< যোশুয়া 11 >

1 যেতিয়া হাচোৰৰ ৰজা যাবীনে ইস্ৰায়েলীসকলৰ বিজয়ৰ কথা শুনিলে, তেতিয়া তেওঁ এই বিষয়ে মাদোনৰ ৰজা যোবাব, চিম্ৰোনৰ ৰজা, অক্‌চফৰ ৰজা,
Ikawa Yabini mfalme wa Hazori aliposikia habari za mambo haya, akatuma ujumbe kwa Yobabu mfalme wa Madoni, na kwa mfalme wa Shimroni, na kwa mfalme wa Akishafu,
2 আৰু যিসকল ৰজা উত্তৰ অঞ্চলৰ পাৰ্বত্যভূমিত, যৰ্দ্দন নদীৰ কিন্নেৰতৰ দক্ষিণ উপত্যকা অঞ্চলত, নিম্নভূমি অঞ্চলত, আৰু পশ্চিম অঞ্চলৰ দোৰৰ উচ্চভূমিত বসতি কৰি আছিল, সেই সকলো ৰজাৰ ওচৰলৈ সংবাদ পঠিয়ালে।
na pia kwa wafalme wa upande wa kaskazini wale waliokuwa milimani, katika Araba upande wa kusini mwa Kinerethi, kwenye shefela, upande wa magharibi na katika miinuko ya Nafoth-Dori upande wa magharibi;
3 তেওঁ পূব আৰু পশ্চিমে থকা কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়াসকলৰ লগতে পৰ্ব্বতীয়া অঞ্চল নিবাসী যিবুচীয়া আৰু হৰ্মোণৰ তলত থকা মিস্পা দেশীয় হিব্বীয়া সকলৰ ওচৰলৈও মানুহ পঠিয়াই এই সংবাদ দিলে।
kwa Wakanaani upande wa mashariki na magharibi; kwa Waamori, Wahiti, Waperizi na Wayebusi katika nchi ya vilima; na kwa Wahivi chini ya Hermoni katika eneo ya Mispa.
4 তেতিয়া তেওঁলোকে সৈন্য-সামন্ত লগত লৈ সমুদ্ৰৰ পাৰৰ বালিৰ নিচিনা অসংখ্য লোকৰ সৈতে অধিক ঘোঁৰা আৰু ৰথ লৈ ওলাই আহিল।
Wakaja na vikosi vyao vyote na hesabu kubwa ya farasi na magari ya kuvutwa na farasi, jeshi kubwa, kama wingi wa mchanga ulio pwani ya bahari.
5 আৰু এইদৰে সকলো ৰজা একগোট হ’ল আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ আহি মেৰোম নামেৰে সৰোবৰৰ ওচৰত একেলগে ছাউনি পাতিলে।
Wafalme hawa wote wakaunganisha majeshi yao na kupiga kambi pamoja kwenye Maji ya Meromu, ili kupigana dhidi ya Israeli.
6 যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো কাইলৈ এনে সময়তে মই ইস্ৰায়েলৰ আগত তেওঁলোকৰ সকলোকে বধ কৰি সমৰ্পণ কৰিম৷ তুমি তেওঁলোকৰ ঘোঁৰাৰ ভৰিৰ সিৰ্‌ কাটিবা আৰু ৰথবোৰ জুইৰে পুৰি পেলাবা।”
Bwana akamwambia Yoshua, “Usiwaogope, kwa sababu kesho saa kama hii nitawatia wote mikononi mwa Israeli, wakiwa wameuawa. Utakata mishipa ya nyuma ya miguu ya farasi wao na kuyachoma moto magari yao ya vita.”
7 পাছত যিহোচূৱাই সকলো যুজাৰু লোকক লগত লৈ ওলাই আহিল৷ তেওঁলোকৰ বিৰুদ্ধে মেৰোম সৰোবৰৰ ওচৰত আকস্মাতে ওলাই তেওঁলোকক আক্ৰমণ কৰিলে।
Hivyo Yoshua pamoja na jeshi lake lote wakaja dhidi yao ghafula kwenye Maji ya Meromu kuwashambulia,
8 যিহোৱাই শত্ৰুসকলক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰাৰ পাছত তেওঁলোকে তেওঁলোকক তৰোৱালৰে আঘাত কৰি বধ কৰিলে আৰু মহাচীদোন ও মিষ্ৰফোৎ-ময়িমলৈকে, আৰু পূব ফালৰ মিস্পাৰ উপত্যকালৈকে তেওঁলোকক খেদি পঠিয়াই তেওঁলোকক সংহাৰ কৰিলে আৰু তেওঁলোকৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।
naye Bwana akawatia mikononi mwa Israeli. Wakawashinda na kuwafukuza hadi Sidoni Kuu na kuwafikisha Misrefoth-Maimu, hadi Bonde la Mispa upande wa mashariki, hadi pakawa hakuna yeyote aliyebaki.
