< যোশুয়া 12 >

1 বর্ত্তমান দেশ-সমূহৰ এইসকল ৰজা, যিসকলক ইস্ৰায়েলৰ লোক সকলে পৰাজয় কৰিছিল৷ ইস্ৰায়েলৰ লোক সকলে সূৰ্য উদয় হোৱা যৰ্দ্দনৰ পূবদিশে থকা, অৰ্ণোনৰ উপত্যকাৰ পৰা হৰ্মোণ পৰ্ব্বতলৈকে আৰু পূব ফালে থকা অৰাবা’ৰ গোটেই দেশ অধিকাৰ কৰিলে৷
Dies sind des Landes Könige, die die Israeliten geschlagen und deren Land sie eingenommen haben: Jenseits des Jordan im Osten vom Arnonflusse bis zum Hermongebirge und die ganze Steppe im Osten.
2 চীহোন ইমোৰীয়াসকলৰ ৰজা আছিল। তেওঁ হিচবোনত বাস কৰিছিল৷ তেওঁ অৰ্ণোনৰ উপত্যকাৰ দাঁতিত থকা অৰোয়েৰ পৰা আৰু সেই উপত্যকাৰ মাজত থকা নগৰখনৰ পৰা অম্মোনৰ সন্তান সকলৰ সীমা যব্বোক নদীলৈকে আধা গিলিয়দ দেশত শাসন কৰিছিল৷
Der Amoriterkönig Sichon, der zu Chesbon wohnte und der das Land beherrschte von Aroër am Ufer des Arnonflusses an und die Mitte des Tales sowie die eine Hälfte Gileads bis zum Jabbokfluß, die Grenze der Ammoniter,
3 আৰু পূব পাৰে কিন্নেৰৎ সাগৰলৈকে আৰু পূব পাৰে বৈৎ-যিচীমোতলৈ যোৱা বাটত থকা অৰাবা সমুদ্ৰ, অৰাবাত আৰু দক্ষিণে পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশতো শাসন কৰিছিল৷
sowie die Steppe bis zum See Genesareth im Osten und bis zum Meer der Steppe, dem Salzmeer, im Osten gegen Bet Hajesimot und südlich am Fuße der Zusammenflüsse des Pisga
4 ওগ, বাচানৰ ৰজা আছিল। এওঁ ৰফায়ীয়াসকলৰ অৱশিষ্ট থকা বংশত জন্ম হৈ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ীত বাস কৰিছিল৷
und das Uferland. Ferner der König von Basan, Og, der zu den Rephaiterresten gehörte und zu Astarot und Edreï wohnte
5 তেওঁ হৰ্মোণ পৰ্ব্বতত, চলখাত, গচুৰীয়া আৰু মাখাথীয়া সকলৰ সীমালৈকে গোটেই বাচান দেশত আৰু হিচবোনৰ চীহোন ৰজাৰ সীমালৈকে থকা, আধা গিলিয়দ দেশত শাসন কৰিছিল।
und herrschte über das Hermongebirge, Salka und ganz Basan bis zur Grenze der Gesuriter und Maakatiter sowie über Gileads andere Hälfte bis zu dem Gebiete Sichons, des Königs von Chesbon.
6 যিহোৱাৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজয় কৰিলে আৰু যিহোৱাৰ দাস মোচিয়ে অধিকাৰৰ অৰ্থে সেই দেশ ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক দিলে।
Des Herrn Diener, Moses, und die Israeliten hatten sie besiegt, und Moses, des Herrn Diener, hatte es den Rubeniten, Gaditen und dem Halbstamm Manasse zu eigen gegeben.
7 চেয়ীৰলৈ বিস্তৃত হোৱা যৰ্দ্দনৰ সীপাৰে পশ্চিম দিশে, লিবানোনৰ উপত্যকাত থকা বাল-গাদৰ পৰা হালক পৰ্ব্বতলৈকে থকা এই ৰজা সকলক যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে বধ কৰিছিল৷ যিহোচূৱাই দেশ অধিকাৰৰ অৰ্থে নিজ নিজ ভাগ অনুসাৰে ইস্ৰায়েলৰ ফৈদক ভগাই দিলে।
Dies sind des Landes Könige, die Josue und die Israeliten jenseits des Jordan besiegt haben, westlich von Baal Gad im Libanontale bis zum glatten, gegen Seïr ansteigenden Gebirge, und das Josue den Stämmen Israels nach ihren Abteilungen zu eigen gab,
8 ইয়াৰ অন্তর্ভুক্ত আছিল, পৰ্ব্বতীয়া অঞ্চল, নিম্নভূমি অঞ্চল, অৰাবা, পৰ্ব্বতৰ নামনি অঞ্চল, মৰুপ্ৰান্তীয় অঞ্চল, আৰু নেভেগ। ইয়াতে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকল আছিল।
auf dem Gebirge, in der Niederung, in der Steppe, an den Zusammenflüssen, in der Wüste und im Südland, das Land der Chittiter, Amoriter, Kanaaniter, Periziter, Chiwiter und Jebusiter.
9 ৰজাসকলৰ মাজত আছিল - যিৰীহোৰ ৰজা, বৈৎএলৰ ওচৰত থকা অয়ৰ ৰজা,
Ein König von Jericho, einer von Ai neben Betel,
10 ১০ যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা,
einer von Jerusalem, einer von Hebron,
11 ১১ যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা,
einer von Jarmut, einer von Lachis,
12 ১২ ইগ্লোনৰ ৰজা, গেজৰৰ ৰজা,
einer von Eglon, einer von Gezer,
13 ১৩ দবীৰৰ ৰজা, গেদৰৰ ৰজা,
einer von Debir, einer von Geder,
14 ১৪ হৰ্মাৰ ৰজা, অৰাদৰ ৰজা,
einer von Chorma, einer von Arad,
15 ১৫ লিব্‌নাৰ ৰজা, অদুল্লমৰ ৰজা,
einer von Libna, einer von Adullam,
16 ১৬ মক্কেদাৰ ৰজা, বৈৎএলৰ ৰজা,
einer von Makeda, einer von Betel,
17 ১৭ তপ্পুহৰ ৰজা, হেফৰৰ ৰজা,
einer von Tappuach, einer von Chepher,
18 ১৮ অফেকৰ ৰজা, লচাৰোণৰ ৰজা,
einer von Aphek, einer von Saron,
19 ১৯ মাদোনৰ ৰজা, হাচোৰৰ ৰজা,
einer von Madon, einer von Chasor,
20 ২০ চিম্ৰোণ-মৰোণৰ ৰজা, অক্‌চফৰ ৰজা,
einer von Simron Meron, einer von Achsaph,
21 ২১ তানকৰ ৰজা, মগিদ্দোৰ ৰজা,
einer von Taanak, einer von Megiddo,
22 ২২ কেদচৰ ৰজা, কৰ্মিলত থকা যক্‌নীয়ামৰ ৰজা,
einer von Kedes, einer von Jokneam am Karmel,
23 ২৩ দোৰৰ ওখ ঠাইবোৰত থকা দোৰৰ ৰজা, গিলগলত থকা গোয়ীমৰ ৰজা
einer von Dor bei Naphat Dor, einer von den Heiden im Gilgal,
24 ২৪ অাৰু তিৰ্চাৰ ৰজা৷ সৰ্ব্বমুঠ একত্ৰিশ জন ৰজা আছিল৷
einer von Tirsa; zusammen 31 Könige.

< যোশুয়া 12 >