< যোশুয়া 2 >

1 তাৰ পাছত নুনৰ পুত্ৰ যিহোচূৱাই চিটীমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাবে পঠিয়াই দিলে৷ তেওঁ ক’লে, “তোমালোক যোৱা, আৰু গোটেই দেশখন ভালদৰে চাবা; বিশেষকৈ যিৰীহো নগৰ নিৰীক্ষণ কৰি আহিবা।” তেতিয়া তেওঁলোক গ’ল আৰু গৈ এগৰাকী বেশ্যাৰ ঘৰ পালে৷ তাতে তেওঁলোকে আলহী হৈ থাকিল৷ সেই বেশ্যাৰ নাম ৰাহাব আছিল৷
Nunov sin Józue je iz Šitíma na skrivaj poslal ogledovat dva moža, rekoč: »Pojdita, poglejta deželo, celo Jeriho.« Odšla sta ter prišla v hišo pocestnice, po imenu Rahába in tam prenočila.
2 কিন্তু কোনো লোকে গৈ যিৰীহোৰ ৰজাক ক’লে, “চাওঁক, দেশৰ বুজ-বিচাৰ ল’বৰ অৰ্থে ইস্ৰায়েলৰ সন্তান সকলৰ কেইজনমান লোক এই ঠাইলৈ আহিছে।”
Kralju Jerihe je bilo povedano, rekoč: »Glej, nocoj sta prišla sèm moža izmed Izraelovih otrok, da preiščeta deželo.«
3 তেতিয়া যিৰীহোৰ ৰজাই ৰাহাবলৈ এই কথা কৈ পঠিয়ালে বোলে, “তোৰ ওচৰলৈ অহা যি মানুহকেইজন এতিয়া তোৰ ঘৰত আহি আছে, সিহঁতক বাহিৰলৈ উলিয়াই দে; কিয়নো সিহঁতে গোটেই দেশত চোৰাংচোৱাগিৰি কৰিবলৈ আহিছে৷”
Kralj Jerihe je poslal k Rahábi, rekoč: »Privedi naprej moža, ki sta prišla k tebi, ki sta vstopila v tvojo hišo, kajti prišla sta, da bi preiskala vso deželo.«
4 কিন্তু মহিলা গৰাকীয়ে সেই মানুহ দুজনক লুকুৱাই থৈ ক’লে, “হয়, সঁচাকৈ সেই মানুহকেইজন মোৰ ওচৰলৈ আহিছিল, কিন্তু সিহঁত ক’ৰ পৰা আহিছিল, সেই বিষয়ে মই নাজানিলোঁ৷
Ženska je vzela dva moža ter ju skrila in rekla tako: »K meni sta prišla moža, toda nisem vedela od kod sta bila.
5 সন্ধিয়া হওতেই সিহঁত ওলাই গ’ল, তেতিয়া নগৰৰ দুৱাৰ প্ৰায় বন্ধ কৰা সময় হৈছিল৷ সিহঁত ক’লৈ গ’ল, সেই বিষয়ে মই ক’ব নোৱাৰোঁ; সম্ভৱতঃ তোমালোকে পাছে পাছে বেগাই খেদি গ’লে সিহঁতক ধৰিব পাৰিবা।”
Pripetilo se je okoli časa zapiranja velikih vrat, ko je bilo temno, da sta moža odšla ven. Kam sta moža odšla, ne vem. Hitro ju zasledujte, kajti dohiteli ju boste.«
6 কিন্তু তাই তেওঁলোকক ঘৰৰ চালৰ ওপৰলৈ নিলে আৰু চালৰ ওপৰত ৰীতিমতে মেলি দিয়া শণঠাৰিবোৰেৰে তেওঁলোকক লুকুৱাই হ’ল।
Toda ona ju je privedla gor na streho hiše in ju skrila s stebli lana, ki jih je razvrstila po strehi.
7 তাৰ পাছত মানুহবোৰে যৰ্দ্দন নদীৰ পাৰ-ঘাটলৈ যোৱা বাটেদি তেওঁলোকৰ পাছে পাছে খেদি গ’ল আৰু খেদি যোৱা লোক বাহিৰ হোৱা মাত্ৰকে নগৰৰ দুৱাৰ বন্ধ কৰা হ’ল।
Možje so ju zasledovali po poti k Jordanu, k prehodom in takoj, ko so tisti, ki so ju zasledovali, odšli ven, so zaprli velika vrata.
8 পাছত তেওঁলোক নৌ শোওঁতেই তাই চালৰ ওপৰত থৈ অহা সেই লোকসকলৰ ওচৰলৈ গ’ল,
Preden sta se ulegla, je prišla k njima na streho
9 আৰু তাই সেই মানুহ কেইজনক ক’লে, “মই জানিলোঁ যে, যিহোৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাসিত হৈছোঁ৷ আটাই দেশনিবাসীয়ে তোমালোকৰ আগত ভয়ত আতুৰ হৈ পৰিছে৷
in možema rekla: »Vem, da vam je Gospod dal to deželo in da je vaša strahota padla na nas in da vsi prebivalci dežele zaradi vas slabijo.
