< যোশুয়া 21 >
1 ১ তেতিয়া লেবীয়াসকলৰ পিতৃবংশৰ মুখিয়াল লোকসকলে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ পিতৃ-বংশৰ পৰিয়াল সমূহৰ লোকসকলৰ ওচৰলৈ আহিল৷
Zvino vakuru vedzimba dzamadzibaba avaRevhi vakaenda kumuprista Ereazari, nokuna Joshua mwanakomana waNuni, nokuvakuru vedzimba dzamadzibaba amarudzi avana vaIsraeri.
2 ২ আৰু কনান দেশত থকা চীলোত তেওঁলোকক ক’লে, “আমি থাকিবৰ অৰ্থে নগৰ আৰু পশুবোৰ চৰাবৰ বাবে তাৰ চৰণীয়া ঠাই দিয়াৰ আজ্ঞা যিহোৱাই মোচিৰ দ্বাৰাই তোমালোকক দিছিল।”
PaShiro panyika yeKenani vakati kwavari, “Jehovha akarayira kubudikidza naMozisi kuti utipe maguta atingagara namafuro emombe dzedu.”
3 ৩ তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ উত্তৰাধিকাৰৰ পৰা লেবীয়াসকলক এই নগৰ আৰু চৰণীয়া ঠাই সমূহ দিলে।
Saka sokurayira kwakanga kwaita Jehovha, vaIsraeri vakapa vaRevhi panhaka dzavo maguta anotevera namafuro kubva panhaka yavo:
4 ৪ চিঠি খেলাওঁতে কহাতীয়া বংশৰ নাম উঠিলত: লেবীয়াসকলৰ মাজৰ হাৰোণ পুৰোহিতৰ সন্তান সকলে চিঠিখেলৰ দ্বাৰাই যিহূদা ফৈদৰ, চিমিয়োন ফৈদৰ আৰু বিন্যামীন ফৈদৰ পৰা তেৰ খন নগৰ পালে।
Mugove wokutanga wakapiwa vaKohati, mhuri nemhuri. VaRevhi, avo vakanga vari zvizvarwa zvaAroni muprista, vakagoverwa nemijenya maguta gumi namatatu kubva kumarudzi aJudha, aSimeoni naBhenjamini,
5 ৫ আৰু কহাতৰ অৱশিষ্ট বংশই চিঠি খেলৰ দ্বাৰাই ইফ্ৰয়িম ফৈদ সমূহৰ পৰা, আচেৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা দহখন নগৰ পালে।
Ruzhinji rwezvizvarwa zvaKohati vakagoverwa nemijenya maguta gumi pakati pemhuri dzamarudzi aEfuremu, aDhani nehafu yorudzi rwaManase.
6 ৬ আৰু বংশানুক্ৰমে গেৰ্চোনৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই ইচাখৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা তেৰ খন নগৰ পালে।
Zvizvarwa zvaGerishoni zvakagoverwawo nemijenya maguta gumi namatatu pamhuri dzorudzi rwaIsraeri, rwaAsheri, rwaNafutari, nehafu yorudzi rwaManase muBhashani.
7 ৭ আৰু বংশানুক্ৰমে মৰাৰীৰ সন্তান সকলে নিজ নিজ ফৈদ অনুসাৰে ৰূবেণ ফৈদৰ, গাদ ফৈদৰ আৰু জবূলূন ফৈদৰ পৰা বাৰখন নগৰ পালে।
Zvizvarwa zvaMerari zvakapiwa maguta gumi namaviri kumarudzi aRubheni, Gadhi naZebhuruni, mhuri nemhuri.
8 ৮ এইদৰে মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই লেবীয়া লোকসকলক সেইবোৰ নগৰ আৰু লগত চৰণীয়া ঠাইবোৰ দিলে।
Saka vaIsraeri vakagovera maguta aya namafuro awo, nemijenya kuvaRevhi sezvakanga zvarayirwa naJehovha kubudikidza naMozisi.
