< যোশুয়া 19 >

1 দ্ধিতীয়বাৰ চিঠি খেলাতে চিমিয়োনৰ নামত নির্ধাৰিত হ’ল আৰু তেওঁলোকৰ প্ৰত্যেক বংশক নিজ নিজ অংশৰ ভাগ দিয়া হ’ল৷ তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ ফৈদৰ উত্তৰাধিকাৰৰ মাজত আছিল।
Kèké kejì jáde fún ẹ̀yà Simeoni, ní agbo ilé, ní agbo ilé. Ìní wọn sì wà ní àárín ilẹ̀ Juda.
2 তেওঁলোকৰ উত্তৰাধিকাৰৰ মাজত আছিল বেৰ-চেবা, চেবা, মোলাদা,
Lára ìpín wọn ní: Beerṣeba (tàbí Ṣeba), Molada,
3 হচৰ-চূৱাল, বালা এচম,
Hasari-Ṣuali, Bala, Esemu,
4 ইল্টুলদ, বথূল আৰু হৰ্মা৷
Eltoladi, Betuli, Horma,
5 তাৰ ওপৰিও চিমিয়োনৰ আছিল, চিক্লগ, বৈৎ-মৰ্কাবোৎ, হচৰ-চুচা,
Siklagi, Beti-Markaboti, Hasari Susa,
6 বৈৎ-লবায়োৎ আৰু চাৰূহন৷ এই তেৰখন নগৰ আছিল তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
Beti-Lebaoti àti Ṣarueli, ìlú wọn jẹ́ mẹ́tàlá àti ìletò wọn.
7 চিমিয়োনৰ পুনৰ ঐন, ৰিম্মোন, এথৰ আৰু আচন; এই চাৰিখন নগৰ আছিল, গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
Aini, Rimoni, Eteri àti Aṣani, ìlú wọn jẹ́ mẹ́rin àti ìletò wọn,
8 এই গাওঁবোৰ নগৰৰ চাৰিওফালে নগৰবোৰৰ সৈতে একেলগে বলাৎ-বেৰ অৰ্থাৎ দক্ষিণ অঞ্চলৰ ৰামালৈকে আছিল৷ এয়েই আছিল চিমিয়োনৰ ফৈদৰ নিজ নিজ বংশ অনুসাৰে দিয়া উত্তৰাধিকাৰ।
àti gbogbo àwọn agbègbè ìlú wọ̀nyí títí dé Baalati-Beeri (Rama ní gúúsù). Èyí ni ilẹ̀ ìní ẹ̀yà àwọn ọmọ Simeoni, agbo ilé, ní agbo ilé.
9 এয়ে আছিল চিমিয়োনৰ ফৈদক দিয়া উত্তৰাধিকাৰ৷ ই যিহূদা বংশৰ অঞ্চলৰ পৰা আৰম্ভ হৈছিল, কিয়নো যিহূদা ফৈদক দিয়া অংশ তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক আছিল৷ চিমিয়োনৰ ফৈদে তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ উত্তৰাধিকাৰৰ মাজৰ পৰা ভাগ পাইছিল।
A mú ogún ìní àwọn ọmọ Simeoni láti ìpín Juda, nítorí ìpín Juda pọ̀ ju èyí tí wọ́n nílò lọ. Báyìí ni àwọn ọmọ Simeoni gba ìní wọn ní àárín ilẹ̀ Juda.
10 ১০ তৃতীয়বাৰ চিঠি খেলাওঁতে নিজ নিজ বংশ অনুসাৰে জবূলূনৰ ফৈদৰ নামত উঠিল। তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা চাৰীদৰ পৰা আৰম্ভণ হ’ল৷
Kèké kẹta jáde fún Sebuluni, ní agbo ilé ní agbo ilé ààlà ìní wọn sì lọ títí dé Saridi.
11 ১১ তেওঁলোকৰ সীমা পশ্চিমফালে উঠি মৰলালৈকে গৈ, দাব্বেচতত লাগিল; তাৰ পাছত ই বাঢ়ি গৈ যক্‌নীয়ামৰ সন্মুখত থকা জুৰিত লাগিলগৈ।
Ó sì lọ sí ìwọ̀-oòrùn ní Marala, ó sì dé Dabbeṣeti, ó sì lọ títí dé odo ní ẹ̀bá Jokneamu.
