< যোশুয়া 11 >
1 ১ যেতিয়া হাচোৰৰ ৰজা যাবীনে ইস্ৰায়েলীসকলৰ বিজয়ৰ কথা শুনিলে, তেতিয়া তেওঁ এই বিষয়ে মাদোনৰ ৰজা যোবাব, চিম্ৰোনৰ ৰজা, অক্চফৰ ৰজা,
Nígbà tí Jabini ọba Hasori gbọ́ nǹkan wọ̀nyí, ó ránṣẹ́ sí Jobabu ọba Madoni, sí ọba Ṣimroni àti Akṣafu,
2 ২ আৰু যিসকল ৰজা উত্তৰ অঞ্চলৰ পাৰ্বত্যভূমিত, যৰ্দ্দন নদীৰ কিন্নেৰতৰ দক্ষিণ উপত্যকা অঞ্চলত, নিম্নভূমি অঞ্চলত, আৰু পশ্চিম অঞ্চলৰ দোৰৰ উচ্চভূমিত বসতি কৰি আছিল, সেই সকলো ৰজাৰ ওচৰলৈ সংবাদ পঠিয়ালে।
àti sí àwọn ọba ìhà àríwá tí wọ́n wà ní orí òkè ní aginjù, gúúsù ti Kinnereti, ní ẹsẹ̀ òkè ìwọ̀-oòrùn àti ní Nafoti Dori ní ìwọ̀-oòrùn;
3 ৩ তেওঁ পূব আৰু পশ্চিমে থকা কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়াসকলৰ লগতে পৰ্ব্বতীয়া অঞ্চল নিবাসী যিবুচীয়া আৰু হৰ্মোণৰ তলত থকা মিস্পা দেশীয় হিব্বীয়া সকলৰ ওচৰলৈও মানুহ পঠিয়াই এই সংবাদ দিলে।
sí àwọn ará Kenaani ní ìlà-oòrùn àti ìwọ̀-oòrùn; sí àwọn Amori, Hiti, Peresi àti Jebusi ní orí òkè; àti sí àwọn Hifi ní ìsàlẹ̀ Hermoni ní agbègbè Mispa.
4 ৪ তেতিয়া তেওঁলোকে সৈন্য-সামন্ত লগত লৈ সমুদ্ৰৰ পাৰৰ বালিৰ নিচিনা অসংখ্য লোকৰ সৈতে অধিক ঘোঁৰা আৰু ৰথ লৈ ওলাই আহিল।
Wọ́n sì jáde pẹ̀lú gbogbo ogun wọn àti ọ̀pọ̀lọpọ̀ ẹṣin àti kẹ̀kẹ́ ogun ńlá, wọ́n sì pọ̀, gẹ́gẹ́ bí iyanrìn etí òkun.
5 ৫ আৰু এইদৰে সকলো ৰজা একগোট হ’ল আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ আহি মেৰোম নামেৰে সৰোবৰৰ ওচৰত একেলগে ছাউনি পাতিলে।
Gbogbo àwọn ọba yìí pa ọmọ-ogun wọn pọ̀, wọ́n sì pa ibùdó sí ibi omi Meromu láti bá Israẹli jà.
6 ৬ যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো কাইলৈ এনে সময়তে মই ইস্ৰায়েলৰ আগত তেওঁলোকৰ সকলোকে বধ কৰি সমৰ্পণ কৰিম৷ তুমি তেওঁলোকৰ ঘোঁৰাৰ ভৰিৰ সিৰ্ কাটিবা আৰু ৰথবোৰ জুইৰে পুৰি পেলাবা।”
Olúwa sì sọ fún Joṣua pé, “Má ṣe bẹ̀rù wọn, nítorí ní àkókò yìí ní ọ̀la, gbogbo wọn ni èmi yóò fi lé Israẹli lọ́wọ́ ní pípa. Ìwọ yóò já iṣan ẹ̀yìn ẹṣin wọn, ìwọ yóò sì sun kẹ̀kẹ́ ogun wọn.”