10 ১০ আমি শুনিবলৈ পাইছোঁ যে, তোমালোকে মিচৰৰ পৰা ওলাই অহা সময়ত যিহোৱাই তোমালোকৰ সাক্ষাতে চূফ সাগৰৰ পানী শুকুৱাইছিল আৰু আমি ইয়াকো শুনিলো যে, তোমালোকে যৰ্দ্দনৰ সিটো পাৰত থকা ইমোৰীয়াসকলৰ চীহোন আৰু ওগ নামৰ ৰজা দুজনক কেনে ব্যৱহাৰ কৰি নিঃশেষে বিনষ্ট কৰিছিলা।
Kajti slišali smo, kako je Gospod za vas posušil vode Rdečega morja, ko ste prišli iz Egipta, in kaj ste storili dvema kraljema Amoréjcev, ki sta bila na drugi strani Jordana, Sihónu in Ogu, ki ste jih popolnoma uničili.
11 ১১ এই সকলোবোৰ বৃত্তান্ত শুনা মাত্ৰকে আমাৰ হৃদয়বোৰো ভয়ত আতংকিত হৈ আছে; এতিয়া তোমালোকৰ বিৰুদ্ধে যাবলৈ আমাৰ মাজত কোনো এজনৰো সাহস নাই৷ তোমালোকৰ ঈশ্ৱৰ যিহোৱা, তেৱেঁই ওপৰত থকা স্ৱর্গ আৰু তলত থকা পৃথিৱীৰ ঈশ্ৱৰ৷
Takoj, ko smo slišali te stvari, so se naša srca stopila niti tam zaradi vas ni ostalo nič več poguma v kateremkoli človeku, kajti Gospod, vaš Bog, on je Bog v nebesih zgoraj in na zemlji spodaj.
12 ১২ এই হেতুকে মই এতিয়া বিনয় কৰোঁ যে, মই তোমালোকলৈ দয়া ব্যৱহাৰ কৰাৰ কাৰণে তোমালোকেও মোৰ পিতৃ বংশলৈ দয়া ব্যৱহাৰ কৰিবলৈ,
Zdaj torej, prosim vaju, prisezita mi pri Gospodu, ker sem vama izkazala prijaznost, da bosta tudi vidva izkazala prijaznost hiši mojega očeta in mi dala zanesljivo znamenje.
13 ১৩ আৰু তোমালোকে মোৰ পিতৃ, মাতৃ, ভাই আৰু ভনীসকলক আৰু তেওঁলোকৰ সকলোকে জীয়াই ৰাখিবলৈ আৰু মৃত্যুৰ পৰা আমাৰ প্ৰাণ উদ্ধাৰ কৰিবলৈ, যিহোৱাৰ নামেৰে মোৰ আগত শপত খাই মোক সত্যতা প্ৰমাণৰ চিন দিয়া।”
In da boste mojega očeta rešili živega in mojo mater, moje brate, moje sestre in vse, kar imajo in naša življenja osvobodili pred smrtjo.«
14 ১৪ তেতিয়া সেই মানুহ কেইজনে তাইক ক’লে, “যদি তোমালোকে আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ নকৰা, তেন্তে তোমালোকৰ প্ৰাণৰ সলনি আমাৰ প্ৰাণ যাব; আৰু যেতিয়া যিহোৱাই আমাক এই দেশ দিব, তেতিয়া আমি তোমালৈ দয়া আৰু সত্য ব্যৱহাৰ কৰিম।”
Moža sta ji odgovorila: »Najina življenja za vaša, če ne izustiš te naše stvari. Zgodilo se bo, ko nam Gospod da deželo, da bomo s teboj postopali prijazno in zvesto.«
15 ১৫ তাৰ পাছত তাই খিড়িকিয়েদি তেওঁলোকক ৰচীৰে নমাই দিলে; কিয়নো তাইৰ ঘৰ নগৰৰ গড়ৰ গাতে লাগি আছিল আৰু তাই গড়ৰ ওপৰত বাস কৰিছিল।
Potem ju je po vrvi spustila skozi okno, kajti njena hiša je bila na mestnem obzidju in prebivala je na obzidju.
16 ১৬ তাৰ পাছত তাই তেওঁলোকক ক’লে, “খেদি যোৱা লোকে যেন তোমালোকক লগ নাপায়, এই কাৰণে পৰ্বতলৈ যোৱা আৰু খেদি যোৱা মানুহ উলটি নহালৈকে, সেই ঠাইতে তিন দিন লুকাই থাকিবা৷ তাৰ পাছত নিজ বাটেদি গুচি যাবা।”
Rekla jima je: »Spravita se do gore, da vaju ne bi srečali zasledovalci in tam se skrivajta tri dni, dokler se zasledovalci ne vrnejo in potem lahko gresta svojo pot.«
17 ১৭ তাতে মানুহ কেইজনে তাইক ক’লে, “আমি কোৱাৰ দৰে তুমি নকৰিলে, তুমি আমাক কৰিব দিয়া শপতৰ বিষয়ত আমি নিৰ্দ্দোষী হ’ম৷
Moža sta ji rekla: »Midva bova brez krivde glede te tvoje prisege, s katero si naju prisegla.
