< যোশুয়া 17 >
1 ১ এইদৰে মনচি ফৈদলৈ দেশ ভাগ কৰা হ’ল - সেয়াই মাখিৰলৈও, এওঁ মনচিৰ জেষ্ঠ পুত্র আৰু গিলিয়দৰ পিতৃ আছিল৷ মাখিৰৰ বংশধৰসকললৈ গিলিয়দ আৰু বাচানৰ অঞ্চলবোৰ ভাগ কৰা হ’ল; কিয়নো মাখীৰ এজন যুদ্ধাৰু লোক আছিল৷
Cecidit autem sors tribui Manasse: (ipse enim est primogenitus Ioseph) Machir primogenito Manasse patri Galaad, qui fuit vir pugnator, habuitque possessionem Galaad et Basan:
2 ২ মনচিৰ আন ফৈদক যি ভাগ দিয়া হৈছিল, সেয়া তেওঁলোকৰ বংশ অনুসাৰে ভাগ কৰা হ’ল- অবীয়াচক, হেলক, অস্ৰীয়েল, চেখম, হেফৰ আৰু চমীদা৷ এওঁলোক মনচিৰ পুত্ৰ আছিল, আৰু মনচি আছিল যোচেফৰ পুত্ৰ। তেওঁলোকক নিজ নিজ বংশ অনুসাৰে ভাগ দিয়া হৈছিল৷
et reliquis filiorum Manasse iuxta familias suas, filiis Abiezer, et filiis Helec, et filiis Esriel, et filiis Sechem, et filiis Hepher, et filiis Semida. Isti sunt filii Manasse filii Ioseph, mares, per cognationes suas.
3 ৩ চলফাদৰৰ কোনো পুত্ৰ নাছিল। চলফাদৰ হেফৰৰ পুত্ৰ, হেফৰ গিলিয়দৰ পুত্ৰ, গিলিয়দ মাখীৰৰ পুত্ৰ, আৰু মাখীৰ মনচিৰ পুত্ৰ আছিল। এওঁৰ কেইজনীমান জীয়েক আছিল; তেওঁৰ জীয়েকসকলৰ নামবোৰ হ’ল মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা।
Salphaad vero filio Hepher filii Galaad filii Machir filii Manasse non erant filii, sed solæ filiæ: quarum ista sunt nomina, Maala et Noa et Hegla et Melcha et Thersa.
4 ৪ তেওঁলোকে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু অধ্যক্ষসকলৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই মোচিক আমাৰ ভাইসকলৰ সৈতে আমাকো উত্তৰাধিকাৰ দিবলৈ আজ্ঞা কৰিছিল৷” তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, ইলিয়াজাৰে তেওঁলোকক তেওঁলোকৰ পিতৃৰ ভাইসকলৰ মাজত উত্তৰাধিকাৰৰ ভাগ দিলে।
Veneruntque in conspectu Eleazari sacerdotis, et Iosue filii Nun, et principum dicentes: Dominus præcepit per manum Moysi, ut daretur nobis possessio in medio fratrum nostrorum. Deditque eis iuxta imperium Domini possessionem in medio fratrum patris earum.
5 ৫ তেতিয়া মনচিক যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দ আৰু বাচানত দহ ভাগ দিয়া হ’ল;
Et ceciderunt funiculi Manasse, decem, absque Terra Galaad et Basan trans Iordanem.
6 ৬ কিয়নো পুত্ৰ সন্তান সকলৰ সৈতে মনচিৰ জীয়াৰীসকলকো উত্তৰাধিকাৰ দিয়া হৈছিল; আৰু মনচিৰ আন ফৈদক গিলিয়দ দেশ দিয়া হ’ল।
Filiæ enim Manasse possederunt hereditatem in medio filiorum eius. Terra autem Galaad cecidit in sortem filiorum Manasse qui reliqui erant.