7 ৭ পাছত যিহোচূৱাই সকলো যুজাৰু লোকক লগত লৈ ওলাই আহিল৷ তেওঁলোকৰ বিৰুদ্ধে মেৰোম সৰোবৰৰ ওচৰত আকস্মাতে ওলাই তেওঁলোকক আক্ৰমণ কৰিলে।
Bẹ́ẹ̀ ni Joṣua àti gbogbo àwọn ọmọ-ogun rẹ̀ yọ sí wọn ní òjijì ní ibi omi Meromu, wọ́n sì kọlù wọ́n,
8 ৮ যিহোৱাই শত্ৰুসকলক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰাৰ পাছত তেওঁলোকে তেওঁলোকক তৰোৱালৰে আঘাত কৰি বধ কৰিলে আৰু মহাচীদোন ও মিষ্ৰফোৎ-ময়িমলৈকে, আৰু পূব ফালৰ মিস্পাৰ উপত্যকালৈকে তেওঁলোকক খেদি পঠিয়াই তেওঁলোকক সংহাৰ কৰিলে আৰু তেওঁলোকৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।
Olúwa sì fi wọ́n lé Israẹli lọ́wọ́. Wọ́n ṣẹ́gun wọn, wọ́n sì lépa wọn ní gbogbo ọ̀nà títí dé Sidoni ńlá, sí Misrefoti-Maimu, àti sí àfonífojì Mispa ní ìlà-oòrùn, títí tí kò fi ku ẹnìkankan sílẹ̀.
9 ৯ যিহোৱাই আজ্ঞা দিয়াৰ দৰেই যিহোচূৱাই তেওঁলোকৰ প্ৰতি কাৰ্য কৰিলে৷ তেওঁ তেওঁলোকৰ ঘোঁৰাৰ সিৰ্ কাটিলে আৰু ৰথবোৰ জুইৰে পুৰি পেলালে।
Joṣua sì ṣe sí wọn gẹ́gẹ́ bí Olúwa ti pàṣẹ: Ó sì já iṣan ẹ̀yìn ẹsẹ̀ ẹṣin wọn ó sì sun kẹ̀kẹ́ ogun wọn.
10 ১০ সেই সময়ত যিহোচূৱাই ঘূৰি আহি, হাচোৰ জয় কৰি ল’লে, আৰু তাৰ ৰজাক তেওঁ তৰোৱালেৰে বধ কৰিলে৷ কিয়নো হাচোৰ পূৰ্বৰে পৰা সেই সকলো ৰাজ্যৰ মাজত প্ৰধান আছিল।
Ní àkókò náà Joṣua sì padà sẹ́yìn, ó sì ṣẹ́gun Hasori, ó sì fi idà pa ọba rẹ̀. (Hasori tí jẹ́ olú fún gbogbo àwọn ìlú wọ̀nyí kó tó di àkókò yí.)
11 ১১ তাত বাস কৰা সকলো জীৱিত প্ৰাণীক তেওঁলোকে তৰোৱালেৰে আক্ৰমণ কৰি নিঃশেষে বিনষ্ট কৰিলে, আৰু বিনষ্ট হ’বলৈ তেওঁ সেই লোকসকলক নিলগাই ৰাখিলে, গতিকে তাত কোনো এটা প্ৰাণীও জীৱিত নাথাকিল৷ পাছত তেওঁ হাচোৰ অর্থাৎ সেই ঠাই পুৰি পেলালে।
Wọ́n sì fi idà pa gbogbo àwọn ènìyàn tí ó wà ní ibẹ̀. Wọ́n sì pa wọ́n run pátápátá, wọn kò sì fi ohun alààyè kan sílẹ̀; ó sì fi iná sun Hasori fúnra rẹ̀.
12 ১২ যিহোচূৱাই সেই ৰজাসকলৰ গোটেই নগৰ দখল কৰিলে৷ তেওঁ আনকি তেওঁলোকৰ সকলো ৰজাক আটক কৰিলে আৰু আক্ৰমণ কৰি তৰোৱালেৰে বধ কৰিলে৷ যিহোৱাৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকক তৰোৱালেৰে বধ কৰি নিঃশেষে বিনষ্ট কৰিলে।
Joṣua sì kó gbogbo àwọn ìlú ọba àti ọba wọn, ó sì fi idà pa wọ́n. Ó sì run gbogbo wọn, gẹ́gẹ́ bí Mose ìránṣẹ́ Olúwa ti pàṣẹ.
