< যোশুয়া 2 >
1 ১ তাৰ পাছত নুনৰ পুত্ৰ যিহোচূৱাই চিটীমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাবে পঠিয়াই দিলে৷ তেওঁ ক’লে, “তোমালোক যোৱা, আৰু গোটেই দেশখন ভালদৰে চাবা; বিশেষকৈ যিৰীহো নগৰ নিৰীক্ষণ কৰি আহিবা।” তেতিয়া তেওঁলোক গ’ল আৰু গৈ এগৰাকী বেশ্যাৰ ঘৰ পালে৷ তাতে তেওঁলোকে আলহী হৈ থাকিল৷ সেই বেশ্যাৰ নাম ৰাহাব আছিল৷
Nun oğlu Yeşua Şittimdən iki kişini casusluq etməyə gizli göndərib dedi: «Gedin oranın torpağını və Yerixonu gözdən keçirin». Onlar getdilər və Raxav adlı bir fahişənin evinə girib orada qaldılar.
2 ২ কিন্তু কোনো লোকে গৈ যিৰীহোৰ ৰজাক ক’লে, “চাওঁক, দেশৰ বুজ-বিচাৰ ল’বৰ অৰ্থে ইস্ৰায়েলৰ সন্তান সকলৰ কেইজনমান লোক এই ঠাইলৈ আহিছে।”
Yerixo padşahına «budur, bu gecə torpağımızı gözdən keçirmək üçün İsrail övladlarından buraya adamlar gəldi» deyə bildirildi.
3 ৩ তেতিয়া যিৰীহোৰ ৰজাই ৰাহাবলৈ এই কথা কৈ পঠিয়ালে বোলে, “তোৰ ওচৰলৈ অহা যি মানুহকেইজন এতিয়া তোৰ ঘৰত আহি আছে, সিহঁতক বাহিৰলৈ উলিয়াই দে; কিয়নো সিহঁতে গোটেই দেশত চোৰাংচোৱাগিৰি কৰিবলৈ আহিছে৷”
Yerixo padşahı Raxava xəbər göndərib dedi: «Sənin yanına gəlib evinə girən adamları çıxart, çünki onlar torpağımızın hər tərəfini gözdən keçirməyə gəliblər».
4 ৪ কিন্তু মহিলা গৰাকীয়ে সেই মানুহ দুজনক লুকুৱাই থৈ ক’লে, “হয়, সঁচাকৈ সেই মানুহকেইজন মোৰ ওচৰলৈ আহিছিল, কিন্তু সিহঁত ক’ৰ পৰা আহিছিল, সেই বিষয়ে মই নাজানিলোঁ৷
Raxav isə o iki kişini gizlətmişdi. O dedi: «Doğrusu, yanıma adamlar gəlmişdi, amma haradan olduqlarını bilmirdim.
5 ৫ সন্ধিয়া হওতেই সিহঁত ওলাই গ’ল, তেতিয়া নগৰৰ দুৱাৰ প্ৰায় বন্ধ কৰা সময় হৈছিল৷ সিহঁত ক’লৈ গ’ল, সেই বিষয়ে মই ক’ব নোৱাৰোঁ; সম্ভৱতঃ তোমালোকে পাছে পাছে বেগাই খেদি গ’লে সিহঁতক ধৰিব পাৰিবা।”
Qaranlıq düşəndə, darvaza bağlananda o adamlar çıxdılar. Bilmirəm hara getdilər. Tez dallarınca qaçın ki, onları tuta biləsiniz».
6 ৬ কিন্তু তাই তেওঁলোকক ঘৰৰ চালৰ ওপৰলৈ নিলে আৰু চালৰ ওপৰত ৰীতিমতে মেলি দিয়া শণঠাৰিবোৰেৰে তেওঁলোকক লুকুৱাই হ’ল।
Lakin qadın onları dama çıxarıb damda sərdiyi kətan liflərin arasında gizlətmişdi.
7 ৭ তাৰ পাছত মানুহবোৰে যৰ্দ্দন নদীৰ পাৰ-ঘাটলৈ যোৱা বাটেদি তেওঁলোকৰ পাছে পাছে খেদি গ’ল আৰু খেদি যোৱা লোক বাহিৰ হোৱা মাত্ৰকে নগৰৰ দুৱাৰ বন্ধ কৰা হ’ল।
Padşahın göndərdiyi adamlar casusları təqib etmək üçün İordan çayının keçidinə qədər yol boyu qaçdılar. Təqibçilər bayıra çıxan kimi darvazalar bağlandı.
8 ৮ পাছত তেওঁলোক নৌ শোওঁতেই তাই চালৰ ওপৰত থৈ অহা সেই লোকসকলৰ ওচৰলৈ গ’ল,
Casuslar yatmazdan əvvəl qadın dama – onların yanına çıxdı.
