< যোশুয়া 18 >
1 ১ পাছত ইস্ৰায়েলৰ সন্তান সকলৰ সমাজে চীলোত গোট খালে আৰু সেই ঠাইতে সাক্ষাৎ কৰা তম্বু স্থাপন কৰিলে৷ আৰু সন্মুখত থকা দেশ তেওঁলোকে বশীভুত কৰিলে৷
Atagonjetsa dziko lonse Aisraeli anasonkhana ku Silo ndipo anayimikako tenti ya msonkhano.
2 ২ ইস্ৰায়েলৰ লোকসকলৰ মাজত সেই সাতোটা ফৈদৰ উত্তৰাধিকাৰ তেতিয়ালৈকে নিৰূপিত হোৱা নাছিল৷
Koma pa nthawiyo nʼkuti mafuko asanu ndi awiri a Aisraeli asanalandire cholowa chawo.
3 ৩ যিহোচূৱাই ইস্ৰায়েলৰ লোকসকলক ক’লে, “তোমালোকৰ পুৰ্ব্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া দেশত যাবলৈ কিমান কাল অৱহেলা কৰি থাকিবা?”
Ndipo Yoswa anati kwa Aisraeli, “Kodi mudikira mpaka liti kuti mulowe ndi kulanda dziko limene Yehova Mulungu wa makolo anu wakupatsani?
4 ৪ প্ৰত্যেক ফৈদৰ পৰা তিনি জনকৈ ব্যক্তি তোমালোকৰ নিজৰ কাৰণে নিযুক্ত কৰা৷ মই তেওঁলোকক পঠিয়াম৷ তেওঁলোকে গৈ দেশৰ সকলো ঠাইৰ বিষয়ে নিৰীক্ষণ কৰিব৷ তেওঁলোকে নিজ নিজ উত্তৰাধিকাৰৰ বিষয়ে বর্ণনা কৰি লিখিব আৰু তাৰ পাছত মোৰ ওচৰলৈ উভতি আহিব।
Sankhani amuna atatu kuchokera ku fuko lililonse ndipo ine ndidzawatuma kuti akayendere dzikolo ndi kukalilembera bwino kuti ndiligawe kukhala lawo. Akatero, abwererenso kwa ine.
5 ৫ তেওঁলোকে সেই ঠাই সাতোটা ভাগ কৰিব৷ যিহূদা দক্ষিণফালে থকা তেওঁলোকৰ সীমাৰ ভিতৰত থাকিব আৰু উত্তৰ ফালে আগতে থকাৰ দৰে যোচেফৰ বংশই নিজৰ সীমাত থাকিব।
Aligawe dzikolo mʼzigawo zisanu ndi ziwiri; fuko la Yuda lidzakhale ndi dziko lake la kummwera ndi nyumba ya Yosefe ikhalebe mʼdziko lawo la kumpoto.
6 ৬ এইদৰে তোমালোকে দেশখন সাত অংশ কৰি, সেই বিষয়ে বৰ্ণনা লিখি মোৰ ওচৰলৈ আনিবা৷ মই ইয়াত, আমাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে তোমালোকৰ বাবে চিঠি খেলাম।
Mudzalembe mawu ofotokoza za zigawo zisanu ndi ziwiri za dzikolo, ndi kubwera nawo kwa ine. Tsono ineyo ndidzakuchitirani maere pamaso pa Yehova Mulungu wanu.
7 ৭ তোমালোকৰ মাজত লেবীয়াসকলৰ কোনো ভাগ নাই কিয়নো যিহোৱাৰ পুৰোহিতৰ পদেই তেওঁলোকৰ উত্তৰাধিকাৰ৷ গাদ, ৰূবেণ আৰু মনচিৰ আধা ফৈদে যৰ্দ্দনৰ সিপাৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে।
Alevi asakhale ndi dziko pakati panu, chifukwa gawo lawo ndi kutumikira Yehova pa ntchito ya unsembe. Ndipo Gadi, Rubeni ndi theka la fuko la Manase analandira kale cholowa chawo kummawa kwa Yorodani. Mose mtumiki wa Yehova ndiye anawapatsa.”
8 ৮ তেতিয়া সেই লোকসকল উঠি তালৈ গ’ল; যিসকল দেশৰ বৰ্ণনা লিখি আনিবলৈ যোৱা লোক আছিল, সেই লোকসকলক যিহোচূৱাই এই আজ্ঞা দি ক’লে, “তোমালোকে গৈ দেশৰ উচ্চ আৰু নিম্ন ভূমি অঞ্চলৰ সকলো ফালে ফুৰি, দেশৰ বৰ্ণনা লিখি মোৰ ওচৰলৈ উভতি আহিবা৷ মই এই চীলোত, যিহোৱাৰ সাক্ষাতে, তোমালোকৰ বাবে চিঠি খেলাম।”
Anthuwo akupita kukalembera dzikolo, Yoswa anawalangiza kuti, “Pitani mukayendere ndi kulembera dzikolo. Kenaka mukabwere kwa ine, ndidzakuchitirani maere kuno ku Silo pamaso pa Yehova.”
