< যোশুয়া 13 >
1 ১ যেতিয়া যিহোচূৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হ’ল, তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি বুঢ়া আৰু অতিশয় বৃদ্ধ থ’লো, কিন্তু এতিয়াও অনেক দেশ অধিকাৰ কৰিবলৈ বাকী আছে।
Mikor Józsué megvénhedett és igen megidősödött vala, monda az Úr néki: Te megvénhedtél, igen megidősödtél, pedig még igen sok föld maradt elfoglalni való.
2 ২ এই দেশবোৰ এতিয়াও অৱশিষ্ট: পলেষ্টীয়াৰ সকলো অঞ্চল আৰু গচুৰীয়াসকলৰ অঞ্চলবোৰ,
Ez az a föld, a mi fennmaradt: A Filiszteusoknak minden tartománya és az egész Gesur.
3 ৩ মিচৰৰ পূব ফালে থকা চিহোৰৰ পৰা উত্তৰফালে থকা কনানীয়াসকলৰ অধিকাৰত থোৱা ইক্ৰোণৰ সীমালৈকে; পলেষ্টীয়াসকলৰ সেই পাঁচজন অধিপতি- ঘচাতীয়া, অচ্দোদীয়া, অস্কিলোনীয়া, গাতীয়া আৰু ইক্ৰোণীয়া - এইটো অব্বীয়াসকলৰ অঞ্চল আছিল৷
A Sikhórtól fogva, a mely Égyiptom felett foly, egészen Ekronnak határáig északra, mely a Kananeushoz számíttatik; a Filiszteusok öt fejedelemsége: a Gázáé, Asdódé, Askelóné, Gáthé, Ekroné és az Avveusoké.
4 ৪ দক্ষিণ দিশে থকা কনানীয়াসকলৰ গোটেই দেশ আৰু চীদোনীয়াসকলৰ অধিকাৰত থকা মিয়াৰা, অফেকাৰ পৰা ইমোৰীয়াসকলৰ সীমালৈকে;
Délről a Kananeusnak egész földe és Meára, a mely a Sídonbelieké, Afékáig, az Emoreusok határáig.
5 ৫ গিবলীয়াসকলৰ দেশ, সূৰ্য উদয় হোৱা ফালে থকা গোটেই লিবানোন, হৰ্মোণ পৰ্ব্বতৰ তলত থকা বাল-গাদৰ পৰা হমাতলৈ৷
Továbbá a Gibli földe és az egész Libanon napkelet felé, Baál-Gádtól fogva, a mely a Hermon hegy alatt van, egészen addig, a hol Hamáthba mennek.
6 ৬ ইয়াৰ উপৰিও লিবানোনৰ পৰা মিষ্ৰফোৎ-ময়িমলৈকে পৰ্ব্বতীয়া অঞ্চলৰ নিবাসী সকলৰ লগতে আটাই চীদোনীয়াসকল৷ মই তেওঁলোকক ইস্ৰায়েলৰ বাহিনীসকলৰ আগৰ পৰা দূৰ কৰিম; মই তোমাক আজ্ঞা দিয়াৰ দৰে, ইস্ৰায়েল উত্তৰাধিকাৰী হ’বলৈ তাৰ ভাগ নিৰ্ধাৰিত কৰিবৰ অৰ্থে তুমি নিশ্চিত কৰা৷
A hegységnek minden lakosát a Libanontól Miszrefóth-Majimig, a Sídoniakat mind, magam űzöm ki őket Izráel fiai elől, csak sorsold ki Izráelnek örökségül, a mint megparancsoltam néked.
7 ৭ উত্তৰাধিকাৰী হ’বলৈ তুমি অধিকাৰৰ অৰ্থে ন’টা গোষ্ঠীলৈ আৰু মনচিৰ আধা গোষ্ঠীলৈ এই দেশ ভাগ কৰি দিয়া।”
Mostan azért oszd el ezt a földet örökségül kilencz nemzetségnek, és a Manassé nemzetség felének.
8 ৮ বাকী থকা মনছিৰ আধা জন-গোষ্ঠী, ৰূবেণীয়া আৰু গাদীয়াসকলে যৰ্দ্দনৰ পূব ফালে থকা, মোচিয়ে দিয়াৰ দৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে,
Ő vele együtt a Rúben és Gád nemzetségek elvették örökségöket, a melyet adott vala nékik Mózes, túl a Jordánon, napkelet felé, a miképen adta vala nékik Mózes, az Úrnak szolgája.
9 ৯ অৰ্ণোনৰ উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা উপত্যকাৰ মাজত থকা নগৰবোৰ আৰু দীবোনলৈকে মেদবাৰ গোটেই সমথল;
Aróertől fogva, a mely az Arnon patak partján van, úgy a várost, a mely a völgynek közepette van, mint Medebának minden sík földét Dibonig.
10 ১০ হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ ৰজা চীহোনৰ সকলো নগৰৰ পৰা অম্মোনৰ সীমালৈকে;
És minden városát Szíhonnak, az Emoreusok királyának, a ki uralkodik vala Hesbonban, az Ammon fiainak határáig.