7 ৭ মনচিৰ সেই সীমা আচেৰৰ পৰা মিকমথতলৈকে, যি চিখিমৰ পূব দিশে আছিল; পাছত সেই সীমা দক্ষিণ দিশ হৈ, অয়িন-তপ্পুহ-নিবাসীসকলৰ ওচৰলৈকে গ’ল।
Fuitque terminus Manasse ab Aser, Machmethath quæ respicit Sichem: et egreditur ad dexteram iuxta habitatores Fontis Taphuæ.
8 ৮ তপ্পুহ অঞ্চল মনচিৰ অধিকাৰত আছিল যদিও মনচিৰ সীমাত থকা তপ্পুহ নগৰ ইফ্ৰয়িমৰ ফৈদৰ অধিকাৰত আছিল৷
Etenim in sorte Manasse ceciderat Terra Taphuæ, quæ est iuxta terminos Manasse filiorum Ephraim.
9 ৯ সেই সীমা তললৈ কান্না জুৰিত নামি গ’ল৷ সেই জুৰিৰ দক্ষিণ ফালে মনচিৰ নগৰবোৰৰ মাজত থকা সেই নগৰবোৰ ইফ্ৰয়িমৰ অধিকাৰত আছিল৷ মনচিৰ সীমা জুৰিৰ উত্তৰ ফালে আছিল আৰু সমুদ্ৰত শেষ হৈছিল৷
Descenditque terminus Vallis Arundineti in meridiem torrentis civitatum Ephraim, quæ in medio sunt urbium Manasse: terminus Manasse ab Aquilone torrentis, et exitus eius pergit ad mare:
10 ১০ দক্ষিণ ফালে থকা অঞ্চল ইফ্ৰয়িমৰ অধীনত আৰু উত্তৰ ফালৰ অঞ্চলটো মনচিৰ অধীনত আছিল; সমুদ্ৰই তাৰ সীমা আছিল৷ উত্তৰ ফালে আচেৰত আৰু পূব ফালে ইচাখৰত উপনীত হ’ব পৰা ব্যৱস্থা আছিল।
ita ut possessio Ephraim sit ab Austro, et ab Aquilone Manasse, et utramque claudat mare, et coniungantur sibi in tribu Aser ab Aquilone, et in tribu Issachar ab Oriente.
11 ১১ ইচাখৰত আৰু আচেৰত বৈৎ-চান আৰু তাৰ গাওঁবোৰ, যিব্লিয়ামৰ সৈতে তাৰ গাওঁবোৰ, দোৰ-নিবাসীসকল আৰু তাৰ গাওঁবোৰ, অয়িন দোৰ-নিবাসী আৰু তাৰ গাওঁবোৰ, তানক নিবাসী আৰু তাৰ গাওঁবোৰ আৰু মগিদ্দো নিবাসীসকলৰ সৈতে তাৰ গাওঁবোৰ মনচিৰ অধিকাৰত আছিল; আৰু তৃতীয় নগৰ আছিল নাফেথ৷
Fuitque hereditas Manasse in Issachar et in Aser, Bethsan et viculi eius, et Ieblaam cum viculis suis, et habitatores Dor cum oppidis suis, habitatores quoque Endor cum viculis suis: similiterque habitatores Thenac cum viculis suis, et habitatores Mageddo cum viculis suis, et tertia pars urbis Nopheth.
12 ১২ তথাপিও মনচিৰ ফৈদে সেই নগৰবোৰক অধিকাৰ কৰিব পৰা নাছিল, কিয়নো কনানীয়া লোকসকলে সেই ঠাইত তেতিয়াও বাস কৰি আছিল।
Nec potuerunt filii Manasse has civitates subvertere, sed cœpit Chananæus habitare in terra sua.
13 ১৩ পাছত ইস্ৰায়েলৰ লোকসকল যেতিয়া পৰাক্ৰমী হৈ উঠিল, তেতিয়া তেওঁলোকে কনানীয়াসকলক কঠোৰ কাম কৰি দিবলগীয়া লোক হিচাপে বন্দী কৰিলে, কিন্তু তেওঁলোকক সম্পূর্ণৰূপে দূৰ কৰিব নোৱাৰিলে৷
Postquam autem convaluerunt filii Israel, subiecerunt Chananæos, et fecerunt sibi tributarios, nec interfecerunt eos.