13 ১৩ কিন্তু যি যি নগৰ নিজ নিজ পৰ্ব্বতত সঁজা আছিল, ইস্ৰায়েলে হাচোৰৰ বাহিৰে সেইবোৰ পুৰি নেপেলালে; কেৱল এই নগৰখনহে যিহোচূৱাই পুৰিলে।
Síbẹ̀ Israẹli kò sun ọ̀kankan nínú àwọn ìlú tó wà lórí òkè kéékèèké, àyàfi Hasori nìkan tí Joṣua sun.
14 ১৪ ইস্ৰায়েলৰ সৈন্যসকলে সেই নগৰবোৰৰ লুটদ্ৰব্য আৰু পশুধনবোৰ নিজৰ নিজৰ বাবে লুট কৰি ল’লে৷ কিন্তু সকলো নিঃশেষে বিনষ্ট হোৱালৈকে তেওঁ সকলো লোকক তৰোৱালেৰে বধ কৰিলে৷ তেওঁলোকে কোনো লোকক জীয়াই নাৰাখিলে।
Àwọn ará Israẹli sì kó gbogbo ìkógun àti ohun ọ̀sìn ti ìlú náà fún ara wọn. Wọ́n sì fi idà pa gbogbo ènìyàn títí wọ́n fi run wọ́n pátápátá, kò sí ẹni tí ó wà láààyè.
15 ১৫ যিহোৱাই নিজৰ দাস মোচিক যেনে আজ্ঞা দিছিল, মোচিয়েও যিহোচূৱাক তেনে আজ্ঞা কৰিছিল৷ আৰু যিহোৱাই মোচিক কাৰ্য কৰিবলৈ দিয়া সকলো আদেশৰ দৰে যিহোচূৱাই কাৰ্য কৰিলে, আৰু এটা কথাও তেওঁ নকৰাকৈ নাথাকিল।
Bí Olúwa ti pàṣẹ fún Mose ìránṣẹ́ rẹ̀, bẹ́ẹ̀ ní Mose pàṣẹ fún Joṣua, Joṣua sì ṣe bẹ́ẹ̀. Kò fi ọ̀kankan sílẹ̀ láìṣe nínú gbogbo ohun tí Olúwa pàṣẹ fún Mose.
16 ১৬ এইদৰে যিহোচূৱাই সেই গোটেই দেশ ল’লে, তেওঁ পৰ্বতীয়া অঞ্চল, সমস্ত নেভেগ, গোচনৰ সমগ্র অঞ্চল, পৰ্বতমালাৰ পাদদেশ অঞ্চল, যৰ্দ্দন নদীৰ উপত্যকা অঞ্চল, ইস্ৰায়েলৰ পৰ্ব্বতীয়া অঞ্চল, আৰু নিম্নভূমি অঞ্চল দখল কৰিলে।
Bẹ́ẹ̀ ni Joṣua gba gbogbo ilẹ̀ náà: ilẹ̀ òkè, gbogbo gúúsù, gbogbo agbègbè Goṣeni, ẹsẹ̀ òkè ti ìwọ̀-oòrùn, aginjù àti àwọn òkè àti pẹ̀tẹ́lẹ̀ Israẹli,
17 ১৭ চেয়ীৰলৈ বিস্তৃত হোৱা হালক পৰ্ব্বতৰ পৰা যিমান দূৰ সম্ভৱ হৰ্মোণ পৰ্বতৰ উত্তৰ ফালে থকা লিবানোনৰ বাল্গাদ উপত্যকালৈ থকা সকলো ৰাজ্যৰ ৰজাক বন্দী কৰিলে আৰু তেওঁলোকক বধ কৰিলে। সেই ৰজাবোৰক ধৰিলে আৰু আঘাত কৰি বধ কৰিলে।
láti òkè Halaki títí dé òkè Seiri, sí Baali-Gadi ní àfonífojì Lebanoni ní ìsàlẹ̀ òkè Hermoni. Ó sì mú gbogbo ọba wọn, ó sì kọlù wọ́n, ó sì pa wọ́n.
