< যোশুয়া 20 >
1 ১ তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে,
Ja Herra puhui Josualle ja sanoi:
2 ২ “তুমি ইস্ৰায়েলৰ লোকসকলক কোৱা, বোলে, ‘মই তোমালোকক মোচিৰ দ্ৱাৰাই যি কথা কৈছিলোঁ, সেই বিষয়ে আশ্ৰয় লোৱা নগৰবোৰ নিৰূপণ কৰা৷
Puhu Israelin lapsille, sanoen: asettakaat teille muutamia vapaakaupungeita, joista minä teille puhuin Moseksen kautta,
3 ৩ তোমালোকে ইয়াকে কৰা, যাতে কোনো এজন লোকে যদি অনিচ্ছাকৃত ভাৱে আন এজনক হত্যা কৰে, তেতিয়া তেওঁ সেই ঠাইলৈ গৈ ৰক্ষা পাব পাৰে৷ কোনো এজন লোকে যদি আন কোনো এজন হত্যা কৰা লোকৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ব বিচাৰে, তেতিয়া এই নগৰবোৰেই তেওঁলোকৰ বাবে আশ্ৰয় লোৱা ঠাই হ’ব।
Että sinne sais paeta miehentappaja, joka jonkun lyö tapaturmaisesti ja tietämätä, että he teidän seassanne olisivat vapaat verenkostajalta.
4 ৪ সেই জন লোকে সেই নগৰবোৰৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ, নগৰৰ দুৱাৰ মুখত থিয় দি যেতিয়া তেওঁৰ সেই অভিযোগ সেই নগৰৰ বৃদ্ধ লোক সকলৰ আগত বুজাই ক’ব; তেতিয়া তেখেতসকলে তেওঁক নগৰলৈ লৈ গৈ তেওঁক তেখেতসকলৰ মাজত বাস কৰিবলৈ কোনো এটা ঠাই দিব৷
Ja joka pakenee johonkuhun niistä kaupungeista, hänen pitää seisoman ulkona kaupungin portin edessä ja jutteleman vanhinten edessä syynsä, niin pitää heidän ottaman hänen kaupunkiin tykönsä ja antaman hänelle siaa, asuaksensa heidän tykönänsä.
5 ৫ আৰু যদি কোনো এজন লোকে হত্যা হোৱা জনৰ ৰক্তপাতৰ প্ৰতিশোধ লোৱাৰ প্ৰয়াসেৰে আহে, তেতিয়া সেই নৰবধীক নগৰবোৰৰ লোকসকলে কৰ্তৃপক্ষৰ হাতত শোধাই নিদিব৷ তেওঁলোকে এইদৰে কৰা উচিত ন’হব, কিয়নো তেওঁ অনিচ্ছাকৃত ভাৱেহে নিজৰ চুবুৰীয়াক বধ কৰিলে, আগেয়ে তেওঁলৈ কোনো হিংসা ভাব নাছিল।
Ja kuin verenkostaja ajaa häntä takaa, ei heidän pidä antaman miehentappajaa hänen käsiinsä, että hän tietämätä löi lähimmäisensä ja ei ollut ennen vainoa hänen välillänsä.
6 ৬ সেই কালৰ মহা-পুৰোহিতৰ মৃত্যু নোহোৱা পৰ্য্যন্ত আৰু সেই নৰবধীয়ে বিচাৰৰ বাবে সমাজৰ সাক্ষাতে থিয় নোহোৱালৈকে, তেওঁ সেই নগৰতে বাস কৰিব লাগিব৷ তেতিয়া তেওঁ যি নগৰৰ পৰা পলাই আহিছিল, নিজৰ সেই নগৰ আৰু নিজৰ ঘৰলৈ উলটি যাব পাৰিব’।”
Niin asukaan hän siinä kaupungissa, siihenasti kuin hän seisoo seurakunnan oikeuden edessä, ylimmäisen papin kuolemaan asti, joka siihen aikaan on; sitte pitää miehentappajan palaaman ja tuleman kaupunkiinsa ja huoneeseensa, kaupunkiin, josta hän pakeni.
7 ৭ গতিকে ইস্রায়েলীয়া সকলে গালীলৰ পৰ্বতীয়া অঞ্চলত থকা নপ্তালীৰ কেদচ, ইফ্ৰয়িম পৰ্ব্বতত থকা চিখিম আৰু যিহূদা পৰ্ব্বতত থকা কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ নিৰ্বাচন কৰি ল’লে।
Niin he pyhittivät Kedeksen Galileassa Naphtalin vuorella, ja Sikemin Ephraimin vuorella, ja KirjatArban, se on Hebroni, Juudan vuorella;
8 ৮ আৰু যৰ্দ্দনৰ সিপাৰে যিৰীহোৰ পুৱফালে ৰূবেণ ফৈদৰ ভিতৰত থকা সমথলৰ মৰুপ্ৰান্তত বেচৰ, গাদ ফৈদৰ ভিতৰত থকা গিলিয়দত ৰমোৎ আৰু মনচি ফৈদৰ ভিতৰৰ বাচানত থকা গোলন নামেৰে ঠাই সমূহ নিৰূপণ কৰিলে।
Ja tuolla puolella Jordania, Jerihon kohdalla itään päin, antoivat he Betserin, korvessa lakialla kedolla, Rubenin sukukunnasta, ja Ramotin Gileadissa Gadin sukukunnasta ja Golanin Basanissa Manassen sukukunnasta.
9 ৯ কোনোৱে অনিচ্ছাকৃত ভাৱে নৰবধ কৰিলে, সমাজৰ সাক্ষাতে তেওঁ থিয় নহয় মানে, সেই ঠাইলৈ পলাই গৈ যেন ৰক্তপাতৰ প্ৰতিশোধ লোৱাজনৰ হাতত মৰা নপৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে আৰু তেওঁলোকৰ মাজত বসতি কৰা বিদেশী লোকৰ বাবেও, নিৰূপণ কৰা নগৰ এইবোৰ।
Nämät olivat ne kaupungit, jotka asetettiin kaikille Israelin lapsille ja muukalaisille, jotka heidän seassansa asuivat, että sinne piti pakeneman jokainen joka jonkun tapaturmaisesti löi, ettei hän kuolisi verenkostajan käden kautta, siihenasti että hän seisois seurakunnan edessä.