< যোশুয়া 19 >

1 দ্ধিতীয়বাৰ চিঠি খেলাতে চিমিয়োনৰ নামত নির্ধাৰিত হ’ল আৰু তেওঁলোকৰ প্ৰত্যেক বংশক নিজ নিজ অংশৰ ভাগ দিয়া হ’ল৷ তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ ফৈদৰ উত্তৰাধিকাৰৰ মাজত আছিল।
ויצא הגורל השני לשמעון למטה בני שמעון למשפחותם ויהי נחלתם בתוך נחלת בני יהודה׃
2 তেওঁলোকৰ উত্তৰাধিকাৰৰ মাজত আছিল বেৰ-চেবা, চেবা, মোলাদা,
ויהי להם בנחלתם באר שבע ושבע ומולדה׃
3 হচৰ-চূৱাল, বালা এচম,
וחצר שועל ובלה ועצם׃
4 ইল্টুলদ, বথূল আৰু হৰ্মা৷
ואלתולד ובתול וחרמה׃
5 তাৰ ওপৰিও চিমিয়োনৰ আছিল, চিক্লগ, বৈৎ-মৰ্কাবোৎ, হচৰ-চুচা,
וצקלג ובית המרכבות וחצר סוסה׃
6 বৈৎ-লবায়োৎ আৰু চাৰূহন৷ এই তেৰখন নগৰ আছিল তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
ובית לבאות ושרוחן ערים שלש עשרה וחצריהן׃
7 চিমিয়োনৰ পুনৰ ঐন, ৰিম্মোন, এথৰ আৰু আচন; এই চাৰিখন নগৰ আছিল, গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
עין רמון ועתר ועשן ערים ארבע וחצריהן׃
8 এই গাওঁবোৰ নগৰৰ চাৰিওফালে নগৰবোৰৰ সৈতে একেলগে বলাৎ-বেৰ অৰ্থাৎ দক্ষিণ অঞ্চলৰ ৰামালৈকে আছিল৷ এয়েই আছিল চিমিয়োনৰ ফৈদৰ নিজ নিজ বংশ অনুসাৰে দিয়া উত্তৰাধিকাৰ।
וכל החצרים אשר סביבות הערים האלה עד בעלת באר ראמת נגב זאת נחלת מטה בני שמעון למשפחתם׃
9 এয়ে আছিল চিমিয়োনৰ ফৈদক দিয়া উত্তৰাধিকাৰ৷ ই যিহূদা বংশৰ অঞ্চলৰ পৰা আৰম্ভ হৈছিল, কিয়নো যিহূদা ফৈদক দিয়া অংশ তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক আছিল৷ চিমিয়োনৰ ফৈদে তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ উত্তৰাধিকাৰৰ মাজৰ পৰা ভাগ পাইছিল।
מחבל בני יהודה נחלת בני שמעון כי היה חלק בני יהודה רב מהם וינחלו בני שמעון בתוך נחלתם׃
10 ১০ তৃতীয়বাৰ চিঠি খেলাওঁতে নিজ নিজ বংশ অনুসাৰে জবূলূনৰ ফৈদৰ নামত উঠিল। তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা চাৰীদৰ পৰা আৰম্ভণ হ’ল৷
ויעל הגורל השלישי לבני זבולן למשפחתם ויהי גבול נחלתם עד שריד׃
11 ১১ তেওঁলোকৰ সীমা পশ্চিমফালে উঠি মৰলালৈকে গৈ, দাব্বেচতত লাগিল; তাৰ পাছত ই বাঢ়ি গৈ যক্‌নীয়ামৰ সন্মুখত থকা জুৰিত লাগিলগৈ।
ועלה גבולם לימה ומרעלה ופגע בדבשת ופגע אל הנחל אשר על פני יקנעם׃
12 ১২ আৰু সেই সীমা চাৰীদৰ পৰা পুব ফাললৈ ঘূৰি, কিশ্লোৎ-তাবোৰৰ সীমালৈকে গ’ল৷ তাৰ পৰা দাবৰতত ওলাই যাফীয়ালৈকো উঠি গ’ল৷
