< যোশুয়া 18 >

1 পাছত ইস্ৰায়েলৰ সন্তান সকলৰ সমাজে চীলোত গোট খালে আৰু সেই ঠাইতে সাক্ষাৎ কৰা তম্বু স্থাপন কৰিলে৷ আৰু সন্মুখত থকা দেশ তেওঁলোকে বশীভুত কৰিলে৷
И собрася весь сонм сынов Израилевых в Силом, и водрузиша тамо скинию свидения: и земля одержася от них.
2 ইস্ৰায়েলৰ লোকসকলৰ মাজত সেই সাতোটা ফৈদৰ উত্তৰাধিকাৰ তেতিয়ালৈকে নিৰূপিত হোৱা নাছিল৷
И осташася сынове Израилевы, иже не наследиша наследия своего седмь племен.
3 যিহোচূৱাই ইস্ৰায়েলৰ লোকসকলক ক’লে, “তোমালোকৰ পুৰ্ব্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া দেশত যাবলৈ কিমান কাল অৱহেলা কৰি থাকিবা?”
И рече Иисус сыном Израилевым: доколе вы разслабляетеся внити наследити землю, юже даде вам Господь Бог отец ваших?
4 প্ৰত্যেক ফৈদৰ পৰা তিনি জনকৈ ব্যক্তি তোমালোকৰ নিজৰ কাৰণে নিযুক্ত কৰা৷ মই তেওঁলোকক পঠিয়াম৷ তেওঁলোকে গৈ দেশৰ সকলো ঠাইৰ বিষয়ে নিৰীক্ষণ কৰিব৷ তেওঁলোকে নিজ নিজ উত্তৰাধিকাৰৰ বিষয়ে বর্ণনা কৰি লিখিব আৰু তাৰ পাছত মোৰ ওচৰলৈ উভতি আহিব।
Дайте от вас по три мужы от племене, и послю их, и воставше да пройдут землю и да опишут ю предо мною, якоже есть лепо разделити ю. И приидоша к нему.
5 তেওঁলোকে সেই ঠাই সাতোটা ভাগ কৰিব৷ যিহূদা দক্ষিণফালে থকা তেওঁলোকৰ সীমাৰ ভিতৰত থাকিব আৰু উত্তৰ ফালে আগতে থকাৰ দৰে যোচেফৰ বংশই নিজৰ সীমাত থাকিব।
И раздели им на седмь частей: Иуда да поставит предел своим от лива, и сынове Иосифли да поставят предел своим от севера:
6 এইদৰে তোমালোকে দেশখন সাত অংশ কৰি, সেই বিষয়ে বৰ্ণনা লিখি মোৰ ওচৰলৈ আনিবা৷ মই ইয়াত, আমাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে তোমালোকৰ বাবে চিঠি খেলাম।
вы же разделите землю на седмь частей, и принесите ко мне семо, и изнесу вам жребий пред Господем Богом вашим:
7 তোমালোকৰ মাজত লেবীয়াসকলৰ কোনো ভাগ নাই কিয়নো যিহোৱাৰ পুৰোহিতৰ পদেই তেওঁলোকৰ উত্তৰাধিকাৰ৷ গাদ, ৰূবেণ আৰু মনচিৰ আধা ফৈদে যৰ্দ্দনৰ সিপাৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে।
несть бо части у вас сыном Левииным, зане жречество Господне часть их: Гад же и Рувим и полплемене Манассиина взяша наследие свое об ону страну Иордана на востоки, еже даде им Моисей раб Господень.
8 তেতিয়া সেই লোকসকল উঠি তালৈ গ’ল; যিসকল দেশৰ বৰ্ণনা লিখি আনিবলৈ যোৱা লোক আছিল, সেই লোকসকলক যিহোচূৱাই এই আজ্ঞা দি ক’লে, “তোমালোকে গৈ দেশৰ উচ্চ আৰু নিম্ন ভূমি অঞ্চলৰ সকলো ফালে ফুৰি, দেশৰ বৰ্ণনা লিখি মোৰ ওচৰলৈ উভতি আহিবা৷ মই এই চীলোত, যিহোৱাৰ সাক্ষাতে, তোমালোকৰ বাবে চিঠি খেলাম।”
И воставше мужие поидоша. И заповеда Иисус мужем идущым описати землю, глаголя: идите и обыдите землю, и опишите ю, и приидите ко мне, и изнесу вам зде жребий пред Господем в Силоме.
