake.
25 ২৫ আৰু মনচিৰ আধা ফৈদৰ পৰা কহাতৰ বংশলৈ, চৰণীয়া ঠায়েৰে সৈতে তানক আৰু চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ এই দুখন নগৰ তেওঁলোকক দিলে।
Kutoka katika nusu ya kabila la Manase, ukoo wa Kohathi walipewa miji miwili - Taanaki pamoja na maeneo yake ya malisho na Gathirimoni pamoja na maeneo yake ya malisho.
26 ২৬ কহাতৰ অৱশিষ্ট বংশধৰসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ দহখন নগৰ পালে।
Kulikuwa na miji kumi kwa ujumla wake kwa ajili ya koo zilizosalia za Wakohathi, pamoja na maeneo yao ya malisho.
27 ২৭ অন্য লেবীয়াসকলৰ বংশধৰবোৰৰ মাজৰ গেৰ্চোনৰ সন্তান সকলক মনচিৰ আধা ফৈদৰ পৰা, চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ বাচানত থকা গোলন আৰু চৰণীয়া ঠায়েৰে সৈতে বেষ্টৰা এই দুখন নগৰ দিলে।
Kutoka katika nusu ya kabila la Manase, jamaa za Gershoni, ambazo hizi zilikuwa ni koo zingine za Walawi, zilipewa Golani katika Bashani pamoja na maeneo yao ya malisho, ni mji wa makimbilio kwa ajili ya mtu yeyote aliyeua mtu bila kukusudia, sambamba na Beeshitera pamoja na maeneo yake ya malisho - ilikuwa miji miwili kwa ujumla.
28 ২৮ গেৰ্চোনৰ বংশধৰ সকললৈ ইচাখৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে কিচিয়োন লগতে চৰণীয়া ঠায়েৰে সৈতে দাবৰৎ,
Koo za Gershoni zilipewa pia miji minne kutoka kwa kabila la Isakari - Kishoni sambamba na maeneo yake ya malisho, Daberathi pamoja na maeneo yake ya malisho,
29 ২৯ চৰণীয়া ঠায়েৰে সৈতে যমুৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অয়ীন-গন্নীম, এই চাৰিখন নগৰ দিলে।
Yarmuthi pamoja na maeneo yake ya malisho, na Engnimu pamoja na maeneo yake ya malisho.
30 ৩০ আৰু আচেৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে মিচাল, চৰণীয়া ঠায়েৰে সৈতে অব্দোন,
Kutoka katika kabila la Asheri, walipewa miji minne kwa ujumla - Mishali pamoja na maeneo yake ya malisho, Abdoni pamoja na maeneo yake ya malisho,
31 ৩১ চৰণীয়া ঠায়েৰে সৈতে হিল্কৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ৰহোব, এই চাৰিখন নগৰ দিলে।
Helikathi pamoja na maeneo yake ya malisho, na Rehobu pamoja na maeneo yake ya malisho.
32 ৩২ আৰু নপ্তালী ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় লোৱা নগৰ গালীলত থকা কেদচ, চৰণীয়া ঠায়েৰে সৈতে হম্মোৎ-দোৰ আৰু চৰণীয়া ঠায়েৰে সৈতে কতন, এই তিনিখন নগৰ দিলে।
Kutoka kwa kabila la Nafutali, nasaba za Gershoni walipewa miji mitatu kwa ujumla - Kedeshi katika Galilaya pamoja na maeneo yake ya malisho, ulikuwa ni mji wa makimbilio kwa mtu yeyote aliyeua mtu bila kukusudia; na Hamothidori pamoja na maeneo yake ya malisho, na Kartani pamoja na maeneo yake ya malisho.
33 ৩৩ নিজ নিজ বংশানুসাৰে গেৰ্চোনীয়াসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ পালে।
Kulikuwa na miji kumi na mitatu kwa ujumla, kujumuisha na maeneo yake ya malisho, kwa ajili ya koo za Gershoni.
34 ৩৪ পাছত তেওঁলোকে মৰাৰীৰ ফৈদবোৰক অৰ্থাৎ অৱশিষ্ট লেবীয়ালৈ জবূলূন জন-গোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে যক্নীয়াম, চৰণীয়া ঠায়েৰে সৈতে কৰ্তা,
Na kwa Walawi waliosalia, koo za Merari waliokuwa wamepewa kutoka katika kabila la Zabuloni: Yokneamu pamoa na maeneo yake ya marisho, Karta pamoja na maeneo yake ya malisho,
35 ৩৫ চৰণীয়া ঠায়েৰে সৈতে দিম্না আৰু চৰণীয়া ঠায়েৰে সৈতে নহলাল, এই চাৰিখন নগৰ দিলে।
Dimna pamoja na maeneo yake ya malisho, na Nahalali pamoja na maeneo yake ya malisho- ilikuwa ni miji minne kwa ujumla.