12 ১২ আৰু সেই সীমা চাৰীদৰ পৰা পুব ফাললৈ ঘূৰি, কিশ্লোৎ-তাবোৰৰ সীমালৈকে গ’ল৷ তাৰ পৰা দাবৰতত ওলাই যাফীয়ালৈকো উঠি গ’ল৷
Ó sì yípadà sí ìlà-oòrùn láti Saridi sí ìhà ìlà-oòrùn dé ilẹ̀ Kisiloti-Tabori, ó sì lọ sí Daberati, ó sì gòkè lọ sí Jafia.
13 ১৩ সেই ঠাইৰ পৰা পূব ফাল হৈ গৎ-হেফৰ আৰু এৎ-কাচিনেদি গৈ, নয়ালৈকে বিস্তৃত হোৱা ৰিম্মোনলৈ গ’ল৷
Nígbà náà ní o lọ sí ìhà ìlà-oòrùn lọ sí Gati-Heferi àti Eti-Kaṣini, ó sì jáde ní Rimoni, ó sì yí sí ìhà Nea.
14 ১৪ আৰু সেই সীমাই উত্তৰ ফালে ঘূৰি হন্নাথোনলৈকে গ’ল আৰু যিপ্তহ-এল উপত্যকাত তাৰ অন্ত হ’ল৷
Ní ibẹ̀, ààlà sì yíká ní ìhà àríwá lọ sí Hnatoni ó sì pín ní àfonífojì Ifita-Eli.
15 ১৫ কটৎ, নহলাল, চিম্ৰোণ, যিদালা, আৰু বৈৎলেহেম, গাৱেঁৰে সৈতে বাৰখন নগৰ এই অঞ্চলটোত অন্তর্ভুক্ত আছিল৷ তাত বাৰখন নগৰ আছিল৷ তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
Lára wọn ni Katati, Nahalali, Ṣimroni, Idala àti Bẹtilẹhẹmu. Wọ́n sì jẹ́ ìlú méjìlá àti ìletò wọn.
16 ১৬ এইটোৱেই আছিল জবূলূন ফৈদৰ উত্তৰাধিকাৰ; এই নগৰবোৰ তেওঁলোকৰ গাৱেঁৰে সৈতে অন্তর্ভুক্ত আছিল।
Ìlú wọ̀nyí àti ìletò wọn jẹ́ ìní Sebuluni, ní agbo ilé agbo ilé.
17 ১৭ পাছত আকৌ চতুর্থবাৰ চিঠি খেলাওঁতে, ইচাখৰৰ নামত উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে ইয়াক দিয়া হ’ল।
Kèké kẹrin jáde fún Isakari, agbo ilé ní agbo ilé.
18 ১৮ তেওঁলোকৰ সীমা যিজ্ৰিয়েল, মচুল্লোৎ, চুনেম,
Lára ilẹ̀ wọn ni èyí: Jesreeli, Kesuloti, Ṣunemu,
19 ১৯ হফাৰয়িম, চিয়োন, অনহৰৎ,
Hafraimu, Ṣihoni, Anaharati,
20 ২০ ৰব্বীৎ কিচিয়োন, এবচ,
Rabiti, Kiṣioni, Ebesi,
21 ২১ ৰেমৎ, অয়ীন-গন্নীম, এয়িন-হদ্দা আৰু বৈৎ-পচেচলৈ হ’ল৷
Remeti, Eni-Gannimu, Eni-Hada àti Beti-Pasesi.
22 ২২ তেওঁলোকৰ সীমাবোৰ, চহচিমা আৰু বৈৎ-চেমচ’তটো লাগিল আৰু তেওঁলোকৰ সীমাৰ অন্ত যৰ্দ্দনত পৰিল৷ তাত ষোল্লখন নগৰ আছিল, তেওঁলোকৰ গাওঁসমূহ গণনা কৰা হোৱা নাছিল।
Ààlà náà sì dé Tabori, Ṣahasuma, àti Beti-Ṣemeṣi, ó sì pin ní Jordani. Wọ́n sì jẹ́ ìlú mẹ́rìndínlógún àti ìletò wọn.