9 ৯ তেতিয়া সেই লোক কেইজন গৈ দেশখনৰ সকলো ঠাই ফুৰি, প্ৰত্যেক নগৰ অনুসাৰে সাতোটা ভাগৰ আৰু প্ৰত্যেক ভাগৰ নগৰসমূহৰ তালিকা কৰি, নুৰিয়াই ৰখা কাকতত বৰ্ণনা লিখিলে৷ তাৰ পাছত তেওঁলোকে চীলোৰ ছাউনিত থকা যিহোচূৱাৰ ওচৰলৈ উভতি আহিল।
Ndipo anthu anachoka ndi kukayendera dziko lonse. Iwo analemba bwinobwino mʼbuku za dzikolo, mzinda ndi mzinda. Analigawa magawo asanu ndi awiri, ndipo anabwerera kwa Yoswa ku misasa ya ku Silo.
10 ১০ তেতিয়া যিহোচূৱাই চীলোত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ অৰ্থে চিঠি খেলালে৷ এইদৰে যিহোচূৱাই সেই ঠাইতে ইস্ৰায়েলৰ লোকসকলৰ ভাগ অনুসাৰে দেশখন ভাগ কৰি তেওঁলোকক দিলে।
Pambuyo pake Yoswa anawachitira maere ku Silo pamaso pa Yehova, ndipo fuko lililonse la Israeli analigawira dziko lake.
11 ১১ নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদক মাটিৰ ভাগ দিয়া হ’ল৷ তেওঁলোকক ভাগ দিয়া অংশৰ অঞ্চল যিহূদাৰ বংশধৰ আৰু যোচেফৰ বংশধৰৰ মাজত অৱস্থিত আছিল৷
Maere anagwera mabanja a fuko la Benjamini. Dziko limene anapatsidwa linali pakati pa fuko la Yuda ndi fuko la Yosefe:
12 ১২ তেওঁলোকৰ উত্তৰ ফালৰ সীমা যৰ্দ্দনত আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা উঠি গৈ যিৰীহোৰ উত্তৰ ফালে থকা পর্বতমালা হৈ পশ্চিম দিশে থকা পর্বতৰ দেশলৈকে হ’ল৷ তাৰ পাছত সেই সীমা বৈৎ-আবনৰ মৰুপ্ৰান্তত উপনীত হ’ল৷
Mbali ya kumpoto malire awo anayambira ku Yorodani nalowera chakumpoto kwa matsitso a ku Yeriko kulowera cha kumadzulo kwa dziko la ku mapiri ndi kukafika ku chipululu cha Beti-Aveni.
13 ১৩ তাৰ পৰা সেই সীমা লুজ অৰ্থাৎ বৈৎএলৰ দক্ষিণ দাঁতিলৈ গ’ল৷ তাৰ পাছত বৈৎ-হোৰোণৰ দক্ষিণে থকা পৰ্ব্বতেদি অটৰোৎ-অদ্দৰৰ তললৈ নামি গ’ল।
Kuchokera kumeneko malirewo analoza ku Luzi nadutsa mʼmbali mwa mapiri kummwera kwa Luzi (ndiye Beteli) ndipo anatsika mpaka ku Ataroti Adari, ku mapiri a kummwera kwa Beti-Horoni wa Kumunsi.
14 ১৪ বৈৎ-হোৰোণৰ সন্মূখত থকা পর্বতৰ পৰা সেই সীমা পশ্চিম দিশে ঘূৰি যিহূদাৰ গোষ্ঠীৰ নগৰ কিৰিয়ৎ-বাল অর্থাৎ কিৰিয়ৎ-যিয়াৰীমত ইয়াৰ সীমাৰ অন্ত পৰিল; এইদৰে পশ্চিম সীমা গঠন কৰিলে।
Ndipo malirewo analowanso kwina, analunjika kummwera kuchokera kumadzulo kwake kwa phiri loyangʼanana ndi Beti-Horoni, mpaka ku mzinda wa Kiriyati Baala (ndiye Kiriati Yearimu), mzinda wa anthu a fuko la Yuda. Amenewa ndiye anali malire a mbali ya kumadzulo.
15 ১৫ দক্ষিণ ফালৰ সীমা থিক কিৰিয়ৎ-যিয়াৰীমৰ অন্তৰ পৰা আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা ইফ্ৰোণ হৈ নেপ্তোহ নামৰ জলৰ ভুমুকলৈ হ’ল।
Malire a kummwera anayambira mʼmphepete mwenimweni mwa Kiriati Yearimu napita kumadzulo mpaka kukafika ku akasupe a Nefitowa.