14 ১৪ তেতিয়া যোচেফৰ বংশই যিহোচূৱাৰ আগত নিবেদন কৰি ক’লে, “আপুনি কিয় আমাক কেৱল এই ঠাইৰ এভাগ অধিকাৰ কৰিবলৈ আৰু একাংশৰ উত্তৰাধিকাৰী হ’বলৈ দিলে? যিহেতু আমাৰ সংখ্যাও বেছি আৰু এই কাললৈকে যিহোৱাই আমাক আশীৰ্ব্বাদ কৰি আহিছে৷”
Locutique sunt filii Ioseph ad Iosue, et dixerunt: Quare dedisti mihi possessionem sortis et funiculi unius, cum sim tantæ multitudinis, et benedixerit mihi Dominus?
15 ১৫ তেতিয়া যিহোচূৱাই তেওঁলোকক ক’লে, “আপোনালোকৰ সংখ্যা যদি বেছি, তেনেহ’লে ওপৰৰ বনাঞ্চললৈ উঠি গৈ, পৰিজ্জীয়া আৰু ৰফায়ীয়াসকলৰ অঞ্চলটোৰ গছ-গছনি কাটি, নিজৰ বাবে সেই ঠাই পৰিষ্কাৰ কৰি লওঁক৷ আপোনালোকে এই দৰে কৰক কিয়নো ইফ্ৰয়িম পৰ্ব্বত আপোনালোকৰ বাবে অতি সৰু৷”
Ad quos Iosue ait: Si populus multus es, ascende in silvam, et succide tibi spatia in Terra Pherezæi et Raphaim: quia angusta est tibi possessio montis Ephraim.
16 ১৬ তাতে যোচেফৰ সন্তান সকলে ক’লে, “পৰ্ব্বতীয়া দেশটোৱে আমাৰ বাবে যথেষ্ট নহয় আৰু উপত্যকাত থকা সকলো কনানীয়াসকলৰ আৰু তেওঁলোকৰ সৈতে বৈৎ-চান আৰু যিজ্ৰিয়েলৰ উপত্যকাত বাস কৰা লোকসকলৰ লোহাৰ ৰথ আছে৷”
Cui responderunt filii Ioseph: Non poterimus ad montana conscendere, cum ferreis curribus utantur Chananæi, qui habitant in terra campestri, in qua sitæ sunt Bethsan cum viculis suis, et Iezrael mediam possidens vallem.
17 ১৭ তেতিয়া যিহোচূৱাই যোচেফৰ বংশক, অৰ্থাৎ ইফ্ৰয়িম আৰু মনচিক ক’লে, “আপোনালোক সংখ্যাত বৃহৎ আৰু অতি শক্তিশালী লোক৷ আপোনালোকক দিয়া কেৱল এক ভাগ অঞ্চল যথেষ্ট নহয়৷
Dixitque Iosue ad domum Ioseph, Ephraim et Manasse: Populus multus es, et magnæ fortitudinis, non habebis sortem unam,
18 ১৮ পৰ্ব্বতীয়া দেশটোও আপোনালোকৰ হ’ব৷ যদিও সেই ঠাই বনাঞ্চল, তথাপি আপোনালোকে সেই ঠাই পৰিষ্কাৰ কৰক আৰু তাৰ দূৰ সীমালৈ থকা সকলো অঞ্চলৰ অধিকাৰী হওঁক৷ যদিও কনানীয়াসকলৰ লোহাৰ ৰথ আছে আৰু তেওঁলোক শক্তিশালী, তথাপি আপোনালোকে তেওঁলোকক খেদি পঠিয়াই আতৰ কৰিব পাৰিব৷”
sed transibis ad montem, et succides tibi, atque purgabis ad habitandum spatia: et poteris ultra procedere cum subverteris Chananæum, quem dicis ferreos habere currus, et esse fortissimum.