ושב משריד קדמה מזרח השמש על גבול כסלת תבר ויצא אל הדברת ועלה יפיע׃
13 ১৩ সেই ঠাইৰ পৰা পূব ফাল হৈ গৎ-হেফৰ আৰু এৎ-কাচিনেদি গৈ, নয়ালৈকে বিস্তৃত হোৱা ৰিম্মোনলৈ গ’ল৷
ומשם עבר קדמה מזרחה גתה חפר עתה קצין ויצא רמון המתאר הנעה׃
14 ১৪ আৰু সেই সীমাই উত্তৰ ফালে ঘূৰি হন্নাথোনলৈকে গ’ল আৰু যিপ্তহ-এল উপত্যকাত তাৰ অন্ত হ’ল৷
ונסב אתו הגבול מצפון חנתן והיו תצאתיו גי יפתח אל׃
15 ১৫ কটৎ, নহলাল, চিম্ৰোণ, যিদালা, আৰু বৈৎলেহেম, গাৱেঁৰে সৈতে বাৰখন নগৰ এই অঞ্চলটোত অন্তর্ভুক্ত আছিল৷ তাত বাৰখন নগৰ আছিল৷ তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
וקטת ונהלל ושמרון וידאלה ובית לחם ערים שתים עשרה וחצריהן׃
16 ১৬ এইটোৱেই আছিল জবূলূন ফৈদৰ উত্তৰাধিকাৰ; এই নগৰবোৰ তেওঁলোকৰ গাৱেঁৰে সৈতে অন্তর্ভুক্ত আছিল।
זאת נחלת בני זבולן למשפחותם הערים האלה וחצריהן׃
17 ১৭ পাছত আকৌ চতুর্থবাৰ চিঠি খেলাওঁতে, ইচাখৰৰ নামত উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে ইয়াক দিয়া হ’ল।
ליששכר יצא הגורל הרביעי לבני יששכר למשפחותם׃
18 ১৮ তেওঁলোকৰ সীমা যিজ্ৰিয়েল, মচুল্লোৎ, চুনেম,
ויהי גבולם יזרעאלה והכסולת ושונם׃
19 ১৯ হফাৰয়িম, চিয়োন, অনহৰৎ,
וחפרים ושיאן ואנחרת׃
20 ২০ ৰব্বীৎ কিচিয়োন, এবচ,
והרבית וקשיון ואבץ׃
21 ২১ ৰেমৎ, অয়ীন-গন্নীম, এয়িন-হদ্দা আৰু বৈৎ-পচেচলৈ হ’ল৷
ורמת ועין גנים ועין חדה ובית פצץ׃
22 ২২ তেওঁলোকৰ সীমাবোৰ, চহচিমা আৰু বৈৎ-চেমচ’তটো লাগিল আৰু তেওঁলোকৰ সীমাৰ অন্ত যৰ্দ্দনত পৰিল৷ তাত ষোল্লখন নগৰ আছিল, তেওঁলোকৰ গাওঁসমূহ গণনা কৰা হোৱা নাছিল।
ופגע הגבול בתבור ושחצומה ובית שמש והיו תצאות גבולם הירדן ערים שש עשרה וחצריהן׃
23 ২৩ এইবোৰেই আছিল ইচাখৰৰ বংশক দিয়া উত্তৰাধিকাৰ; তেওঁলোকৰ এই অঞ্চল নগৰবোৰৰ সৈতে তেওঁলোকৰ গাৱঁৰ লগত অন্তর্ভুক্ত আছিল৷
זאת נחלת מטה בני יששכר למשפחתם הערים וחצריהן׃
24 ২৪ পঞ্চমবাৰ চিঠি খেলাওঁতে, আচেৰৰ ফৈদৰ নামত উঠিল আৰু নিজ নিজ বংশ অনুসাৰে তেওঁলোকক দিয়া হ’ল।
ויצא הגורל החמישי למטה בני אשר למשפחותם׃
25 ২৫ তেওঁলোকৰ সীমা হিল্কৎ, হলি, বেটন, অক্‌চফ,
ויהי גבולם חלקת וחלי ובטן ואכשף׃
26 ২৬ অল্লম্মেক, অমাদ আৰু মিচাল আছিল৷ সেই সীমা পশ্চিম ফালে কৰ্মিল আৰু চিহোৰ লিব্‌নাতলৈ বিস্তৃত্ব হ’ল।
ואלמלך ועמעד ומשאל ופגע בכרמל הימה ובשיחור לבנת׃