36 ৩৬ ৰূবেণ ফৈদৰ পৰা মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে বেচৰ, চৰণীয়া ঠায়েৰে সৈতে যহচ,
Kwa mbari za Merari walipewa miji minne kutoka katika kabila la Rubeni: Bezeri pamoja na maeneo yake ya malisho, Yahazi pamoja na maene yake ya malisho,
37 ৩৭ চৰণীয়া ঠায়েৰে সৈতে কদেমোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে মেফাৎ, এই চাৰিখন নগৰ দিলে।
na Kedemothi pamoja na maeneo yake ya malisho, na Mefaathi pamoja na maeneo yake ya malisho.
38 ৩৮ আৰু গাদ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে অনিচ্ছাকৃত ভাৱে নৰ-বধ কৰা লোকৰ আশ্ৰয় নগৰ গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়েৰে সৈতে মহনয়িম তেওঁলোকক দিয়া হ’ল৷
Kutoka katika kabila la Gadi walipewa miji ya Ramothi katika Gileadi pamoja na sehemu zake za malisho - huu ulikuwa ni mji wa makimbilio kwa mtu aliyeua mtu mwenzake bila kukusudia - na Mahanaimu pamoja na sehemu zake za malisho.
39 ৩৯ মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে হিচবোন আৰু চৰণীয়া ঠায়ৰে সৈতে যাজেৰ, মুঠতে এই চাৰিখন নগৰ দিলে।
Koo za Merari zilipewa pia Heshiboni pamoja na maeneo yake ya malisho, na Yazeri pamoja na malisho yake.
40 ৪০ লেবীয়াসকলৰ অৱশিষ্ট ফৈদ অৰ্থাৎ মৰাৰীৰ নিজ নিজ বংশ অনুসাৰে এইবোৰ নগৰ হ’ল; তেওঁলোকে চিঠি খেলৰ দ্বাৰাই বাৰ খন নগৰ পালে।
Hii ilikuwa ni miji minne kwa ujumla wake. Hii yote ilikuwa ni miji ya koo kadhaa za Merari, ambao walitoka katika kabila la Lawi, miji kumi na miwili walipewa wao kwa kupiga kura.
41 ৪১ ইস্ৰায়েলৰ সন্তান সকলৰ আধিপত্যৰ মাজত থকা লেবীয়াসকলৰ আটাই নগৰ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ আঠচল্লিশ খন নগৰ আছিল।
Miji waliyopewa Walawi kutoka katikati ya nchi iliyomilikiwa na watu wa Israeli ilikuwa miji arobaini na nane, kujumuisha na sehemu za malisho yao.
42 ৪২ সেইবোৰৰ প্ৰত্যেক নগৰৰ চাৰিওকাষে চৰণীয়া ঠাই আছিল৷ সকলো নগৰ সেই দৰেই আছিল।
Miji hii kila mmoja ulikuwa na maeneo yake ya malisho kwa kuuzunguka mji. Miji hii yote ilikuwa hivyo.
43 ৪৩ এইদৰে যিহোৱাই ইস্ৰায়েল লোকৰ পুৰ্বপুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত খাইছিল, সেই দেশ তেওঁ তেওঁলোকক দিলে৷ তেওঁলোকে তাক অধিকাৰ কৰি তাৰ মাজত নিবাস কৰিলে।
Basi Yahweh aliwapa Israeli nchi yote ambayo aliwaapia baba zao kuwa atawapa. Waisraeli waliimiliki nchi na wakakaa humo.
44 ৪৪ তেতিয়া যিহোৱাই তেওঁলোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খোৱাৰ দৰে চাৰিওফালে তেওঁলোকক জিৰণী দিলে৷ তেওঁলোকৰ শত্ৰুসকলৰ মাজৰ কোনেও তেওঁলোকৰ আগত থিয় হ’ব নোৱাৰিলে৷ যিহোৱাই তেওঁলোকৰ সকলো শত্ৰুক তেওঁলোকৰ হাতত দিলে।
Kisha Yahweh akawapa pumziko kwa kila upande, kama tu alivyowaahidia baba zao. Hakuna hata adui mmoja atakayeweza kuwashinda. Yawhew aliwatia maadui wao wote mikononi mwao.
45 ৪৫ যিহোৱাই ইস্ৰায়েল বংশলৈ যি যি মঙ্গলৰ বাক্য কৈছিল, তাৰ মাজৰ এটি বাক্যও নিষ্ফল নহ’ল৷ সকলো সিদ্ধ হ’ল।
Hakuna hata kitu kimoja miongoni kwa ahadi nzuri ambazo Yahweh alizisema kwa nyumba ya Israeli ambazo hazikutimia. Ahadi zote zilitimia.