9 তেতিয়া সেই লোক কেইজন গৈ দেশখনৰ সকলো ঠাই ফুৰি, প্ৰত্যেক নগৰ অনুসাৰে সাতোটা ভাগৰ আৰু প্ৰত্যেক ভাগৰ নগৰসমূহৰ তালিকা কৰি, নুৰিয়াই ৰখা কাকতত বৰ্ণনা লিখিলে৷ তাৰ পাছত তেওঁলোকে চীলোৰ ছাউনিত থকা যিহোচূৱাৰ ওচৰলৈ উভতি আহিল।
И идоша мужие, и обыдоша землю и соглядаша ю, и описаша ю по градом ея на седмь частей в книгу, и принесоша ко Иисусу в полк в Силом.
10 ১০ তেতিয়া যিহোচূৱাই চীলোত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ অৰ্থে চিঠি খেলালে৷ এইদৰে যিহোচূৱাই সেই ঠাইতে ইস্ৰায়েলৰ লোকসকলৰ ভাগ অনুসাৰে দেশখন ভাগ কৰি তেওঁলোকক দিলে।
И верже им Иисус жребий пред Господем в Силоме: и раздели тамо землю Иисус сыном Израилевым по разделению их.
11 ১১ নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদক মাটিৰ ভাগ দিয়া হ’ল৷ তেওঁলোকক ভাগ দিয়া অংশৰ অঞ্চল যিহূদাৰ বংশধৰ আৰু যোচেফৰ বংশধৰৰ মাজত অৱস্থিত আছিল৷
И изыде жребий племене сынов Вениаминовых первый по сонмом их: и изыдоша пределы жребия их посреде сынов Иудиных и посреде сынов Иосифовых.
12 ১২ তেওঁলোকৰ উত্তৰ ফালৰ সীমা যৰ্দ্দনত আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা উঠি গৈ যিৰীহোৰ উত্তৰ ফালে থকা পর্বতমালা হৈ পশ্চিম দিশে থকা পর্বতৰ দেশলৈকে হ’ল৷ তাৰ পাছত সেই সীমা বৈৎ-আবনৰ মৰুপ্ৰান্তত উপনীত হ’ল৷
И быша пределы их от севера: от Иордана взыдут пределы созади Иерихона к северу и взыдут к горе к морю, и будет исход его Мавдарит Вефавн:
13 ১৩ তাৰ পৰা সেই সীমা লুজ অৰ্থাৎ বৈৎএলৰ দক্ষিণ দাঁতিলৈ গ’ল৷ তাৰ পাছত বৈৎ-হোৰোণৰ দক্ষিণে থকা পৰ্ব্বতেদি অটৰোৎ-অদ্দৰৰ তললৈ নামি গ’ল।
и пройдут оттуду пределы Лузы созади Лузы от юга: сия есть Вефиль: и снидут пределы сии от Атароф-Аддар на горную, яже есть к ливу Вефорон нижний,
14 ১৪ বৈৎ-হোৰোণৰ সন্মূখত থকা পর্বতৰ পৰা সেই সীমা পশ্চিম দিশে ঘূৰি যিহূদাৰ গোষ্ঠীৰ নগৰ কিৰিয়ৎ-বাল অর্থাৎ কিৰিয়ৎ-যিয়াৰীমত ইয়াৰ সীমাৰ অন্ত পৰিল; এইদৰে পশ্চিম সীমা গঠন কৰিলে।
и прейдут пределы, и обыдут к стране зрящи к морю от ливы, от горы к лицу Вефорон Лива, и будет исход его в Кариаф-Ваал: сей есть Кариафиарим, Град сынов Иудиных. Сия есть часть яже к морю.