23 ২৩ এইবোৰেই আছিল ইচাখৰৰ বংশক দিয়া উত্তৰাধিকাৰ; তেওঁলোকৰ এই অঞ্চল নগৰবোৰৰ সৈতে তেওঁলোকৰ গাৱঁৰ লগত অন্তর্ভুক্ত আছিল৷
Ìlú wọ̀nyí àti ìletò wọn jẹ́ ìní ẹ̀yà Isakari, ní agbo ilé agbo ilé.
24 ২৪ পঞ্চমবাৰ চিঠি খেলাওঁতে, আচেৰৰ ফৈদৰ নামত উঠিল আৰু নিজ নিজ বংশ অনুসাৰে তেওঁলোকক দিয়া হ’ল।
Kèké karùn-ún jáde fún ẹ̀yà Aṣeri, ní agbo ilé agbo ilé.
25 ২৫ তেওঁলোকৰ সীমা হিল্কৎ, হলি, বেটন, অক্‌চফ,
Lára ilẹ̀ wọn ni èyí: Helikati, Hali, Beteni, Akṣafu,
26 ২৬ অল্লম্মেক, অমাদ আৰু মিচাল আছিল৷ সেই সীমা পশ্চিম ফালে কৰ্মিল আৰু চিহোৰ লিব্‌নাতলৈ বিস্তৃত্ব হ’ল।
Allameleki, Amadi, àti Miṣali. Ní ìhà ìwọ̀-oòrùn ààlà náà dé Karmeli àti Ṣihori-Libinati.
27 ২৭ পাছত সেই সীমা পূব দিশে ঘূৰি বৈৎ-দাগোনলৈ গ’ল আৰু বৈৎ-এমকৰ ও নিয়েলৰ উত্তৰ ফালে জবূলূন আৰু যিপ্তহ-এল উপত্যকাত লাগি উত্তৰত থকা কাবূলৰ দিশে গ’ল।
Nígbà náà ni o yí sí ìhà ìlà-oòrùn Beti-Dagoni, dé Sebuluni àti àfonífojì Ifita-Eli, ó sì lọ sí àríwá sí Beti-Emeki àti Neieli, ó sì kọjá lọ sí Kabulu ní apá òsì.
28 ২৮ পাছত এই সীমা এব্ৰোণ, ৰহোব, হম্মোণ, কান্না আৰু মহাচীদোনলৈকে ওলাই গ’ল৷
Ó sì lọ sí Abdoni, Rehobu, Hammoni àti Kana títí dé Sidoni ńlá.
29 ২৯ পাছত সেই সীমা ঘূৰি ৰামালৈ গ’ল আৰু গড়েৰে আবৃত থকা তূৰ নগৰলৈ গ’ল৷ পাছত আকৌ ঘূৰি হোচালৈ গৈ তাৰ অন্ত অকজীব অঞ্চলৰ সমুদ্ৰত পৰিল;
Ààlà náà sì tẹ̀ sí ìhà Rama, ó sì lọ sí ìlú olódi Tire, ó sì yà sí Hosa, ó sì jáde ní Òkun Ńlá ní ilẹ̀ Aksibu,
30 ৩০ উম্মা, অফেক আৰু ৰহোব৷ তাত বাইশখন নগৰ আছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
Uma, Afeki àti Rehobu. Wọ́n sì jẹ́ ìlú méjìlélógún àti ìletò wọn.
31 ৩১ এইটোৱেই আছিল আচেৰৰ ফৈদৰ উত্তৰাধিকাৰ, যি নগৰবোৰ গাৱেঁৰে সৈতে তেওঁলোকৰ বংশক দিয়া হৈছিল৷
Àwọn ìlú wọ̀nyí àti ìletò wọn ní ìní ẹ̀yà Aṣeri, ní agbo ilé agbo ilé.