16 ১৬ পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাৰ সন্মুখে আৰু ৰফায়ীম পৰ্ব্বতৰ উত্তৰ ফালে থকা পৰ্বতৰ তললৈকে নামি গৈ, হিন্নোমৰ উপত্যকেদি যিবুচিৰ দক্ষিণ কাষলৈ নামি অয়িন-ৰোগেললৈ গ’ল।
Malire anatsikira mʼmphepete mwa phiri loyangʼanana ndi chigwa cha Beni Hinomu, kumpoto kwa chigwa cha Refaimu. Anapitirira kutsikira ku chigwa cha Hinomu kummwera kwa chitunda cha Ayebusi mpaka ku Eni Rogeli.
17 ১৭ পাছত উত্তৰ ফালে ঘূৰি, সেই সীমা অয়িন-চেমচৰ দিশে গলীলোতত ওলাল, যি অদুম্মীমলৈ উঠি যোৱা পথৰ বিপৰীতে অৱস্থিত আছিল৷ পাছত সেই সীমা বোহনৰ শিলটোলৈকে নামি গ’ল৷
Kenaka anakhotera kumpoto kupita ku Eni-Semesi, kupitirira mpaka ku Geliloti amene amayangʼanana ndi pokwera pa Adumimu. Kenaka malire anatsikira ku Mwala wa Bohani, mwana wa Rubeni.
18 ১৮ পাছত এই সীমাটো বৈৎ-অৰাবৰ উত্তৰে গৈ অৰাবালৈ নামি গ’ল;
Anabzola cha kumpoto kwa chitunda cha Beti Araba ndi kutsikabe mpaka ku chigwa cha Yorodani.
19 ১৯ সেই সীমা বৈৎ-হগ্লাৰ উত্তৰ দিশে গৈ যৰ্দ্দনৰ দক্ষিণ মুৰত থকা লৱণ-সমুদ্ৰৰ উত্তৰ উপসাগৰত শেষ হ’ল৷ এয়ে দক্ষিণ ফালে থকা সীমা আছিল৷
Anabzolanso cha kumpoto kwa chitunda cha Beti-Hogila kukafika cha kumpoto ku gombe la Nyanja ya Mchere kumene mtsinje wa Yorodani umathirirako, cha kummwera kwenikweni. Awa anali malire a kummwera.
20 ২০ যৰ্দ্দনেই পূবফালে তাৰ সীমা গঠন কৰিলে। এয়ে আছিল বিন্যামীনৰ ফৈদৰ উত্তৰাধিকাৰ, এই সীমাৰ চাৰিওফালে থকা ঠাই তেওঁলোকক বংশ অনুসাৰে দিয়া হ’ল।
Yorodani ndiye anali malire a mbali ya kummawa. Awa anali malire a dziko limene mabanja a fuko la Benjamini analandira.
21 ২১ নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদৰ নগৰবোৰ আছিল যিৰীহো, বৈৎ-হগ্লা, এমক-কচিচ,
Mabanja a fuko la Benjamini anali ndi mizinda iyi; Yeriko, Beti-Hogila, Emeki Kezizi,
22 ২২ বৈৎ-অৰাবা, চমাৰয়িম, বৈৎএল।
Beti-Araba, Zemaraimu, Beteli
23 ২৩ অব্বীম, পাৰা, অফ্ৰা,
Avimu, Para, Ofiri,
24 ২৪ কফৰ-অন্মোনী, অফনী আৰু গেবা৷ এই বাৰখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল।
Kefari-Amoni, Ofini ndi Geba, mizinda khumi ndi awiri ndi midzi yake
25 ২৫ তাৰ ওপৰিও আন নগৰবোৰ হ’ল, যেনে - গিবিয়োন, ৰামা, বেৰোৎ,
Panalinso Gibiyoni, Rama, Beeroti,
26 ২৬ মিস্পী, কফীৰা, মোচা,
Mizipa, Kefira, Moza
27 ২৭ ৰেকম, যিৰ্পেল, তৰলা,
Rekemu, Iripeeli, Tarala,
28 ২৮ চেলা, এলফ আৰু যিবুচী অৰ্থাৎ যিৰূচালেম, গিবিয়ৎ আৰু কিৰিয়ৎ৷ এই চৌধ্যখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল। এই অঞ্চলবোৰত বিন্যামীনৰ নিজ নিজ বংশ অনুসাৰে উত্তৰাধিকাৰ আছিল৷
Zera Haelefu, mzinda wa Ayebusi (ndiye kuti Yerusalemu) Gibeya ndi Kiriati, mizinda 14 ndi midzi yake. Limeneli ndilo dziko limene mabanja a fuko la Benjamini analandira kuti likhale lawo.