9 ৯ পাছত তেওঁলোকে যিহূদাৰ সন্তান সকলৰ ফৈদৰ পৰা আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ পৰা পোৱা নগৰবোৰৰ নামে সৈতে উল্লেখ কৰাৰ দৰে নগৰ দিলে৷
Kubva pamarudzi avaJudha navaSimeoni, vakavapa maguta akarehwa namazita awo pano
10 ১০ এই নগৰ লেবীৰ সন্তান কহাতীয়া বংশৰ মাজত থকা হাৰোণৰ বংশধৰ সকলৰ হ’ল, কিয়নো তেওঁলোকৰ নাম প্ৰথমেই উঠিল।
(maguta aya akapiwa kuzvizvarwa zvaAroni zvaibva kumhuri yaKohati vari vaRevhi, nokuti ndivo vakatanga kugoverwa nemijenya):
11 ১১ ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠায়েৰে সৈতে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে; সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল।
Vakavapa Kiriati Abha (iro Hebhuroni), namafuro akaripoteredza, munyika yamakomo yaJudha. (Abha ndiye akanga ari tateguru wavaAnaki.)
12 ১২ কিন্তু সেই নগৰৰ পথাৰসমূহ আৰু তাৰ গাওঁবোৰ তেওঁলোকে আধিপত্যৰ অৰ্থে যিফুন্নিৰ পুত্ৰ কালেবক দিলে।
Asi minda nemisha yakapoteredza guta zvakanga zvapiwa kuna Karebhu mwanakomana waJefune.
13 ১৩ তেওঁলোকে হাৰোণ পুৰোহিতৰ সন্তান সকলক চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ হিব্ৰোণ আৰু চৰণীয়া ঠায়েৰে সৈতে লিব্না,
Saka vakapa zvizvarwa zvomuprista Aroni Hebhuroni (guta routiziro kune anenge apomerwa mhosva yokuponda munhu), Ribhina,
14 ১৪ চৰণীয়া ঠায়েৰে সৈতে যত্তীৰ, চৰণীয়া ঠায়েৰে সৈতে ইষ্টমোৱা,
Jatiri, Eshitemoa,
15 ১৫ চৰণীয়া ঠায়েৰে সৈতে হোলোন, চৰণীয়া ঠায়েৰে সৈতে দবীৰ,
Horoni, Dhebhiri,
16 ১৬ চৰণীয়া ঠায়েৰে সৈতে ঐন, চৰণীয়া ঠায়েৰে সৈতে যুত্তা আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎচেমচ, সেই দুই ফৈদৰ পৰা এই ন খন নগৰ পালে।
Aini, Juta neBheti Shemeshi, pamwe chete namafuro awo, maguta mapfumbamwe kubva pamarudzi maviri aya.
17 ১৭ আৰু বিন্যামীন ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে গিবিয়োন, চৰণীয়া ঠায়েৰে সৈতে গেবা,
Kubva parudzi rwaBhenjamini, vakavapa Gibheoni, Gebha,
18 ১৮ চৰণীয়া ঠায়েৰে সৈতে অনাথোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অলমোন এই চাৰিখন নগৰ দিলে।
Anatoti, neArimoni, pamwe chete namafuro awo, maguta mana.
19 ১৯ নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ হাৰোণৰ বংশৰ পুৰোহিতসকলে পালে।
Maguta ose avaprista, izvo zvizvarwa zvaAroni muprista akanga ari gumi namatatu, pamwe chete namafuro awo.
20 ২০ আৰু কহাতৰ অৱশিষ্ট পৰিয়াল অৰ্থাৎ কহাতৰ পৰিয়াল সমূহ লেবীয়া, ইফ্ৰয়িম ফৈদৰ পৰা চিঠি খেলৰ দ্বাৰাই নিজ আধিপত্য নগৰ পালে।
Vamwe vose vedzimba dzavaKohati, vorudzi rwaRevhi vakagoverwa maguta kurudzi rwaEfuremu:
21 ২১ ইস্ৰায়েলৰ সন্তান সকলে চৰণীয়া ঠায়েৰে সৈতে নৰ-বধী অৰ্থাৎ যিকোনো লোকে অনিচ্ছাকৃত ভাৱে বধ কৰা লোকসকলৰ আশ্ৰয় লোৱা নগৰ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা চিখিম, চৰণীয়া ঠায়েৰে সৈতে গেজৰ আৰু ইয়াৰ চৰণীয়া ঠায়েৰে সৈতে
Munyika yamakomo yaEfuremu vakapiwa Shekemu (guta routiziro rouya anopomerwa mhosva yokuuraya munhu) neGezeri,
22 ২২ কিব্চয়িম আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎ-হোৰোণ, এই চাৰিখন নগৰ দিলে।
Kibhizaimi neBheti Horoni, pamwe namafuro awo, maguta mana.