32 ৩২ ষষ্ঠবাৰ চিঠি খেলাওঁতে, নপ্তালীৰ ফৈদৰ নামত উঠিল আৰু এইবোৰ তেওঁলোকৰ বংশক দিয়া হৈছিল৷
Ìpín kẹfà jáde fún Naftali, agbo ilé ní agbo ilé,
33 ৩৩ তেওঁলোকৰ সীমা হেলফৰ পৰা, চনন্নীমৰ ওচৰত থকা এলোন গছৰ পৰা, অদামি-ৰেকব আৰু যবনীয়েলৰ পৰা লক্কুমলৈ, এইদৰে যৰ্দ্দনত তাৰ অন্ত পৰিল৷
ààlà wọn lọ láti Helefi àti igi ńlá ní Saananimu nímù; kọjá lọ sí Adami Nekebu àti Jabneeli dé Lakkumu, ó sì pín ní Jordani.
34 ৩৪ আৰু সেই সীমা পশ্চিমফাললৈ ঘূৰি অজোনৎতাবোৰলৈকে গ’ল আৰু তাৰ পৰা হুক্কোকলৈ গৈ দক্ষিণফালে জবূলূনৰ লগ লাগিল আৰু পশ্চিম ফালে থকা আচেৰত উপনীত হৈ পূৱফালে যিহূদাত যৰ্দ্দনৰ ওচৰত লাগিল।
Ààlà náà gba ìhà ìwọ̀-oòrùn lọ sí Asnoti-Tabori ó sì jáde ní Hukoki. Ó sì dé Sebuluni, ní ìhà gúúsù Aṣeri ní ìhà ìwọ̀-oòrùn àti Juda ní Jordani ní ìhà ìlà-oòrùn.
35 ৩৫ গড়েৰে আবৃত নগৰবোৰ চিদ্দীম, চেৰ, হম্মৎ, ৰক্কৎ, কিন্নেৰৎ,
Àwọn ìlú olódi sì Siddimu, Seri, Hamati, Rakàti, Kinnereti,
36 ৩৬ অদামা, ৰামা, হাচোৰ,
Adama, Rama Hasori,
37 ৩৭ কেদচ, ইদ্ৰেয়ী আৰু অয়িন-হাচোৰ আছিল৷
Kedeṣi, Edrei, Eni-Aṣọri,
38 ৩৮ আৰু তাত যিৰোণ, মিগ্‌দল-এল, হৰেম, বৈৎ-অনাৎ আৰু বৈৎ-চেমচ৷ তাত ঊনৈশখন নগৰ অাছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
Ironi, Migdali-Eli, Horemu, Beti-Anati àti Beti-Ṣemeṣi. Wọ́n sì jẹ́ ìlú mọ́kàndínlógún àti ìletò wọn.
39 ৩৯ এয়ে আছিল নপ্তালীৰ ফৈদৰ উত্তৰাধিকাৰ। এই নগৰবোৰ তেওঁলোকৰ বংশক গাওঁবোৰৰ সৈতে দিয়া হৈছিল।
Àwọn ìlú wọ̀nyí àti ìletò wọn ní ìní ẹ̀yà Naftali, ní agbo ilé sí agbo ilé.
40 ৪০ সপ্তমবাৰ চিঠি খেলাতে দান ফৈদৰ নাম উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে তাক দিয়া হ’ল৷
Ìbò kéje jáde fún ẹ̀yà Dani, ní agbo ilé ní agbo ilé.
41 ৪১ তেওঁলোকৰ উত্তৰাধিকাৰৰ অঞ্চলত চৰা, ইষ্টায়োল, ঈৰ-চেমচ,
Ilẹ̀ ìní wọn nìwọ̀nyí: Sora, Eṣtaoli, Iri-Ṣemesi,
42 ৪২ চাল্বিন, অয়ালোন আৰু যিৎলা অন্তর্ভুক্ত আছিল৷
Ṣaalabini, Aijaloni, Itila,
43 ৪৩ আকৌ ইয়াত এলোন, তিম্না, ইক্ৰোণ,
Eloni, Timna, Ekroni,
44 ৪৪ ইল্টকি, গিব্বথোন, বালাৎ,
Elteke, Gibetoni, Baalati,
45 ৪৫ যীহূদ, বনে-বৰক, গৎ-ৰিম্মোণ,
Jehudu, Bene-Beraki, Gati-Rimoni,
46 ৪৬ মে-যৰ্কোণ, ৰক্কোন আৰু যাফোৰ সন্মূখত থকা অঞ্চলসমূহ অন্তর্ভুক্ত আছিল।
Me Jakoni àti Rakkoni, pẹ̀lú ilẹ̀ tí ó kọjú sí Joppa.