11 ১১ গিলিয়দ আৰু গচুৰীয়া আৰু মাখাথীয়াসকলৰ অঞ্চল আৰু গোটেই হৰ্মোণ পৰ্ব্বত আৰু চলখালৈকে গোটেই বাচান;
És Gileádot és Gesurnak és Maakátnak határát, az egész Hermon hegyet és az egész Básánt Szalkáig.
12 ১২ বাচানৰ ৰজা ওগৰ সকলো ৰাজ্য, যি জনে অষ্টাৰোতত আৰু ইদ্ৰেয়ীত শাসন কৰিছিল ৰফায়ীয়াসকলৰ মাজত এইবোৰেই অৱশিষ্ট আছিল; কিয়নো মোচিয়ে তেওঁলোকক তৰোৱালেৰে প্ৰহাৰ কৰি দূৰ কৰিছিল।
Básánban Ógnak egész országát, a ki uralkodik vala Astarótban és Edreiben. Ez maradt vala meg a Refaim maradékai közül, de leveré és kiűzé őket Mózes.
13 ১৩ কিন্তু ইস্ৰায়েলৰ সন্তান সকলে গচুৰীয়া আৰু মাখাথীয়াসকলক দূৰ কৰা নাছিল; বৰং গচুৰীয়া আৰু মাখাথীয়াসকলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত আজিলৈ বাস কৰি আছে।
De Izráel fiai nem űzék ki a Gesurit és a Maakhátit, és ott is lakik a Gesuri és Maakháti az Izráel között mind e mai napig.
14 ১৪ কেৱল লেবীৰ গোষ্ঠীক মোচিয়ে উত্তাৰাধিকাৰি হ’বলৈ নিদিলে। যিহোৱাই মোচিক কোৱা বাক্য অনুসাৰে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ” তেওঁলোকৰ উত্তৰাধিকাৰী হ’ল।
Csak Lévi nemzetségének nem adott örökséget; az Úrnak, Izráel Istenének tüzes áldozatai az ő öröksége, a mint szólott vala néki.
15 ১৫ মোচিয়ে বংশানুক্ৰমে ৰূবেণৰ জন-গোষ্ঠীলৈ উত্তৰাধিকাৰ দিলে।
Adott vala pedig Mózes örökséget a Rúben fiai nemzetségének az ő családjaik szerint.
16 ১৬ তেওঁলোকৰ সীমা অৰ্ণোন উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা আৰু উপত্যকাৰ মাজত থকা নগৰৰ লগতে মেদবাৰ ওচৰত থকা গোটেই মালভূমি৷
És lőn az ő határuk Aróertől fogva, a mely az Arnon folyó partján van, úgy a város, a mely a völgy közepette van, mint az egész sík föld Medeba mellett;
17 ১৭ ৰূবেণে হিচবোন আৰু মালভূমিত থকা তাৰ সকলো নগৰবোৰ গ্ৰহণ কৰিছিল আৰু তাৰ লগত দীবোন, বামোৎ-বাল, বৈৎ-বালমিয়োন,
Hesbon és annak minden városa, a melyek a sík földön vannak; Dibon, Bámoth-Baal és Béth-Baál-Meon;
18 ১৮ যহচ, কদেমোৎ আৰু মেফাৎ,
És Jahcza, Kedemót és Méfaát;
19 ১৯ কিৰিয়াথয়িম, চিবমা, উপত্যকাৰ পৰ্ব্বতটোত থকা চেৰৎ-চহৰ৷
És Kirjáthaim, Szibma és Czeret-Sáhár a völgy mellett való hegyen:
20 ২০ ৰূবেণে বৈৎ-পিয়োৰ, পিচগাৰ, চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশ আৰু বৈৎ-যিচীমোৎ;
És Béth-Peór, a Piszga hegyoldalai, és Béth-Jesimóth.
21 ২১ মালভূমিত থকা আন সকলো নগৰ, হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ সেই ৰজা চীহোনৰ সমুদায় ৰাজ্য, যি জনক মোচিয়ে চীহোনত থকা তলতীয়া মিদিয়নীয়া নেতাসকল- ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবাৰৰ সৈতে পৰাস্ত কৰিছিল৷
És a sík föld minden városa és Szíhonnak, az Emoreusok királyának egész országa, a ki uralkodik vala Hesbonban, a kit megvert vala Mózes, őt és a Midiánnak fejedelmeit: Evit és Rékemet, Czúrt és Húrt és Rébát, Szíhonnak fejedelmeit, a kik e földön laktak vala.
22 ২২ ইস্ৰায়েলৰ সন্তান সকলে যিসকলক বধ কৰিছিল, সেইবোৰৰ মাজত তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মকো তৰোৱালেৰে বধ কৰিলে, এই জন লোকে মঙ্গল চোৱা কার্যৰ নিয়ম মানি চলিছিল৷
A jövendőmondó Bálámot is, Beórnak fiát, megölék Izráel fiai fegyverrel, azokkal együtt, a kiket levágtak vala.
