< যোশুয়া 17 >

1 এইদৰে মনচি ফৈদলৈ দেশ ভাগ কৰা হ’ল - সেয়াই মাখিৰলৈও, এওঁ মনচিৰ জেষ্ঠ পুত্র আৰু গিলিয়দৰ পিতৃ আছিল৷ মাখিৰৰ বংশধৰসকললৈ গিলিয়দ আৰু বাচানৰ অঞ্চলবোৰ ভাগ কৰা হ’ল; কিয়নো মাখীৰ এজন যুদ্ধাৰু লোক আছিল৷
So fekk Manasse-ætti sin lut; for Manasse var eldste son åt Josef. Makir, eldste son åt Manasse og far åt Gilead, var ein gjæv stridsmann; difor fekk han Gilead og Basanlandet.
2 মনচিৰ আন ফৈদক যি ভাগ দিয়া হৈছিল, সেয়া তেওঁলোকৰ বংশ অনুসাৰে ভাগ কৰা হ’ল- অবীয়াচক, হেলক, অস্ৰীয়েল, চেখম, হেফৰ আৰু চমীদা৷ এওঁলোক মনচিৰ পুত্ৰ আছিল, আৰু মনচি আছিল যোচেফৰ পুত্ৰ। তেওঁলোকক নিজ নিজ বংশ অনুসাৰে ভাগ দিয়া হৈছিল৷
Dei andre Manasse-sønerne fekk og land, kvar ættgrein for seg: borni åt Abiezer og sønerne åt Helek og borni åt Asriel og sønerne åt Sekem og sønerne åt Hefer og sønerne åt Semida; det var borni åt Manasse, son åt Josef, og ættgreinerne deira på mannssida.
3 চলফাদৰৰ কোনো পুত্ৰ নাছিল। চলফাদৰ হেফৰৰ পুত্ৰ, হেফৰ গিলিয়দৰ পুত্ৰ, গিলিয়দ মাখীৰৰ পুত্ৰ, আৰু মাখীৰ মনচিৰ পুত্ৰ আছিল। এওঁৰ কেইজনীমান জীয়েক আছিল; তেওঁৰ জীয়েকসকলৰ নামবোৰ হ’ল মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা।
Men Selofhad, son åt Hefer, som var son åt Gilead og soneson åt Makir, son åt Manasse, hadde ingi søner, berre døtter; og døtterne heitte Mahla og Noa og Hogla og Milka og Tirsa.
4 তেওঁলোকে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু অধ্যক্ষসকলৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই মোচিক আমাৰ ভাইসকলৰ সৈতে আমাকো উত্তৰাধিকাৰ দিবলৈ আজ্ঞা কৰিছিল৷” তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, ইলিয়াজাৰে তেওঁলোকক তেওঁলোকৰ পিতৃৰ ভাইসকলৰ মাজত উত্তৰাধিকাৰৰ ভাগ দিলে।
Dei gjekk fram for Eleazar, øvstepresten, og Josva Nunsson og hovdingarne, og tala so: «Herren sagde til Moses at han skulde gjeva oss odelsjord tilliks med frendarne våre.» So fekk dei odelsjord tilliks med farbrørne sine, soleis som Herren hadde sagt.
5 তেতিয়া মনচিক যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দ আৰু বাচানত দহ ভাগ দিয়া হ’ল;
Det var ti partar som fall på Manasse, umfram Gilead- og Basanlandet austanfor Jordan;
6 কিয়নো পুত্ৰ সন্তান সকলৰ সৈতে মনচিৰ জীয়াৰীসকলকো উত্তৰাধিকাৰ দিয়া হৈছিল; আৰু মনচিৰ আন ফৈদক গিলিয়দ দেশ দিয়া হ’ল।
for døtterne åt Manasse fekk odel tilliks med sønerne hans. Men Gileadlandet hadde dei andre Manasse-ætterne fenge.
