< যোশুয়া 15 >

1 দক্ষিণ কনানৰ অন্তভাগত ইদোমৰ সীমালৈকে দক্ষিণফালে ছিন মৰুপ্ৰান্তলৈ নিজ নিজ বংশ অনুসাৰে যিহূদাৰ সন্তান সকলৰ ফৈদৰ সীমা নিৰূপণ কৰা হ’ল।
An raba wa kabilar Yahuda gādonsu ta wurin yin ƙuri’a, bisa ga iyalansu, rabon ya kai har zuwa sashen Edom, zuwa Jejin Zin can kurewar kudu.
2 তেওঁলোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ শেষ অংশৰ পৰা অৰ্থাৎ দক্ষিণ ফাললৈ বাঢ়ি যোৱা উপসাগৰৰ পৰা আৰম্ভ হ’ল।
Iyakarsu a kudanci ta tashi tun daga kurewar kudu na Tekun Gishiri,
3 অক্ৰব্বীম নামৰ পৰ্ব্বতৰ দক্ষিণফালে উঠি হিষ্ৰোণেদি গৈ, অদ্দৰলৈ উঠি কৰ্কালৈকে ঘূৰি গ’ল৷
zuwa kudancin Hanyar Kunama, ta ci gaba har zuwa Zin, zuwa kudancin Kadesh Barneya. Sa’an nan ta kurɗa zuwa Hezron har zuwa Addar, ta kuma karkata zuwa Karka.
4 পাছত অচমোনলৈ গৈ, মিচৰ দেশৰ জুৰিয়েদি সাগৰত ইয়াৰ সীমা শেষ হ’ল। এয়ে তেওঁলোকৰ দক্ষিণ সীমা আছিল৷
Sai ta wuce zuwa Azmon ta haɗu da Rafin Masar, ta ƙarasa a Bahar Rum. Wannan shi ne iyakarsu ta kudu.
5 যৰ্দ্দনৰ মুখত থকা লবণ সমুদ্ৰটো পূব সীমা আছিল৷ উত্তৰ ফালৰ সীমা সমুদ্ৰৰ উপসাগৰৰ ভাগৰ পৰা যর্দ্দনৰ মুখলৈ আছিল৷
Iyakarsu ta gabas kuwa ita ce Tekun Gishiri wadda ta zarce har zuwa gaɓar Urdun. Iyakarsu ta arewa ta fara ne daga Tekun Gishiri a bakin Urdun,
6 এই সীমা বৈৎ-হগ্লালৈ উঠি গৈ বৈৎ-অৰাবাৰ উত্তৰ ফালে গ’ল৷ পাছত সেই সীমা ৰূবেণৰ সন্তান বোহনৰ শিলটোলৈকে উঠি গ’ল৷
wajen Bet-Hogla ta wuce har zuwa arewancin Bet-Araba, zuwa Dutsen Bohan ɗan Ruben.
7 পাছত সেই সীমা আখোৰ উপত্যকাৰ পৰা দবীৰলৈ উঠি গৈ উত্তৰ ফালে ঘূৰি গিলগলৰ দিশে; ইয়াৰ অৱস্থিতি নদীৰ দক্ষিণ পাৰত থকা অদুম্মীম পর্বতৰ বিপৰীতে আছিল৷ পাছত সেই সীমা অয়িন-চেমচৰ জুৰিৰ কাষে কাষে অয়িন-ৰোগেলত গ’ল।
Sai iyakar ta haura zuwa Debir daga Kwarin Akor ta juya arewa da Gilgal, wadda take fuskantar hawan Adummim a kudancin kwari, ta ci gaba zuwa ruwan En Shemesh, ta ɓullo ta En Rogel.
8 তাৰ পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাইদি উঠি যিবুচী নগৰৰ দক্ষিণ কাষলৈ অৰ্থাৎ যিৰূচালেমলৈ গ’ল৷ পাছত সেই সীমা পশ্চিম দিশৰ বিন-হিন্নোমৰ উপত্যকাৰ সন্মুখত থকা আৰু উত্তৰ ফালে ৰফায়ীম উপত্যকাৰ অন্তভাগত থকা পৰ্ব্বতৰ টিঙলৈকে গ’ল৷
Sai kuma ta gangara zuwa Kwarin Ben Hinnom a gangaren kudancin birnin Yebusiyawa (wato, Urushalima). Daga can ta haura zuwa kan tudun a yammancin Kwarin Hinnom, a arewancin ƙarshen Kwarin Refayim.