23 ২৩ যৰ্দ্দন আৰু তাৰ অঞ্চল ৰূবেণৰ সন্তান সকলৰ সীমা আছিল। এয়ে ৰূবেনৰ সন্তান সকলৰ উত্তৰাধিকাৰ, যি নগৰ আৰু গাৱেঁৰে সৈতে তেওঁৰ প্ৰত্যেক বংশক দিয়া হৈছিল৷
Vala tehát a Rúben fiainak határa a Jordán és melléke. Ez a Rúben fiainak öröksége az ő családjaik szerint, a városok és azoknak falui.
24 ২৪ মোচিয়ে গাদৰ জন-গোষ্ঠীক নিজ বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ এই:
A Gád nemzetségének, a Gád fiainak is adott vala örökséget Mózes, az ő családjaik szerint.
25 ২৫ তেওঁলোকৰ সীমা যাজেৰ আৰু গিলিয়দৰ সকলো নগৰ আৰু ৰব্বাৰ পূবে থকা অৰোয়েৰলৈকে অম্মোনৰ সন্তান সকলৰ আধা দেশ,
És lőn az ő határuk Jaázer és Gileádnak minden városa és az Ammon fiai földjének fele Aróerig, a mely Rabba felett van.
26 ২৬ হিচবোনৰ পৰা ৰমাৎ-মিস্পা আৰু বটোনীমলৈকে আৰু মহনয়িমৰ পৰা দবীৰৰ সীমালৈকে৷
És Hesbontól fogva Ramath-Miczpéig és Betónimig, meg Mahanáimtól Debir határáig.
27 ২৭ মোচিয়ে উপত্যকাত তেওঁলোকক বৈৎ-হাৰম, বৈৎ-নিম্ৰা, চুক্কোৎ, চাফোন, হিচবোনৰ ৰজা চীহোনৰ অৱশিষ্ট ৰাজ্য, যৰ্দ্দনৰ পূব দিশে কিন্নেৰৎ সাগৰৰ কাষলৈকে যৰ্দ্দন আৰু তাৰ অঞ্চল দান কৰিলে৷
A völgyben pedig Béth-Harám, Béth-Nimra, Szukkóth és Czáfon, Szíhonnak, Hesbon királyának maradék országa, a Jordán és melléke, a Kinnereth tenger széléig a Jordánon túl napkelet felé.
28 ২৮ এইটোৱেই হৈছে গাদৰ জন-গোষ্ঠীক বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ, এইবোৰ নগৰ তেওঁলোকৰ গাৱেঁৰে সৈতে আছিল।
Ez a Gád fiainak örökségök, az ő családjaik szerint, a városok és azoknak falui.
29 ২৯ মোচিয়ে মনচিৰ আধা জন-গোষ্ঠীক উত্তৰাধিকাৰী হ’বলৈ দিলে৷ মনচিৰ সন্তান সকলৰ আধা গোষ্ঠীয়ে সেই উত্তৰাধিকাৰ নিজ নিজ বংশ অনুসাৰে পালে।
A Manassé nemzetség felének is adott vala Mózes örökséget. És lőn a Manassé fiainak félágáé, az ő családjaik szerint;
30 ৩০ তেওঁলোকৰ সীমা মহনয়িমৰ পৰা সকলো বাচান, বাচানৰ ৰজা ওগৰ গোটেই ৰাজ্য আৰু বাচানত থকা যায়ীৰৰ সকলো নগৰ অৰ্থাৎ ষাঠিখন নগৰ;
És lőn az ő határuk: Mahanáimtól fogva az egész Básán, Ógnak, Básán királyának egész országa és Jairnak minden faluja, a melyek Básánban vannak, hatvan város.
31 ৩১ গিলিয়দৰ আধা দেশ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ী নগৰ৷ এই সকলোবোৰ মনচিৰ পুত্ৰ মাখীৰৰ আধা বংশৰ পৰিয়ালৰ প্ৰত্যেককে দিবলৈ নির্ধাৰিত কৰা হ’ল।
És pedig Gileádnak fele és Astarót és Edrei, Óg országának városai Básánban, a Manassé fiának, Mákirnak fiaié, Mákir feléé, az ő családjaik szerint.
32 ৩২ এইবোৰেই যিৰীহোৰ পূবফালে থকা যৰ্দ্দনৰ সিপাৰৰ মোৱাবৰ সমথলত মোচিয়ে লোকসকলক ভগাই দিয়া উত্তৰাধিকাৰ৷
Ezek azok, a miket örökségül adott vala Mózes a Moáb mezőségén, a Jordánon túl Jérikhótól napkelet felé.
33 ৩৩ কিন্তু লেবী ফৈদক হ’লে মোচিয়ে কোনো উত্তৰাধিকাৰ নিদিলে৷ তেওঁলোকক কোৱা নিজ বাক্য অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকৰ উত্তৰাধিকাৰ হ’ল।
A Lévi nemzetségének pedig nem adott vala Mózes örökséget. Az Úr, Izráelnek Istene az ő örökségök, a mint szólott vala nékik.