7 মনচিৰ সেই সীমা আচেৰৰ পৰা মিকমথতলৈকে, যি চিখিমৰ পূব দিশে আছিল; পাছত সেই সীমা দক্ষিণ দিশ হৈ, অয়িন-তপ্পুহ-নিবাসীসকলৰ ওচৰলৈকে গ’ল।
Fylkesdeilet åt Manasse gjekk frå Aser til Mikmetat, som ligg midt for Sikem; so tok bytestrengen til høgre til En-Tappuahgrenderne.
8 তপ্পুহ অঞ্চল মনচিৰ অধিকাৰত আছিল যদিও মনচিৰ সীমাত থকা তপ্পুহ নগৰ ইফ্ৰয়িমৰ ফৈদৰ অধিকাৰত আছিল৷
Manasse fekk Tappuahbygdi; men Efraims-sønerne fekk byen; han låg tett innåt Manasseskiftet.
9 সেই সীমা তললৈ কান্না জুৰিত নামি গ’ল৷ সেই জুৰিৰ দক্ষিণ ফালে মনচিৰ নগৰবোৰৰ মাজত থকা সেই নগৰবোৰ ইফ্ৰয়িমৰ অধিকাৰত আছিল৷ মনচিৰ সীমা জুৰিৰ উত্তৰ ফালে আছিল আৰু সমুদ্ৰত শেষ হৈছিল৷
So gjekk fylkesdeilet ned til Kanabekken, på sudsida av bekken; men byarne der høyrde Efraim til, endå dei låg millom Manassebyarne. Sidan gjekk fylkesdeilet åt Manasse på nordsida av bekken, til det enda utmed havet;
10 ১০ দক্ষিণ ফালে থকা অঞ্চল ইফ্ৰয়িমৰ অধীনত আৰু উত্তৰ ফালৰ অঞ্চলটো মনচিৰ অধীনত আছিল; সমুদ্ৰই তাৰ সীমা আছিল৷ উত্তৰ ফালে আচেৰত আৰু পূব ফালে ইচাখৰত উপনীত হ’ব পৰা ব্যৱস্থা আছিল।
Efraim fekk det som var sunnanfor, og Manasse det som var nordanfor. So var havet grensa, og sidan skifte dei med Aser i nord og med Issakar i aust.
11 ১১ ইচাখৰত আৰু আচেৰত বৈৎ-চান আৰু তাৰ গাওঁবোৰ, যিব্লিয়ামৰ সৈতে তাৰ গাওঁবোৰ, দোৰ-নিবাসীসকল আৰু তাৰ গাওঁবোৰ, অয়িন দোৰ-নিবাসী আৰু তাৰ গাওঁবোৰ, তানক নিবাসী আৰু তাৰ গাওঁবোৰ আৰু মগিদ্দো নিবাসীসকলৰ সৈতে তাৰ গাওঁবোৰ মনচিৰ অধিকাৰত আছিল; আৰু তৃতীয় নগৰ আছিল নাফেথ৷
I Issakarsfylket og i Asersfylket fekk Manasse Bet-Sean med bygderne ikring, og Jibleam med bygderne ikring, og Dor med grender og bygder, og En-Dor med grender og bygder, og Ta’anak med grender og bygder, og Megiddo med grender og bygder, alt som låg under dei tri høgderne.
12 ১২ তথাপিও মনচিৰ ফৈদে সেই নগৰবোৰক অধিকাৰ কৰিব পৰা নাছিল, কিয়নো কনানীয়া লোকসকলে সেই ঠাইত তেতিয়াও বাস কৰি আছিল।
Men Manasse-sønerne vann ikkje taka desse byarne, og kananitarne fekk tak til å halda seg der i landet.
13 ১৩ পাছত ইস্ৰায়েলৰ লোকসকল যেতিয়া পৰাক্ৰমী হৈ উঠিল, তেতিয়া তেওঁলোকে কনানীয়াসকলক কঠোৰ কাম কৰি দিবলগীয়া লোক হিচাপে বন্দী কৰিলে, কিন্তু তেওঁলোকক সম্পূর্ণৰূপে দূৰ কৰিব নোৱাৰিলে৷
Då Israels-sønerne vart sterkare, nøydde dei kananitarne til å træla for seg, men dreiv deim ut gjorde dei ikkje.
