< যোশুয়া 16 >
1 ১ যোচেফৰ ফৈদক নিৰূপিত কৰা অঞ্চলৰ সীমা, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ পৰা পূব দিশে থকা যিৰীহোৰ জুৰিৰে, মৰুপ্ৰান্ত হৈ, যিৰীহোৰ ওপৰ ভাগেৰে বৈৎএল পৰ্ব্বতীয়া দেশৰ মাজেৰে গ’ল।
約瑟的子孫拈鬮所得之地是從靠近耶利哥的約旦河起,以耶利哥東邊的水為界:從耶利哥上去,通過山地的曠野,到伯特利;
2 ২ পাছত এই সীমা বৈৎএলৰ পৰা ওলাই লুজলৈ গ’ল আৰু সেই ঠাই পাৰ কৰি অৰ্কীয়াসকলৰ অঞ্চল অটাৰোতলৈ গ’ল।
又從伯特利到路斯,接連到亞基人的境界,至亞他綠;
3 ৩ তাৰ পৰা এই সীমা তললৈ নামি যফ্লেটীয়াসকলৰ অঞ্চলৰ পশ্চিমফালে থকা তলৰ বৈৎ-হোৰোণৰ সীমাৰ পৰা গেজৰলৈ নামি গ’ল; সমুদ্ৰত ইয়াৰ সীমা শেষ হ’ল।
又往西下到押利提人的境界,到下伯‧和崙的境界,直到基色,通到海為止。
4 ৪ এইদৰে যোচেফৰ ফৈদ, মনচি আৰু ইফ্ৰয়িমে নিজ নিজ উত্তৰাধিকাৰ ল’লে।
約瑟的兒子瑪拿西、以法蓮就得了他們的地業。
5 ৫ নিজ নিজ বংশৰ অনুসাৰে ইফ্ৰয়িমৰ ফৈদৰ সীমা এনে ধৰণৰ আছিল: তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা পূবফালে থকা অটৰোৎ-অদ্দৰ পৰা ওপৰ বৈৎ-হোৰোণলৈকে,
以法蓮子孫的境界,按着宗族所得的,記在下面:他們地業的東界是亞他綠‧亞達到上伯‧和崙;
6 ৬ আৰু তাৰ পৰা সাগৰলৈ৷ পাছত সেই সীমা উত্তৰ ফালে থকা মিকমথতৰ পৰা পূব ফালে ঘূৰি তনাৎ-চীল পাৰ কৰি জানোহৰ পূবফাললৈ গ’ল৷
往西通到北邊的密米他,又向東繞到他納‧示羅,又接連到雅挪哈的東邊;
7 ৭ পাছত জানোহৰ পৰা নামি গৈ অটাৰোৎ আৰু নাৰতেদি হৈ, যিৰীহোত পাই, যৰ্দ্দনত শেষ হ’ল৷
從雅挪哈下到亞他綠,又到拿拉,達到耶利哥,通到約旦河為止;
8 ৮ আৰু সেই সীমা তপ্পুহৰ পৰা পশ্চিমফালে কান্না জুৰিলৈ গৈ সমুদ্ৰত তাৰ সীমা শেষ হ’ল। নিজ নিজ বংশ অনুসাৰে ইফ্ৰয়িম ফৈদৰ সন্তান সকল ইয়াৰ উত্তৰাধিকাৰী হ’ল।
從他普亞往西,到加拿河,直通到海為止。這就是以法蓮支派按着宗族所得的地業。
9 ৯ ইয়াৰ বাহিৰে মনচি ফৈদৰ উত্তৰাধিকাৰৰ সৈতে ইফ্ৰয়িম ফৈদৰ বাবে নিৰূপিত কৰা গাওঁবোৰৰ উপৰিও তেওঁলোকৰ নগৰবোৰো একেলগে আছিল।
另外在瑪拿西人地業中得了些城邑和屬城的村莊。這都是分給以法蓮子孫的。
10 ১০ তেওঁলোকে গেজৰত থকা কনানীয়াসকলক খেদি নপঠিয়ালে; সেয়েহে তেওঁলোক আজিলৈকে ইফ্ৰয়িমৰ সন্তান সকলৰ মাজত বাস কৰি আছে৷ কিন্তু কনানীয়াসকলে তেওঁলোকক সযত্নে কাম কৰি দিবলগীয়া হৈছিল।
他們沒有趕出住基色的迦南人;迦南人卻住在以法蓮人中間,成為做苦工的僕人,直到今日。