9 পাছত এই সীমা সেই পৰ্ব্বতৰ ওপৰৰ পৰা নেপ্তোহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰোণ পৰ্ব্বতৰ নগৰবোৰত ওলাল৷ পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমলৈকে ঘূৰি তাতে থিৰ হ’ল৷
Daga kan tudun, iyakar ta nufi maɓulɓular ruwa na Neftowa, ta ɓullo a garuruwan da suke a Dutsen Efron, ta gangara zuwa Ba’ala (wato, Kiriyat Yeyarim).
10 ১০ পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎচেমচ হৈ তিম্নাৰ কাষেৰে গ’ল৷
Sa’an nan ta karkata yamma daga Ba’ala zuwa Dutsen Seyir, ta wuce ta gangaren Dutsen Yeyarim (wato, Kesalon), ta ci gaba zuwa Bet-Shemesh, ta bi zuwa Timna.
11 ১১ আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল।
Ta wuce zuwa gangaren arewancin Ekron, ta juya zuwa Shikkeron, ta wuce zuwa Dutsen Ba’ala, ta kai Yabneyel, iyakarta ta ƙare a teku.
12 ১২ পশ্চিম সীমাটো মহাসাগৰ আৰু ইয়াৰ অঞ্চল আছিল। এয়ে যিহূদা ফৈদৰ সন্তান সকলৰ বংশানুক্ৰমে থকা চাৰিও ফালৰ সীমা।
Bakin Bahar Rum nan ne iyakar yammanci. Wannan ita ce iyakar da ta kewaye jama’ar Yahuda bisa ga iyalansu.
13 ১৩ পাছত যিহোচূৱালৈ কৰা যিহোৱাৰ আজ্ঞা অনুসাৰে, তেওঁ যিহূদাৰ সন্তান সকলৰ মাজত যিফুন্নিৰ পুত্ৰ কালেবক, নিজ অংশৰ অৰ্থে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে৷ সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল৷
Yoshuwa ya ba Kaleb ɗan Yefunne wuri a Yahuda, Kiriyat Arba, wato, Hebron, bisa ga umarnin Ubangiji. (Arba shi ne mahaifin Anak.)
14 ১৪ কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহিমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে।
Daga can sai Kaleb ya kori’ya’yan Anak, maza su uku daga Hebron, wato, Sheshai, Ahiman da Talmai.
15 ১৫ পাছত তাৰ পৰা তেওঁ দবীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠিল পূৰ্বতে দবীৰৰ নাম কিৰিয়ৎ-চেফৰ আছিল৷
Daga can ya nufi Debir ya yi yaƙi da mutanen da suke zama a can (Dā sunan Debir, Kiriyat Sefer ne).
16 ১৬ সেই সময়ত কালেবে ক’লে, “যি জনে কিৰিয়ৎ-চেফৰ আক্ৰমণ কৰি বন্দী কৰি ল’ব, তেওঁক মই মোৰ জী অকচাক কন্যা হিচাপে দান কৰিম৷”
Kaleb ya ce, “Zan ba da’yata Aksa aure ga wanda zai ci Kiriyat Sefer da yaƙi.”
17 ১৭ তাতে কালেবৰ ভায়েক, কনজৰ সন্তান অৎনীয়েলে কিৰিয়ৎ-চেফৰক বন্দী কৰে৷ তেতিয়া কালেবে নিজৰ জীয়েক অকচাক পত্নী হ’বলৈ তেওঁৰে সৈতে বিয়া দিলে।
Otniyel ɗan Kenaz, ɗan’uwan Kaleb, ya ci Kiriyat Sefer da yaƙi; saboda haka Kaleb ya ba wa Aksa’yarsa, ya kuwa aure ta.
