< যোশুয়া 20 >

1 তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে,
Og HERREN talede til Josua og sagde:
2 “তুমি ইস্ৰায়েলৰ লোকসকলক কোৱা, বোলে, ‘মই তোমালোকক মোচিৰ দ্ৱাৰাই যি কথা কৈছিলোঁ, সেই বিষয়ে আশ্ৰয় লোৱা নগৰবোৰ নিৰূপণ কৰা৷
»Tal til Israeliterne og sig: Afgiv de Tilflugtsbyer, jeg talede til eder om ved Moses,
3 তোমালোকে ইয়াকে কৰা, যাতে কোনো এজন লোকে যদি অনিচ্ছাকৃত ভাৱে আন এজনক হত্যা কৰে, তেতিয়া তেওঁ সেই ঠাইলৈ গৈ ৰক্ষা পাব পাৰে৷ কোনো এজন লোকে যদি আন কোনো এজন হত্যা কৰা লোকৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ব বিচাৰে, তেতিয়া এই নগৰবোৰেই তেওঁলোকৰ বাবে আশ্ৰয় লোৱা ঠাই হ’ব।
for at en Manddraber, der uforsætligt og af Vanvare slaar en ihjel, kan ty til dem, saa at de kan være eder Tilflugtssteder mod Blodhævneren.
4 সেই জন লোকে সেই নগৰবোৰৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ, নগৰৰ দুৱাৰ মুখত থিয় দি যেতিয়া তেওঁৰ সেই অভিযোগ সেই নগৰৰ বৃদ্ধ লোক সকলৰ আগত বুজাই ক’ব; তেতিয়া তেখেতসকলে তেওঁক নগৰলৈ লৈ গৈ তেওঁক তেখেতসকলৰ মাজত বাস কৰিবলৈ কোনো এটা ঠাই দিব৷
Naar han tyr hen til en af disse Byer og stiller sig i Byportens Indgang og forebringer sin Sag for Byens Ældste, skal de optage ham i Byen hos sig og anvise ham et Sted, hvor han kan bo hos dem;
5 আৰু যদি কোনো এজন লোকে হত্যা হোৱা জনৰ ৰক্তপাতৰ প্ৰতিশোধ লোৱাৰ প্ৰয়াসেৰে আহে, তেতিয়া সেই নৰবধীক নগৰবোৰৰ লোকসকলে কৰ্তৃপক্ষৰ হাতত শোধাই নিদিব৷ তেওঁলোকে এইদৰে কৰা উচিত ন’হব, কিয়নো তেওঁ অনিচ্ছাকৃত ভাৱেহে নিজৰ চুবুৰীয়াক বধ কৰিলে, আগেয়ে তেওঁলৈ কোনো হিংসা ভাব নাছিল।
og naar Blodhævneren forfølger ham, maa de ikke udlevere Manddraberen til ham, thi han har slaaet sin Næste ihjel af Vanvare uden i Forvejen at have baaret Nag til ham;
6 সেই কালৰ মহা-পুৰোহিতৰ মৃত্যু নোহোৱা পৰ্য্যন্ত আৰু সেই নৰবধীয়ে বিচাৰৰ বাবে সমাজৰ সাক্ষাতে থিয় নোহোৱালৈকে, তেওঁ সেই নগৰতে বাস কৰিব লাগিব৷ তেতিয়া তেওঁ যি নগৰৰ পৰা পলাই আহিছিল, নিজৰ সেই নগৰ আৰু নিজৰ ঘৰলৈ উলটি যাব পাৰিব’।”
han skal blive boende i denne By, indtil han har været stillet for Menighedens Domstol, eller den Mand, som paa den Tid er Ypperstepræst, dør; derefter kan Manddraberen vende tilbage til sin By og sit Hjem, den By, han er flygtet fra.«
7 গতিকে ইস্রায়েলীয়া সকলে গালীলৰ পৰ্বতীয়া অঞ্চলত থকা নপ্তালীৰ কেদচ, ইফ্ৰয়িম পৰ্ব্বতত থকা চিখিম আৰু যিহূদা পৰ্ব্বতত থকা কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ নিৰ্বাচন কৰি ল’লে।
Da helligede de Kedesj i Galilæa i Naftalis Bjerge, Sikem i Efraims Bjerge og Kirjat-Arba, det er Hebron, i Judas Bjerge.
8 আৰু যৰ্দ্দনৰ সিপাৰে যিৰীহোৰ পুৱফালে ৰূবেণ ফৈদৰ ভিতৰত থকা সমথলৰ মৰুপ্ৰান্তত বেচৰ, গাদ ফৈদৰ ভিতৰত থকা গিলিয়দত ৰমোৎ আৰু মনচি ফৈদৰ ভিতৰৰ বাচানত থকা গোলন নামেৰে ঠাই সমূহ নিৰূপণ কৰিলে।
Og østen for Jordan afgav de Bezer i Ørkenen, paa Højsletten, af Rubens Stamme, Ramot i Gilead at Gads Stamme og Golan i Basan af Manasses Stamme.
9 কোনোৱে অনিচ্ছাকৃত ভাৱে নৰবধ কৰিলে, সমাজৰ সাক্ষাতে তেওঁ থিয় নহয় মানে, সেই ঠাইলৈ পলাই গৈ যেন ৰক্তপাতৰ প্ৰতিশোধ লোৱাজনৰ হাতত মৰা নপৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে আৰু তেওঁলোকৰ মাজত বসতি কৰা বিদেশী লোকৰ বাবেও, নিৰূপণ কৰা নগৰ এইবোৰ।
Det var de Byer, som fastsattes for alle Israeliterne og de fremmede, som bor iblandt dem, i det Øjemed at enhver, der uforsætligt slaar en ihjel, kan ty derhen og undgaa Døden for Blodhævnerens Haand, før han har været stillet for Menighedens Domstol.

< যোশুয়া 20 >