9 ৯ আৰু তাই সেই মানুহ কেইজনক ক’লে, “মই জানিলোঁ যে, যিহোৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাসিত হৈছোঁ৷ আটাই দেশনিবাসীয়ে তোমালোকৰ আগত ভয়ত আতুৰ হৈ পৰিছে৷
O bu adamlara dedi: «Mən bilirəm ki, Rəbb bu torpağı sizə verib. Siz bizi dəhşətə saldınız və bu torpağın bütün sakinləri sizin qarşınızda əsir.
10 ১০ আমি শুনিবলৈ পাইছোঁ যে, তোমালোকে মিচৰৰ পৰা ওলাই অহা সময়ত যিহোৱাই তোমালোকৰ সাক্ষাতে চূফ সাগৰৰ পানী শুকুৱাইছিল আৰু আমি ইয়াকো শুনিলো যে, তোমালোকে যৰ্দ্দনৰ সিটো পাৰত থকা ইমোৰীয়াসকলৰ চীহোন আৰু ওগ নামৰ ৰজা দুজনক কেনে ব্যৱহাৰ কৰি নিঃশেষে বিনষ্ট কৰিছিলা।
Çünki Misirdən çıxdığınız zaman Rəbb Qırmızı dənizin sularını qarşınızda necə qurutduğunu və İordan çayının o tayında məhv etdiyiniz iki Emor padşahı Sixonla Oqa nə etdiyinizi eşitmişik.
11 ১১ এই সকলোবোৰ বৃত্তান্ত শুনা মাত্ৰকে আমাৰ হৃদয়বোৰো ভয়ত আতংকিত হৈ আছে; এতিয়া তোমালোকৰ বিৰুদ্ধে যাবলৈ আমাৰ মাজত কোনো এজনৰো সাহস নাই৷ তোমালোকৰ ঈশ্ৱৰ যিহোৱা, তেৱেঁই ওপৰত থকা স্ৱর্গ আৰু তলত থকা পৃথিৱীৰ ঈশ্ৱৰ৷
Biz bunları eşidəndə ürəyimiz qorxuya düşdü və vahimənizdən heç kimin taqəti qalmadı; çünki Allahınız Rəbb yuxarıda göyün və aşağıda yerin Allahıdır.
12 ১২ এই হেতুকে মই এতিয়া বিনয় কৰোঁ যে, মই তোমালোকলৈ দয়া ব্যৱহাৰ কৰাৰ কাৰণে তোমালোকেও মোৰ পিতৃ বংশলৈ দয়া ব্যৱহাৰ কৰিবলৈ,
İndi rica edirəm, Rəbbə and için ki, sizə xeyirxahlıq etdiyim üçün siz də mənə və atamın külfətinə xeyirxahlıq edəcəksiniz. Mənə etibarlı bir nişanə verin ki,
13 ১৩ আৰু তোমালোকে মোৰ পিতৃ, মাতৃ, ভাই আৰু ভনীসকলক আৰু তেওঁলোকৰ সকলোকে জীয়াই ৰাখিবলৈ আৰু মৃত্যুৰ পৰা আমাৰ প্ৰাণ উদ্ধাৰ কৰিবলৈ, যিহোৱাৰ নামেৰে মোৰ আগত শপত খাই মোক সত্যতা প্ৰমাণৰ চিন দিয়া।”
atamı, anamı, qardaşlarımı, bacılarımı, onların yanında olan hər kəsi sağ qoyacaqsınız və canımızı ölümdən qurtaracaqsınız».
14 ১৪ তেতিয়া সেই মানুহ কেইজনে তাইক ক’লে, “যদি তোমালোকে আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ নকৰা, তেন্তে তোমালোকৰ প্ৰাণৰ সলনি আমাৰ প্ৰাণ যাব; আৰু যেতিয়া যিহোৱাই আমাক এই দেশ দিব, তেতিয়া আমি তোমালৈ দয়া আৰু সত্য ব্যৱহাৰ কৰিম।”
Adamlar isə ona dedilər: «Əgər bu işimizin üstünü açmasanız, canımızı belə, sizə fəda edərik. Rəbb bu torpağı bizə verən vaxt sənə xeyirxahlıq və sədaqət göstərərik».
15 ১৫ তাৰ পাছত তাই খিড়িকিয়েদি তেওঁলোকক ৰচীৰে নমাই দিলে; কিয়নো তাইৰ ঘৰ নগৰৰ গড়ৰ গাতে লাগি আছিল আৰু তাই গড়ৰ ওপৰত বাস কৰিছিল।
O vaxt qadın onları kəndirlə pəncərədən aşağı endirdi, çünki onun evi şəhərin qala divarında idi və o, divarın içində yaşayırdı.
16 ১৬ তাৰ পাছত তাই তেওঁলোকক ক’লে, “খেদি যোৱা লোকে যেন তোমালোকক লগ নাপায়, এই কাৰণে পৰ্বতলৈ যোৱা আৰু খেদি যোৱা মানুহ উলটি নহালৈকে, সেই ঠাইতে তিন দিন লুকাই থাকিবা৷ তাৰ পাছত নিজ বাটেদি গুচি যাবা।”
Qadın onlara dedi: «Dağa gedin ki, təqibçilər sizə çatmasınlar, onlar qayıdana qədər üç gün orada gizlənin, sonra yolunuza davam edərsiniz».
