< যোশুয়া 12 >
1 ১ বর্ত্তমান দেশ-সমূহৰ এইসকল ৰজা, যিসকলক ইস্ৰায়েলৰ লোক সকলে পৰাজয় কৰিছিল৷ ইস্ৰায়েলৰ লোক সকলে সূৰ্য উদয় হোৱা যৰ্দ্দনৰ পূবদিশে থকা, অৰ্ণোনৰ উপত্যকাৰ পৰা হৰ্মোণ পৰ্ব্বতলৈকে আৰু পূব ফালে থকা অৰাবা’ৰ গোটেই দেশ অধিকাৰ কৰিলে৷
Estes pois são os reis da terra, aos quaes os filhos de Israel feriram e possuiram a sua terra d'além do Jordão ao nascente do sol: desde o ribeiro d'Arnon, até ao monte d'Hermon, e toda a planicie do oriente.
2 ২ চীহোন ইমোৰীয়াসকলৰ ৰজা আছিল। তেওঁ হিচবোনত বাস কৰিছিল৷ তেওঁ অৰ্ণোনৰ উপত্যকাৰ দাঁতিত থকা অৰোয়েৰ পৰা আৰু সেই উপত্যকাৰ মাজত থকা নগৰখনৰ পৰা অম্মোনৰ সন্তান সকলৰ সীমা যব্বোক নদীলৈকে আধা গিলিয়দ দেশত শাসন কৰিছিল৷
Sehon, rei dos amorrheos, que habitava em Hesbon e que senhoreava desde Aroer, que está á borda do ribeiro d'Arnon, e desde o meio do ribeiro, e desde a metade de Gilead, e até ao ribeiro de Jabbok, o termo dos filhos de Ammon;
3 ৩ আৰু পূব পাৰে কিন্নেৰৎ সাগৰলৈকে আৰু পূব পাৰে বৈৎ-যিচীমোতলৈ যোৱা বাটত থকা অৰাবা সমুদ্ৰ, অৰাবাত আৰু দক্ষিণে পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশতো শাসন কৰিছিল৷
E desde a campina até ao mar de Cinneroth para o oriente, e até ao mar da campina, o mar salgado para o oriente, pelo caminho de Beth-jesimoth: e desde o sul abaixo d'Asdoth-pisga.
4 ৪ ওগ, বাচানৰ ৰজা আছিল। এওঁ ৰফায়ীয়াসকলৰ অৱশিষ্ট থকা বংশত জন্ম হৈ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ীত বাস কৰিছিল৷
Como tambem o termo de Og, rei de Basan, que era do resto dos gigantes, e que habitava em Astaroth e em Edrei;
5 ৫ তেওঁ হৰ্মোণ পৰ্ব্বতত, চলখাত, গচুৰীয়া আৰু মাখাথীয়া সকলৰ সীমালৈকে গোটেই বাচান দেশত আৰু হিচবোনৰ চীহোন ৰজাৰ সীমালৈকে থকা, আধা গিলিয়দ দেশত শাসন কৰিছিল।
E senhoreava no monte Hermon, e em Salcha, e em toda a Basan, até ao termo dos gesureos e dos maacateos, e metade de Gilead, termo de Sehon, rei de Hesbon.
6 ৬ যিহোৱাৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজয় কৰিলে আৰু যিহোৱাৰ দাস মোচিয়ে অধিকাৰৰ অৰ্থে সেই দেশ ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক দিলে।
A estes Moysés, servo do Senhor, e os filhos de Israel feriram: e Moysés, servo do Senhor, deu esta terra aos rubenitas, e aos gaditas, e á meia tribu de Manasseh em possessão.