27 ২৭ পাছত সেই সীমা পূব দিশে ঘূৰি বৈৎ-দাগোনলৈ গ’ল আৰু বৈৎ-এমকৰ ও নিয়েলৰ উত্তৰ ফালে জবূলূন আৰু যিপ্তহ-এল উপত্যকাত লাগি উত্তৰত থকা কাবূলৰ দিশে গ’ল।
ושב מזרח השמש בית דגן ופגע בזבלון ובגי יפתח אל צפונה בית העמק ונעיאל ויצא אל כבול משמאל׃
28 ২৮ পাছত এই সীমা এব্ৰোণ, ৰহোব, হম্মোণ, কান্না আৰু মহাচীদোনলৈকে ওলাই গ’ল৷
ועברן ורחב וחמון וקנה עד צידון רבה׃
29 ২৯ পাছত সেই সীমা ঘূৰি ৰামালৈ গ’ল আৰু গড়েৰে আবৃত থকা তূৰ নগৰলৈ গ’ল৷ পাছত আকৌ ঘূৰি হোচালৈ গৈ তাৰ অন্ত অকজীব অঞ্চলৰ সমুদ্ৰত পৰিল;
ושב הגבול הרמה ועד עיר מבצר צר ושב הגבול חסה ויהיו תצאתיו הימה מחבל אכזיבה׃
30 ৩০ উম্মা, অফেক আৰু ৰহোব৷ তাত বাইশখন নগৰ আছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
ועמה ואפק ורחב ערים עשרים ושתים וחצריהן׃
31 ৩১ এইটোৱেই আছিল আচেৰৰ ফৈদৰ উত্তৰাধিকাৰ, যি নগৰবোৰ গাৱেঁৰে সৈতে তেওঁলোকৰ বংশক দিয়া হৈছিল৷
זאת נחלת מטה בני אשר למשפחתם הערים האלה וחצריהן׃
32 ৩২ ষষ্ঠবাৰ চিঠি খেলাওঁতে, নপ্তালীৰ ফৈদৰ নামত উঠিল আৰু এইবোৰ তেওঁলোকৰ বংশক দিয়া হৈছিল৷
לבני נפתלי יצא הגורל הששי לבני נפתלי למשפחתם׃
33 ৩৩ তেওঁলোকৰ সীমা হেলফৰ পৰা, চনন্নীমৰ ওচৰত থকা এলোন গছৰ পৰা, অদামি-ৰেকব আৰু যবনীয়েলৰ পৰা লক্কুমলৈ, এইদৰে যৰ্দ্দনত তাৰ অন্ত পৰিল৷
ויהי גבולם מחלף מאלון בצעננים ואדמי הנקב ויבנאל עד לקום ויהי תצאתיו הירדן׃
34 ৩৪ আৰু সেই সীমা পশ্চিমফাললৈ ঘূৰি অজোনৎতাবোৰলৈকে গ’ল আৰু তাৰ পৰা হুক্কোকলৈ গৈ দক্ষিণফালে জবূলূনৰ লগ লাগিল আৰু পশ্চিম ফালে থকা আচেৰত উপনীত হৈ পূৱফালে যিহূদাত যৰ্দ্দনৰ ওচৰত লাগিল।
ושב הגבול ימה אזנות תבור ויצא משם חוקקה ופגע בזבלון מנגב ובאשר פגע מים וביהודה הירדן מזרח השמש׃
35 ৩৫ গড়েৰে আবৃত নগৰবোৰ চিদ্দীম, চেৰ, হম্মৎ, ৰক্কৎ, কিন্নেৰৎ,
וערי מבצר הצדים צר וחמת רקת וכנרת׃
36 ৩৬ অদামা, ৰামা, হাচোৰ,
ואדמה והרמה וחצור׃
37 ৩৭ কেদচ, ইদ্ৰেয়ী আৰু অয়িন-হাচোৰ আছিল৷
וקדש ואדרעי ועין חצור׃
38 ৩৮ আৰু তাত যিৰোণ, মিগ্‌দল-এল, হৰেম, বৈৎ-অনাৎ আৰু বৈৎ-চেমচ৷ তাত ঊনৈশখন নগৰ অাছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
ויראון ומגדל אל חרם ובית ענת ובית שמש ערים תשע עשרה וחצריהן׃
39 ৩৯ এয়ে আছিল নপ্তালীৰ ফৈদৰ উত্তৰাধিকাৰ। এই নগৰবোৰ তেওঁলোকৰ বংশক গাওঁবোৰৰ সৈতে দিয়া হৈছিল।
זאת נחלת מטה בני נפתלי למשפחתם הערים וחצריהן׃
40 ৪০ সপ্তমবাৰ চিঠি খেলাতে দান ফৈদৰ নাম উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে তাক দিয়া হ’ল৷