23 ২৩ আৰু দান ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে ইল্টকি, চৰণীয়া ঠায়েৰে সৈতে গিব্বথোন,
Uyewo kubva parudzi rwaDhani vakapiwazve Eriteke, Gibheoni,
24 ২৪ চৰণীয়া ঠায়েৰে সৈতে অয়ালোন, চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ, এই চাৰিখন নগৰ দিলে।
Aijaroni, neGati Rimoni pamwe chete namafuro awo, maguta mana.
25 ২৫ আৰু মনচিৰ আধা ফৈদৰ পৰা কহাতৰ বংশলৈ, চৰণীয়া ঠায়েৰে সৈতে তানক আৰু চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ এই দুখন নগৰ তেওঁলোকক দিলে।
Pakati kuhafu yorudzi rwaManase vakapiwa Taanaki neGati Rimoni pamwe chete namafuro awo, maguta maviri.
26 ২৬ কহাতৰ অৱশিষ্ট বংশধৰসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ দহখন নগৰ পালে।
Maguta ose aya ari gumi pamwe chete namafuro aro akapiwa kuna vakasara vedzimba dzaKohati.
27 ২৭ অন্য লেবীয়াসকলৰ বংশধৰবোৰৰ মাজৰ গেৰ্চোনৰ সন্তান সকলক মনচিৰ আধা ফৈদৰ পৰা, চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ বাচানত থকা গোলন আৰু চৰণীয়া ঠায়েৰে সৈতে বেষ্টৰা এই দুখন নগৰ দিলে।
Dzimba dzavaRevhi dzokwaGerishoni dzakapiwa: kubva kuhafu yorudzi rwaManase, Gorani muBhashani (guta routiziro rouya anenge apomerwa mhosva yokuponda munhu) neBhe Eshitara, pamwe chete namafuro awo, maguta maviri;
28 ২৮ গেৰ্চোনৰ বংশধৰ সকললৈ ইচাখৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে কিচিয়োন লগতে চৰণীয়া ঠায়েৰে সৈতে দাবৰৎ,
kubva kurudzi rwaIsakari, Kishioni, Dhabherati,
29 ২৯ চৰণীয়া ঠায়েৰে সৈতে যমুৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অয়ীন-গন্নীম, এই চাৰিখন নগৰ দিলে।
Jarimuti neEni Ganimi, pamwe chete namafuro awo, maguta mana;
30 ৩০ আৰু আচেৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে মিচাল, চৰণীয়া ঠায়েৰে সৈতে অব্দোন,
Kubva kurudzi rwaAsheri, Mishari, Abhudhoni,
31 ৩১ চৰণীয়া ঠায়েৰে সৈতে হিল্কৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ৰহোব, এই চাৰিখন নগৰ দিলে।
Herikati neRehobhi, pamwe chete namafuro awo, maguta mana;
32 ৩২ আৰু নপ্তালী ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় লোৱা নগৰ গালীলত থকা কেদচ, চৰণীয়া ঠায়েৰে সৈতে হম্মোৎ-দোৰ আৰু চৰণীয়া ঠায়েৰে সৈতে কতন, এই তিনিখন নগৰ দিলে।
kubva kurudzi rwaNafutari, Kedheshi muGarirea (guta routiziro rouya anenge apomerwa mhosva yokuponda munhu), Hamoti Dhori neKaritani, pamwe chete namafuro awo, maguta matatu.
33 ৩৩ নিজ নিজ বংশানুসাৰে গেৰ্চোনীয়াসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ পালে।
Maguta ose emhuri dzavaGerishoni akanga ari gumi namatatu pamwe chete namafuro awo.