17 ১৭ তাতে মানুহ কেইজনে তাইক ক’লে, “আমি কোৱাৰ দৰে তুমি নকৰিলে, তুমি আমাক কৰিব দিয়া শপতৰ বিষয়ত আমি নিৰ্দ্দোষী হ’ম৷
Bu adamlar da ona dedilər: «Sənin bizə içdirdiyin bu anddan bu yolla günahsız olacağıq.
18 ১৮ চোৱা, তুমি এই যি খিড়িকিয়েদি আমাক নমাই দিলা, আমি যেতিয়া এই দেশৰ ভিতৰলৈ অাহিম, তেতিয়া এই খিড়িকীত সেন্দুৰ বৰণীয়া সূতাৰে বটা এই ৰছীডাল বান্ধি ৰাখিবা আৰু তোমাৰ পিতৃ, মাতৃ, ভাইসকল আৰু তোমাৰ পিতৃবংশৰ সকলো লোককে তোমাৰ নিজ ঘৰত একত্ৰিত কৰি লুকুৱাই ৰাখিবা।
Bu torpağa gəldiyimiz vaxt bizi düşürdüyün pəncərəyə bu al rəngli ipi bağlayarsan. Atanı, ananı, qardaşlarını və atanın bütün qohumlarını yanına – öz evinə toplayarsan.
19 ১৯ তেতিয়া যি কোনোৱে তোমাৰ ঘৰৰ দুৱাৰৰ পৰা বাটলৈ ওলাব, তাৰ ৰক্তপাতৰ দোষ তাৰ মূৰৰ ওপৰতে পৰিব আৰু আমি নিৰ্দ্দোষী হ’ম; কিন্তু যি কোনোৱে তোমাৰ লগত ঘৰত থাকিব, তাৰ ওপৰত যদি কোনোৱে হাত দিয়ে, তেন্তে সেই ৰক্তপাতৰ দোষ আমাৰ মূৰৰ ওপৰত পৰিব।
Əgər sənin evinin qapısından kim bayıra çıxarsa, qanı öz başına dönəcək və biz buna günahkar olmayacağıq. Əgər səninlə birgə evində olan bir kimsəyə toxunularsa, qoy onun qanı bizim başımıza dönsün.
20 ২০ কিন্তু তুমি যদি আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ কৰা, তেন্তে আমাক খুউৱা শপতৰ বিষয়ে আমি নিৰ্দ্দোষী হ’ম।”
Ancaq bu işimizin üstünü açmaq istəsən, onda sənin bizə içdirdiyin anddan təqsirimiz olmaz».
21 ২১ ৰাহাবে সমিধান দি ক’লে, “তোমালোকে যেনেকৈ কৈছা, তেনেকৈ হওঁক৷” তাই এই কথা কৈ তেওঁলোকক বিদায় দিয়াৰ পাছত তেওঁলোক গুচি গ’ল আৰু তাই সেই সেন্দুৰ বৰণীয়া ৰছীডাল খিড়িকি খনতে বান্ধি থৈ দিলে।
Raxav dedi: «Necə deyirsiniz, elə də olsun». Sonra onları yola saldı və onlar getdilər. Raxav al rəngli ipi pəncərəyə bağladı.
22 ২২ তাৰ পাছত তেওঁলোকে গৈ পৰ্বত পালে আৰু খেদি যোৱা মানুহবোৰ উলটি নহালৈকে তাতে তেওঁলোক তিন দিন থাকিল৷ পাছত খেদি যোৱা লোকসকলে তেওঁলোকক গোটেই বাটতে বিচাৰিলে কিন্তু তেওঁলোকক বিচাৰি নাপালে।
Bu iki adam getdi. Dağa çatıb təqibçilər qayıdana qədər üç gün orada qaldılar. Təqibçilər bütün yol boyu onları axtardılar, ancaq tapmadılar.
23 ২৩ তাৰ পাছত সেই মানুহ দুজন উলটি পৰ্বতৰ পৰা নামি নদী পাৰ হৈ নুনৰ পুত্ৰ যিহোচূৱাৰ ওচৰলৈ গ’ল আৰু তেওঁলোকলৈ ঘটা সকলো ঘটনাৰ বিষয়ে তেওঁক ক’লে।
O iki kişi isə geri dönüb dağdan endi, çayı keçərək Nun oğlu Yeşuanın yanına gəldi və başlarına gələn hər şeyi ona nəql etdi.
24 ২৪ আৰু তেওঁলোকে যিহোচূৱাক ক’লে, “সঁচাকৈ ঈশ্বৰ যিহোৱাই সেই গোটেই দেশ আমাৰ হাতত সমৰ্পণ কৰিলে; আমাৰ কাৰণে দেশ-নিবাসী আটাইবোৰ লোক ভয়ত আতংকিত হৈ আছে।”
Onlar Yeşuaya dedilər: «Həqiqətən, Rəbb bütün o torpağı bizə təslim edib, o torpağın bütün sakinləri də qarşımızda qorxu içində əsir».