18 ১৮ সেই সময়ত এনে ঘটিল যে, অকচাই তাইৰ পিতৃৰ ওচৰলৈ আহি এখন পথাৰ দিবলৈ তেওঁক অনুৰোধ কৰিলে, আৰু তাই যেতিয়া গাধৰ পৰা নামি আহিল, তেতিয়া কালেবে তাইক ক’লে, “তোমাক কি লাগে?”
Wata rana da ta zo wurin Otniyel, sai ya zuga ta ta roƙi mahaifinta fili. Da ta sauka daga kan jakinta sai Kaleb ya tambaye ta ya ce, “Me kike so in yi miki?”
19 ১৯ তাই উত্তৰ দিলে, “আপুনি মোক এক বিশেষ দয়া কৰক৷ যিহেতু আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে সেইবাবে জলৰ কিছু ভূমুকো মোক দিয়ক।” তেতিয়া কালেবে ওপৰ অংশত থকা আৰু নিম্ন অংশত থকা জলৰ ভূমুকসমূহ তাইক দিলে।
Ta amsa ta ce, “Ka yi mini alheri na musamman, tun da ka ba ni wuri a Negeb, ina roƙonka, ka ba ni maɓulɓulan ruwa.” Kaleb kuwa ya ba ta maɓulɓulan ruwa na tuddai da na kwari.
20 ২০ এয়ে যিহূদা সন্তান সকলৰ নিজ নিজ ফৈদ অনুসাৰে তেওঁলোকৰ সন্তান সকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ’ল।
Wannan shi ne gādon kabilar Yahuda bisa ga iyalansu.
21 ২১ ইদোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহূদা ফৈদৰ নগৰসমূহ কবচেল, এদৰ, যাগূৰ,
Garuruwan kabilar Yahuda da suke kudu cikin Negeb zuwa iyakar Edom su ne. Kabzeyel, Eder, Yagur,
22 ২২ কীনা, দীমোনা, অদাদা,
Kina, Dimona, Adada,
23 ২৩ কেদচ, হাচোৰ, যিৎনন,
Kedesh, Hazor, Itnan,
24 ২৪ জীফলম, টেলন, বালোৎ৷
Zif, Telem, Beyalot,
25 ২৫ হাচোৰ-হদত্তা, কৰিয়োৎ হিষ্ৰোণ অৰ্থাৎ হাচোৰ,
Hazor-Hadatta, Keriyot Hezron (wato, Hazor),
26 ২৬ অমাম, চমা, মোলাদা,
Amam, Shema, Molada,
27 ২৭ হচৰ-গদ্দা, হিচ্‌মোন বৈৎ-পেলট,
Hazar Gadda, Heshmon, Bet-Felet,
28 ২৮ হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷
Hazar Shuwal, Beyersheba, Biziyotiya,
29 ২৯ বালা, ইয়ীম, এচম,
Ba’ala, Iyim, Ezem,
30 ৩০ ইল্টুলদ, কচীল, হৰ্মা,
Eltolad, Kesil, Horma,
31 ৩১ চিক্লগ, মদ্‌মন্না, চন্‌চন্না,
Ziklag, Madmanna, Sansanna,
32 ৩২ লবায়োৎ, চিল্‌হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ৷
Lebayot, Shilhim, Ayin, Rimmon, jimillarsu, garuruwa da ƙauyukansu duka ashirin da tara ne.
33 ৩৩ পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্‌না,
Biranen da suke a filayen kwari su ne, Eshtawol, Zora; Ashna,
34 ৩৪ জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,
Zanowa, En Gannim, Taffuwa, Enam,
35 ৩৫ যৰ্মূত, অদুল্লম, চোকো, অজেকা,
Yarmut, Adullam, Soko, Azeka,
36 ৩৬ চাৰয়িম, অদীথয়িম আৰু গদেৰা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷
Sha’arayim, Aditayim, Gedera (Gederotayim ke nan). Garuruwa goma sha huɗu ke nan da ƙauyukansu.
37 ৩৭ চনান, হদাচা, মিগ্দল-গাদ,
Zenan, Hadasha, Migdal Gad,
38 ৩৮ দিলিয়ন, মিস্পি, যক্তেল,
Dileyan, Mizfa, Yokteyel,
39 ৩৯ লাখীচ, বস্কৎ, ইগ্লোন৷
Lakish, Bozkat, Eglon,
40 ৪০ কব্বোন, লহমম, কিৎলীচ,
Kabbon, Lahman, Kitlish,
41 ৪১ গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷
Gederot, Bet-Dagon, Na’ama, Makkeda, garuruwa goma sha shida ke nan da ƙauyukansu.