18 ১৮ যিহোচূৱাই সেই ৰজাসকলৰে সৈতে বহু কাল যুদ্ধ কৰি আছিল।
Joṣua sì bá gbogbo àwọn ọba wọ̀nyí jagun ní ọjọ́ pípẹ́.
19 ১৯ গিবিয়োন-নিবাসী হিব্বীয়াসকলৰ বাহিৰে আন কোনো নগৰৰ লোকে ইস্ৰায়েলৰ সন্তান সকলৰে সৈতে সন্ধি স্থাপন নকৰিলে৷ ইস্ৰায়েলে আনসকলো নগৰৰ সকলোকেই যুদ্ধ কৰি দখল কৰি ল’লে।
Kò sí ìlú kan tí ó bá àwọn ará Israẹli ṣe àdéhùn àlàáfíà, àyàfi àwọn ará Hifi tí wọ́n ń gbé ní Gibeoni, gbogbo wọn ló bá a jagun.
20 ২০ কিয়নো তেওঁলোকক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ বাবে যিহোৱাই তেওঁলোকৰ হৃদয় কঠিন কৰিছিল; সেই বাবে তেওঁলোকে আহি ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকৰ দয়াৰ নিবেদন শুনা নগ’ল; বৰং তেওঁলোক সম্পূর্ণৰূপে উচ্ছন্ন হ’ল৷
Nítorí Olúwa fúnra rẹ̀ ní ó sé ọkàn wọn le, kí wọn kí ó lè bá Israẹli jagun, kí òun lè pa wọ́n run pátápátá, kí wọn má sì ṣe rí ojúrere, ṣùgbọ́n kí ó lè pa wọ́n, gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose.
21 ২১ সেই কালত যিহোচূৱাই আহি পৰ্ব্বতীয়া অঞ্চল, হিব্ৰোণ, দবীৰ, অনাব আৰু যিহূদা তথা ইস্ৰায়েলৰ আটাই পৰ্ব্বতীয়া অঞ্চলৰ পৰা অনাকীয়া সকলক উচ্ছন্ন কৰিলে৷ যিহোচূৱাই সম্পূর্ণৰূপে তেওঁলোকক নিজ নগৰবোৰৰ সৈতে বিনষ্ট কৰিলে।
Ní àkókò náà ni Joṣua lọ tí ó sì run àwọn ará Anaki kúrò ní ilẹ̀ òkè, láti Hebroni, Debiri, àti ní Anabu, àti gbogbo ilẹ̀ Juda, àti kúrò ní gbogbo ilẹ̀ òkè Israẹli. Joṣua sì run gbogbo wọn pátápátá àti ìlú wọn.
22 ২২ ইস্ৰায়েলৰ সন্তান সকলৰ দেশত অনাকীয়া সকলৰ কোনো অৱশিষ্ট নাথাকিল, কেৱল গাজাত, গাতত আৰু অচ্দোদত্হে কোনো অৱশিষ্ট থাকিল।
Kò sí ará Anaki kankan tí ó ṣẹ́kù ní ilẹ̀ Israẹli: bí kò ṣe ní Gasa, Gati àti Aṣdodu.
23 ২৩ এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰেই সেই সকলো দেশ যিহোচূৱাই দখল কৰি লৈছিল৷ পাছত যিহোচূৱাই এই দেশবোৰ ইস্ৰায়েলৰ প্ৰত্যেক ফৈদক ভাগ অনুসাৰে অধিকাৰ কৰিবলৈ দিলে। তেতিয়াৰে পৰা যুদ্ধ আতৰি গ’ল আৰু দেশ সুস্থিৰ হ’ল।
Bẹ́ẹ̀ ní Joṣua sì gba gbogbo ilẹ̀ náà, gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose, ó sì fi fún Israẹli ní ilẹ̀ ìní gẹ́gẹ́ bí ìpín wọn nípa ẹ̀yà wọn. Ilẹ̀ náà sì sinmi ogun.