7 ৭ চেয়ীৰলৈ বিস্তৃত হোৱা যৰ্দ্দনৰ সীপাৰে পশ্চিম দিশে, লিবানোনৰ উপত্যকাত থকা বাল-গাদৰ পৰা হালক পৰ্ব্বতলৈকে থকা এই ৰজা সকলক যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে বধ কৰিছিল৷ যিহোচূৱাই দেশ অধিকাৰৰ অৰ্থে নিজ নিজ ভাগ অনুসাৰে ইস্ৰায়েলৰ ফৈদক ভগাই দিলে।
E estes são os reis da terra aos quaes feriu Josué e os filhos de Israel d'áquem do Jordão para o occidente, desde Baal-gad, no valle do Libano, até ao monte calvo, que sobe a Seir: e Josué a deu ás tribus de Israel em possessão, segundo as suas divisões;
8 ৮ ইয়াৰ অন্তর্ভুক্ত আছিল, পৰ্ব্বতীয়া অঞ্চল, নিম্নভূমি অঞ্চল, অৰাবা, পৰ্ব্বতৰ নামনি অঞ্চল, মৰুপ্ৰান্তীয় অঞ্চল, আৰু নেভেগ। ইয়াতে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকল আছিল।
O que havia nas montanhas, e nas planicies, e nas campinas, e nas descidas das aguas, e no deserto, e para o sul: o heteo, o amorrheo, e o cananeo, o pherezeo, o heveo, e o jebuseo.
9 ৯ ৰজাসকলৰ মাজত আছিল - যিৰীহোৰ ৰজা, বৈৎএলৰ ওচৰত থকা অয়ৰ ৰজা,
O rei de Jericó, um; o rei d'Ai, que está ao lado de Bethel, outro;
10 ১০ যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা,
O rei de Jerusalem, outro; o rei d'Hebron, outro;
11 ১১ যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা,
O rei de Jarmuth, outro; o rei de Lachis, outro;
12 ১২ ইগ্লোনৰ ৰজা, গেজৰৰ ৰজা,
O rei d'Eglon, outro; o rei de Geser, outro;
13 ১৩ দবীৰৰ ৰজা, গেদৰৰ ৰজা,
O rei de Debir, outro; o rei de Geder, outro;
14 ১৪ হৰ্মাৰ ৰজা, অৰাদৰ ৰজা,
O rei d'Horma, outro; o rei d'Harad, outro;
15 ১৫ লিব্নাৰ ৰজা, অদুল্লমৰ ৰজা,
O rei de Libna, outro; o rei d'Adullam, outro;
16 ১৬ মক্কেদাৰ ৰজা, বৈৎএলৰ ৰজা,
O rei de Makeda, outro; o rei de Bethel, outro;
17 ১৭ তপ্পুহৰ ৰজা, হেফৰৰ ৰজা,
O rei de Tappuah, outro; o rei d'Hepher, outro;
18 ১৮ অফেকৰ ৰজা, লচাৰোণৰ ৰজা,
O rei d'Aphek, outro; o rei de Lassaron, outro;
19 ১৯ মাদোনৰ ৰজা, হাচোৰৰ ৰজা,
O rei de Madon, outro; o rei d'Hazor, outro;
20 ২০ চিম্ৰোণ-মৰোণৰ ৰজা, অক্চফৰ ৰজা,
O rei de Simron-meron, outro; o rei d'Achsaph, outro;
21 ২১ তানকৰ ৰজা, মগিদ্দোৰ ৰজা,
O rei de Taanach, outro; o rei de Megiddo, outro;
22 ২২ কেদচৰ ৰজা, কৰ্মিলত থকা যক্নীয়ামৰ ৰজা,
O rei de Kedes, outro; o rei de Jokneam do Carmel, outro;
23 ২৩ দোৰৰ ওখ ঠাইবোৰত থকা দোৰৰ ৰজা, গিলগলত থকা গোয়ীমৰ ৰজা
O rei de Dor em Nafath-dor, outro; o rei das nações em Gilgal, outro;
24 ২৪ অাৰু তিৰ্চাৰ ৰজা৷ সৰ্ব্বমুঠ একত্ৰিশ জন ৰজা আছিল৷
O rei de Tirza, outro: trinta e um reis por todos.