42 ৪২ লিব্‌না, এথৰ, আচন,
Libna, Eter, Ashan,
43 ৪৩ যিপ্তহ, অস্না, নচীব,
Yefta, Ashna, Nezib,
44 ৪৪ কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল।
Keyila, Akzib, Maresha, garuruwa tara ke nan da ƙauyukansu.
45 ৪৫ ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;
Ekron da ƙauyukan da suke kewaye da ita;
46 ৪৬ ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্‌দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।
yammancin Ekron da dukan garuruwa da ƙauyukan da suke kusa da Ashdod.
47 ৪৭ অচ্‌দোদ, তাৰ উপনগৰ আৰু গাওঁ; গাজা, তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷
Ashdod da garuruwa da kuma ƙauyukan da suke kewaye da ita, Gaza da garuruwanta da ƙauyukanta har zuwa Rafin Masar da kuma Bahar Rum.
48 ৪৮ পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,
Birane na cikin ƙasar tuddai kuwa, su ne, Shamir, Yattir, Soko,
49 ৪৯ দন্না, কিৰিয়ৎ-চন্না,
Danna, Kiriyat Sanna (wato, Debir),
50 ৫০ অনাব, ইষ্টিমোৱা, আনীম,
Anab, Eshtemo, Anim,
51 ৫১ গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ খন নগৰ৷
Goshen, Holon, Gilo, garuruwa goma sha ɗaya ke nan da ƙauyukansu.
52 ৫২ অৰাব, দুমা, ইচিয়ন,
Arab, Duma, Eshan,
53 ৫৩ যানীম, বৈৎ-তপ্পূহ, অফেকা,
Yanum, Bet-Taffuwa, Afeka,
54 ৫৪ হুম্‌টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷
Humta, Kiriyat Arba (wato, Hebron) da Ziyor, garuruwa tara ke nan da ƙauyukansu.
55 ৫৫ মায়োন, কৰ্মিল, জীফ, যুত্তা,
Mawon, Karmel, Zif, Yutta
56 ৫৬ যিজ্ৰিয়েল, যক্‌দিয়াম, জানোহ,
Yezireyel, Yokdeyam, Zanowa,
57 ৫৭ কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন৷
Kayin, Gibeya, Timna, garuruwa goma ke nan da ƙauyukansu.
58 ৫৮ হল্‌হূল, বৈৎ-চুৰ, গদোৰ,
Halhul, Bet-Zur, Gedor,
59 ৫৯ মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ৷
Ma’arat, Bet-Anot, Eltekon, garuruwa shida ke nan da ƙauyukansu.
60 ৬০ কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ৷
Kiriyat Ba’al (wato, Kiriyat Yeyarim) da Rabba, garuruwa biyu ke nan da ƙauyukansu.
61 ৬১ মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা,
Biranen da suke a jeji kuwa su ne, Bet-Araba, Middin, Sekaka,
62 ৬২ নিব্‌চন, লবণ নগৰ আৰু অয়িন-গদী৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ নগৰৰ মুঠ সংখ্যা হ’ল ছখন৷
Nibshan, Birnin gishiri da En Gedi, garuruwa shida ke nan da ƙauyukansu.
63 ৬৩ কিন্তু যিবুচীয়াসকল যিৰূচালেমৰ নিবাসী আছিল; এওঁলোকক যিহূদা ফৈদে দূৰলৈ আতৰ কৰি খেদি দিব নোৱাৰিলে। এই যিবুচীয়াসকলে আজিলৈকে যিহূদা ফৈদৰ সৈতে যিৰূচালেমত বাস কৰি আছে।
Kabilar Yahuda kuwa ba su iya korar Yebusiyawa waɗanda suke zama cikin Urushalima ba; har wa yau Yebusiyawa suna nan zaune tare da mutanen Yahuda.

< যোশুয়া 15 >