18 ১৮ চোৱা, তুমি এই যি খিড়িকিয়েদি আমাক নমাই দিলা, আমি যেতিয়া এই দেশৰ ভিতৰলৈ অাহিম, তেতিয়া এই খিড়িকীত সেন্দুৰ বৰণীয়া সূতাৰে বটা এই ৰছীডাল বান্ধি ৰাখিবা আৰু তোমাৰ পিতৃ, মাতৃ, ভাইসকল আৰু তোমাৰ পিতৃবংশৰ সকলো লোককে তোমাৰ নিজ ঘৰত একত্ৰিত কৰি লুকুৱাই ৰাখিবা।
Glej, ko pridemo v deželo, boš to škrlatno vrv privezala na okno, skozi katero si naju spustila dol in domov k sebi boš privedla svojega očeta, svojo mater, svoje brate in vso družino svojega očeta.
19 ১৯ তেতিয়া যি কোনোৱে তোমাৰ ঘৰৰ দুৱাৰৰ পৰা বাটলৈ ওলাব, তাৰ ৰক্তপাতৰ দোষ তাৰ মূৰৰ ওপৰতে পৰিব আৰু আমি নিৰ্দ্দোষী হ’ম; কিন্তু যি কোনোৱে তোমাৰ লগত ঘৰত থাকিব, তাৰ ওপৰত যদি কোনোৱে হাত দিয়ে, তেন্তে সেই ৰক্তপাতৰ দোষ আমাৰ মূৰৰ ওপৰত পৰিব।
In zgodilo se bo, da kdorkoli bo šel ven skozi vrata tvoje hiše na ulico, bo njegova kri na njegovi glavi, midva pa bova brez krivde. In kdorkoli bo s teboj v hiši, njegova kri bo na najini glavi, če bo katerakoli roka nad njim.
20 ২০ কিন্তু তুমি যদি আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ কৰা, তেন্তে আমাক খুউৱা শপতৰ বিষয়ে আমি নিৰ্দ্দোষী হ’ম।”
Če izustiš to našo stvar, potem bova prosta tvoje prisege, s katero si naju primorala priseči.«
21 ২১ ৰাহাবে সমিধান দি ক’লে, “তোমালোকে যেনেকৈ কৈছা, তেনেকৈ হওঁক৷” তাই এই কথা কৈ তেওঁলোকক বিদায় দিয়াৰ পাছত তেওঁলোক গুচি গ’ল আৰু তাই সেই সেন্দুৰ বৰণীয়া ৰছীডাল খিড়িকি খনতে বান্ধি থৈ দিলে।
Rekla je: »Glede na vajine besede, tako naj bo to.« Poslala ju je proč in sta odšla in na okno je privezala škrlatno vrv.
22 ২২ তাৰ পাছত তেওঁলোকে গৈ পৰ্বত পালে আৰু খেদি যোৱা মানুহবোৰ উলটি নহালৈকে তাতে তেওঁলোক তিন দিন থাকিল৷ পাছত খেদি যোৱা লোকসকলে তেওঁলোকক গোটেই বাটতে বিচাৰিলে কিন্তু তেওঁলোকক বিচাৰি নাপালে।
Odšla sta in prišla h gori ter tam ostala tri dni, dokler se zasledovalci niso vrnili. Zasledovalci so ju iskali po vsej poti, toda niso ju našli.
23 ২৩ তাৰ পাছত সেই মানুহ দুজন উলটি পৰ্বতৰ পৰা নামি নদী পাৰ হৈ নুনৰ পুত্ৰ যিহোচূৱাৰ ওচৰলৈ গ’ল আৰু তেওঁলোকলৈ ঘটা সকলো ঘটনাৰ বিষয়ে তেওঁক ক’লে।
Tako sta se oba moža vrnila in spustila z gore, šla čez in prišla k Nunovemu sinu Józuetu in mu povedala vse stvari, ki so se jima pripetile.
24 ২৪ আৰু তেওঁলোকে যিহোচূৱাক ক’লে, “সঁচাকৈ ঈশ্বৰ যিহোৱাই সেই গোটেই দেশ আমাৰ হাতত সমৰ্পণ কৰিলে; আমাৰ কাৰণে দেশ-নিবাসী আটাইবোৰ লোক ভয়ত আতংকিত হৈ আছে।”
Józuetu sta rekla: »Resnično, Gospod je v naše roke izročil vso deželo, kajti celo vsi prebivalci dežele zaradi nas slabijo.«

< যোশুয়া 2 >