47 ৪৭ কিন্তু দানৰ উত্তৰাধিকাৰৰ সেই অঞ্চল যেতিয়া হেৰুৱালে, তেতিয়া দানে লেচমৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি, তাক হাত কৰি ল’লে৷ তেওঁলোকে সেই ঠাইৰ সকলোকে তৰোৱালেৰে বধ কৰি, সেই ঠাই অধিকাৰ কৰি তাত বাস কৰিলে৷ তেওঁলোকে নিজৰ পূৰ্বপুৰুষ দানৰ নামেৰে লেচমৰ নামো দান ৰাখিলে।
(Ṣùgbọ́n àwọn ará Dani ní ìṣòro láti gba ilẹ̀ ìní wọn, bẹ́ẹ̀ ni wọ́n gòkè lọ, wọ́n sì kọlu Leṣemu, wọ́n sì gbà á, wọ́n sì fi idà kọlù ú, wọ́n sì ń gbé ibẹ̀. Wọ́n sì ń gbé ní Leṣemu, wọ́n sì pe orúkọ rẹ̀ ní Dani orúkọ baba ńlá wọn).
48 ৪৮ এইটোৱেই আছিল দানৰ ফৈদৰ উত্তৰাধিকাৰ আৰু গাৱঁৰে সৈতে নগৰবোৰ তেওঁলোকক বংশ অনুসাৰে দিয়া হৈছিল৷
Àwọn ìlú wọ́n yí àti ìletò wọn ní ìní ẹ̀yà Dani, ní agbo ilé agbo ilé.
49 ৪৯ যেতিয়া তেওঁলোকৰ উত্তৰাধিকাৰত থকা নিজ নিজ সীমা অনুসাৰে দেশ ভগাই দিয়া হ’ল, তেতিয়া ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ মাজত নুনৰ পুত্ৰ যিহোচূৱাক এক উত্তৰাধিকাৰ দিলে৷
Nígbà tí wọ́n ti parí pínpín ilẹ̀ náà ní ìpín ti olúkúlùkù, àwọn ará Israẹli fún Joṣua ọmọ Nuni ní ìní ní àárín wọn,
50 ৫০ ইফ্ৰয়িম পৰ্বতত থকা তেওঁ খোজা তিম্নৎ-চেৰহ নগৰ যিহোৱাৰ বাক্য অনুসাৰে তেওঁলোকে তেওঁক দিলে৷ তেওঁ সেই নগৰ পুনৰায় সাজি তাত বাস কৰিলে।
bí Olúwa ti pàṣẹ, wọ́n fún un ni ìlú tí ó béèrè fún, Timnati Serah ní ìlú òkè Efraimu. Ó sì kọ́ ìlú náà, ó sì ń gbé ibẹ̀.
51 ৫১ ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েল লোকসকলৰ মাজত পূর্ব-পুৰুষ সন্তান সকলৰ ফৈদৰ মুখীয়ালসকলৰ উত্তৰাধিকাৰবোৰ এই, যিবোৰ চীলোত যিহোৱাৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত চিঠি খেলাই অধিকাৰৰ অৰ্থে ভাগ বাঁটি দিয়া হৈছিল। এইদৰে তেওঁলোকে দেশ ভাগ কৰি ল’লে।
Wọ̀nyí ni àwọn ilẹ̀ tí Eleasari àlùfáà, Joṣua ọmọ Nuni àti àwọn olórí ẹ̀yà agbo ilé Israẹli fi ìbò pín ní Ṣilo ní iwájú Olúwa ní ẹnu-ọ̀nà àgọ́ ìpàdé. Báyìí ni wọ́n parí pínpín ilẹ̀ náà.

< যোশুয়া 19 >