9 যিহোৱাই আজ্ঞা দিয়াৰ দৰেই যিহোচূৱাই তেওঁলোকৰ প্ৰতি কাৰ্য কৰিলে৷ তেওঁ তেওঁলোকৰ ঘোঁৰাৰ সিৰ্‌ কাটিলে আৰু ৰথবোৰ জুইৰে পুৰি পেলালে।
Yoshua akawatendea kama Bwana alivyoamuru. Akakata mishipa ya nyuma ya miguu ya farasi wao na kuchoma moto magari yao ya vita.
10 ১০ সেই সময়ত যিহোচূৱাই ঘূৰি আহি, হাচোৰ জয় কৰি ল’লে, আৰু তাৰ ৰজাক তেওঁ তৰোৱালেৰে বধ কৰিলে৷ কিয়নো হাচোৰ পূৰ্বৰে পৰা সেই সকলো ৰাজ্যৰ মাজত প্ৰধান আছিল।
Wakati huo Yoshua akarudi na kuuteka mji wa Hazori na kumuua mfalme wake kwa upanga. (Hazori ulikuwa mji mkuu wa falme hizo zote.)
11 ১১ তাত বাস কৰা সকলো জীৱিত প্ৰাণীক তেওঁলোকে তৰোৱালেৰে আক্ৰমণ কৰি নিঃশেষে বিনষ্ট কৰিলে, আৰু বিনষ্ট হ’বলৈ তেওঁ সেই লোকসকলক নিলগাই ৰাখিলে, গতিকে তাত কোনো এটা প্ৰাণীও জীৱিত নাথাকিল৷ পাছত তেওঁ হাচোৰ অর্থাৎ সেই ঠাই পুৰি পেলালে।
Kila aliyekuwa ndani yake wakamuua kwa upanga. Wakawaangamiza kabisa, wala hawakusaza chochote chenye pumzi na akauchoma Hazori kwenyewe kwa moto.
12 ১২ যিহোচূৱাই সেই ৰজাসকলৰ গোটেই নগৰ দখল কৰিলে৷ তেওঁ আনকি তেওঁলোকৰ সকলো ৰজাক আটক কৰিলে আৰু আক্ৰমণ কৰি তৰোৱালেৰে বধ কৰিলে৷ যিহোৱাৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকক তৰোৱালেৰে বধ কৰি নিঃশেষে বিনষ্ট কৰিলে।
Yoshua akaiteka hii miji yote ya kifalme pamoja na wafalme wake na kuwapiga kwa upanga. Akawaangamiza kabisa wote, jinsi Mose mtumishi wa Bwana alivyowaagiza.
13 ১৩ কিন্তু যি যি নগৰ নিজ নিজ পৰ্ব্বতত সঁজা আছিল, ইস্ৰায়েলে হাচোৰৰ বাহিৰে সেইবোৰ পুৰি নেপেলালে; কেৱল এই নগৰখনহে যিহোচূৱাই পুৰিলে।
Lakini Israeli hawakuichoma moto hata mojawapo ya miji iliyojengwa katika vilima vyao vidogo isipokuwa mji wa Hazori ambao Yoshua aliuchoma moto.
14 ১৪ ইস্ৰায়েলৰ সৈন্যসকলে সেই নগৰবোৰৰ লুটদ্ৰব্য আৰু পশুধনবোৰ নিজৰ নিজৰ বাবে লুট কৰি ল’লে৷ কিন্তু সকলো নিঃশেষে বিনষ্ট হোৱালৈকে তেওঁ সকলো লোকক তৰোৱালেৰে বধ কৰিলে৷ তেওঁলোকে কোনো লোকক জীয়াই নাৰাখিলে।
Waisraeli wakajichukulia nyara zote na mifugo yote ya miji hii, bali waliwaua watu wote kwa upanga hadi walipowaangamiza kabisa, pasipo kumbakiza yeyote mwenye pumzi.
15 ১৫ যিহোৱাই নিজৰ দাস মোচিক যেনে আজ্ঞা দিছিল, মোচিয়েও যিহোচূৱাক তেনে আজ্ঞা কৰিছিল৷ আৰু যিহোৱাই মোচিক কাৰ্য কৰিবলৈ দিয়া সকলো আদেশৰ দৰে যিহোচূৱাই কাৰ্য কৰিলে, আৰু এটা কথাও তেওঁ নকৰাকৈ নাথাকিল।
Kama vile Bwana alivyomwagiza Mose mtumishi wake, vivyo hivyo Mose alimwagiza Yoshua, naye Yoshua akafanya kama vivyo, hakukosa kufanya lolote katika yale yote Bwana aliyomwagiza Mose.