למטה בני דן למשפחתם יצא הגורל השביעי׃
41 ৪১ তেওঁলোকৰ উত্তৰাধিকাৰৰ অঞ্চলত চৰা, ইষ্টায়োল, ঈৰ-চেমচ,
ויהי גבול נחלתם צרעה ואשתאול ועיר שמש׃
42 ৪২ চাল্বিন, অয়ালোন আৰু যিৎলা অন্তর্ভুক্ত আছিল৷
ושעלבין ואילון ויתלה׃
43 ৪৩ আকৌ ইয়াত এলোন, তিম্না, ইক্ৰোণ,
ואילון ותמנתה ועקרון׃
44 ৪৪ ইল্টকি, গিব্বথোন, বালাৎ,
ואלתקה וגבתון ובעלת׃
45 ৪৫ যীহূদ, বনে-বৰক, গৎ-ৰিম্মোণ,
ויהד ובני ברק וגת רמון׃
46 ৪৬ মে-যৰ্কোণ, ৰক্কোন আৰু যাফোৰ সন্মূখত থকা অঞ্চলসমূহ অন্তর্ভুক্ত আছিল।
ומי הירקון והרקון עם הגבול מול יפו׃
47 ৪৭ কিন্তু দানৰ উত্তৰাধিকাৰৰ সেই অঞ্চল যেতিয়া হেৰুৱালে, তেতিয়া দানে লেচমৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি, তাক হাত কৰি ল’লে৷ তেওঁলোকে সেই ঠাইৰ সকলোকে তৰোৱালেৰে বধ কৰি, সেই ঠাই অধিকাৰ কৰি তাত বাস কৰিলে৷ তেওঁলোকে নিজৰ পূৰ্বপুৰুষ দানৰ নামেৰে লেচমৰ নামো দান ৰাখিলে।
ויצא גבול בני דן מהם ויעלו בני דן וילחמו עם לשם וילכדו אותה ויכו אותה לפי חרב וירשו אותה וישבו בה ויקראו ללשם דן כשם דן אביהם׃
48 ৪৮ এইটোৱেই আছিল দানৰ ফৈদৰ উত্তৰাধিকাৰ আৰু গাৱঁৰে সৈতে নগৰবোৰ তেওঁলোকক বংশ অনুসাৰে দিয়া হৈছিল৷
זאת נחלת מטה בני דן למשפחתם הערים האלה וחצריהן׃
49 ৪৯ যেতিয়া তেওঁলোকৰ উত্তৰাধিকাৰত থকা নিজ নিজ সীমা অনুসাৰে দেশ ভগাই দিয়া হ’ল, তেতিয়া ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ মাজত নুনৰ পুত্ৰ যিহোচূৱাক এক উত্তৰাধিকাৰ দিলে৷
ויכלו לנחל את הארץ לגבולתיה ויתנו בני ישראל נחלה ליהושע בן נון בתוכם׃
50 ৫০ ইফ্ৰয়িম পৰ্বতত থকা তেওঁ খোজা তিম্নৎ-চেৰহ নগৰ যিহোৱাৰ বাক্য অনুসাৰে তেওঁলোকে তেওঁক দিলে৷ তেওঁ সেই নগৰ পুনৰায় সাজি তাত বাস কৰিলে।
על פי יהוה נתנו לו את העיר אשר שאל את תמנת סרח בהר אפרים ויבנה את העיר וישב בה׃
51 ৫১ ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েল লোকসকলৰ মাজত পূর্ব-পুৰুষ সন্তান সকলৰ ফৈদৰ মুখীয়ালসকলৰ উত্তৰাধিকাৰবোৰ এই, যিবোৰ চীলোত যিহোৱাৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত চিঠি খেলাই অধিকাৰৰ অৰ্থে ভাগ বাঁটি দিয়া হৈছিল। এইদৰে তেওঁলোকে দেশ ভাগ কৰি ল’লে।
אלה הנחלת אשר נחלו אלעזר הכהן ויהושע בן נון וראשי האבות למטות בני ישראל בגורל בשלה לפני יהוה פתח אהל מועד ויכלו מחלק את הארץ׃

< যোশুয়া 19 >