14 ১৪ তেতিয়া যোচেফৰ বংশই যিহোচূৱাৰ আগত নিবেদন কৰি ক’লে, “আপুনি কিয় আমাক কেৱল এই ঠাইৰ এভাগ অধিকাৰ কৰিবলৈ আৰু একাংশৰ উত্তৰাধিকাৰী হ’বলৈ দিলে? যিহেতু আমাৰ সংখ্যাও বেছি আৰু এই কাললৈকে যিহোৱাই আমাক আশীৰ্ব্বাদ কৰি আহিছে৷”
Josefs-sønerne kom til Josva og sagde: «Kvi hev du gjeve oss berre ein lut til odel og eiga? Me er då eit mannsterkt folk, etter di Herren til dessa hev velsigna oss.»
15 ১৫ তেতিয়া যিহোচূৱাই তেওঁলোকক ক’লে, “আপোনালোকৰ সংখ্যা যদি বেছি, তেনেহ’লে ওপৰৰ বনাঞ্চললৈ উঠি গৈ, পৰিজ্জীয়া আৰু ৰফায়ীয়াসকলৰ অঞ্চলটোৰ গছ-গছনি কাটি, নিজৰ বাবে সেই ঠাই পৰিষ্কাৰ কৰি লওঁক৷ আপোনালোকে এই দৰে কৰক কিয়নো ইফ্ৰয়িম পৰ্ব্বত আপোনালোকৰ বাবে অতি সৰু৷”
«Er de so fjølmente, » sagde Josva, «so gakk upp i skogen, og ryd dykk jord der i Perizit- og Refaitlandet, sidan Efraimsheidi er for trong for dykk.»
16 ১৬ তাতে যোচেফৰ সন্তান সকলে ক’লে, “পৰ্ব্বতীয়া দেশটোৱে আমাৰ বাবে যথেষ্ট নহয় আৰু উপত্যকাত থকা সকলো কনানীয়াসকলৰ আৰু তেওঁলোকৰ সৈতে বৈৎ-চান আৰু যিজ্ৰিয়েলৰ উপত্যকাত বাস কৰা লোকসকলৰ লোহাৰ ৰথ আছে৷”
«Heidi rekk ikkje til for oss, » svara Josef-sønerne, «og alle kananitarne som bur i dalbygderne, hev jarnvogner, både dei i Bet-Sean og grenderne der ikring, og dei på Jizre’elsletta.»
17 ১৭ তেতিয়া যিহোচূৱাই যোচেফৰ বংশক, অৰ্থাৎ ইফ্ৰয়িম আৰু মনচিক ক’লে, “আপোনালোক সংখ্যাত বৃহৎ আৰু অতি শক্তিশালী লোক৷ আপোনালোকক দিয়া কেৱল এক ভাগ অঞ্চল যথেষ্ট নহয়৷
Då sagde Josva til Josefs-ætti, Efraim og Manasse: «Mykje folk hev du, og sterk er du! Du skal få meir enn ein lut.
18 ১৮ পৰ্ব্বতীয়া দেশটোও আপোনালোকৰ হ’ব৷ যদিও সেই ঠাই বনাঞ্চল, তথাপি আপোনালোকে সেই ঠাই পৰিষ্কাৰ কৰক আৰু তাৰ দূৰ সীমালৈ থকা সকলো অঞ্চলৰ অধিকাৰী হওঁক৷ যদিও কনানীয়াসকলৰ লোহাৰ ৰথ আছে আৰু তেওঁলোক শক্তিশালী, তথাপি আপোনালোকে তেওঁলোকক খেদি পঠিয়াই আতৰ কৰিব পাৰিব৷”
Men det er ei fjellbygd du fær; det er skog der, og den lyt du hogga, og landet skal vera ditt til ytste endarne; for kananitarne skal du driva ut, endå dei hev jarnvogner, og endå dei er sterke.»

< যোশুয়া 17 >