16 ১৬ এইদৰে যিহোচূৱাই সেই গোটেই দেশ ল’লে, তেওঁ পৰ্বতীয়া অঞ্চল, সমস্ত নেভেগ, গোচনৰ সমগ্র অঞ্চল, পৰ্বতমালাৰ পাদদেশ অঞ্চল, যৰ্দ্দন নদীৰ উপত্যকা অঞ্চল, ইস্ৰায়েলৰ পৰ্ব্বতীয়া অঞ্চল, আৰু নিম্নভূমি অঞ্চল দখল কৰিলে।
Yoshua akaiteka nchi hii yote: nchi ya vilima, Negebu yote, eneo yote ya Gosheni, shefela ya upande wa magharibi, Araba na milima ya Israeli pamoja na shefela zao,
17 ১৭ চেয়ীৰলৈ বিস্তৃত হোৱা হালক পৰ্ব্বতৰ পৰা যিমান দূৰ সম্ভৱ হৰ্মোণ পৰ্বতৰ উত্তৰ ফালে থকা লিবানোনৰ বাল্গাদ উপত্যকালৈ থকা সকলো ৰাজ্যৰ ৰজাক বন্দী কৰিলে আৰু তেওঁলোকক বধ কৰিলে। সেই ৰজাবোৰক ধৰিলে আৰু আঘাত কৰি বধ কৰিলে।
kuanzia Mlima Halaki ambao umeinuka kuelekea Seiri hadi Baal-Gadi katika Bonde la Lebanoni chini ya Mlima Hermoni. Akawateka wafalme wake wote, akawapiga na kuwaua.
18 ১৮ যিহোচূৱাই সেই ৰজাসকলৰে সৈতে বহু কাল যুদ্ধ কৰি আছিল।
Yoshua akapigana vita dhidi ya wafalme hawa wote kwa muda mrefu.
19 ১৯ গিবিয়োন-নিবাসী হিব্বীয়াসকলৰ বাহিৰে আন কোনো নগৰৰ লোকে ইস্ৰায়েলৰ সন্তান সকলৰে সৈতে সন্ধি স্থাপন নকৰিলে৷ ইস্ৰায়েলে আনসকলো নগৰৰ সকলোকেই যুদ্ধ কৰি দখল কৰি ল’লে।
Hakuna mji wowote katika eneo hili uliofanya mkataba wa amani na Israeli, isipokuwa hao Wahivi wa Gibeoni. Wengine wote walishindwa katika vita.
20 ২০ কিয়নো তেওঁলোকক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ বাবে যিহোৱাই তেওঁলোকৰ হৃদয় কঠিন কৰিছিল; সেই বাবে তেওঁলোকে আহি ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকৰ দয়াৰ নিবেদন শুনা নগ’ল; বৰং তেওঁলোক সম্পূর্ণৰূপে উচ্ছন্ন হ’ল৷
Kwa maana Bwana mwenyewe ndiye aliifanya mioyo yao iwe migumu, ili kupigana vita dhidi ya Israeli ili apate kuwafutilia mbali pasipo huruma, kama Bwana alivyomwagiza Mose.
21 ২১ সেই কালত যিহোচূৱাই আহি পৰ্ব্বতীয়া অঞ্চল, হিব্ৰোণ, দবীৰ, অনাব আৰু যিহূদা তথা ইস্ৰায়েলৰ আটাই পৰ্ব্বতীয়া অঞ্চলৰ পৰা অনাকীয়া সকলক উচ্ছন্ন কৰিলে৷ যিহোচূৱাই সম্পূর্ণৰূপে তেওঁলোকক নিজ নগৰবোৰৰ সৈতে বিনষ্ট কৰিলে।
Wakati huo Yoshua akaenda kuwaangamiza Waanaki kutoka nchi ya vilima: kuanzia Hebroni, Debiri na Anabu, na kutoka nchi yote ya vilima ya Yuda na kutoka nchi yote ya vilima ya Israeli. Yoshua akawaangamiza kabisa pamoja na miji yao.
22 ২২ ইস্ৰায়েলৰ সন্তান সকলৰ দেশত অনাকীয়া সকলৰ কোনো অৱশিষ্ট নাথাকিল, কেৱল গাজাত, গাতত আৰু অচ্‌দোদত্‌হে কোনো অৱশিষ্ট থাকিল।
Hawakubaki Waanaki wowote katika nchi ya Israeli, ila tu katika nchi ya Gaza, Gathi na Ashdodi.
23 ২৩ এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰেই সেই সকলো দেশ যিহোচূৱাই দখল কৰি লৈছিল৷ পাছত যিহোচূৱাই এই দেশবোৰ ইস্ৰায়েলৰ প্ৰত্যেক ফৈদক ভাগ অনুসাৰে অধিকাৰ কৰিবলৈ দিলে। তেতিয়াৰে পৰা যুদ্ধ আতৰি গ’ল আৰু দেশ সুস্থিৰ হ’ল।
Hivyo Yoshua akaiteka nchi hiyo yote kama vile Bwana alivyokuwa amemwagiza Mose, naye Yoshua akawapa Israeli kuwa urithi wao, kulingana na walivyogawanyika katika kabila zao. Ndipo nchi ikawa na amani bila vita.

< যোশুয়া 11 >