34 ৩৪ পাছত তেওঁলোকে মৰাৰীৰ ফৈদবোৰক অৰ্থাৎ অৱশিষ্ট লেবীয়ালৈ জবূলূন জন-গোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে যক্নীয়াম, চৰণীয়া ঠায়েৰে সৈতে কৰ্তা,
Dzimba dzavaMerari (vakasara vavaRevhi) vakapiwa: kubva kurudzi rwaZebhuruni, Jokineami, Katira,
35 ৩৫ চৰণীয়া ঠায়েৰে সৈতে দিম্না আৰু চৰণীয়া ঠায়েৰে সৈতে নহলাল, এই চাৰিখন নগৰ দিলে।
Dhimina neNaharari, pamwe chete namafuro awo, maguta mana;
36 ৩৬ ৰূবেণ ফৈদৰ পৰা মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে বেচৰ, চৰণীয়া ঠায়েৰে সৈতে যহচ,
kubva kurudzi rwaRubheni, Bhezeri, Jahazi,
37 ৩৭ চৰণীয়া ঠায়েৰে সৈতে কদেমোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে মেফাৎ, এই চাৰিখন নগৰ দিলে।
Kedhemoti neMefaati, pamwe chete namafuro awo, maguta mana;
38 ৩৮ আৰু গাদ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে অনিচ্ছাকৃত ভাৱে নৰ-বধ কৰা লোকৰ আশ্ৰয় নগৰ গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়েৰে সৈতে মহনয়িম তেওঁলোকক দিয়া হ’ল৷
kubva kurudzi rwaGadhi, Ramoti muGireadhi (guta routiziro rouya anenge apomerwa mhosva yokuuraya munhu),
39 ৩৯ মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে হিচবোন আৰু চৰণীয়া ঠায়ৰে সৈতে যাজেৰ, মুঠতে এই চাৰিখন নগৰ দিলে।
Heshibhoni neJazeri, pamwe chete namafuro awo, maguta mana pamwe chete.
40 ৪০ লেবীয়াসকলৰ অৱশিষ্ট ফৈদ অৰ্থাৎ মৰাৰীৰ নিজ নিজ বংশ অনুসাৰে এইবোৰ নগৰ হ’ল; তেওঁলোকে চিঠি খেলৰ দ্বাৰাই বাৰ খন নগৰ পালে।
Maguta ose akanga agoverwa dzimba dzavaMerari, avo vakanga vari vaRevhi vakasara, akanga ari gumi namaviri.
41 ৪১ ইস্ৰায়েলৰ সন্তান সকলৰ আধিপত্যৰ মাজত থকা লেবীয়াসকলৰ আটাই নগৰ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ আঠচল্লিশ খন নগৰ আছিল।
Maguta avaRevhi munyika yaiva yavaIsraeri aiva makumi mana namasere pamwe chete namafuro awo.
42 ৪২ সেইবোৰৰ প্ৰত্যেক নগৰৰ চাৰিওকাষে চৰণীয়া ঠাই আছিল৷ সকলো নগৰ সেই দৰেই আছিল।
Rimwe nerimwe ramaguta aya rakanga rakapoteredzwa namafuro; ndizvo zvakanga zvakaita maguta ose aya.
43 ৪৩ এইদৰে যিহোৱাই ইস্ৰায়েল লোকৰ পুৰ্বপুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত খাইছিল, সেই দেশ তেওঁ তেওঁলোকক দিলে৷ তেওঁলোকে তাক অধিকাৰ কৰি তাৰ মাজত নিবাস কৰিলে।
Saka Jehovha akapa vaIsraeri nyika yose yaakanga apika kuti achapa madzitateguru avo, ikava yavo vakagara mairi.
44 ৪৪ তেতিয়া যিহোৱাই তেওঁলোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খোৱাৰ দৰে চাৰিওফালে তেওঁলোকক জিৰণী দিলে৷ তেওঁলোকৰ শত্ৰুসকলৰ মাজৰ কোনেও তেওঁলোকৰ আগত থিয় হ’ব নোৱাৰিলে৷ যিহোৱাই তেওঁলোকৰ সকলো শত্ৰুক তেওঁলোকৰ হাতত দিলে।
Jehovha akavapa zororo kumativi ose, sezvaakanga apikira madzitateguru avo. Hapana kana muvengi wavo mumwe chete akamira pamberi pavo; Jehovha akaisa vavengi vavo vose mumaoko mavo.
45 ৪৫ যিহোৱাই ইস্ৰায়েল বংশলৈ যি যি মঙ্গলৰ বাক্য কৈছিল, তাৰ মাজৰ এটি বাক্যও নিষ্ফল নহ’ল৷ সকলো সিদ্ধ হ’ল।
Hakuna kana chinhu chimwe chete zvacho chezvinhu zvakanaka zvakanga zvavimbiswa naJehovha kuimba yaIsraeri chakakona; zvose zvakazadziswa.