15 ১৫ দক্ষিণ ফালৰ সীমা থিক কিৰিয়ৎ-যিয়াৰীমৰ অন্তৰ পৰা আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা ইফ্ৰোণ হৈ নেপ্তোহ নামৰ জলৰ ভুমুকলৈ হ’ল।
И часть яже к ливу от части Кариаф-Ваал: и пройдут пределы морския в Гаин, на источник воды Наффоновы,
16 ১৬ পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাৰ সন্মুখে আৰু ৰফায়ীম পৰ্ব্বতৰ উত্তৰ ফালে থকা পৰ্বতৰ তললৈকে নামি গৈ, হিন্নোমৰ উপত্যকেদি যিবুচিৰ দক্ষিণ কাষলৈ নামি অয়িন-ৰোগেললৈ গ’ল।
и снидут пределы на страну горы, яже есть пред лицем дубравы, сына Енома, яже есть от части емек Рафаин от севера, и снидут к Геенному созади Иевуса от юга, и снидут на источник Рогиль,
17 ১৭ পাছত উত্তৰ ফালে ঘূৰি, সেই সীমা অয়িন-চেমচৰ দিশে গলীলোতত ওলাল, যি অদুম্মীমলৈ উঠি যোৱা পথৰ বিপৰীতে অৱস্থিত আছিল৷ পাছত সেই সীমা বোহনৰ শিলটোলৈকে নামি গ’ল৷
и пройдут сквозе от севера, и пройдут на источник Самеса, и пройдут на Галилоф, иже есть прямо к восходу Едомим: и снидут на камень Ваан сынов Рувимлих,
18 ১৮ পাছত এই সীমাটো বৈৎ-অৰাবৰ উত্তৰে গৈ অৰাবালৈ নামি গ’ল;
и пройдут созади вефаравы от севера, и снидут ко араве,
19 ১৯ সেই সীমা বৈৎ-হগ্লাৰ উত্তৰ দিশে গৈ যৰ্দ্দনৰ দক্ষিণ মুৰত থকা লৱণ-সমুদ্ৰৰ উত্তৰ উপসাগৰত শেষ হ’ল৷ এয়ে দক্ষিণ ফালে থকা সীমা আছিল৷
и снидут с Аравы (на) пределы созади Вефагла от севера, и будет исход пределов на холм моря Сланаго от севера в страну Иорданову от ливы. Сии пределы суть от юга: и Иордан определит ю от страны востока.
20 ২০ যৰ্দ্দনেই পূবফালে তাৰ সীমা গঠন কৰিলে। এয়ে আছিল বিন্যামীনৰ ফৈদৰ উত্তৰাধিকাৰ, এই সীমাৰ চাৰিওফালে থকা ঠাই তেওঁলোকক বংশ অনুসাৰে দিয়া হ’ল।
Сие наследие сынов Вениаминовых, пределы его окрест по сонмом их.
21 ২১ নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদৰ নগৰবোৰ আছিল যিৰীহো, বৈৎ-হগ্লা, এমক-কচিচ,
И быша грады племене сынов Вениаминовых по сонмом их, Иерихо и Вифагла и Амеккасис,
22 ২২ বৈৎ-অৰাবা, চমাৰয়িম, বৈৎএল।
и Вефарава и Семрим и Вифил,
23 ২৩ অব্বীম, পাৰা, অফ্ৰা,
и Авим и Афара, и Афра (и Екарен),
24 ২৪ কফৰ-অন্মোনী, অফনী আৰু গেবা৷ এই বাৰখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল।
и Кафираммин и Афни и Гаваа: грады дванадесять и веси их:
25 ২৫ তাৰ ওপৰিও আন নগৰবোৰ হ’ল, যেনে - গিবিয়োন, ৰামা, বেৰোৎ,
Гаваон и Рама и Вироф,
26 ২৬ মিস্পী, কফীৰা, মোচা,
и Масфа и Хефира и Амоса,
27 ২৭ ৰেকম, যিৰ্পেল, তৰলা,
и Рекем и Иерфаил и Фарала,
28 ২৮ চেলা, এলফ আৰু যিবুচী অৰ্থাৎ যিৰূচালেম, গিবিয়ৎ আৰু কিৰিয়ৎ৷ এই চৌধ্যখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল। এই অঞ্চলবোৰত বিন্যামীনৰ নিজ নিজ বংশ অনুসাৰে উত্তৰাধিকাৰ আছিল৷
и Силалеф и Иевус (сей есть Иерусалим), и Гавааф и Град Иарим: грады тринадесять и веси их. Сие наследие сынов Вениаминовых по сонмом их.

< যোশুয়া 18 >